পৰীক্ষাৰ বতৰ সমাগত৷ আমাৰ ছাত্র–ছাত্রীৰ জীৱন গঢ়াৰ বাবে কৃতকার্যতাৰ মূল আধাৰ হৈছে পৰীক্ষা৷ বর্তমান প্রতিযোগিতাৰ যুগ৷ সাম্প্রতিক সময়ত প্রতিযোগিতাৰ দৌৰত সফল হোৱাৰ বাবে পিতৃ–মাতৃসকলে চিন্তা কৰাৰ লগতে শিক্ষার্থীসকলেও জীৱন গঢ়া পৰীক্ষাত ভালদৰে উত্তীর্ণ হ’ব লাগিব৷ পৰীক্ষা অহাৰ লগে লগে পিতৃ–মাতৃয়ে মনত বহুতো আশা আৰু সপোন পুহি ৰাখে৷
কিয়নো প্রতিজন পিতৃ–মাতৃ তথা অভিভাৱকে নিজৰ সন্তানে পৰীক্ষাত ভালদৰে উত্তীর্ণ হওক তাকে আশা কৰে৷ আমাৰ ছাত্র–ছাত্রীসকলৰ সফলতাই অকল পিতৃ–মাতৃৰে নহয় পৰিয়ালৰ, সমাজৰ একোটা ৰত্ন হিচাপে পৰিগণিত হয়৷ পিতৃ–মাতৃৰ হেঁপাহ আৰু আশা পূর্ণ কৰিবলৈ ছাত্র–ছাত্রীসকলে ঐকান্তিক সাধনাত ব্রতী হ’ব লাগিব৷
আশাবোৰ আমাৰ সফল ৰূপ দিবলৈ আমাৰ ছাত্র–ছাত্রীসকলে সততাপূর্ণভাৱে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত সফলকাম হোৱাৰ চেষ্টা কৰিব লাগিব৷
যিকোনো কার্যতে সফলতা অর্জন কৰিবলৈ বিশেষকৈ আমাৰ ছাত্র–ছাত্রীসকল নিৰোগী, সু–স্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব৷ কাৰণ ‘দেহা থাকিলেহে বেহা’, দেহ–মন সুস্থ–সবল হ’লেহে মনলৈ উৎসাহ আৰু প্রেৰণা আহে৷ সেই কাৰণে আমাৰ শিক্ষার্থীসকলে এই পৰীক্ষাৰ বতৰত ভালদৰে পঢ়া–শুনা কৰিবলৈ হ’লে দেহ–মন সুস্থ কৰি ৰখাৰ প্রয়াস কৰিব লাগিব৷
বর্তমান শীতকাল৷ শীতকালত ঠেঁটুৱৈ লগা ঠাণ্ডাত ছাত্র–ছাত্রীসকলৰ জ্বৰ–কাহ, পানীলগা, বদহজম আদি হ’ব পাৰে৷ ইয়াৰ বাবে আমাৰ পিতৃ–মাতৃ আৰু ছাত্র–ছাত্রীসকল সজাগ আৰু সাৱধান হোৱাটো নিতান্তই প্রয়োজন৷ সেই কাৰণে আজি আমি পৰীক্ষাৰ বতৰত সু–স্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ৷
সু–স্বাস্থ্য সাধনাঃ স্বাস্থ্যই পৰম ধন৷ স্বাস্থ্যহীনতাই কলুষিত মন৷ সেইবাবে পৰীক্ষাৰ বতৰত যাতে স্বাস্থ্য ভালে থাকে তাৰ বিষয়ে ক’ব বিচাৰিছোঁ৷
পৰীক্ষাৰ সময়ত শিক্ষার্থীসকলে কেইবাঘণ্টা পঢ়ি থাকিলে মন–মগজু ভাগৰুৱা হয়৷ মনলৈ অৱসাদ আহে৷ মনলৈ অৱসাদ বা ভয় ভাব আহিলে মন আতংকিত হয়, হাত–ভৰিবোৰ কঁপিবলৈ ধৰে৷ হূদস্পন্দন বৃদ্ধি হয়৷ ৰাতি ভাল টোপনি নহয়৷ ভাল টোপনি নহ’লে মন অস্থিৰ হয়৷ সেই কাৰণে পিতৃ–মাতৃসকলে শিক্ষার্থীসকলক জিৰণি ল’বলৈ দিব লাগে৷
• ছাত্র–ছাত্রীসকলৰ স্মৃতি বৃদ্ধিৰ বাবে ব্রাহ্মী শাক ঘিউত ভাজি খাব দিব লাগে৷
• সতেজ শাক–পাচলি, থলুৱা ফলমূল খাবলৈ দিয়া উচিত৷
