নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকল্প ৰাজনৈতিক দল

যোৱা কেইসপ্তাহমান ধৰি এটা নতুন ৰাজনৈতিক দলৰ প্রয়োজনীয়তা সম্পর্কে চিন্তা–চর্চা চলি আছে৷ এই চিন্তা–চর্চাৰ মূলতে হ’ল এই উপলব্ধি যে বিজেপিয়ে অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ কাৰণে কাম কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ আশা নাই অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ কাৰণে স্থাপিত হোৱা অসম গণ পৰিষদৰ বর্তমান নেতৃত্বই তেওঁলোকৰ কাম–কাজ আৰু চিন্তাৰ দ্বাৰা দলটোক সম্পূর্ণ অপ্রাসংগিক কৰি তুলিছে কংগ্রেছৰ ১৫ বছৰীয়া শাসনে অসমৰ জনমানসত দলটো সম্পর্কে নেতিবাচক ধাৰণাৰ সৃষ্টি কৰিছে৷ গতিকে অতি স্বাভাৱিকভাৱেই অসমৰ অন্ততঃ একাংশ মানুহে এটা নতুন আঞ্চলিক দলৰ প্রয়োজন অনুভৱ কৰিছে৷ এই পৰিস্থিতিৰ সুযোগ লৈ একাধিক জাতীয় সংগঠনে এটা নতুন দল গঠন কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ কিন্তু তেওঁলোকৰ এই প্রয়াসে ৰাইজৰ মনত আশানুৰূপ আগ্রহ আৰু সমর্থন সৃষ্টি কৰিব পাৰিছে বুলি ধাৰণা নহয়৷ এবাৰ সাপে খালে লেজুলৈকো ভয়– এই আপ্তবাক্যই অসমৰ বহুতো মানুহক মনত পেলাই দিছে অসম গণ পৰিষদৰ জন্ম কাহিনী৷ সেই দলটো ওলাই আহিছিল অসমৰ বিদেশী খেদা আন্দোলনৰ গর্ভৰ পৰা৷ দলটো গঠন কৰাৰ কামত মুখ্য ভূমিকা লৈছিল ছাত্র আৰু যুৱ সম্প্রদায়ে৷ কিন্তু অসমৰ ৰাইজে বিপুল আশা আৰু উদ্দীপনাৰে সমর্থন কৰা দলটোৱে অসমৰ ৰাইজৰ মনোবাঞ্ছা পূৰণ কৰিব নোৱাৰিলে৷ অসম গণ পৰিষদৰ চমু ইতিহাসৰ পৰা ৰাইজে ল’বলগীয়া শিক্ষাটো হ’ল এই যে কেৱল আৱেগ আৰু উত্তেজনাৰ সহায়েৰে এটা শক্তিশালী ৰাজনৈতিক দল গঠন কৰিব নোৱাৰি৷ কৰিলেও তাৰ স্থায়িত্ব সম্পর্কে এটা প্রশ্ণবোধক চিহ্ণ থাকি যাব৷ সম্প্রতি যিটো নতুন আঞ্চলিক দলৰ প্রস্তাৱ কৰা হৈছে, সিও ওলাই আহিব লাগিব যোৱা কেইমাহমান ধৰি চলি থকা ‘কা’বিৰোধী আন্দোলনৰ গর্ভৰ পৰা৷ এইবাৰো উদ্যোগ লৈছে ঘাইকৈ ছাত্র আৰু যুৱ সম্প্রদায়ে৷ অসম গণ পৰিষদৰ জন্ম বৃত্তান্তৰ লগত প্রস্তাৱিত নতুন দলটোৰ সাদৃশ্য ইমান বেছি যে সি মানুহৰ মনত বহুতো প্রশ্ণৰ উদ্রেক কৰাটো তেনেই স্বাভাৱিক কথা৷ আমি ভাবোঁ যে সম্প্রতি অসমত যিটো ৰাজনৈতিক পৰিৱেশ বিৰাজ কৰিছে, তেনে এটা পৰিৱেশত ৰাইজৰ মনলৈ এটা নতুন ৰাজনৈতিক দলৰ কল্পনা অহাটো অতি স্বাভাৱিক আৰু যুক্তিপূর্ণ৷ কিন্তু অসম গণ পৰিষদৰ ইতিহাসৰ পৰা শিক্ষা লৈ আমি এই কথাও উপলব্ধি কৰিব পাৰিব লাগিব যে গণ আন্দোলনে সৃষ্টি কৰা উত্তেজনাৰ তৰংগ–শীর্ষত এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ’ব নোৱাৰে তাৰ জন্ম হ’ব লাগিব এখন সু–পৰিকল্পিত গণ অভিৱর্তনত৷ ধীৰ–স্থিৰ চিন্তাৰে আৰু সুদূৰপ্রসাৰী পৰিকল্পনাৰে সেই দলটোৰ ভিত্তি অতি সবল ৰূপত স্থাপন কৰিব লাগিব৷ দলটোৰ প্রস্তাৱৰ মাজত প্রতিফলিত হ’ব লাগিব পৰিণত ৰাজনৈতিক চিন্তা আৰু বিচাৰ–বুদ্ধি৷ কাৰো মনলৈ এনে এটা সন্দেহ আহিব নালাগিব যে দলটোৰ সৃষ্টি কৰিলে ছল চাই কঠীয়া পৰা কিছুমান সুযোগ সন্ধানী মানুহে৷ অসম গণ পৰিষদে অসমৰ মানুহৰ মনত আশা ভংগ আৰু মোহ ভংগৰ যি তীব্র যন্ত্রণা এৰি থৈ গ’ল, সেই কথা মনত ৰাখি অসমৰ মানুহে একেই ইতিহাসৰ পুনৰাবৃত্তি নিবিচাৰে তেওঁলোকে বিচাৰে নিৰাশাৰ ঘনঘোৰ অন্ধকাৰৰ মাজত আশাৰ পোহৰ দিব পৰা এক নতুন ইতিহাসৰ সূচনা৷ তৰল আৱেগ নহয়, গভীৰ আৰু পৰিণত চিন্তা আৰু বিচাৰ–বুদ্ধি হ’ব লাগিব প্রস্তাৱিত নতুন দলটোৰ প্রধান চালিকা শক্তি৷

You might also like