নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপহাৰৰ অন্য নাম মাতৃ দিৱস

- জাহ্ণৱী এন ডেকা

বিশ্বৰ বেছিভাগ দেশতে মে’ মাহৰ দ্বিতীয় দেওবাৰৰ দিনটো ‘মাতৃ দিৱস’ হিচাপে পালন কৰা হয়৷ সন্তানক সুনাগৰিক কৰি গঢ়ি তোলাৰ লগতে ৰাষ্ট্রৰ নির্মাণ, সমাজৰ সুশৃংখলিতকৰণ আৰু পৰিয়ালক মমতাৰ ান্ধোনেৰে ান্ধি ৰাখি মাতৃসকলে যুগে যুগে আগ্বঢ়াই অহা অতুলনীয় অৱদানক আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰাৰ লগতে শ্রদ্ধা জ্ঞাপন কৰা হয় এই বিশেষ দিনটোত৷ প্রত্যেকগৰাকী নাৰীয়েই অতীত, বর্তমান বা ভৱিষ্যতৰ একো একোগৰাকী মাতৃ৷মাতৃ আৰু সন্তানৰ সম্পর্কটো পৃথিৱীৰ আন কোনো সম্পর্কৰ লগতে তুলনা নহয়৷ ই আন যিকোনো সম্পর্কৰ ঊর্ধ্বত থকা এক নিঃস্বার্থ আৰু অতুলনীয় স্বর্গীয় সম্পর্ক৷ এগৰাকী মাতৃয়ে অফুৰন্ত মৰম আৰু যত্নেৰে সন্তানক ডাঙৰ–দীঘল আৰু লালন–পালন কৰে৷ ন মাহ গর্ভত ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি সন্তানক লালন–পালন কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলালৈকে সন্তানৰ নামত হোৱা সকলো শাৰীৰিক, মানসিক পৰিশ্রম আৰু দুখ–কষ্ট হঁাহিমুখেই স্বীকাৰ কৰি লয় মাতৃগৰাকীয়ে৷ সন্তানৰ প্রতি পালন কৰা দায়িত্বৰ উপৰি নিজৰ মমতাৰ বান্ধোনেৰে পৰিয়াল এটাক সুগঠিত আৰু সুশৃংখলিত কৰি ৰখাতো মাতৃগৰাকীৰ ভূমিকা সর্বশ্রেষ্ঠ৷ সেইদৰে এখন সুসভ্য, সুস্থিৰ আৰু সংস্কৃতিৱান সমাজ গঢ়াতো এগৰাকী মাতৃৰ ভূমিকা অপৰিসীম৷ কাৰণ সমাজৰ প্রতিগৰাকী সদস্যই প্রথমে এগৰাকী মাতৃৰ সন্তান, তাৰ পিছতহে সমাজৰ সদস্য৷ মাতৃৰ পৰা হন কৰা আচাৰ আচৰণ, সংস্কৃতি আৰু নৈতিকতাৰ শিক্ষা আদি ক্তিৰ জৰিয়তে সমাজলৈ আৰু সমাজৰ পৰা আন এখন হত্তৰ সমাজ ৰাষ্ট্রলৈ প্রবাহিত হয়৷ সেয়ে সমাজ আৰু ৰাষ্ট্র গঠনতো মাতৃগৰাকীৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা হয়৷ ৰাষ্ট্র আৰু সমাজ সংগঠনত মাতৃৰ এই গুৰুত্বপূর্ণ ভূমিকাৰ কথা উপলব্ধি কৰি সেয়ে বিশ্বৰ এগৰাকী অন্যতম শ্রেষ্ঠ সেনানায়ক তথা ৰাষ্ট্রনেতা নেপোলিয়ন বোনাপার্টেও কৈ গৈছে ‘মোক এগৰাকী শিক্ষিত মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিৱান