ডাম্পাৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ প্রাণহানি
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ বইটামাৰীত আজি পুৱা এখন ডাম্পাৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু হোৱাৰ লগতে চালকজন গুৰুতৰভাৱে আহত হয়৷ বইটামাৰী আৰক্ষী চকীৰ ওচৰত বেচিমাৰী গাঁৱত থকা এটা ৰে’লপথ নির্মাণকাৰী প্রতিষ্ঠানৰ শিবিৰত এই ঘটনা সংঘটিত হয়৷ নিউ ময়নাগুৰি–যোগীঘোপা ৰে’লপথ নির্মাণত নিয়োজিত শ্বাহী মহমদ কৰিম কনষ্ট্রাকচন কোম্পানীৰ শিবিৰটোত পুৱা ৮ মান বজাত এ এছ–১৮ চি–৭৩৩২ নম্বৰৰ এখন ডাম্পাৰ বিপজ্জনকভাৱে ১১ হাজাৰ ভল্টৰ বিদুৎ পৰিবাহী তাঁৰৰ তলত ৰখাই ধুই আছিল৷
সেই সময়তে চালকজনে হাইড্রলিকেৰে পিছৰ ডালাখন ওপৰলৈ দাঙি দিয়াত বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পর্শলৈ অহাত গাডীখনত বিদ্যুৎ সংযোগ হয়৷ লগে লগে গাডীখনৰ এটা অংশ জ্বলি উঠাৰ লগতে গাডীখন ধুই থকা কর্মচাৰী বিৰাজ ৰাভা (২৪) আৰু গাডীখনৰ চালক জ্যোতিষ ৰাভা (৩২) বিদ্যুৎস্পৃষ্ট হয়৷ ঘটনাস্থলীতে বিৰাজ ৰাভাৰ মৃত্যু হয়৷ আনহাতে, গুৰুতৰভাৱে আহত জ্যোতিষ ৰাভাক লগে লগে চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ দুয়োৰে ঘৰ গোৱালপাৰা জিলাৰ দুধনৈৰ বনবাসীত৷ ইপিনে, ৰে’লপথ নির্মাণকাৰী প্রতিষ্ঠানটোৱে বিপজ্জনকভাৱে কি কাৰণত উচ্চ ভল্ট পৰিবাহী বৈদ্যুতিক তাঁৰৰ তলত শিবিৰ স্থাপন কৰিলে, সেই লৈ প্রশ্ণ উঠিছে৷