• ছাত্র–ছাত্রীক পুৱা দুই গিলাচ কুহুমীয়া গৰম পানী খাবলৈ দিব লাগে৷ কুহুমীয়া গৰম পানীয়ে শৰীৰৰ অতিৰিক্ত মেদ কমায়৷ গৰম পানী খালে ৰক্ত সঞ্চালন সঠিকভাৱে হয়৷ গৰম পানীয়ে ভোক হ্রাস কৰে৷ ইয়াৰ ফলত কেল’ৰি ইনটেক কম হয়৷ ওজন বৃদ্ধি নহয়৷ বিশেষকৈ কুহুমীয়া গৰম পানী খালে পৰিপাক প্রণালী ভাল হয়৷ টোপনিৰ ভাব নাইকিয়া হয়৷ সেই কাৰণে দিনটোত ৮/১০ গিলাচ পানী খোৱা উচিত৷
• পঢ়াৰ সময়ত শিক্ষার্থীসকলৰ কাণত বতাহ লাগিব দিব নালাগে৷ এই সময়ত চর্দি, কাহ, জ্বৰ হয়৷ সেই কাৰণে মূৰত এখন কাপোৰ মেৰিয়াই লৈ পঢ়া উচিত৷
• মনটো সদায় আশাবাদী কৰি তুলিব লাগে৷ এই সময়ত দুঃচিন্তা আৰু নেতিবাচক চিন্তাৰ পৰা যাতে দূৰত থাকে, তাৰ বাবে পিতৃ–মাতৃসকলে লক্ষ্য ৰাখিব লাগিব৷
• থকা–খোৱা, শোৱা সময়মতে কৰা উচিত৷ বিশেষকৈ পুৱা ৫ বজাতে শুই উঠা আৰু নিশা ১০ বজাত শুব লাগে৷ পুৱাৰ সময়খিনিক ঋষি–মুনিসকলে ব্রহ্মমুহূর্ত বুলি কোৱাৰ লগতে ‘অমৃত সময়’ বুলি কয়৷ কিয়নো এই সময়ত হাই–উৰুমি নাথাকে, পৃথিৱী শান্ত হৈ থাকে৷ গছ–গছনিয়ে অম্লজান গেছ অধিক এৰি দিয়ে৷ এই সময়ত পঢ়িলে মনত থাকে৷ পুৱাৰ সময়খিনি পঢ়াৰ উপযুক্ত সময়৷ স্মৃতিশক্তি বৃদ্ধি হয়৷ মন–মগজুলৈ সজীৱতা আহে৷
• নিশা শোৱাৰ সময়ত এগিলাচ কুহুমীয়া গৰম গাখীৰ খোৱা উচিত৷ তেতিয়া নিশা ভাল টোপনি হ’ব৷ নিশা ৭/৮ ঘণ্টা সুনিদ্রা হোৱা আৱশ্যক৷
• পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থকা অতি প্রয়োজন৷ সদায় মন–মগজু সুস্থ আৰু সবল হোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত৷
• পুৱা প্রাণায়াম বা প্রার্থনা কৰা উচিত৷ প্রার্থনা কৰিলে মনটো ইতিবাচক চিন্তাৰে ভৰি পৰিব৷ প্রাণায়াম কৰাটো মন আৰু শৰীৰৰ বাবে বৰ উপকাৰী৷ মনলৈ উৎসাহ আৰু প্রেৰণা আহিব৷ তদুপৰি মনটো সতেজ কৰি ৰাখিবলৈ খোজকঢ়া, চাইকেল চলোৱা, লগ–সমনীয়াৰ লগত খেল–ধেমালি কৰা অতি প্রয়োজন৷
• মনটো সদায় প্রফুল্লিত কৰি ৰাখি ইতিবাচক চিন্তা কৰিব লাগে৷
• পিতৃ–মাতৃয়ে শিক্ষার্থীৰ খোৱা–লোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত৷
• শিক্ষার্থীৰ যাতে পৰীক্ষাৰ সময়ত বেমাৰ–আজাৰ নহয়, তাৰ প্রতি সদায় তীক্ষ্ণ নজৰ ৰাখিব লাগিব৷
• নিশা গুৰুপাকী আহাৰৰ সলনি সাত্ত্বিক সুষম আহাৰ খাব দিয়া উচিত৷
• পৰীক্ষাৰ সময়ত কুহুমীয়া পানীত লেভেণ্ডাৰ অইল মিহলাই গা ধুলে দেহ–মনলৈ সতেজ ভাব আহিব৷
• খাদ্যত বিলাহী, গাজৰ, তিয়ঁহ আদিৰ চালাদ আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক–পাচলি খোৱা উচিত৷
• পিতৃ–মাতৃসকলে পৰীক্ষার্থীৰ দেহ–মন সুস্থ থকাৰ ওপৰত অধিক গুৰুত্ব দিয়া নিতান্তই প্রয়োজন৷