নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযোগেৰে নহয় জীৱন সুন্দৰ হয় কামেৰে

নৃত্য অথবা নাটকৰ অনুষ্ঠান উপভোগ কৰাটো মোৰ এক প্রকাৰৰ চখ৷ গীতৰ তালে তালে এজন নৃত্যশিল্পীয়ে যেতিয়া লয়লাস ভংগিমাৰে দর্শকৰ হূদয়ত আলোড়ন তুলিবলৈ সক্ষম হয় তেতিয়া তেওঁলোকৰ প্রতি শ্রদ্ধাত মোৰ শিৰ নত হয়৷ ব্যস্ততাৰ মাজত ক্ষণিক সময় পালেই সেয়ে এনে অনুষ্ঠানবোৰ চাবলৈ যাওঁ৷ সেই সূত্রে কেইবাগৰাকীও নৃত্যশিল্পীৰ লগত ব্যক্তিগত সম্পর্কও গঢ় লৈ উঠিছে৷ কিন্তু তেওঁলোকৰো হূদয়ক খুঁচিব পৰা কিছুমান কথা যে নৃত্য চাই ভাল পোৱা মানুহেই ক’ব পাৰে সেই কথাহে মই কল্পনাই কৰিব পৰা নাছিলোঁ৷ কিছুদিনৰ পূর্বে এটা নৃত্যানুষ্ঠান উপভোগ কৰাৰ সুযোগ পাইছিলোঁ৷ অনুষ্ঠানৰ শেষত শিল্পীগৰাকী ব্যস্ত হৈ থকাৰ বাবেই মাত নিদিয়াকৈ গুচি আহিছিলোঁ৷ ঘৰলৈ আহি নিশা তেওঁৰ অনুষ্ঠান খুব ভাল হোৱা বুলি ক’বলৈ ফোন কৰিলোঁ৷ মোৰ ফোনৰ প্রত্যুত্তৰত পুৰুষ নৃত্যশিল্পীগৰাকীয়ে দুখ কৰি ক’লে যে নৃত্য কৰাৰ বাবেই ওচৰ চুবুৰীয়াই তেওঁক ইতিকিং কৰে৷ কেইদিনমানৰ পূর্বে এগৰাকী যুৱতীৰ লগত তেওঁৰ বিবাহৰ কথাও চলিছিল৷ যুৱতীগৰাকীৰ আৰু তেওঁৰ মনৰ মিল আছে যদিও নৃত্যশিল্পীলৈ যুৱতীগৰাকীৰ ককায়েকে তেওঁক বিয়া নিদিওঁ বুলি কোৱাত দুয়োৰে সম্পর্ক গঢ় ল’বলৈ ধৰোঁতেই ভাগি গ’ল৷ কিন্তু সেই দুখৰ পৰাও উপশমৰ ঔষধ হিচাপে তেওঁ নৃত্যকে বাছি লৈছে৷ ইণ্টাৰনেট খুঁচৰি থাকোঁতেই মই এদিন ওডিচী নৃত্যৰ প্রখ্যাত শিল্পী প্রেমানন্দ চাহুৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ আৰু তেওঁৰ ব্যতিক্রমী আৰু আকর্ষণীয় জীৱন কাহিনীয়ে মোক তেওঁৰ নৃত্য উপভোগ কৰিবলৈ বাধ্য কৰাইছিল৷ বুজা–নুবুজাৰ সীমনাত ৰৈ বাৰে বাৰে মই ইউটিউবত তেওঁৰ নৃত্য চাইছিলোঁ৷ মোৰ চিনাকি নৃত্যশিল্পীগৰাকীৰ দুখৰ কাহিনী শুনাৰ লগে লগে মোৰ মনলৈ প্রেমানন্দ চাহুৰ কথাই আহিছিল৷ মই তেওঁক ক’লোঁ প্রেমানন্দ চাহুৰ বিষয়ে ইণ্টাৰনেটত সন্ধান কৰিবলৈ৷
