নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত জিলিকিল অসমৰ লোক-সংস্কৃতি

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ইণ্ডোনেছিয়াৰ বালিত যোৱা বৰ্ষত G20 সন্মিলন অনুষ্ঠিত হোৱাৰ পিচত এইবৰ্ষত ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে G20 সন্মিলন৷ দেশৰ বিভিন্ন প্ৰান্তত এই লৈ ইতিমধ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ইয়াৰে অন্যতম অংশ হিচাপে যোৱা ২৪ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈ ৰাজস্থানৰ আকাশবাণী জয়পুৰৰ হৈ ভাৰতৰ জি-২০ সন্মিলনৰ উদযাপন হিচাপে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰখ্যাত লোকশিল্পীয়ে ৰবীন্দ্ৰ মঞ্চত আয়োজিত “ৰাজলীলা” কাৰ্যসূচীত অনুষ্ঠান পৰিবেশন কৰে। জয়পুৰৰ সাংসদ ৰামচৰণ বহৰাই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশ লোৱা অনুষ্ঠানত আকাশবাণী জয়পুৰৰ কাৰ্যসূচী মুৰব্বী তথা জি-২০ৰ প্ৰভাৰী ড০ অৰ্চনা সিনহাই দেশৰ বিভিন্ন প্ৰান্তৰ সকলো অতিথি আৰু শিল্পীক আদৰণি জনোৱাৰ লগতে জি-২০ৰ গুৰুত্ব আৰু ভৱিষ্যৎ অনুষ্ঠানটোৰ বিষয়ে তথ্য প্ৰদান কৰে। দেশৰ বিভিন্ন ৰাজ্যৰ লোকশিল্পীসকলে তেওঁলোকৰ লোক শিল্প- কলা পৰিবেশন কৰা প্ৰচাৰ ভাৰতীৰ অনুষ্ঠানটোত অসমৰ দলটিয়ে লোক নৃত্য পৰিবেশনেৰে দৰ্শকৰ বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ অসমৰ লোক নৃত্যৰ দলটি পৰিচালনা কৰে বৰপেটাৰ ওজা শিল্পী তথা অসম চৰকাৰৰ ২০২৩ চনৰ শোনিত কোঁৱৰ গজেন বৰুৱা সোঁৱৰণি ৰাজ্যিক বঁটা প্ৰাপ্ত বিশিষ্ট লোক শিল্পী নকুল দাসে৷ বৰপেটাৰ গজিয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কেন্দ্ৰটোৰ পৰিচালক নকুল দাসৰ নেতৃত্বত বৰপেটা জিলাৰ ১৫ জনীয়া শিল্পীৰ দলটিয়ে যোৱা পহিলা ছেপ্তেম্বৰত হোলী গীত, ভোৰতাল নৃত্য আৰু বিহু গীত- নৃত্যৰে ৰাজস্থানৰ জয়পুৰত অসমৰ লোক সংস্কৃতিক অনন্য ৰূপত জিলিকাই তোলে৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ হোলীগীতৰ বি হাই-গ্ৰেডপ্ৰাপ্ত লোক শিল্পী নকুল দাসৰ পৰিচালনতা অসমক প্ৰতিনিধিত্ব কৰা ১৫ জনীয়া দলটিত আছিল নকুল দাসৰ লগতে শৰৎ পাঠক, অসীম মেধি, অৰূপ কলিতা, জিণ্টু দাস, পাপুমণি নাথ, ৰিতুৰাজ দাস, চন্দন দাস, প্ৰভাত দাস, দীপুল তালুকদাৰ, জিলমিল ডেকা, ৰিয়া পাঠক, কৰবী উজীৰ, সাগৰিকা উজীৰ আৰু জুহি মেধি৷ অবিভক্ত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ এই ১৫ জনীয়া দলটিয়ে পৰিৱেশন কৰা হোলী গীত আৰু ভোৰতাল নৃত্যৰ সমান্তৰালকৈ বিহু নৃত্যই দৰ্শকৰ বিপুল সমাদৰ আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ সুদুৰ ৰাজস্থানৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি বিভিন্নজনৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা এই দলটি যোৱা ৫ ছেপ্তেম্বৰত গৃহভুমি আহিপোৱাৰ পিছতে তেওঁলোকক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে৷ আনহাতে অসমৰ এই দলটিৰ লোক নৃত্য-সংগীত পৰিবেশনত অতি আপ্লুত হৈ গুজৰাটতো লোক কলা-নৃত্য পৰিবেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা বুলি জানিব পৰা গৈছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like