অসমীয়াৰ অস্তিত্ব আৰু শংকা
- অমল বৈশ্য
কেইবালানিও আন্দোলনৰ মুখামুখি হৈ অসমীয়া সমাজ আজি ভাৰাক্রান্ত৷ কিন্তু আন্দোলনবোৰৰ পৰা যে অসমীয়া সমাজখনৰ কোনোধৰণৰ উন্নতি বা লাভৱান হোৱা নাই সেইটো ধুৰুপ৷ বৰং আমি এক ধূসৰ পৰিৱেশ দেখা পাওঁ৷ কোনোটো আন্দোলনৰে আমি সঠিক সমাধানৰ বাস্তৱ ৰূপ আজিলৈকে অসমে বা অসমীয়াই পোৱা নাই ৷
সদ্যহতে অসমত আন্দোলনপ্রিয় ব্যক্তি কিছুমানে তথা সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ আলম লৈ উক্ত আইনৰ বিৰোধিতাৰে এক নতুন আন্দোলনৰ সৃষ্টিত উঠিপৰি লগাৰ উপৰি অসমীয়া সমাজখনক আকৌ বিভক্ত কৰাত উঠিপৰি লগাৰ লগতে সমাজৰ এক স্তৰত শংকাৰ ভাব সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷
আমি যদি ফঁহিয়াই চাওঁ অসমীয়া ভাষা বা জাতিৰ সংকটৰ মূলতে নিজকে উগ্রভাৱে অসমীয়া বুলি পৰিচয় দিয়া কিছুমান ব্যক্তি তথা সংগঠন, সেয়া ৰাজনৈতিকভাৱেই হওক বা কিছু পৰিমাণে ব্যক্তিগত পর্যায়তেই হওক ৷
অসমত বসতি কৰা বিভিন্ন জনগোষ্ঠীক লৈ অসমীয়া জাতি, ভাষা গঠিত হৈছে৷ কিন্তু সম্পূর্ণ অসমীয়া জাতি গঠন হ’বলৈ নৌপাওঁতেই কিছুমান আধুনিক অসমীয়া হৈ পৰা উগ্র অসমীয়া অনুষ্ঠান তথা ব্যক্তিৰ ব্যৱহাৰত ক্ষুণ্ণ হৈ অসমীয়া জাতিৰ প্রকৃত কোষবোৰ আঁতৰিবলৈ ধৰিলে, ফলত অসমীয়া জাতিটো উঁয়ে খোৱা বেৰৰ লেখীয়া নিশকতীয়া হৈ পৰিল৷ কিছুমান অনুষ্ঠানৰ মুৰব্বী তথা ৰাজনৈতিক নেতা কিছুমানে জনজাতীয় নেতা বা নেতৃস্থানীয় জনজাতীয় ব্যক্তিসকলক কৰা দুর্ব্যৱহাৰ বা জনজাতীয় সমাজৰ প্রতি কৰা অনীহা বা গুৰুত্বহীন মানসিকতাৰ বাবেই সেই গোষ্ঠীসমূহ ক্ষুণ্ণ হৈ আমাৰ পৰা আঁতৰি যোৱাত তথা অসমীয়া ভাষাক গ্রহণ কৰিবলৈ অস্বীকাৰ কৰাত অসমীয়া ভাষা যে সংকটৰ সন্মুখীন হৈছে সেইটোও ধুৰুপ, যাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ অসমৰ প্রত্যেকটো জনগোষ্ঠীয়ে আজি নিজস্ব কথিত ভাষাবোৰ লিখিত ৰূপত প্রকাশ কৰি ভাষাবোৰক এক নতুনত্ব দিছে, যিটো আচলতে অসম সাহিত্য সভাৰ প্রধান কাম আছিল, যিহেতু অসম সাহিত্য সভা অসমৰ সাহিত্য চর্চাৰ প্রধান অনুষ্ঠান ৷
