নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমীয়াৰ সম্ভাব্য প্রশ্নোত্তৰ

পল্লৱী ডেকা শইকীয়া

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

অতি চমু উত্তৰ দিয়া–

১৷ ড০ কুলেন্দু পাঠকৰ জন্মস্থান ক’ত?
উত্তৰঃ ড০ কুলেন্দু পাঠকৰ জন্মস্থান নগৰবেৰাত৷
২৷ ড০ কুলেন্দু পাঠকে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ ড০ কুলেন্দু পাঠকে ইংলেণ্ডৰ বার্মিহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল৷
৩৷ ভূ–কেন্দ্রিক বিশ্বধাৰণাৰ প্রধান প্রবক্তা কোন?
উত্তৰঃ ভূ–কেন্দ্রিক বিশ্বধাৰণাৰ প্রধান প্রবক্তা হ’ল ইজিপ্তৰ জ্যোতির্বিজ্ঞানী ট’লেমী৷
৪৷ কোনখন গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্রতিভাৰ কথা বিদ্বৎ মহলে গম পাইছিল?
উত্তৰঃ প্রিন্সিপিয়া গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্রতিভাৰ কথা বিদ্বৎ মহলে গম পাইছিল৷
৫৷ প্রাচীন জ্যোতির্বিজ্ঞানৰ আটাইতকৈ প্রভাৱশালী গ্রন্থ বুলি কোনখনক কোৱা হয়?
উত্তৰঃ ‘এলমেজেষ্ট’ গ্রন্থক প্রাচীন জ্যোতির্বিজ্ঞানৰ আটাইতকৈ প্রভাৱশালী গ্রন্থ বুলি কোৱা হয়৷
৬৷ ‘এলমেজেষ্ট’ গ্রন্থৰ লেখক কোন?
উত্তৰঃ ‘এলমেজেষ্ট’ গ্রন্থৰ লেখক হ’ল ট’লেমী৷
৭৷ আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰঃ আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃস্বৰূপ হ’ল ৰাডাৰফোর্ড৷
৮৷ কেলকুলাছ স্বাধীনভাৱে কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ কেলকুলাছ স্বাধীনভাৱে জার্মান গণিতজ্ঞ লেইব্নিট্জে আৱিষ্কাৰ কৰিছিল৷
৯৷ ‘বিজ্ঞান পৰীক্ষাভিত্তিক নহ’লে অর্থহীন আৰু ত্রুটিপূর্ণ হয়৷’– কোনে কৈছিল?
উত্তৰঃ ‘বিজ্ঞান পৰীক্ষাভিত্তিক নহ’লে অর্থহীন আৰু ত্রুটিপূর্ণ হয়৷’ –লিওনার্ডো ডা ভিন্সিয়ে কৈছিল৷
১০৷ ৰাষ্ট্রীয় বিজ্ঞান নীতি কোন চনত গৃহীত হয়?
উত্তৰঃ ৰাষ্ট্রীয় বিজ্ঞান নীতি ১৯৫৮ চনত গৃহীত হয়৷

চমু উত্তৰ দিয়া–

১১৷ ১৫৪৩ খ্রীষ্টাব্দক কিয় মানৱ ইতিহাসৰ উল্লেখযোগ্য বছৰ বুলি কোৱা হয়?
উত্তৰঃ ১৫৪৩ খ্রীষ্টাব্দক মানৱ ইতিহাসৰ উল্লেখযোগ্য বছৰ বুলি কোৱা হয়, কাৰণ সেই বছৰতে দুখন যুগান্তকাৰী গ্রন্থ প্রকাশ হৈছিল৷ পোলেণ্ডৰ নিক’লাছ ক’পার্নিকাছে জ্যোতির্বিজ্ঞান আৰু বেলজিয়ামৰ এণ্ডিয়াছ ভেছলিয়াছে মানৱ শৰীৰ–বিজ্ঞান সম্পর্কীয় বৈপ্লৱিক ধাৰণা বিদ্বান সমাজৰ আগত দাঙি ধৰে৷
১২৷ এৰিষ্ট’টলে সমর্থন কৰা ধাৰণাটো কি আছিল?
উত্তৰঃ এৰিষ্ট’টলে সমর্থন কৰা ধাৰণাটো হ’ল– বিশ্বৰ কেন্দ্রত অৱস্থিত পৃথিৱীক কেন্দ্র কৰি জোন, বেলি, গ্রহ আৰু তৰাবোৰ ঘূৰি থাকে৷

You might also like