জাতি দিম Give me an educated mother, I shall promise you a civilized educated nation)’৷ কিন্তু বহুক্ষেত্রত দেখা যায় ৰাষ্ট্র আৰু সমাজ নির্মাণ তথা পৰিয়াল পৰিচালনাত মাতৃ এগৰাকীয়ে গ্রহণ কৰা এই মহত্ত্বপূর্ণ ভূমিকাক প্রায়েই অস্বীকাৰ আৰু অৱমাননা কৰা হয়৷ আমাৰ পুৰুষপ্রধান সমাজ ৱস্থাত পৰিয়ালত মাতৃগৰাকীয়ে লোৱা গুৰুত্বপূর্ণ ভূমিকাক বেছিভাগ ক্ষেত্রতে স্বীকৃতি দিয়া নহয়৷ সৰুৰ পৰা ডাঙৰলৈ, স্বামীৰ পৰা সন্তানলৈ সকলোৱে মাতৃগৰাকীক প্রায়েই অৱহেলাৰ চকুৰে চোৱা দেখা যায় আমাৰ সমাজ ৱস্থাত৷ মাতৃগৰাকীৰ সুখ–দুখ, আশা–আকাংক্ষা, মান–ভিমানকো প্রায়েই অৱমাননা কৰা হয়৷
এনে এক পৰিপ্রেক্ষিততে মাতৃসকলৰ কষ্ট আৰু মহত্ত্বপূর্ণ ত্যাগক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া তথা তেওঁলোকক উপযুক্ত সন্মান আৰু শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্রৰ আন্না জাৰৱিছ (Anna Jarvis) নামৰ মহিলাগৰাকীয়ে ইং ১৯০৮ চনত তেওঁৰ মাতৃ এন মাৰিয়া জাৰৱিছ্ৰ সোঁৱৰণত যুক্তৰাষ্ট্রৰ পশ্চিম ভার্জিনিয়া প্রদেশৰ গ্রেফটন চহৰত থকা ছেইণ্ট এণ্ড্রুজ মেথডিষ্ট চার্চ নামৰ গির্জাঘৰটোত এক ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে৷ আন্নাৰ মাতৃ এন মাৰিয়া ৰীভচ্ জাৰৱিছ আছিল আমেৰিকাৰ চিভিল ৱাৰত আঘাতপ্রাপ্ত সৈনিকসকলৰ সহায়ৰ াবে নিয়োজিত এগৰাকী শান্তিকর্মী৷ এগৰাকী সমাজকর্মী হিচাপেও সুখ্যাতি আছিল এন মাৰিয়া জাৰৱিছৰ৷ এঘাৰটা কণ কণ সন্তানৰ লালন–পালন আৰু নিজৰ ত্তিগত কর্ত্ব্য সুুুচাৰুৰূপে পালন কৰ্বিলৈ সকলো সময়তে দৌৰা–ঢ়পৰা কৰি ফুৰা মাকৰ কষ্ট আৰু ত্যাগ সৰুৰে পৰাই দেখি আহিছিল আন্নাই৷ সেয়ে আন্না আছিল সৰুৰে পৰাই মাকৰ প্রতি অত্যন্ত মৰমিয়াল আৰু শ্রদ্ধাশীল৷ মাকৰ চেষ্টা আৰু অনুপ্রেৰণাত নিজকে এগৰাকী সফল মহিলাৰূপে প্রতিষ্ঠা কৰ্বিলৈ সক্ষম হোৱা আন্নাই এদিন মাকক সুধিছিল জীয়ৰী হিচাপে তেওঁৰ পৰা মাকে কি বিচাৰে৷ আন্নাৰ এই প্রশ্ণৰ উত্তৰত মাতৃ এন জাৰৱিছে কৈছিল, ‘ব্যক্তিগতভাৱে মই তোমাৰ পৰা একো নিবিচাৰঁোঁ৷ কিন্তু মাতৃ হিচাপে এগৰাকী মহিলাই পৰিয়াল, সমাজ আৰু ৰাষ্ট্র নির্মাণত গ্রহণ কৰা অনানুষ্ঠানিক