নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ কাছাৰ আৰক্ষীয়ে নৱবৰ্ষত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ সচেতনতা আৰু অভিযান চলালেও দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম নহ’ল। একাংশ যুৱ চালকৰ বেপৰোৱা ড্ৰাইভিঙৰ ফলত কালি নিশা শিলচৰ-হাফলং পথত এখন বলেৰো আৰু চবজি বজাই ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে বলেৰো চালকৰ মৃত্যু হৈছে। তদুপৰি আন তিনি জন গুৰুতৰ আহত হয়। যোৱানিশা শিলচৰ হাফলং ৰোডত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে মৃত্যু হয় বাপ্পু আহমেদ বৰভুইয়া নামৰ যুৱকৰ। তেওঁৰ ঘৰ শিলচৰৰ উত্তৰ কৃষ্ণপুৰত। শিলচৰ হাফলং ৰোডত ট্ৰাকৰ লগত মুখামুখি সংঘর্ষ হয় বলেৰো বাহনৰ। বলেৰোখন আছিল বাপ্পু আহমেদৰ। এই ঘটনাত উত্তৰ কৃষ্ণপুৰত শোকৰ ছাঁ পৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