নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ যাব দৰঙৰ বহু জাতীয়তাবাদী নেতা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ দৰঙত জাতীয়তাবাদী শিবিৰৰ দুগৰাকী জ্যেষ্ঠ নেতাই শেহতীয়াভাৱে বিজেপিত যোগদান কৰিছে৷ যাৰ বাবে অধিক আত্মবিশ্বাসী হৈ পৰিছে দৰং বিজেপি৷ কেৱল দুগৰাকী নেতাই নহয়, আগন্তুক দিনত আৰু অধিক জাতীয়তাবাদী শিবিৰৰ নেতাই বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰিব বুলি ভিতৰুৱা সূত্রত প্রকাশ৷

মন কৰিবলগীয়া যে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ প্রাক্তন যুটীয়া সম্পাদক চন্দন শইকীয়া আৰু দৰং জিলাৰ প্রাক্তন সভাপতি ভূপেন নাথে জিলাখনৰ পৃষ্ঠাপ্রমুখ সন্মিলনৰ কার্যসূচীৰে অনুষ্ঠিত বিজেপিৰ এক বিশাল সভাত যোগদান কৰিছিল৷

ছিপাঝাৰ একাডেমী হাইস্কুল খেলপথাৰত দুদিন পূর্বে অনুষ্ঠিত পৃষ্ঠাপ্রমুখ সন্মিলনত দহ সহস্রাধিক লোকৰ সমাৱেশত যুৱ–ছাত্র পৰিষদৰ দুয়োগৰাকী আগশাৰীৰ নেতাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে৷ জাতীয় সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ প্রাক্তন যুটীয়া সম্পাদক চন্দন শইকীয়া আৰু দৰং জিলা সমিতিৰ প্রাক্তন সভাপতি ভূপেন নাথৰ যোগদানক ৰাজহুৱাভাৱে স্বাগতম জনাইছে সভাত উপস্থিত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷

বিজেপিৰ আদর্শৰ লগতে উন্নয়নৰ ৰাজনীতিৰ প্রতি আকৃষ্ট হৈয়েই জাতীয় সংগঠনৰ মঞ্চ ত্যাগ কৰি ভাৰতীয় জনতা পার্টীত যোগদান কৰিছে বুলি চন্দন শইকীয়াই প্রকাশ কৰে৷ শইকীয়াই ১৯৯৮ চনৰ পৰা ২০০০ চনলৈ যুৱ–ছাত্র পৰিষদৰ কলাইগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কর্মসম্পাদনৰ পিছত ক্রমে ২০১৫ চনৰ পৰা ২০১৭ চনলৈ সংগঠনটোৰ দৰং জিলাৰ জিলা সমিতিৰ সভাপতি, ২০১৭–২০২০ চনলৈ যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব পালন কৰে৷

এগৰাকী সুবক্তা হিচাপে পৰিচিত চন্দন শইকীয়াই সংগঠনটোৰ এইবেলি গুৱাহাটীত অনুষ্ঠিত কেন্দ্রীয় সমিতিৰ অধিৱেশনত সকলো ধৰণৰ বিষয়বাবৰ পৰা আঁতৰি আহি পিছত প্রাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে৷

You might also like