ভূমিকাক শ্রদ্ধাসহকাৰে সন্মান জনোৱাৰ স্বার্থতেই এটা বিশেষ দিন যাতে মাতৃসকলৰ নামত উৎসর্গিত হয় তাৰ কাৰণে তুমি ক্বিা এটা কৰিবা৷ প্রতিগৰাকী মাতৃয়ে সম্পূর্ণ অনানুষ্ঠানিকভাৱে পালন কৰি অহা গধুৰ দায়িত্ব আৰু কর্ত্ব্যক স্বীকৃতি দিয়া হওক আনুষ্ঠানিকভাৱে, সেয়াই মোৰ ইচ্ছা৷’ জন্মদাত্রী মাতৃৰ লগতে সমগ্র মাতৃ জাতিটোৰ প্রতি গভীৰভাৱে শ্রদ্ধাশীল আন্না জাৰৱিছে সেয়ে যৎপৰোনাস্তি চেষ্টা কৰিছিল মাকৰ এই ইচ্ছাক সাকাৰ ৰূপ দিবলৈ, াস্তৱায়িত কৰিবলৈ৷ ইতিমধ্যে ইং ১৯০৫ চনৰ ৯ মে’ (মে’ মাহৰ দ্বিতীয় দেওবাৰ) তাৰিখে আন্নাৰ মাতৃ এন জাৰৱিছৰ মৃত্যু হৈছিল৷ মাকৰ মৃত্যুৰ পিছত আন্নাই মাকৰ প্রতি শেষ শ্রদ্ধা তর্পণৰ একমাত্র উপায় হিচাপে াছি লৈছিল মাকৰ ইচ্ছাক বাস্তৱায়িত কৰাৰ সংকল্প৷ আন্নাৰ নেৰানেপেৰা চেষ্টা আৰু প্রচাৰৰ ফলস্বৰূপে ইং ১৯০৮ চনত পোন প্রথম্বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ গ্রেফটন চহৰত থকা ছেইণ্ট এণ্ড্রুজ মেথডিষ্ট চার্চত আনুষ্ঠানিকভাৱে অথচ সীমিত পৰিসৰত ‘মাতৃ দিৱস’ উদ্যাপন কৰা হয়৷ গ্রেফটনৰ গির্জাঘৰত অনুষুটপীয়াকৈ আয়োজন কৰা মাতৃ দিৱসৰ এই অনুষ্ঠানে অতি সোনকালেই আমেৰিকাৰ ফিলাডেলফিয়া, পেনচিলভেনিয়া আদিকে ধৰি আন আন প্রদেশবোৰৰ পৰাও সঁহাৰি লাভ কৰিলে৷ এই সঁহাৰি আৰু সমর্থনত উৎসাহিত হৈ আন্নাই তেওঁৰ মাতৃ এন জাৰৱিছৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি প্রত্যেক ছৰৰ মে’ মাহৰ দ্বিতীয় দেওবাৰৰ দিনটো ‘মাতৃ দিৱস’ হিচাপে উদ্যাপন কৰি চৰকাৰী ন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ আমেৰিকাৰ তদানীন্তন চৰকাৰক আহ্বান জনায়৷ জাৰৱিছৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই তেওঁৰ গৃহৰাজ্য পশ্চিম ভার্জিনিয়া প্রদেশ চৰকাৰে ইং ১৯১০ চনত ‘মাতৃ দিৱস’ৰ দিনটোত স্থানীয় ন্ধ ঘোষণাৰে মাতৃ দিৱসক চৰকাৰীভাৱে আনুষ্ঠানিকতা প্রদান কৰি াটকটীয়াৰ নিদর্শন দাঙি ধৰে৷