জীৱনত বহুত কিবাকিবি কৰাৰ সপোনে কেতিয়াবা মানুহক শুবলৈ নিদিয়ে৷ কিন্তু নিজৰ সপোন পূৰণৰ বাটত অজস্র বাধা–বিঘিনিয়ে কেতিয়াবা সপোন দেখোঁতাজনক হতাশ কৰি তোলে৷ বহুতেই সেই বাধা অলংঘনীয় বুলি ভাবি নিৰাশাৰ চকুলো টুকি জীৱন শেষ কৰে৷ প্রেমানন্দ চাহু নামৰ ওডিচী নৃত্যৰ বিখ্যাত শিল্পীগৰাকীয়েও সপোন দেখিছিল সৰুৰে পৰা নৃত্যৰে জগত জিনা, কিন্তু তেওঁৰ বাটত কাঁইট হৈ থিয় দিছিল এটা প্রশ্ণই৷ তেওঁ পুৰুষ আৰু সেয়ে সেই প্রশ্ণ উঠোৱা হৈছিল যে নৃত্যশিল্পী হিচাপে তেওঁ নিজৰ ভৱিষ্যৎ গঢ় দিব পাৰিবনে বা পুৰুষ হৈ ওডিচী নৃত্য শিকি তেওঁ নিজকে হাঁহিয়াতৰহে পাত্র কৰিছে বুলিও আত্মীয়–স্বজনে মন্তব্য কৰিছিল৷ সমাজে কেতিয়াবা যেন নির্ধাৰণ কৰিব খোজে এজন ব্যক্তিৰ সপোনৰ পৰিধি৷ কিন্তু প্রেমানন্দ চাহুৱে সমাজৰ সকলো বাধা ওফৰাই নিজক প্রতিষ্ঠাৰ সপোন পূৰণ কৰিলে৷ নৃত্যক তেওঁ নিজৰ আৱেগ আৰু সপোন হিচাপে লৈ কোনো ভুল কৰা নাই বুলি সমাজখনক পতিয়ন নিয়াবলৈ সক্ষম হ’ল৷ শাৰীৰিক আৰু মানসিকভাৱে প্রেমানন্দ যথেষ্ট প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছিল৷ ১৩ বছৰ বয়সত এদিন প্রেমানন্দৰ মাক মঞ্জুলতাই প্রেমানন্দক ৰাধাৰ দৰে পোছাক পিন্ধাই নৃত্য কৰিবলৈ আগবঢ়াই দিছিল৷ সেইদিনাৰ সন্ধিয়াটো প্রেমানন্দৰ নৃত্যৰে সুন্দৰ হৈ পৰিছিল৷ সকলোৱে প্রেমানন্দক প্রশংসা কৰিছিল যদিও এজন আত্মীয়ই কৈছিল– নৃত্য নকৰিবি, সর্বস্বান্ত হ’বি৷ সকলোৰে প্রশংসাত উৎফুল্লিত হৈ থকা প্রেমানন্দ মুহূর্তৰ বাবে যেন বৰফ হৈ পৰিছিল৷ বুজি পাইছিল মানুহজনে তেওঁক ভাল কথা কোৱা নাই৷ তথাপি কঁপা কঁপা কণ্ঠৰে তেওঁ ধন্যবাদ জনাই তেওঁৰ কাষৰ পৰা দৌৰি পলাইছিল প্রেমানন্দ৷ সেইদিনাৰ পৰা নৃত্যৰ প্রতি তেওঁৰ আগ্রহ বৃদ্ধি পাইছিল আৰু সমান্তৰালভাৱে বৃদ্ধি পাইছিল তেওঁৰ জীৱনত প্রত্যাহ্বানো৷ কিন্তু প্রেমানন্দৰ মাকে তেওঁক যথেষ্ট উৎসাহিত কৰিছিল আৰু কথক নৃত্যৰ শ্রেণীত নামভর্তি কৰাই দিছিল৷ সেইদিনা প্রেমানন্দই জানিবলৈ পালে যে শ্রেণীত তাৰ বাহিৰে আন সকলোবোৰ ছোৱালী৷ এই কথাটো লৈ অৱশ্যে প্রেমানন্দই মূৰ ঘমোৱা নাছিল৷ কিন্তু