নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্লান্ত অন্নদাতা বাসৱনাপ্পা পাটিল

৯১ বছৰ বয়সত দৈনিক ৮ ঘণ্টাকৈ কৃষিকৰ্ম

  • ভার্গৱ কলিতা

অন্নদাতাসকল সভ্যতাৰ চালিকাশক্তি যদিও তেওঁলোকৰ সাম্প্রতিক পৰিস্থিতি খুবেই পুতৌজনক৷ ভাৰতবর্ষৰ কথাই ধৰা যাওক, প্রতি দুই ঘণ্টাৰ মূৰে মূৰে এজন কৃষকে ভাৰতবর্ষত আত্মহত্যা কৰে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ তথ্য মতে, ভাৰতত ১৯৯৫ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ২,৯৬,৪৩৮জন কৃষকে, ২০১৪ চনত ৫,৬৫০ কৃষকে, ২০১৬ চনত ১১,৩৭৯ কৃষকে আত্মহত্যা কৰিছে৷ প্রতিবছৰে আত্মহত্যাকাৰী কৃষকৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ হূদয় বিদাৰক কথা যে যিসকল অন্নদাতাই হাডভগা পৰিশ্রম কৰি জনতাৰ ক্ষুধা নিবাৰণ কৰে, সেইসকল অমূল্য ৰতন ভূমিনায়কসকলে কিন্তু অকালত এই সংসাৰৰ পৰা বিদায় মাগে৷ কি যে নিদাৰুণ ঘটনা দেশৰ উদিত সূৰুযস্বৰূপ নবীন প্রজন্মও কৃষি কর্মৰ প্রতি মুঠেই আগ্রহী নহয়৷ আর্থিক মন্দাৱস্থা, কৃষিজাত সামগ্রীৰ উচিত মূল্য লাভ নকৰা, ঋণৰ বোজা, চৰকাৰৰ ভুল কৃষি নীতি আদি এশ এবুৰি সমস্যাৰ বাবে দেশৰ ৰাজহাডস্বৰূপ অন্নদাতাসকলে ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈ আছে৷ যিখন দেশত ক্রিকেট তাৰকা তথা বলীউডৰ চেলিব্রিটীসকলে কৃষকতকৈ বেছি গুৰুত্ব লাভ কৰে, সেই দেশত কৃষকৰ সন্তোষজনক স্থিতিৰ কথা আশা কৰাটো পর্বতত কাছৰ কণী বিচৰাৰ বাদে আন একো নহয়৷ পদে পদে লাভ কৰা বিভিন্ন প্রত্যাহ্বান নেওচি পৰিশ্রম আৰু মনোবলক প্রধান সাৰথি হিচাপে লৈ নিৰলসভাৱে কৃষিকর্মত নিয়োজিত হোৱা এগৰাকী বিস্ময়কৰ অন্নদাতা হৈছে বাসৱনাপ্পা পাটিল ৷

মাধৱাচার্য, নাৰায়ণ মহাৰাজ, পুৰন্দৰ দাস আদিৰ দৰে মহান সন্ত আৱির্ভাৱ হোৱা পৱিত্র ভূমি কর্ণাটকৰ এগৰাকী বৃদ্ধ কৃষকে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ এজন অক্লান্ত অন্নদাতা৷ নাম বাসৱনাপ্পা পাটিল৷ বয়স ৯১৷ বোৱাৰী পুৱাতে শোৱাপাটী এৰি এইজন মহান কৃষকে এই বয়সতো দৈনিক ৮ ঘণ্টাকৈ কৃষিকর্মত নিয়োজিত হয়৷ তেওঁৰ কৃষিকর্ম যন্ত্র আধাৰিত নহয়, পৰম্পৰাগতভাৱে বলদ গৰুৰে হাল বাই তেওঁ খেতি কৰে৷ ৩০ একৰ মাটিত তেওঁ বুট, মটৰ, ধান, চয়াবিন আদিৰ খেতি কৰে৷ হাল বোৱা, কোৰ মাৰা, বীজ সিঁচা, অপতৃণ চাফা কৰা আদি সকলো কামেই তেওঁ দক্ষতাৰে সমাপন কৰে৷ নাই কোনো জডতা, নাই কোনো দুর্বলতা৷ এজন ডেকা কৃষকৰ দৰেই তেওঁ প্রচণ্ড কর্মশক্তিৰে কৃষিকর্ম কৰি আহিছে ৷

প্রচণ্ড ইচ্ছাশক্তি, নিজৰ কর্মৰ প্রতি অফুৰন্ত অনুৰাগ, অবিৰত কর্মোদ্যমক সাৰথি হিচাপে লৈ বাসৱনাপ্পা পাটিলে যি আদর্শৰ সৃষ্টি কৰিছে, তাৰ বাবে তেওঁ নিশ্চয় চিৰনমস্য হৈ থাকিব৷ শাৰীৰিক শ্রমৰ প্রতি অনীহা থকা নবীন প্রজন্ম, বয়স বঢ়াৰ লগে লগে জীৱন সম্পর্কে নেতিবাচক ধাৰণা লোৱা প্রৌঢ়সকল, জীমত শৰীৰচর্চা অবিহনে ফিটনেছ অসম্ভৱ বুলি ভবাসকল– এইসকলৰ বাবে অন্নদাতা পাটিলৰ জীৱনটো এক ডাঙৰ শিকনি৷ মহান অন্নদাতা পাটিল এগৰাকী নিৰোগী শৰীৰৰ অধিকাৰী৷ তেওঁৰ ভাষ্য– ‘খেতিত কর্মৰত হৈ থাকিলে বেমাৰে লাই নাপায়৷ মই নৱপ্রজন্মক খেতিৰ কথা কওঁ, কিন্তু তেওঁলোকে মোৰ কথা নুশুনি আঁতৰি যায়৷’ আচাৰ–ব্যৱহাৰ তেওঁৰ মধুৰ৷ মানুহজন যেনে সাত্ত্বিক, তদ্রুপ তেওঁৰ আহাৰ–বিহাৰো সাত্ত্বিক৷ ৰুটী, শাক–পাচলিৰ বাদেও তেওঁ দৈ আৰু গাখীৰ নিয়মিত পান কৰে৷ নিঃসন্দেহে অমৃততুল্য দৈ আৰু গাখীৰে তেওঁৰ জীৱনীশক্তি বৃদ্ধি কৰিছে ৷

বাসৱনাপ্পা পাটিলৰ দৰে ব্যক্তি আচলতে ভাৰতৰ প্রকৃত ৰতন৷ স্কুলীয়া পাঠ্যক্রমত এনে প্রেৰণাপুৰুষৰ জীৱন বৃত্তান্ত অন্তর্ভুক্ত হোৱা উচিত৷ তেওঁৰ কর্মময় জীৱন আৰু গতিশীল হওক৷ পৰম পুৰুষে তেওঁৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু প্রদান কৰক, এয়ে আমাৰ কামনা ৷

You might also like