ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য বিভাগে উদ্যোগত এটি সজাগতা মূলক মটৰ চাইকেল ৰেলিৰো আয়োজন কৰে। ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা উলিওৱা সেই মটৰ চাইকেল ৰেলীটোত মটৰ চাইকেলত যক্ষা ৰোগ সন্দৰ্ভীয় বিভিন্ন প্লেকাৰ্ড লগাই বিভিন্ন ধৰণৰ সজাগতা মূলক শ্লোগান দি চহৰখনৰ বিভিন্ন অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰে ৰেলিটোৱে।
ৰেলিটোৰ অন্তত ধুবুৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চলকৰ সভাকক্ষত বিশ্ব যক্ষা দিৱস উপলক্ষে এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাখনত যক্ষ্মা বিষয়া ডাঃ মুনিন্দ্ৰ চন্দ্ৰ দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া জগদীশ কলিতাৰ লগতে যক্ষ্মা বিভাগৰ কৰ্মচাৰীকে ধৰুল আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী