ম’বাইলক লৈ দুই যুৱকৰে সংঘৰ্ষত মহিলাৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : সাধাৰণ এটা মবাইল ফোনক কেন্দ্ৰ কৰি দুই কিশোৰৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। নাতিয়েকৰ সৈতে কাজিয়া হোৱাৰ খবৰ পাই ঘটনাস্থলীলৈ যোৱা আইতাকক কৰা আঘাতত মৃত্যু ঘটিল এগৰাকী মহিলাৰ। নগৰবেৰা থানাৰ অন্তৰ্গত ৰংগেশ্বৰীত পোহৰলৈ আহিছে এই কাণ্ড। জানিব পৰা মতে যোৱা ২২ নৱেম্বৰত গাঁৱখনৰ কলিম উদ্দিনৰ পুত্ৰ বাহাৰুল ইছলাম আৰু হুনুফা খাতুনৰ নাতিয়েক আশ্ৰব আলীৰ মাজত মোবাইল ফোন এটাক কেন্দ্ৰ কৰি তুমুল কাজিয়া লাগে। নাতিয়েকৰ সতে কাজিয়াৰ খবৰ পাই আশ্ৰৱ আলীৰ আইতাক হুনুফা খাতুনে ঘটনাস্থলীলৈ যায় আৰু এইবাৰ সৰুৰ কাজিয়া ডাঙৰৰ সতে আৰম্ভ হয়। প্ৰথমে বাক বিতণ্ডা তাৰ পাছতে বাহাৰুল ইছলামৰ মাতৃ ছকিমন নেছা আৰু পিতৃ কলিম উদ্দিনে ৰডজাতীয় সামগ্ৰীৰে উপৰ্যুপৰি হুনুফা খাতুনক আক্ৰমন কৰে।আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৫০ৰ উৰ্ধৰ মহিলাগৰাকী। আহত মহিলাগৰাকীক ২৬ নৱেম্বৰত পৰিয়ালৰ লোকে জিএমচিএইচ’ত ভৰ্তি কৰায় যদিও দেওবাৰে মহিলাগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে। ইফালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছৰে পৰা পলাতক হৈ আছে অভিযুক্ত কলিম উদ্দিন আৰু পত্নী ছকিমন নেছা। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে মৃতকৰ পৰিয়ালে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস