জীৱনৰ প্রতিটো পদত অনুশীলনৰ গুৰুত্ব অপৰিসীম৷ আমি যিকোনো কাম অনুশীলন অবিহনে শিকিব বা কৰিব নোৱাৰোঁ৷ অনুশীলন বোলা কথাটোৱেই হ’ল অত্যন্ত পৰিশ্রমৰ কাম৷ এলাহ বা আৰামেই হ’ল বেছিভাগ মানুহৰ স্বভাৱ৷ এওঁলোক সময়ৰ প্রতি সচেতন নহয় বুলি আমি ক’ব পাৰোঁ৷ আমি যিমান কম পৰিশ্রম কৰিম, সিমানেই আমাৰ অংগ–প্রত্যংগবোৰো অকামিলা হৈ পৰে৷ গতিকে যিসকলে অনুশীলন কৰে, তেওঁলোকেই জীৱনত দক্ষতা অর্জন কৰে৷
নিয়মিত অভ্যাস আৰু অনুশীলনৰদ্বাৰা মানুহে নিজক সলাব পাৰে৷ বহু ল’ৰা–ছোৱালীয়ে মোক প্রশ্ণ কৰে– পাঠভিত্তিক বিষয়বস্তুসমূহ পঢ়িলে মনত সহজে নৰয়৷ তাৰ বাবে কি কৰাটো আৱশ্যক? ইয়াৰ সমাধান হিচাপে বহু পৰামর্শ আগবঢ়োৱা হয় যদিও বিশেষকৈ মই তেওঁলোকক ধ্যানৰ অনুশীলন কৰিবলৈ উপদেশ দিওঁ৷ মনক চিন্তাশূন্য কৰিলেহে ধ্যান কৰাৰ সার্থকতা সম্ভৱ হয়৷ প্রথম পর্যায়ত ধ্যান কৰা অসুবিধা হয় যদিও অনুশীলনৰ মাধ্যমেৰে ধ্যান সম্ভৱ হয়৷ ধ্যানে অর্থাৎ মেডিটেচনে শিক্ষার্থীৰ মনোবল বৃদ্ধি কৰে আৰু অতি কম সময়ত যিকোনো বিষয়বস্তু শিকাৰ বাবে অর্থাৎ মনত ৰাখিবৰ বাবে সুবিধা প্রদান কৰে৷ আজিকালি ভিন্ন ঠাইত ধ্যান অনুশীলনৰ বাবে মেডিটেচন চেণ্টাৰ খোলা হৈছে, য’ত অভিজ্ঞ বিশেজ্ঞসকলে ধ্যান সম্পর্কে পৰামর্শ আগবঢ়াইছে৷
পুৱা শুই উঠি শৰীৰ চর্চাত ব্রতী হোৱা, নৃত্য শিল্পীয়ে মঞ্চত নচা, গান গোৱা, পৰীক্ষাৰ আগমুহূর্তত নিজকে প্রস্তুত কৰা– এই সকলো কার্যতে অনুশীলনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ গতিকে কোনো ব্যক্তিয়ে অনুশীলন নকৰাকৈ দক্ষতা অর্থাৎ সফলতা অর্জন কৰিব নোৱাৰে৷
পাঠভিত্তিক বিষয়বস্তুসমূহ কেইবাৰো অনুশীলন কৰাটো উচিত৷ ধৰা যাওক, সমাজ বিজ্ঞানৰ যিকোনো বিষয়বস্তু পুৱা বা নিশা পঢ়াৰ পিছত সেইসমূহ পিছদিনা মনত আওৰাটো আৱশ্যক৷ এনে অনুশীলনে পাঠভিত্তিক বিষয়বস্তুসমূহ সুন্দৰভাৱে আয়ত্ত কৰাত সহায় কৰে৷
যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষা চমু চাপি আহিছে৷ গতিকে শিক্ষার্থীসকলৰ সুবিধার্থে পাঠৰ বিষয়বস্তু কেনেদৰে অনুশীলন কৰিব পাৰি, সেই সন্দর্ভত তলত কেইটামান পৰামর্শ আগবঢ়োৱা হৈছে৷ শিক্ষার্থীসকলে নিম্নলিখিত পৰামর্শসমূহ তেওঁলোকৰ ব্যক্তিগত জীৱনত প্রয়োগ কৰিলে নিশ্চয় উপকৃত হ’ব বুলি মই নিশ্চিত৷ পৰামর্শসমূহ এনেধৰণৰ–
১৷ শ্রৱণ (শুনিব পৰা), কথন (ক’ব পৰা), পঠন (পঢ়িব পৰা), লিখন (লিখিব পৰা)– এই কৌশলসমূহক পাঠদান কার্যত ব্যৱহাৰ কৰা হয়৷ বিদ্যালয়ত এনে কৌশলৰ সহায়েৰে শিক্ষার্থীসকলক ভাষা শুনি শুদ্ধকৈ ক’ব পৰা, পঢ়িব পৰা আৰু লিখনৰদ্বাৰা নিজস্ব ভাব প্রকাশ কৰিবলৈ শিকোৱা হয়৷ গতিকে শিক্ষার্থীসকলে পাঠৰ বিষয়বস্তুসমূহ উল্লিখিত কৌশলসমূহৰ সহায়েৰে নিতৌ অনুশীলন কৰিলে উপকৃত হ’ব বুলি আমি নিশ্চিত৷
২৷ বিদ্যালয়ৰ পাঠ্যপুথিত উল্লিখিত মহান ব্যক্তিসকলৰ নাম আমি কেনেকৈ মনত ৰখাটো আৱশ্যক৷ ইয়াৰ বাবে প্রয়োজন এখন তালিকা প্রস্তুতকৰণৰ৷ অসমীয়া বর্ণমালাক্রমে ব্যক্তিসকলৰ নামসমূহ অ, আ, ই… নতুবা ক, খ, গ… আকাৰত সজালে মনত ৰাখিবলৈ শিক্ষার্থীসকলৰ বাবে সহজ হয়৷ গতিকে অনুশীলনৰ মাধ্যমেৰে নামসমূহ মনত আওৰাবলৈ প্রয়াস কৰিলে চিৰদিনলৈ ই আমাৰ মগজুত স্থায়ী ৰূপ লয়৷
৩৷ আমি প্রায়ে কোনো প্রতিষ্ঠান বা সংস্থাসমূহৰ নাম পৰীক্ষাত লিখোঁতে ভুল কৰোঁ৷ গতিকে তেনে কঠিন শব্দ প্রায় দহৰ পৰা বিশবাৰ পর্যন্ত অনুশীলন কৰাটো উচিত৷ এনে কৰিলে ভুল হোৱাৰ আশংকা কম হোৱা দেখা যায়৷
৪৷ চন, তাৰিখ আমি কেনেকৈ মনত ৰাখিব পাৰোঁ৷ উদাহৰণস্বৰূপে বুৰঞ্জী বিষয়ৰ চনসমূহ অধঃক্রমৰ পৰা ঊধঃক্রম অনুসৰি তালিকা ৰূপে প্রস্তুত কৰি সেইসমূহ অনুশীলন কৰাটো উচিত৷ তাৰিখ মনত ৰখাৰ ক্ষেত্রতো ই সমানেই ভূমিকা পালন কৰে৷
৫৷ অসমীয়া বিষয়ত গদ্যাংশ আৰু পদ্যাংশ দুটা অংশ অন্তর্ভুক্ত কৰা থাকে৷ বিশেষকৈ পদ্যাংশ অংশটি অর্থাৎ কবিতা লিখোঁতে শিক্ষার্থীসকলে পদ্যৰ চৰণসমূহ পাহৰি যায় বা ভুলকৈ লিখে৷ কেতিয়াবা কবিতাটিৰ কবিজনাৰ নামো অশুদ্ধকৈ লিখা পৰিলক্ষিত হয়৷ গতিকে কবিতাৰ কবিজনাৰ পৰিচয়ৰ পৰা আদি কৰি কবিতাৰ পদ্যৰ চৰণসমূহ অনুশীলনৰ মাধ্যমেৰে মনত আওৰোৱাটো উচিত অর্থাৎ গীতৰ আকাৰত সেইসমূহ মনত ৰখাবলৈ যত্ন কৰাটো উচিত৷ ই সম্ভৱ হয় একমাত্র অনুশীলনৰদ্বাৰাহে৷
৬৷ অসমীয়া বিষয়ৰ ব্যাকৰণ, ভাব সম্প্রসাৰণ, বাক্য ৰচনা, আবেদন লিখন, ৰচনা লিখন আদি লিখিত আকাৰত অনুশীলন কৰাটো উচিত৷ ব্যাকৰণৰ বিভিন্ন বিষয়বস্তুসমূহ যি তালিকাৰ সহায়েৰে প্রস্তুত কৰিব পাৰি, সেইসমূহ সজাই লৈ মনত ৰাখিবলৈ যত্ন কৰাটো উচিত৷ তদুপৰি ভাব সম্প্রসাৰণ, বাক্য ৰচনাৰ অর্থ সম্পর্কে যুক্তিসহকাৰে বুজি নিজ ভাষাৰে লিখিবলৈ অভ্যাস কৰাটো উচিত৷ এনে কৰিলে পৰীক্ষাত যিকোনো প্রশ্ণ আহিলে উত্তৰসমূহ সহজে লিখিব পাৰি৷ আবেদন–পত্র লিখন আৰু ৰচনা লিখনৰ আৰম্ভণি আৰু শেষাংশৰ কিছুমান নিয়মাৱলী থাকে৷ শিক্ষার্থীসকলে নিয়মাৱলীসমূহ ভালদৰে শিকি–বুজি লৈ অনুশীলন কৰি নিজ ভাষাৰে লিখাৰ প্রয়াস কৰাটো আৱশ্যক৷
৭৷ ইংৰাজী বিষয়ৰ ব্যাকৰণ, চিঠি লিখন, আবেদন–পত্র লিখন, গল্প লিখন, ৰচনা লিখন আদিয়ে শিক্ষার্থীসকলক পৰীক্ষাত উত্তীর্ণ হোৱাত সহায় কৰে অর্থাৎ পাছ নম্বৰ গোটাবলৈ সুবিধা প্রদান কৰে৷ গতিকে শিক্ষার্থীসকলে উল্লেখিত বিষয়বস্তুৰ নিয়মাৱলীসমূহ ভালদৰে শিকি–বুজিলৈ সেইসমূহৰ অনুশীলনৰ বাবে পূর্বে হৈ যোৱা প্রশ্ণকাকত অথবা ব’র্ডে প্রস্তুত কৰা প্রশ্ণভাণ্ডাৰ যুগুত কৰি নিজস্ব ভাষাৰে লিখিবলৈ চেষ্টা কৰাটো উচিত৷
৮৷ সমাজ বিজ্ঞান আৰু বিজ্ঞান বিষয়টিত ভিন্ন ছবি পৰীক্ষাত আঁকিবলৈ আহে৷ বহু শিক্ষার্থীয়ে ছবিসমূহৰ ভাগসমূহ যথাযথ স্থানত চিহ্ণিত কৰাত ভুল কৰা দেখা যায়৷ গতিকে ভাৰত আৰু অসমৰ নক্সা বা মানচিত্র, গ্রহ–নক্ষত্রৰ চিত্র অর্থাৎ সৌৰজগতৰ চিত্র, বিজ্ঞান বিষয়টিত অন্তর্ভুক্ত থকা মানৱদেহৰ বিভিন্ন অংশসমূহ, মাটিৰ বিভিন্ন স্তৰ, উদ্ভিদৰ বিভিন্ন ভাগ অংকিত ৰূপত অংশসমূহ চিনাক্ত কৰি সেইসমূহৰ বাৰম্বাৰ অনুশীলন কৰাটো উচিত৷ এনে কৰিলে পৰীক্ষাত ভুল হোৱাৰ আশংকা কম হোৱা দেখা যায়৷
৯৷ গণিতৰ সূত্রসমূহ অনুশীলনৰ দ্বাৰা মনত থ’ব পাৰি৷ তালিকাৰ সহায়েৰে বা খেলা পদ্ধতিৰে সূত্রসমূহ সজাই লৈ অনুশীলনৰ মাধ্যমেৰে সেইসমূহ মনত আওৰাটো উচিত নতুবা দেৱালত সূত্রসমূহ ওলোমাই ৰাখি বাৰম্বাৰ মনত ৰাখিবলৈ প্রয়াস কৰাটো উচিত৷
১০৷ অংক, জ্যামিতিৰ বিষয়বস্তুসমূহ ভালদৰে বুজি ল’লে আমাৰ বাবে সহজ হয়৷ সৰলতাৰপৰা জটিলতাৰ মাধ্যমেৰে অংক বা জ্যামিতি শিকি–বুজি ল’লে পিছলৈ বিভিন্ন প্রৱেশিকা পৰীক্ষাত ই আমাৰ সহায়ক হয়গৈ৷ গতিকে শিক্ষার্থীসকলে যুক্তি সহকাৰে বুজিলৈ অংক, জ্যামিতিৰ বিষয়বস্তুসমূহ বাৰম্বাৰ অনুশীলন কৰাটো উচিত৷ বহু শিক্ষার্থীয়ে অংক মুখস্থ কৰা দেখা যায়৷ একে যেন লগা প্রশ্ণত মুখস্থ কৰি অহা অংক যিটো যথাযথ প্রশ্ণোত্তৰ নহয় বহুতে এনে উত্তৰ পৰীক্ষাত লিখি থৈ আহেগৈ৷ তেনেক্ষেত্রত শিক্ষার্থীসকলে সাৱধানতা অৱলম্বন কৰাটো উচিত৷
১১৷ প্রতিটো প্রশ্ণৰ উত্তৰ সময়ত সমাপ্ত কৰিব পৰাকৈ অনুশীলনৰ প্রয়োজন৷ গতিকে পৰীক্ষাৰ আগেয়ে এটা প্রশ্ণৰ উত্তৰ কিমান সময়ত সমাপ্ত কৰিব পাৰি তাৰ বাবে নিজকে অনুশীলনৰদ্বাৰা প্রস্তুত কৰাটো উচিত৷ অর্থাৎ পূর্বে হৈ যোৱা কোনো বিষয়ৰ পৰীক্ষাৰ প্রশ্ণকাকত যুগুত কৰি সেইসমূহৰ প্রস্তুতি চলোৱাটো উচিত৷ এনে কৰিলে তিনি ঘণ্টাৰ এশ নম্বৰৰ প্রশ্ণকাকতখন কিমান সময়ত সমাপ্ত কৰিব পাৰি, সেই সম্পর্কে ধাৰণা পোৱাত আমাৰ সহায়ক হয়৷
১২৷ যিকোনো প্রশ্ণৰ উত্তৰ আমি কেনেভাৱে মনত ৰখা উচিত? প্রথমে প্রশ্ণটিত কি সুধিছে সেই সম্পর্কে বুজি জ্ঞাত হোৱাটো বাঞ্ছনীয়৷ দ্বিতীয়তে উত্তৰটি যুক্তিসহকাৰে বুজিলৈ বাৰম্বাৰ অনুশীলন কৰাটো আৱশ্যক৷ লিখনিৰ সহায়েৰে অনুশীলন কৰোঁতে যথেষ্ট শব্দ, বাক্যৰ গাঁথনি ভুল হ’ব পাৰে, গতিকে সেইসমূহ ভুল নহ’বলৈ পৰীক্ষাৰ আগমুহূর্তত অধিক অনুশীলন কৰিব লাগে, অর্থাৎ লিখনিৰ সহায়েৰে অনুশীলন কৰোঁতে মুখেৰে শব্দবোৰ উচ্চাৰণ কৰিলে ভুল হোৱাৰ আশংকা কম হোৱা দেখা যায়৷ এনে প্রক্রিয়াৰ সহায়েৰে আমি প্রশ্ণৰ উত্তৰসমূহ মনত ৰাখিব পাৰোঁ৷
১৩৷ আখৰৰ সৌন্দর্য আৰু লিখাৰ গতিবেগ বৃদ্ধি কৰিবলৈ শিক্ষার্থীসকলে অনুশীলন কৰাটো জৰুৰী৷
এইখিনিতে মহ কিণ্ডাৰগার্টেন পদ্ধতিৰ বিষয়ে উল্লেখ কৰিব খোজোঁ৷ কিণ্ডাৰগার্টেন পদ্ধতি ফ্রেডৰিক উইলহেম আগষ্ট ফ্রৱেলৰ এক অনবদ্য অৱদান৷ কিণ্ডাৰগার্টেন পদ্ধতিৰ সহায়েৰে শিশুসকলক পাঠভিত্তিক বিষয়বস্তুসমূহ অনুশীলনৰ মাধ্যমেৰে শিকাব পাৰি৷ সেয়ে কিণ্ডাৰগার্টেন স্কুলত খেলাৰ মাজেৰে শিক্ষণীয় বিষয়বস্তুবোৰ উপস্থাপন কৰিব পৰাকৈ তথা খেলাৰ মাজেৰে খেলাৰ নিচিনাকৈ শিশুৱে শিক্ষা আহৰণ কৰিব পৰাকৈ শিক্ষণীয় বিষয়বস্তু তথা সঁজুলিবোৰ শিশুৰ মনোগ্রাহীকৈ প্রস্তুত কৰা হয়৷
