নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেম

ইংৰাজী সাহিত্যৰ এজন ছাত্র হিচাপে মই হোৰেছ ৱালপোলৰ নামটোৰ লগত পৰিচিত যদিও তেওঁৰ কোনো এটা লেখাই মই আজিলৈকে পঢ়ি পোৱা নাই৷ তেওঁ দুখনমান কিতাপ লিখিছিল যদিও তেওঁ বেছিকৈ বিখ্যাত পত্র লেখক হিচাপেহে৷ তেওঁ তেওঁৰ সমসাময়িক বহুতো খ্যাত আৰু অখ্যাত মানুহলৈ এহাজাৰতকৈ অধিক চিঠি লিখিছিল সেই চিঠিবোৰত তেওঁ উত্তৰ পুৰুষৰ কাৰণে ধৰি ৰাখিছিল সমসাময়িক জর্জিয়ান ইংলেণ্ডৰ (তৃতীয় জর্জৰ ৰাজত্বকালৰ) এখন জীৱন্ত ছবি৷ উত্তৰ পুৰুষলৈ চকু ৰাখি অশেষ যত্নসহকাৰে লিখা এই চিঠিবোৰেই তেওঁক সাহিত্যিক অমৰত্ব দান কৰিছে৷
এইখিনিতে এটা কথা কৈ থোৱা উচিত হ’ব যে তেওঁৰ পিতৃ আছিল সেই সময়ৰ গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী ৰবার্ট ৱালপোল৷ কিন্তু ৰবার্ট ৱালপোল প্রকৃততে হোৰেছ ৱালপোলৰ জন্মদাতা হয় নে নহয়, সেই বিষয়ে এটা প্রশ্ণবোধক চিন ৰৈ গৈছে৷ তাৰ কাৰণ হ’ল এই যে ৰবার্ট ৱালপোলৰ প্রথম সন্তানৰ জন্মৰ ওঠৰ বছৰৰ পিছত জন্ম হৈছিল হোৰেছ ৱালপোলৰ তেওঁৰ জন্মৰ সময়ত স্বামীৰ লগত তেওঁৰ মাতৃৰ সম্পর্ক অতি বেয়া আছিল আৰু তেওঁৰ এজন উপপতিও আছিল৷ কিন্তু এই গোটেইবোৰ কথা অগ্রাহ্য কৰি ৰবার্ট ৱালপোলে হোৰেছ ৱালপোলক নিজৰ পুত্র হিচাপে গ্রহণ কৰিছিল আৰু তেওঁৰ জীৱনৰ ভাটী বয়সত হোৰেছ ৱালপোলেই হৈ পৰিছিল তেওঁৰ প্রিয়তম সন্তান আৰু বিশ্বস্ত সংগী৷
ইংৰাজী সাহিত্যৰ ইতিহাস পঢ়ি মই হোৰেছ ৱালপোলৰ বিষয়ে যিমানখিনি কথা জানিব পাৰিছোঁ, তাতকৈ বহুত বেছি কথা জানিছোঁ হেৰল্ড নিকলছনৰThe Age of Reason নামৰ কিতাপখন পঢ়ি৷ ওঠৰ শতিকাৰ ইউৰোপৰ যুক্তিৰ যুগৰ প্রতিভূ হিচাপে হেৰল্ড নিকলছনে তেওঁৰ কিতাপত যিকেইজন মানুহক ঠাই দিছে, তেওঁলোকৰ নামবোৰ শুনিলেই আপুনি বুজিব পাৰিব যে নিকলছনে হোৰেছ ৱালপোলক তেওঁলোকৰ লগত একে শাৰীতে বহিবলৈ দি তেওঁৰ প্রতি কিমান ডাঙৰ সন্মান দেখুৱাইছে৷
হেৰল্ড নিকলছনৰ কিতাপত ঠাই পোৱা ওঠৰ শতিকাৰ ইউৰোপৰ যুক্তিৰ যুগৰ শীর্ষস্থানীয় প্রতিনিধিকেইজন হ’ল– ছেইণ্ট ছাইমন, পীয়েৰ বেইল, চতুর্দশ লুই, মহামতি পিটাৰ, ভলটেয়ৰ, মহামতি ফ্রেডেৰিক, মহামতি কেথেৰিন, যোছেফ এডিছন, জনাথন ছুইফ্ট, বেঞ্জামিন ফ্রেংকলিন, হোৰেছ ৱালপোল, ফৰাচী বিশ্বকোষ লেখকসকল, পঞ্চদশ লুই, কেগ্লিষ্ট্র, ছেমুৱেল জনছন, গ্যেটে, টমাছ পেইন, জন ৱেছলী, জাঁ জেকছ ৰুছো৷
ওঠৰ শতিকাৰ ইউৰোপৰ বৌদ্ধিক ইতিহাসত হোৰেছ ৱালপোলৰ গুৰুত্ব সম্পর্কে এটা ধাৰণা কৰিবলৈ ওপৰৰ তালিকাখনতকৈ বেছি কথা কোৱাৰ দৰকাৰ নাই৷
হেৰল্ড নিকলছনৰ ৰচনাখনৰ ভিত্তিত হোৰেছ ৱালপোলৰ বিষয়ে আৰু কিছু কথা ক’বলৈ মোৰ মন গৈছে যদিও সেই কাম পিছলৈ ৰাখি আজি কেৱল তেওঁৰ জীৱনত ঘটা এটা অবিশ্বাস্য কিন্তু সত্য প্রেমৰ কাহিনী ক’ব খুজিছোঁ৷
