নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰত বানৰ পিছত কৃষকৰ দুৰ্দশা : বিঘাই বিঘাই ৰবিশস্য বিনষ্ট

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : বানৰ পিছত ৰাজ্যত কৃষকৰ হাহাকাৰ। বাঘবৰৰ সেউৰাৰ পথাৰ গাঁৱত বানত নষ্ট বিভিন্ন পাচলিৰ খেতি। বানে বিনষ্ট কৰিলে কৃষকে উৎপন্ন কৰা বিঘাই বিঘাই ভোল, বেঙেনা, জলকীয়া আৰু তিল খেতি। বাঘবৰৰ বহু কৃষকে মূৰৰ ঘাম মাটিত পেলাই সাৰক মাটি কৰি তেজক পানী কৰি কৃষকে কৰিছিল এনে বিঘাই বিঘাই ৰবি শস্যৰ খেতিসমূহ। কিন্তু বাৰিষাৰ বানে কৃষকৰ সকলো সপোন নিঃশেষ কৰি পেলালে। এতিয়া বাঘবৰৰ সেউৰাৰ পথাৰ গাঁৱত খেতিপথাৰবোৰলৈ চালে কৃষকৰ চকুৰে নিগৰি আহে কেৱল চকুলো। বানে সৰ্বচ্চ কাহিনীয়ে এতিয়া কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিলে। সেয়ে এতিয়া মানসিকভাৱে ভাগি পৰা দুৰ্ভগীয়া কৃষকসকলে বিচাৰিছে কৃষি বিভাগ তথা চৰকাৰৰ অকণমান সহায়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like