আজিকালি বিদ্যালয়সমূহত অভিনৱ পন্থাৰে অর্থাৎ কিণ্ডাৰগার্টেন পদ্ধতিৰে শিক্ষকে শিক্ষার্থীক পাঠদান কৰা দেখা গৈছে, যিয়ে আমাক গুণগত শিক্ষা লাভ কৰাত যথেষ্ট সুবিধা প্রদান কৰে৷ পূর্বৰ পুথিগত শিক্ষাদান প্রক্রিয়াৰ পৰিৱর্তে শিক্ষার্থীক বিভিন্ন বিষয়ৰ পাঠভিত্তিক বিষয়বস্তুসমূহ নৃত্য–গীতেৰে, কবিতাৰে, খেলাৰ মাজেৰে মনত ৰখাবলৈ অনুশীলন কৰোৱা হয়৷ তদুপৰি ভূগোল পঢ়াবলৈ বাস্তৱিক জগতখন শিক্ষার্থীৰ মনোগতলৈ আনিবলৈ প্রয়াস কৰা হয় যাতে তেওঁলোকে ভূগোল বিষয়ৰ বাস্তৱিক জ্ঞান আয়ত্ত কৰিবলৈ সক্ষম হয়৷ এনে গুণগত পাঠদানে শিক্ষার্থীক কঠিন বিষয়বস্তুসমূহ সহজে শিকাত সুবিধা প্রদান কৰে৷ ইয়াত শিশুৰ সামাজিক, দৈহিক তথা মানসিক দিশৰ বিকাশ সাধনৰ লগতে চৰিত্র গঠন আৰু ব্যক্তিত্ব গঠনৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়৷ সংগীত হৈছে এনে এক মাধ্যম, যাৰ যোগেদি শিশুৰ মন, কথোপকথন তথা হস্তৰ মাজত এক ভাৰসাম্য বজাই ৰখাৰ লগতে শিশুৰ আত্মাক অধিক জাগ্রত কৰি তুলিব পাৰে৷ গতিকে বিদ্যালয়সমূহত শিশুৰ দৈনন্দিন জীৱনৰ লগত সংগতি ৰাখি, শিশুৰ মনোদৈহিক বিকাশৰ প্রতি লক্ষ্য ৰাখি তিনিধৰণৰ সংগীতৰ ব্যৱস্থা কৰা দেখা গৈছে৷ যেনে– শিক্ষয়িত্রী বা মাকে বুজাবৰ বাবে নীতিকথা, সামূহিকভাৱে গোৱাৰ বাবে পদ্যাংশ, পদ্যাংশৰ বর্ণনাৰ বাবে চিত্র৷ শিশুৰ মানসিক, নৈতিক, ভাষিক ইত্যাদি দিশৰ বিকাশৰ বাবে এনে সংগীতৰ মাজেৰে শিশুক শিক্ষাদান কৰি সেইসমূহ অনুশীলন কৰোৱাটো কিণ্ডাৰগার্টেন শিক্ষা প্রণালীৰ এক উল্লেখযোগ্য বৈশিষ্ট্য৷
উপৰিউক্ত আলোচনাৰ পৰা আমি নিশ্চিত যে অনুশীলন অবিহনে আমিবোৰ অকমর্ণ্য৷ কিয়নো জীৱনৰ প্রত্যেকটো দিশত প্রয়োজন হয় অনুশীলনৰ৷ অনুশীলনৰ সহায়েৰে কৰা কার্যসমূহ পিছলৈ অভ্যাসত পৰিণত হয়গৈ আৰু এই সু–ভ্যাসে আমাৰ ব্যক্তিত্ব গঠনত সহায় কৰে৷ শিক্ষার্থীসকল যাৰ বুদ্ধ্যাংক(I.Q.) মনোবিজ্ঞানীৰ মতে ২৫ৰ তলৰ যিসকলক গাধ, জধামূর্খ আখ্যা দিয়া হয়, তেনে শিক্ষার্থীসকলক পাঠভিত্তিক বিষয়বস্তুসমূহ বাৰম্বাৰ অনুশীলনৰ মাধ্যমেৰে শিকাই সাধাৰণ বুদ্ধিসম্পন্ন শিক্ষার্থীৰ স্তৰত স্থান দিব পাৰি৷ তাৰ বাবে জৰুৰী শিক্ষক আৰু শিক্ষার্থীৰ সহযোগিতা আৰু অশেষ শ্রমৰ৷ শ্রেণীকক্ষত থকা সমূহ শিক্ষার্থীক তেওঁলোকৰ মানসিক স্তৰ অনুযায়ী প্রত্যেক বিষয়বস্তুৰ অনুশীলন কৰোৱাটো আমাৰ দায়িত্ব৷ গতিকে আহকচোন অনুশীলনৰ মাধ্যমেৰে আমাৰ ল’ৰা–ছোৱালীক তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ সহযোগিতা আগবঢ়াওঁ৷