তাৰ লগৰীয়া ছোৱালীবোৰে তাক জোকাইছিল যে কথক নৃত্যৰ বাবে সি উপযুক্ত নহয় আৰু ল’ৰাই কথক নৃত্য শিকিলে ভাল নেদেখি৷ কিন্তু নৃত্যৰ প্রতি থকা অফুৰন্ত শ্রদ্ধাৰ বাবেই সকলোৰে ঠাট্টা–ইতিকিং সেই কণমানি ল’ৰাটোৱে হজম কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু এদিন সংযমৰ বান্ধ তাৰ ছিগি গৈছিল৷ এদিন নৃত্য প্রদর্শনৰ পিছত গ্রীনৰুমত এজন ব্যক্তিয়ে প্রেমানন্দৰ শৰীৰত অশালীনভাৱে হাত বুলাই বলপূর্বক আলিংগন কৰিছিল৷ মানুহজনৰ কবলৰ পৰা যেনেতেনে মুক্ত হৈ সি মাকৰ কাষ পাইছিলহি৷ কথাটোৱে প্রেমানন্দক যথেষ্ট মানসিক আঘাত দিয়াৰ লগতে সি ভয়ো খাইছিল৷ সি মাক–দেউতাকৰ পৰাও কথাষাৰ লুকুৱাইছিল৷ কাৰণ সমাজৰ সমালোচনাৰ প্রতিও তাৰ ভয় আছিল৷ বিদ্যালয়ত অধ্যয়নৰ সময়ছোৱাত সহপাঠীসকলে তাক বিভিন্ন উপনামেৰে জোকাবলৈ আৰম্ভ কৰিছিল৷ তাক প্রেম ডান্সিং কুইন, মাম্মু, ছানিয়া, হম’ আদি নাম দিয়া হৈছিল৷ প্রেমানন্দই নৃত্য আৰু ছবি আঁকি ভাল পাইছিল বাবে বিদ্যালয়ৰ খেল প্রতিযোগিতাবোৰত যোগদান কৰা নাছিল৷ সেয়েহে সমনীয়াই জোকাবলৈ সুযোগ পাইছিল৷ সমনীয়াৰ ঠাট্টা–ইতিকিঙে প্রেমানন্দক মানসিকভাৱে জর্জৰিত কৰিছিল আৰু লাহে লাহে সি আনৰ পৰা নিজক আঁতৰাই অকলশৰে থাকিবলৈ লৈছিল৷ বিদ্যালয়ত তাৰ মন নবহা হৈছিল আৰু কাৰো লগত মিলামিছা কৰাৰ ইচ্ছাও নোহোৱা হৈছিল৷ কোনোবাই তাৰ বিৰুদ্ধে মন্তব্য দিলেই সি কান্দি পেলাইছিল৷ কিন্তু মনৰ এই দোমোজা কোনো কাৰণত সি মাক–দেউতাকক জনাব বিচৰা নাছিল৷ নীৰৱে সি সকলো সহ্য কৰিছিল৷ মাক–দেউতাকৰ সন্মুখত সুখী হৈ থকাৰ অভিনয় কৰি কৰি ১৪ বছৰীয়া ল’ৰাটো ভিতৰি একেবাৰেই ভাগি পৰিছিল৷ এদিন নিজৰ কোঠাতেই এখন ডাঙৰ ৰুমালেৰে ডিঙিত মেৰিয়াই সি আত্মহত্যাৰ চেষ্টা কৰিছিল৷ কিন্তু সেই সময়তে যেন এক যাদুহে হ’ল৷ ডিঙিত ৰুমালখন মেৰিয়াই গাৰ সমস্ত জোৰেৰে টানি থাকোঁতেই লাহে লাহে যন্ত্রণাৰ মাজতে তাৰ মনত পৰিল মাক–দেউতাকলৈ৷ সি বুজি পালে যে সমগ্র পৃথিৱীয়ে তাক মানসিকভাৱে অকলশৰীয়া কৰিলেও পিতৃ–মাতৃয়ে কেতিয়াও তেনে নকৰে৷ তাৰ বাবেই তেওঁলোকৰ পৃথিৱীখন ৰঙীন হৈ আছে৷ লগে লগে আত্মহত্যাৰ ভাব পৰিত্যাগ কৰি সি কোনোদিনেই নিজক আঘাত নকৰাৰ সংকল্প ল’লে৷ কিন্তু লগতে সি কোনোদিনে নৃত্য নকৰোঁ বুলিও প্রতিজ্ঞা কৰিলে৷ মাক–দেউতাকক সি তাৰ সিদ্ধান্ত জনালে৷ ছটাকৈ বছৰ অতি কষ্টেৰে নৃত্য নকৰাকৈ থাকিল প্রেমানন্দ৷ ২১ বছৰ বয়সত পুনৰ নৃত্য কৰিবলৈ সাজু হ’ল প্রেমানন্দ৷ প্রেমানন্দক সেই ছটা বছৰ এজন যোদ্ধা ৰূপত গঢ়ি তুলিলে তাৰ মাতৃ মঞ্জুলতাই৷ মঞ্জুলতাই বুজি পাইছিল যে নৃত্য অবিহনে তেওঁৰ পুত্র এজন সুস্থ মানুহ হৈ থাকিব নোৱাৰিব৷ তেওঁ প্রেমানন্দক বুজাবলৈ ধৰিলে যে মানুহে যিয়েই নকৰক কিয়, কোনোবা নহয় কোনোবা সময়ত সমাজৰ এজন হ’লেও ব্যক্তিয়ে সেই কামটোৰ বিৰোধিতা কৰিবই৷ নিজৰ মনে যদি কয় যে মানুহজনে কৰি থকা কামটোৰ দ্বাৰা সমাজৰ কোনো হানি নহয়, তেন্তে সেই কামটো তেওঁ কৰাটো উচিত৷ প্রেমানন্দক মাকে এইবুলিও উৎসাহ দিলে যে মানুহে যি কয় কৈ থাকক, তেওঁ নিজৰ নৃত্য দক্ষতা বৃদ্ধিতহে গুৰুত্ব দিব লাগে৷ এসময়ত সকলো নিজেই নীৰৱ হ’বলৈ বাধ্য হ’ব৷ মাকৰ উৎসাহে এজন নতুন প্রেমানন্দক জন্ম দিলে৷ নৃত্যৰ বাহিৰেও ভাৰতৰ উত্তৰ অঞ্চলত জনপ্রিয় বিশেষ চিত্রকলা ‘চিত্ত’টো পাৰদর্শী প্রেমানন্দ৷ ২১ বছৰ বয়সত প্রেমানন্দই ওডিচী নৃত্য পুনৰ আৰম্ভ কৰিলে আৰু দিল্লীৰ সাহিত্য কলা পৰিষদৰ পৰা দুবছৰীয়া জলপানিও লাভ কৰিলে৷ কঠোৰ পৰিশ্রমেৰে নৃত্য ৰসিকৰ দৃষ্টি অতি কম সময়তে আকর্ষণ কৰিলে প্রেমানন্দই৷ ভাৰতৰ ভিন্ন সম্ভ্রান্ত অনুষ্ঠানত নৃত্য প্রদর্শনৰ নিমন্ত্রণ পাবলৈ ধৰিলে প্রেমানন্দই৷ অৱশ্যে তাৰ মন–মগজু অশান্ত কৰিবলৈ চেষ্টা কৰা ঠাট্টা–ইতিকিঙৰ এতিয়াও অন্ত পৰা নাই৷ নিজৰ সফলতাত আজি খুবেই সুখী প্রেমানন্দ৷ ইংলেণ্ডৰ এটা অনুষ্ঠানত নৃত্য প্রদর্শন কৰাৰ পিছতেই এগৰাকী বয়োজ্যেষ্ঠ মহিলাই প্রেমানন্দৰ কাষলৈ আহি ক’লে যে প্রেমানন্দৰ নৃত্যই তেওঁক এক দৈবিক অনুভৱ দিলে আৰু বৃদ্ধাগৰাকীয়ে প্রেমানন্দৰ দুহাতত ধৰি কান্দি পেলালে৷ সেই সময়ৰ অনুভৱে প্রেমানন্দক যেন দুগুণ উৎসাহেৰে