ভাৰতৰ গ্রামাঞ্চলেই দেশৰ অর্থনীতিৰ বুনিয়াদ গঢ়ে৷ এই পৰিপ্রেক্ষিততে চৰকাৰে গ্রামাঞ্চলক প্রাধান্য দিয়া দেখা যায়৷ দেশৰ শৈক্ষিক ব্যৱস্থাত গাঁও অঞ্চলক লৈ শৈক্ষিক প্রতিষ্ঠানসমূহত ৰুৰেল ষ্টাডিজ পাঠ্যক্রম এটা প্রচলিত হৈ আছে যদিও ইয়াক লৈ শিক্ষার্থীসকল অধিক সজাগ নহয়৷ অর্থাৎ ক’বলৈ গ’লে এই পাঠ্যক্রমৰ বিষয়ে অধিকাংশ শিক্ষার্থীয়ে অৱগত নহয়৷ গ্রামাঞ্চলক প্রতিনিধিত্ব কৰি চহৰমুখী হোৱা অনেক শিক্ষার্থীও এই পাঠ্যক্রমটো সন্দর্ভত বিশেষ জ্ঞাত নহয়৷ লক্ষণীয় যে এই পাঠ্যক্রমৰ জৰিয়তে চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডতো অনেক সংস্থাপনৰ সুবিধা আছে৷ গ্রামাঞ্চল আৰু সামূহিক বিকাশ কার্যকলাপত জড়িত হ’বৰ বাবে এই পাঠ্যক্রমৰ প্রাধান্য আছে৷ তিনিবছৰীয়া বেচেলৰ অৱ ৰুৰেল ষ্টাডিজ পাঠ্যক্রমৰ বাবে শিক্ষার্থী যিকোনো প্রতিষ্ঠানৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ দেশৰ গুজৰাট, ৰাজস্থান আৰু উত্তৰপ্রদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অন্তর্গত মহাবিদ্যালয়ত এই পাঠ্যক্রম প্রচলিত হৈ আছে৷ গুজৰাটৰ ভাবনগৰ বিশ্ববিদ্যালয়ৰ পৰা এই পাঠ্যক্রমত স্নাতক ডিগ্রীৰ লগতে স্নাতকোত্তৰ ডিগ্রীৰ পাঠ্যক্রমো আছে৷ উল্লিখিত শৈক্ষিক প্রতিষ্ঠানত ৰুৰেল ষ্টাডিজৰ পাঠ্যক্রম সমাপ্ত কৰাৰ পাছত এগৰাকী শিক্ষার্থীয়ে গ্রামাঞ্চলৰ বিকাশৰ ক্ষেত্রত গুৰুত্ব থকা পশুপালন, কৃষি ব্যৱস্থাপনা, শিশু বিকাশ, কৃষি, পৰিৱেশ ব্যৱস্থাপনা, সামূহিক বিকাশ আদি ক্ষেত্রত নিজকে সংস্থাপিত কৰিব পাৰে৷ পাঠ্যক্রম সমাপ্ত কৰা শিক্ষার্থীসকলে বিভিন্ন চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত প্রতিষ্ঠানত গ্রামাঞ্চলক প্রাধান্য দিয়া কর্মত সংস্থাপিত হোৱাৰ সুযোগ লাভ কৰে৷ আনকি গ্রামাঞ্চলক লৈ অধ্যয়ন, গৱেষণা চলাই থকা বেচৰকাৰী সংস্থা (এনজি’)ৰ জৰিয়তেও নিজৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰে৷ গ্রামোন্নয়নৰ ক্ষেত্রত নতুন গতি দিবলৈ চৰকাৰে গ্রহণ কৰা কার্যসূচীৰ বাবে এই পাঠ্যক্রমৰ প্রয়োজনীয়তা আহি পৰিছে৷ উল্লেখ্য যে এই পাঠ্যক্রমত বিভিন্ন ভাষাৰ শিক্ষা প্রদান কৰাৰ লগতে একাউণ্টেঞ্চী, গান্ধীৰ আদর্শ, গান্ধীৰ জীৱন দর্শন, ৰসায়ন বিজ্ঞান, ভাৰতীয় দর্শনৰ ইতিহাস, মনস্তত্ত্ব, চিকিৎসা বিজ্ঞান, গ্রাম্য অর্থনীতি, পৰিসংখ্যা বিজ্ঞান, সমবায় আৰু পঞ্চায়ত, পশুপালন, কৃষি, উদ্যান শস্য, ৰাজনীতি বিজ্ঞান, বিশ্বৰ ধর্মীয় জ্ঞান প্রদান কৰা হয়৷ তাত্ত্বিকভাৱে এই শিক্ষা প্রদান কৰাৰ উপৰি ব্যৱহাৰিক দিশটোতো গুৰুত্ব দিয়া হয়৷ পাঠ্যক্রম অন্তর্ভুক্ত থকা শৈক্ষিক প্রতিষ্ঠানে শিক্ষার্থীসকলক প্রয়োজনসাপেক্ষে ব্যৱহাৰিক জ্ঞান দিবলৈ গ্রামাঞ্চল পৰিদর্শন কৰায়৷ ৰুৰেল ষ্টাডিজ পাঠ্যক্রমৰ ভিতৰত কেইবাটাও হ্রস্বকালীন পাঠ্যক্রম অন্তর্ভুক্ত হৈ আছে৷ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীৰ প্রতি অনিচ্ছুক শিক্ষার্থীয়ে গ্রহণ কৰিব পৰা কেইবাটাও হ্রস্বকালীন পাঠ্যক্রম আছে৷ ইয়াৰ ভিতৰত ছয়মহীয়া ডিপ্ল’মা ইন কো–পাৰেটিভ মেনেজমেণ্ট, ছয়মহীয়া ডিপ্ল’মা ইন লেবাৰ ষ্টাডিজ, ডিপ্ল’মা ইন নেচাৰ’পেথী এণ্ড যোগিক ছায়েঞ্চ, ডিপ্ল’মা ইন যোগা, দুবছৰীয়া ডিপ্ল’মা ইন পেইণ্টিং আদি৷ উনুকিয়াব লাগিব যে এই পাঠ্যক্রমসমূহত নামভর্তি কৰিবলৈ শিক্ষার্থীসকলে প্রৱেশ পৰীক্ষাত উত্তীর্ণ হোৱাৰো আৱশ্যকতা আছে৷ অৱশ্যে কিছু কিছু মহাবিদ্যালয়ত ৫০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষার্থীক পোনপটীয়াকৈ নামভর্তিৰ সুযোগ দিয়া হয়৷ মহাবিদ্যালয়সমূহে এই পাঠ্যক্রমৰ বাবে প্রতিবছৰে জুন–জুলাই মাহত বিজ্ঞাপন প্রকাশ কৰে৷