বর্তমান অসমৰ পৰিস্থিতিত সর্বত্র নাগৰিকত্ব আইনৰ গইনা লৈ অসম তথা অসমীয়া ভাষাৰ বিপর্যয়ৰ প্রধান কৰিব হিচাপে বাঙালী হিন্দু মানুহখিনিক দোষাৰোপ কৰি অসমত এক অবিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে৷ আমি কেৱল এই সম্প্রদায়টোৱেই অসমৰ বিপদগ্রস্ততাৰ ৰাৱণ বুলি দোহাৰিলে নহ’ব৷ আমি ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফলত অসমক কি পর্যায়লৈ গতি কৰালে তাকো গমি চোৱা উচিত৷ অসমত অসমীয়া ভাষা হোৱাৰ দ্বিমত কাৰোৱেই হ’ব নোৱাৰে৷ অসমীয়া অসমৰ মাতৃভাষা, কিন্তু এই আন্দোলনে অসমখনক ভৌগোলিকভাৱে বহুখণ্ডিত কৰাৰ উপৰি বর্তমান অসমক উপত্যকা ভিত্তিত বিভাজন কৰিলে৷ এজন বর্ষীয়ান বামপন্থী নেতাই কথোপকথনত কৈছিল– ‘মই যেতিয়া কৰিমগঞ্জত শিক্ষকতা কৰিছিলোঁ, ১৯৫৯ চনত তেতিয়া তাত সকলো বাঙালী লোকেই বিহুনৃত্য কৰিছিল, বিহুগীত গাইছিল, নিজকে অসমীয়া বুলি পৰিচয় দিছিল৷ কিন্তু ভাষা আন্দোলনে সকলো ওলট–পালট কৰি সম্প্রীতিৰ এনাজৰীডাল ছিগি পেলালে৷’
সকলো ভাষাৰে নিজস্ব স্বকীয়তা আছে৷ নিজে গ্রহণ নকৰিলে ভাষা জাপি দিব নোৱাৰি৷ আটাইতকৈ দুখলগা কথাটো হ’ল– অসমীয়া ভাষা ৰাজ্যভাষা হ’ল আৰু প্রয়োগ হ’ল বিদ্যালয়ৰ পর্যায়তহে৷ অসমৰ চৰকাৰী কার্যালয়ত আজিলৈকে অসমীয়া ভাষা প্রয়োগ কৰা নহ’ল৷ শিক্ষাৰ মাধ্যম সলনি হোৱাৰ লগে লগে সর্বভাৰতীয় পর্যায়ত অসমৰ ল’ৰা–ছোৱালীৰ কার্যদক্ষতা লুপ্তপ্রায় হৈ গ’ল৷ বুদ্ধিমত্তাৰ ক্ষেত্রত অসমৰ ল’ৰা–ছোৱালী কোনো ক্ষেত্রতেই দুর্বল নহয় যদিও পঢ়াৰ মাধ্যমে যে যথেষ্ট প্রভাৱ পেলায় এইটো ধুৰুপ৷ এয়া অসমৰ নৱপ্রজন্মক বিমুখ কৰি অসমীয়া জাতিক ধ্বংস কৰাৰ পদক্ষেপ বুলিহে ধাৰণা হয়৷ তেতিয়া শিক্ষাৰ মাধ্যম ইংৰাজী আছিল, বঙালী নাছিল ৷
অসমীয়া জাতিৰ বিপদগ্রস্ততাৰ বাবে আজিৰ পৰিৱেশত অসমৰ ছয় বছৰীয়া আন্দোলনৰ জৰিয়তে সৃষ্টি হোৱা অসম চুক্তিও জগৰীয়া৷ এই চুক্তিৰ জৰিয়তে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ২৪ মার্চৰ ভিতৰত অসমত অবৈধভাৱে প্রৱেশ কৰা কোটিৰ ঘৰত বিদেশীক ভাৰতীয়কৰণৰ যোগেদি অসমত স্থায়িত্ব দিয়া হ’ল৷ এই বৈধতাৰ বাবেই আজি অসমীয়া ভাষা সংকটৰ সন্মুখীন হোৱাৰ লগতে অসমীয়া জীৱন প্রতিটো মুহূর্ততে বিপদাপন্ন৷ এইখিনি মানুহেই আজি তেওঁলোকৰ মাতৃভাষা বঙালী বুলি প্রকাশ কৰিছে৷ তাৰ প্রমাণ স্বৰূপে আমি যদি নিম্ন উল্লেখিত তথ্যখিনি বিশ্লেষণ কৰোঁ, তেতিয়াই প্রমাণ হ’ব অসম তথা অসমীয়াৰ বিপদৰ উৎস–