ইতিমধ্যেই আন্না জাৰৱিছৰ এই চিন্তাই এক সুদূৰপ্রসাৰী প্রচাৰ লাভ কৰিছিল৷ বিশ্বৰ হুকেইখন দেশে আন্নাৰ এই মহৎ চিন্তাৰ সমর্থনত আগ্বাঢ়ি আহি ‘মাতৃ দিৱস’ ‘উদ্যাপনৰ আনুষ্ঠানিক কার্যসূচী হাতত লৈছিল৷ ইং ১৯১৪ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ তদানীন্তন ৰাষ্ট্রপতি উদ্র উইলছনে আন্না জাৰৱিছৰ এই চিন্তা আৰু প্রচেষ্টাক আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় স্বীকৃতি প্রদান কৰে আৰু এক ঘোষণাৰ জৰিয়তে মে’ মাহৰ দ্বিতীয় দেওবাৰৰ দিনটোত সমগ্র দেশখনতে ‘মাতৃ দিৱস’ উদ্যাপনৰ জৰিয়তে মাতৃসকলক প্রাপ্য সন্মান আৰু শ্রদ্ধা জ্ঞাপনৰ ৱস্থা কৰি চৰকাৰী ন্ধৰ দিন হিচাপে ঘোষণা কৰে৷ ইয়াৰ লগে লগে মাতৃৰ ইচ্ছা তথা আন্নাৰ সপোনে এক সার্থক ৰূপ পায়৷ পৰৱর্তী পর্যায়ত অষ্ট্রেলিয়া, কানাডা, চীন, ডেনমার্ক, ভাৰত, ছিংগাপুৰ, বাংলাদেশ, পাকিস্তান, বেলজিয়াম, ইটালী আদিকে ধৰি বিশ্বৰ অধিকাংশ দেশে আমেৰিকা যুক্তৰাষ্ট্রৰ আর্হিতে প্রত্যেক বছৰৰ মে’ মাহৰ দ্বিতীয় দেওবাৰটোত মাতৃ দিৱস পালন কৰ্বিলৈ সিদ্ধান্ত লয়৷ অৱশ্যে বিশ্বৰ বেছিভাগ দেশেই মে’ মাহৰ দ্বিতীয় দেওবাৰৰ দিনটোত মাতৃ দিৱস পালন কৰি আহিছে যদিও তমানলৈকে মাতৃ দিৱস উদ্যাপনৰ বাবে আন্তর্জাতিকভাৱে কোনো উমৈহতীয়া তাৰিখ সুনির্দিষ্ট কৰা হোৱা নাই৷ হুকেইখন ৰাষ্ট্রই মে’ মাহৰ দ্বিতীয় দেওবাৰৰ পৰিৱর্তে নিজ দেশৰ ঐতিহাসিকভাৱে গুৰুত্বপূর্ণ দিন একোটাত মাতৃ দিৱস উদ্যাপন কৰি আহিছে৷ উদাহৰণ স্বৰূপে লিভিয়াত মাতৃ দিৱস উদ্যাপন কৰা হয় ২৭ মে’ তাৰিখে৷ লিভিয়াবাসীৰ কাৰণে ঐতিহাসিকভাৱে স্মৰণীয় ইং ১৮১২ চনৰ ২৭ মে’ৰ এই বিশেষ দিনটোতেই মেনুৱেলা গণ্ডাৰেলা নামৰ সাহসী দেশপ্রেমিক মহিলা এগৰাকীৰ নেতৃত্বত লিভিয়াৰ (তেতিয়াৰ নাম ক’চাবাম্বা) মহিলাসকলে স্পেনিছ সৈন্য্বাহিনীৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধত অংশগ্রহণ কৰি শ্বহীদ হৈছিল৷ সেইদৰে আলবেনিয়া, লগেৰিয়া, কাজাখস্তান আদিকে ধৰি আন বহুকেইখন দেশত আকৌ ‘আন্তর্জাতিক নাৰী দিৱস’ হিচাপে পালন কৰা ৮ মার্চৰ দিনটোতেই নাৰী দিৱসৰ সমান্তৰালভাৱে মাতৃ দিৱসো পালন কৰি অহা হৈছে৷
তাৰিখ বা বাৰ যিয়েই নহওক, মাতৃ দিৱস উদ্যাপনৰ উদ্দেশ্য হৈছে মাতৃসমাজক প্রাপ্য সন্মান, মৰম আৰু শ্রদ্ধা জ্ঞাপন কৰা৷ এগৰাকী মাতৃয়ে পৰিয়াল, সমাজ আৰু ৰাষ্ট্রলৈ আগ্বঢ়োৱা অসামান্য ৰঙণিক স্বীকৃতি তথা আনুষ্ঠানিকভাৱে সন্মান প্রদানৰ ৱস্থা কৰা হয় এই বিশেষ দিনটোত৷ লগতে স্বস্তৰৰ লোকক সোঁৱৰাই দিয়া হয় মাতৃজাতিৰ অতুলনীয় অৱদান আৰু মহত্ত্বম ত্যাগৰ কথা৷ সন্তানৰ লালন–পালন, ব্যক্তিত্ব আৰু চৰিত্র গঠন আদিকে ধৰি পৰিয়াল আৰু সমাজৰ প্রতি মাতৃৰ মহৎ বৰঙণিৰ কথা সর্বস্তৰৰ লোকক সোঁৱৰাই দি তেওঁক প্রাপ্য মর্যাদা প্রদান কৰাটোৱেই হৈছে মাতৃ দিৱস উদ্যাপনৰ তাৎপর্য৷ অৱশ্যে এইখিনিতে এটা কথা– ছৰৰ যিকোনো এটা দিনত মাতৃ দিৱস পালন কৰি ভক্তিত গদ্গদ হৈ পৰা আৰু বাকী সময়খিনিত মাতৃগৰাকীক চৰম অৱহেলা, অশ্রদ্ধা আৰু লাঞ্ছনা কৰাটো কেতিয়াও মাতৃ দিৱস উদ্যাপনৰ উদ্দেশ্য হ’ব নোৱাৰে৷ অপ্রিয় হ’লেও সত্য আমাৰ সমাজত দিনে দিনে াঢ়ি অহা বৃদ্ধাশ্রমবোৰে মাতৃ আৰু জ্যেষ্ঠসকলৰ প্রতি পুত্র–বোৱাৰী অথ্বা আত্মীয় লোকৰ অৱহেলাৰ কথাই যেন প্রমাণ কৰি আহিছে৷ বৃদ্ধাশ্রমবোৰত অসহায় দ্ধ মহিলাৰ বর্ধিত উপস্থিতিয়ে মাতৃসকলৰ প্রতি সন্তান আৰু আত্মীয় লোকৰ অনাদৰ, অৱহেলাৰ কথা লজ্জাজনকভাৱে প্রমাণ কৰাৰ লগতে মাতৃ দিৱসৰ সমগ্র আনুষ্ঠানিকতাখিনিকেই যেন ভেঙুচালি কৰি দেখুৱাইছে৷ প্রতিদিনে র্ধিত হাৰত বৃদ্ধি পাই অহা নাৰী নির্যাতন অথ্বা নাৰী ধর্ষণৰ ঘটনাবোৰও যেন ‘মাতৃ দিৱস’ উদ্যাপনৰ আনুষ্ঠানিকতাৰ প্রতি এক হৎ প্রত্যাহ্বান হৈ থিয় দিছে৷ তদুপৰি তমান সময়ত মাতৃ দিৱস উদ্যাপনৰ সমগ্র ৱস্থাটোৰেই বাণিজ্যিকীকৰণ ঘটা লিও হুতেই ক’ খোজে৷ তেওঁলোকৰ মতে বছৰৰ এটা দিনত জাক–জমকতাৰে মাতৃ দিৱস পালনৰ নামত কিছুমান আনুষ্ঠানিকতা পালন কৰাটোৱেই মাতৃ দিৱস উদ্যাপনৰ তাৎপর্য বা উদ্দেশ্য হ’ব নোৱাৰে৷ এগৰাকী নাৰী বা মাতৃয়ে পাব লগা মৰম, আদৰ, সন্মান আৰু শ্রদ্ধা সকলো সময়তে যিকোনো পৰিস্থিতিতে পাৰ্বিাৰিক, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি সকলো ক্ষেত্রতে সমানে পোৱাটোৱেই মাতৃ দিৱস উদ্যাপনৰ তাৎপর্য হোৱা উচিত৷ মাতৃসমাজক প্রতিমুহূর্ততে সুৰক্ষিত অনুভৱ কৰোৱাটোৱেই হোৱা উচিত মাতৃ দিৱস উদ্যাপনৰ মহৎ লক্ষ্য৷ আন্না জাৰৱিছে নিজৰ মাতৃলৈ উপহাৰৰ ৰূপেৰে আগবঢ়োৱা ‘মাতৃ দিৱস’ হৈ উঠক প্রতিগৰাকী সন্তানৰ মাতৃলৈ আগবঢ়োৱা এক জীৱনজোৰা উপহাৰ৷

You might also like