নৃত্যৰ পৃথিৱীখনত বিচৰণ কৰাৰ শক্তি প্রদান কৰিলে৷ আজি প্রেমানন্দক সকলোৱে জানে৷ তেওঁৰ মতে সমাজৰ এচাম মানুহে নিজে একো নকৰে যদিও আনে কৰা কামলৈ সকলো সময়তে আঙুলি টোঁৱাই থাকে৷ তেওঁৰ মতে পুৰুষ, নাৰীৰ বিভেদ আমাৰ মনবোৰেহে সৃষ্টি কৰা এক ধাৰণা৷ তেওঁ সমাজক প্রশ্ণ কৰে যে– কোনে এই নিয়ম বান্ধিলে যে পুৰুষসকল সদায় কঠোৰ হৈ থাকিব লাগে? কোনে নির্ধাৰণ কৰিলে যে কোনবোৰ ৰং, ডিজাইন, নৃত্য, গীত বা খেল মহিলাৰ বাবে আৰু কোনবোৰ পুৰুষৰ বাবে৷ এনেকুৱা কঠোৰ নিয়মবোৰ মানুহৰ মনতহে আছে৷ তেওঁৰ মতে লিংগ বৈষম্যই আমাক বহু ক্ষেত্রত অমানৱীয় কৰি তোলে৷ সকলোৰে নিজৰ সপোন পূৰণ কৰাৰ অধিকাৰ আছে৷ কেৱল কঠোৰতাই এজন পুৰুষৰ বৈশিষ্ট্য নহয়৷ তেওঁ হ’ব লাগিব দয়ালু, অনুভূতিশীল আৰু সকলোৰে প্রতি বিনয়ী৷ সেয়াই হ’ল পুৰুষত্বৰ সঠিক সংজ্ঞা৷
প্রেমানন্দৰ জীৱনক নতুন গতি দিলে তেওঁৰ মাতৃয়ে৷ আচলতে এগৰাকী মাতৃৰ হাততেই হয়তো নিজৰ সন্তানক সর্বোত্তম মানুহ হিচাপে গঢ়ি তুলিব পৰাৰ যাদুকাঠী এডাল থাকে৷ কিন্তু দুর্ভাগ্যক্রমে মই এনে বহু যুৱক–যুৱতীক লগ পাইছোঁ, যিসকলে এটা নির্দিষ্ট বয়সলৈকে উপার্জনৰ সুস্থিৰ পথ এটা বাছি উলিয়াব নোৱাৰিলেই আত্মীয়–স্বজনৰ কটু কথাৰ সন্মুখীন হ’ব লগা হয়৷ তেওঁলোকক কোনোৱে সোধাৰ প্রয়োজনবোধ নকৰে যে তেওঁলোকৰনো সপোন কি আৰু সেই সপোনক পূৰণ কৰিবলৈ প্রয়োজন হোৱা সময় দিবলৈও অতি আপোন মাক–দেউতাক অথবা ভাই–ককায়ো ৰাজী নহয়৷ নৃত্যশিল্পীগৰাকীৰ কথা ক’বলৈ যাওঁতেই অৱধাৰিতভাৱে মোৰ কলমেৰে সাধাৰণ যুৱক–যুৱতীৰ মনৰ কথাও ওলাই আহিল৷ প্রেমানন্দৰ মাকৰ দৰেই প্রত্যেকগৰাকী মাক সাহসী হ’লে আত্মঘাতী সিদ্ধান্ত লোৱাৰ সাহস সন্তানবোৰে নকৰিব৷ প্রেমানন্দৰ জীৱন কাহিনীয়ে মোৰ চিনাকি শিল্পীজনকো যথেষ্ট সাহস দিলে বুলি তেওঁ জানিবলৈ দিলে৷ নৃত্য কৰিয়েই তেওঁ সুখী৷ মোৰ মনত পৰিল যোছেফ এডিছনৰ কথাষাৰ– জীৱনৰ সুখৰ উপকৰণ ঘাইকৈ তিনিটা৷ কৰিবলৈ এটা কাম, ভাল পাবলৈ এজন মানুহ আৰু আশা কৰিবলৈ কিবা এটা আকাংক্ষিত বস্তু৷

You might also like