নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁও -টেঙাগুৰিত কাৰ আৰ্শীবাদত পুনৰ চকৰি ঘূৰিল এঘাৰটাকৈ অবৈধ কাঠফলা মিলৰ!

নিয়মীয়া বাৰ্তা, ৮ মে`:মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু টেঙাগুৰিত দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি আছে এঘাৰটাকৈ কাঠফলা মিল ।এই অবৈধ কাঠফলা মিল সমূহত মজুত আছে বহু মূল্যবান চোৰাং কাঠ ।উল্লেখ্য যে,দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা মিল সমূহ চলি থকাৰ পিছত কিছুদিন পূৰ্বে মিল সমূহ প্ৰায় এসপ্তাহ বন্ধ আছিল ।কিন্তু যোৱা তিনিদিন ধৰি পুনৰ এই অবৈধ মিল সমূহ চলি আছে ।স্হানীয় সকলোৰে প্ৰশ্ন কাৰ আৰ্শীবাদত ভূৰাগাঁও আৰু টেঙাগুৰিৰ এঘাৰটাকৈ অবৈধ কাঠফলা মিলৰ চকৰি ঘূৰিল ।টেঙাগুৰি বজাৰত তিনিটাকৈ আৰু হাতীলৰুৱা পথাৰত এটাকৈ অবৈধ কাঠফলা মিল দীৰ্ঘদিন ধৰি চলি আছে ।ইয়াৰ উপৰি ভূৰাগাঁৱতো ৭টাকৈ অবৈধ কাঠফলা মিল মুকলিকৈ চলি আছে ।এই অবৈধ মিল সমূহত জিলাৰ লগতে আন আন জিলাৰ পৰাও চোৰাংকৈ মূল্যবান কাঠ আনি তক্তা আৰু বিভিন্ন ধৰণৰ কাঠ তৈয়াৰ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ।এই অবৈধ মিল সমূহে অতি মূল্যবান গছ কাটি তহিলং কৰি আহিছে ।স্হানীয় ৰাইজৰ অভিযোগ মৰিগাঁও জিলা বন বিভাগে এই অবৈধ কাঠফলা মিল সমূহক মৌখিক লাইচেঞ্চ দিছে ।আনকি জিলা বন বিভাগে মোটা অংকৰ ধনৰ বিনিময়ত পুনৰ এই অবৈধ চাৰিটা মিল চলিবলৈ সুবিধা কৰি দিছে ।অন্যথা কাৰ সাহসত এই অবৈধ মিল সমূহ চলি আছে সম্প্ৰতি এইলৈ সৰৱ চৰ্চা চলিছে ।আন এক অভিযোগ মতে জিলা বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে মাহেকীয়া হিচাবত ধন সংগ্ৰহ কৰি এই অবৈধ কাঠফলা মিল সমূহ চলিবলৈ দিছে ।এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে স্হানীয় ৰাইজে ।

You might also like