(১) কলগাছিয়া (২০০১ চনৰ লোকপিয়ল অনুসৰি) ধর্মীয় জনগাঁথনি হিন্দু ১,৫১৬, মুছলমান ১,৪৬,৫১৬জন৷ ভাষিক জনগাঁথনি অসমীয়াভাষী ৩৩,৭৯০জন, বাংলাভাষী ১,১৪,৩৪৫জন৷
ইয়াত (কলগাছিয়াত) মাত্র ১,৫১৬জনহে হিন্দু আছে৷ ইয়াৰে আটাইখিনিকেই বাঙালী হিন্দু বুলি ধৰি ল’লেও বাকীসকল (১,১৪,৩৪৫–– ১,৫১৬ ১,১২,৪২৯) লোকনো কোন ধর্মৰ? মুছলমান ধর্মৰ লোক, যিহেতু তাত অইন ধর্মৰ লোক নাই৷ গতিকে দেখাদেখিকৈ ওলাই পৰে যে কলগাছিয়াৰ মুঠ ১,৪৬,৫১৬জন মুছলমানৰ ভিতৰত ১,১২,৪২৯জনেই বাংলাভাষী৷ অর্থাৎ এই অঞ্চলৰ সংখ্যাগৰিষ্ঠ প্রব্রজনকাৰী মুছলমানেই অসমীয়াভাষী নহয়, বাংলাভাষীহে ৷
(২) বাঘবৰ (২০০১ চনৰ লোকপিয়ল অনুসৰি) ধর্মীয় জনগাঁথনি হিন্দু ১০,৯৪৯জন, মুছলমান ২,৮৪,২৫১জন৷ ভাষিক জনগাঁথনি অসমীয়াভাষী ৪৫,০২২জন, বাংলাভাষী ২,৫০,০৯১জন৷
ইয়াত (বাঘবৰত) হিন্দু মাত্র ১০,৯৪৯জন, কিন্তু বাংলাভাষী আছে ২,৫০,০৯১জন৷ গতিকে প্রমাণিত হয় যে বাঘবৰত অতি কমেও ২,৩৯,১৪২ (২,৫০,০৯১–১০,৯৪৯)জন মুছলমানে বাংলাভাষাক মাতৃভাষা বুলি আদৰি লৈছে ৷
ইয়াৰ পাছতে আহোঁ আন এক ভয়ংকৰ তথ্যৰ মাজলৈ ৷ বৰপেটা জিলাৰ অন্তর্গত বাঘবৰত ১৯৯১ চন আৰু ২০০১ চনৰ ভিতৰত অসমীয়াভাষীৰ সংখ্যা কিদৰে কমিল আৰু বাংলাভাষীৰ সংখ্যা কিদৰে বাঢ়িল– মাত্র দহ বছৰত বাঘবৰত অসমীয়াভাষীৰ সংখ্যা ৮৮,৪২৭জন হ্রাস হ’ল আৰু বাংলাভাষী ১,৩৮,৬৫০জন বৃদ্ধি হ’ল৷ অথচ বাঘবৰত হিন্দুৰ সংখ্যা এই দহ বছৰত ১৪,১২জনৰ পৰা ১০,৯৪৯জনলৈ হ্রাস হ’ল৷ ইয়াৰ পৰাই জল্জল–পট্পটকৈ ওলাই পৰে যে বাঘবৰত প্রব্রজনকাৰী মুছলমানে অসমীয়া ভাষাৰ সলনি বাংলাভাষাকহে মাতৃভাষা হিচাপে লৈছে ৷
(৩) দলগাঁও (দৰং) (২০০১ চনৰ লোকপিয়ল অনুসৰি) ধর্মীয় জনগাঁথনি হিন্দু ৮০,১৪১জন, মুছলমান ৩,২৩,৩০৯জন, ভাষিক জনগাঁথনি অসমীয়াভাষী ৯২,৯২৩জন, বাংলাভাষী ২,৭৯,১২০জন৷
(৪) লক্ষীপুৰ (গোৱালপাৰা) (২০০১ চনৰ লোকপিয়ল অনুসৰি) ধর্মীয় জনগাঁথনি হিন্দু ৪৪,৩৭৮জন, মুছলমান ১,৭৭,৮২১জন৷ ভাষিক জনগাঁথনি অসমীয়াভাষী ৮৯,৫৩১জন, বাংলাভাষী ১,১৪,০৭১জন৷
(৫) চমৰীয়া (কামৰূপ) (২০০১ চনৰ লোকপিয়ল অনুসৰি) ধর্মীয় জনগাঁথনি হিন্দু ১৭,৪৯৬জন মুছলমান ৮২,৩০৭জন৷ ভাষিক জনগাঁথনি অসমীয়াভাষী ১৯,১৫৩জন, বাংলাভাষী ৮০,৬৪৮জন৷
বিভিন্ন জিলাত জনগাঁথনিৰ পৰিৱর্তন
১৯৯১ চন ২০০১ চন
জিলা হিন্দু মুছলমান হিন্দু মুছলমান
বৰপেটা ৪০.২৬ ৫৬.০৭ ৪০.১৯ ৫৯.৩৭
দৰং ৬০.৫৪ ৩১.৯৮ ৫৭.৭৪ ৩৫.৫৪
মৰিগাঁও ৫৪.৫৬ ৪৫.৩১ ৫২.২১ ৪৭.৫৯
বঙাইগাঁও ৬৪ ৩২.৭৪ ৫৯.১৮ ৩৮.৫২
শোণিতপুৰ ৮০.২০ ১৩.৩৩ ৭৬.৫৮ ১৫.৯৪
নগাঁও ৫১.৭৩ ৪৭.১৯ ৪৭.৮০ ৫১
বিভিন্ন জিলাত ভাষিক জনগাঁথনিৰ পৰিৱর্তন
অসমীয়াভাষী বাংলাভাষী
জিলা ১৯৯১ ২০০১ ১৯৯১ ২০০১
বৰপেটা ৮,৬৮,১৯৯ ৭,৭৪,২২৯ ৩,৫৮,৪৫০ ৩,৯৫,০৬৩ দৰং ৮,৬৯,৪৭৭ ৫,৮৯,০০৬ ১,৮২,০০৭ ৪,৬২,৬৭৬
মৰিগাঁও ৫,২৯,২৩৯ ৫,১৫,২৭৪ ৬৭,০০১ ২,১৯,০৩৯
শোণিতপুৰ ৭,৭৯,৫২১ ৫,৬২,০৪৮ ১,৮৭,৪৩৮ ৩,১৫,৮৪০
বঙাইগাঁও ৩,৯৪,০৫৯ ৩,৮৫,৫১৬ ২,২৪,১৬৭ ৩,৫০,৯২৮
নগাঁও ১২,৯১,৭০৩ ১৩,৯৩,৮৩৭ ৪,৭,০০৫ ১৭,২২,৯৬৩
আন এক উল্লেখনীয় কথাটো হ’ল অসম চুক্তিখনত কোনো ঠাইতে অবৈধ(illegal) শব্দ লিপিবদ্ধ নাই৷ তাত কেৱলcame to Assam বুলি শব্দ ব্যৱহাৰ হৈছে৷ যাৰ ফলত অসমলৈ বিদেশী আহিছিল বুলি উল্লেখ আছে৷ সেয়ে এই চুক্তিমর্মে অনুপ্রৱেশ সম্পর্কে ধাৰণাটোৱেই সলনি কৰা হ’ল৷ ৮৫৫জন শ্বহীদৰ তেজৰ মূল্যক তাচ্ছিল্য কৰি – লগতে ভাৰতীয় সংবিধানক উপহাস কৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ ১৯৫২ৰ পৰা ১৯৭১ চন কৰা হ’ল, যিটো অসমীয়া জাতিৰ বাবে আটাইতকৈ দুর্ভাগ্যজনক পৰিণতি৷ আমি নিশ্চয় অসম চুক্তিক অসমীয়া জাতিৰ আয়ুস ৰেখাৰ পৰিৱর্তে অসম তথা অসমীয়াৰ বিশ্বাসঘাতকতাৰ দলিল বুলি অভিহিত কৰিব পাৰোঁ, যাৰ বাবে দায়ী কেৱল চুক্তি স্বাক্ষৰকাৰী আন্দোলনৰ নেতৃবৃন্দ ৷
সর্বভাৰতীয় স্থিতিত ভাৰতীয় সংবিধান এক৷ গতিকে সকলো নীতি–নিয়ম এক৷ উল্লেখ্য যে সর্বভাৰতীয় পর্যায়ত নাগৰিকত্বৰ ভিত্তিবর্ষ ১৯৫২ চন৷ কিন্তু অসমত অসম চুক্তিমর্মে নাগৰিকত্বৰ ভিত্তিবর্ষ ১৯৭২৷ তাৰ পাছৰ পর্যায়ত ইয়াক সংশোধন কৰি ১৯৮৭ চন কৰা হ’ল প্রফুল্ল মহন্তৰ মুখ্যমন্ত্রীৰ সময়ত৷ গতিকে সংবিধান অৱমাননা কৰি কৰা সকলো কার্যই ভাৰতত সংবিধানবিৰোধী৷ কিন্তু এই ভাৰতীয় সংবিধানক অৱমাননা কৰিয়েই ১৯৫২ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত কোটিৰ সংখ্যাত বিদেশীক অসমত স্থায়িত্ব দিয়া হ’ল কেৱল ভোটৰ স্বার্থত৷ অসমীয়া জাতিৰ বাবে এয়া এক বিডম্বনা ৷
আন এক তথ্যত ১৯৯৭ চনত তেতিয়াৰ ভাৰতৰ গৃহমন্ত্রী ইন্দ্রজিৎ গুপ্তই চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত লোকসভাত প্রকাশ কৰিছিল যে ভাৰতত ১০ নিযুত অবৈধ প্রব্রজনকাৰীয়ে বাস কৰিছে ১৯৭১ৰ পৰা ১৯৯১ চনৰ ভিতৰত৷ তাৰ ভিতৰত অকল অসমতে ৪০ লাখ লোকে প্রৱেশ কৰিছে৷ আনহাতে বাংলাদেশৰ জনসংখ্যাবিদ শ্বৰিফা বেগমে দহ বছৰৰ লোকপিয়লৰ তথ্য বিশ্লেষণ কৰি ‘মিচিং মিলিয়ন’ যুগুত কৰি বাংলাদেশৰ ১ কোটি ৪০ লাখতকৈ বেছি লোক অন্তর্ধান হোৱাটো উল্লেখ কৰিছে৷ তাৎপর্যপূর্ণভাৱে বাংলাদেশত অন্তর্ধান হোৱা হিন্দু লোকৰ সংখ্যা কোটিৰো অধিক বুলি তেখেতে মন্তব্য কৰিছে লগতে কৈছে যে হয়তো এই হিন্দু মানুহখিনি দেশ এৰি পলায়ন কৰিছে নতুবা ধর্মান্তৰকৰণ কৰা হৈছে৷ অসমত কংগ্রেছ চৰকাৰৰ দিনতে অবৈধ অনুপ্রৱেশকাৰী সংখ্যাধিক আৰু কংগ্রেছ চৰকাৰেই সেই অনুপ্রৱেশকাৰীসকল অবৈধভাৱে বৈধতা প্রদান কৰিছে ভোট আৰু ক্ষমতাৰ লালসাত৷ অসমীয়া জাতিটোক অবৈধ অনুপ্রৱেশকাৰীৰ ওচৰত বন্ধকত দিছে, যিয়ে আজি জাতিটোৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ সদনত গৃহ বিভাগৰ পৰা স্পষ্টভাৱে অনুপ্রৱেশকাৰীৰ সংখ্যা উল্লেখ কৰাৰ পাছতো সদ্য প্রকাশিত নাগৰিকপঞ্জীৰ পৰিসংখ্যাই প্রমাণ কৰি দিছে অসমত অবৈধভাৱে বৈধতা প্রদানৰ ছবি ৷
ক্রমান্বয়ে মুছলিমপ্রধান হ’বলৈ ধৰা জিলাবিলাকত বাঙালীভাষী লোকসকলে মাতৃভাষা হিচাপে বঙালী ভাষা প্রয়োগ কৰিছে আৰু তেনে সময়তে অসমৰ বিভিন্ন চহৰত থকা বঙালী মাধ্যমৰ স্কুলবোৰ ক্রমে বন্ধ হৈ আহিছে বঙালী মাধ্যমত পঢ়া ছাত্র–ছাত্রীৰ অভাৱত৷ যিখিনিৰ বেছিভাগেই হিন্দু বাঙালী অধ্যুষিত অঞ্চলত অৱস্থিত৷ এই স্কুল বন্ধ হোৱাৰ প্রক্রিয়াই এইটোৱেই সূচাইছে যে হয়তো বাঙালী হিন্দুবোৰে মাতৃভাষা অসমীয়া হিচাপে গ্রহণ কৰিছে নতুবা আন ভাষাক মাতৃভাষা হিচাপে গ্রহণ কৰিছে বা অসম ত্যাগ কৰিছে৷ গতিকে বাঙালী হিন্দুৱে অসমীয়া জাতিৰ প্রতি ভাবুকি কঢ়িয়াই অনা বুলি বা আনিব বুলি চলাই অহা প্রচাৰ যে অমূলক, সেইটো দেখা যায় ৷