১৭৬৫ চনৰ পৰা আৰম্ভ কৰি ১৭৭১ চনলৈকে হোৰেছ ৱালপোল কেইবাবাৰো পেৰিছলৈ গৈ কিছুদিনৰ কাৰণে তাত থাকিছিল৷ ব্রিটিছ প্রধানমন্ত্রীৰ পুত্র হিচাপে পেৰিছৰ উচ্চতম অভিজাত সমাজৰ পৰা যথাযোগ্য সমাদৰ পোৱাটো তেওঁৰ কাৰণে স্বাভাৱিকতেই অতি সহজ কথা আছিল৷ আনকি সম্রাট পঞ্চদশ লুইয়েও তেওঁক সাক্ষাৎ দিছিল আৰু তেওঁৰ সংগ উপভোগ কৰিছিল৷
১৭৬৫ চনত প্রথমবাৰৰ কাৰণে পেৰিছলৈ যাওঁতেই ৱালপোলে মাডাম ড্যু ডেফাণ্ডক Madam du Deffand) লগ পাইছিল৷ তেতিয়া ৱালপোলৰ বয়স ৪৮ বছৰ, মহিলাগৰাকীৰ বয়স প্রায় ৭০ বছৰ, আৰু তেওঁ সম্পূর্ণ অন্ধ৷ ৱালপোলে কোৱা মতে, মাডাম ড্যু ডেফাণ্ডে ২৩ বছৰ আৰু ৭৩ বছৰৰ মাজত কোনো পার্থক্য অনুভৱ কৰিব নোৱাৰিছিল৷
অন্ধ মহিলাগৰাকীয়ে চকুৰে ৱালপোলৰ চেহেৰাটো নেদেখাকৈয়ে উন্মাদভাৱে তেওঁৰ প্রেমত পৰিল৷
মাডাম ড্যু ডেফাণ্ডে ইখনৰ পিছত সিখনকৈ হোৰেছ ৱালপোললৈ প্রেমৰ চিঠি লিখিবলৈ ধৰিলে৷ তেওঁ কোনো আঁৰ–বেৰ নাৰাখি চিঠিবোৰত তেওঁৰ সমস্ত আৱেগ আৰু কামনা উজাৰ কৰি ঢ়ালি দিলে৷ ৱালপোলে জানে যে তেওঁলৈ অহা প্রত্যেকখন চিঠিকে ব্রিটিছ আৰু ফৰাচী পুলিচে খুলি চায়, পঢ়ে আৰু কেইটামান নির্দিষ্ট মহলত চিঠিৰ প্রতিলিপিবোৰ বিলাই দিয়ে৷ অর্থাৎ হোৰেছ ৱালপোলৰ প্রতি ডেফাণ্ডৰ ব্যাকুল প্রেম সকলোৰে মাজত জনাজনি হৈ পৰে৷ ৱালপোলে ডেফাণ্ডক বাৰে বাৰে সতর্ক কৰি দিলে যে তেওঁ লিখা প্রেমৰ চিঠিবোৰত তেওঁৰ আৱেগ আৰু বাসনা ইমান উন্মুক্ত আৰু উন্মত্তভাৱে প্রকাশ কৰা উচিত হোৱা নাই৷ কিন্তু ডেফাণ্ডে ৱালপোলৰ সাৱধানবাণী কাণতেই নুতুলিলে৷ তেওঁৰ মতে কাৰোবাৰ লগত প্রেমত নপৰাতকৈ মৰি যোৱাই বেছি ভাল৷ কিন্তু চিৰকুমাৰ ৱালপোলে ভাবে যে কাৰোবাৰ প্রেমত পৰাতকৈ মৰি যোৱাই বেছি ভাল৷ কিন্তু ডেফাণ্ডৰ একপক্ষীয় প্রেমত বাধা দিয়াটো ৱালপোলৰ পক্ষে দুঃসাধ্য হৈ পৰিল৷ ১৭৮০ চনত, অর্থাৎ ডেফাণ্ডে ৱালপোলৰ প্রেমত পৰাৰ সুদীর্ঘ ১৫ বছৰৰ পিছত মৃত্যুবৰণ কৰিলে৷ মৃত্যুৰ আগতে ডেফাণ্ডে উইল কৰি তেওঁৰ সকলো ব্যক্তিগত কাকত–পত্র আৰু টুনটুন নামৰ কণমানি কুকুৰটোও ৱালপোলক দান দি গ’ল৷ অৱশ্যে ডেফাণ্ডে ৱালপোললৈ এৰি থৈ যোৱা ব্যক্তিগত কাকতবোৰ তেওঁ কেতিয়াও নাপালে, কাৰণ ডেফাণ্ডৰ কর্মচাৰীসকলে কাকতবোৰ ৱালপোলক দিবলৈ অমান্তি হ’ল৷ কিন্তু কুকুৰটো তেওঁৰ দখললৈ আহিল৷ ৱালপোলৰ মৰম পাই পাই কুকুৰটো ৯ বছৰ জীয়াই থাকিল৷
অন্ধ মাডাম ড্যু ডেফাণ্ড ৭০ বছৰ বয়সত হোৰেছ ৱালপোলৰ প্রেমত পৰিছিল৷ তেওঁৰ মৃত্যু হ’ল ৮৫ বছৰ বয়সত৷ জীৱনৰ শেষ মুহূর্তলৈকে ডেফাণ্ডে ৱালপোলক ভাল পায়েই আছিল৷

You might also like