অসমীয়া আৰু বাংলা ভাষা
হোমেন বৰগোহাঞি
টোকাঃ ১৯৮১ চনৰ পৰা ১৯৯১ চনলৈকে ১০টা বছৰ মই কলকাতাৰ পৰা প্রকাশিত ‘আজকাল’ নামৰ বাংলা বাতৰি কাকতত সাংবাদিক হিচাপে কাম কৰিছিলোঁ৷ কাকতখনৰ সম্পাদকীয় পৃষ্ঠাত সপ্তাহৰ প্রতিটো বৃহস্পতিবাৰত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন সমস্যা সম্পর্কে একোটা বিশ্লেষণমূলক প্রবন্ধ লিখাটো আছিল মোৰ অন্যতম প্রধান দায়িত্ব৷ মই এই শিতানত লিখা প্রবন্ধৰ বিষয়বস্তু কেতিয়াবা কাকতখনৰ সম্পাদকেও নির্দিষ্ট কৰি দিছিল৷ ১৯৮২ চনৰ ৪ নৱেম্বৰৰ ‘আজকাল’ৰ পৰা তলত পুনৰ মুদ্রিত কৰা বিষয়বস্তুটোও নির্দিষ্ট কৰি দিছিল ‘আজকাল’ৰ সম্পাদক স্বর্গীয় গৌৰ কিশোৰ ঘোষে৷
অসমীয়া–বঙালী সম্পর্কৰ আনুপূর্বিক ইতিহাস ক’বলৈ গ’লে সি প্রকৃততে আৰম্ভ কৰিব লগা হয় আহোম ৰজা ৰুদ্রসিংহৰ (১৬৯৬–১৭১১ ৰাজত্বকাল) সময়ৰ পৰা৷ সংক্ষেপতে ক’বলৈ গ’লে ৰুদ্রসিংহৰ সময়ৰ পৰাই বংগদেশৰ সৈতে অসমৰ যোগাযোগ ঘনিষ্ঠ হয় আৰু বঙালীসকলে অসমৰ ইতিহাসত এটা ডাঙৰ ভূমিকা ল’বলৈ আৰম্ভ কৰে৷ এই নিৰক্ষৰ কিন্তু বিদ্যোৎসাহী নৃপতিয়ে উচ্চ শিক্ষাৰ বাবে বহু ছাত্রক বংগদেশৰ নৱদ্বীপলৈ পঠিয়াইছিল৷ তেওঁৰ ৰাজপ্রাসাদ নির্মাণ কৰিছিল ঘনশ্যাম নামৰ এজন বঙালী স্থপতিয়ে৷ আৰু তাতোকৈ ডাঙৰ কথা, আহোম ৰাজত্বৰ অৱক্ষয় আৰু পতনৰ মূলতো আছিল এজন বঙালী– যদিও সেইটো তেওঁৰ স্বেচ্ছাকৃত বা পৰিকল্পিত নাছিল– তেওঁ আছিল নিমিত্ত বা ইতিহাসৰ ক্রীড়নক মাত্র৷
নৱদ্বীপ নিৱাসী কৃষ্ণৰাম ভট্টাচার্য নামৰ এই বঙালী শাক্ত ধর্মাচার্যক ৰুদ্রসিংহই আমন্ত্রণ কৰি আনিছিল তেওঁৰ গুৰু হোৱাৰ বাবে৷ শেষলৈ তেওঁৰ পৰা ৰুদ্রসিংহৰ দীক্ষা লোৱা নহ’ল, কিন্তু তেওঁৰেই নির্দেশত তেওঁৰ পুত্রসকলে কৃষ্ণৰাম ভট্টাচার্যৰ শিষ্যত্ব গ্রহণ কৰিছিল৷ অসমৰ ইতিহাসত সি আছিল এটা যুগান্তকাৰী ঘটনা, কিয়নো তাৰ পৰিণামতেই অসমত শাক্ত–বৈষ্ণৱ সংঘর্ষৰ সূচনা হয় আৰু বৈষ্ণৱ প্রজাসকলে ৰজাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ দীর্ঘকালব্যাপী চলা এই গণ বিদ্রোহেই (অসমৰ ইতিহাসত যাক কোৱা হয় ‘মোৱামৰীয়া বিদ্রোহ’) আহোম ৰাজশক্তিক ক্রমশঃ হীনবল কৰি তোলে আৰু অৱশেষত ঊনৈশ শতিকাৰ তৃতীয় দশকত বর্মীসকলৰ আক্রমণত তেওঁলোকে সম্পূর্ণৰূপে পর্যুদস্ত হয়৷ সেয়ে ক’ব পাৰি যে কৃষ্ণৰাম ভট্টাচার্যৰ অসমৰ মাটিত পদার্পণৰ মুহূর্তৰ পৰাই আহোম ৰাজত্বৰ ধ্বংসৰ সূচনা হৈছিল৷ অৱশ্যে তাৰ লগতে এই কথাও উল্লেখনীয় যে কৃষ্ণৰাম ভট্টাচার্যৰ অসমলৈ আহিবলৈ মুঠেও ইচ্ছা নাছিল তেওঁক ইয়ালৈ আনিবলৈ ৰুদ্রসিংহই বহু চেষ্টা কৰিবলগীয়া হৈছিল৷
কিন্তু ইতিহাসৰ ফালৰ পৰা ক’বলৈ গ’লে অসমীয়া–বঙালী বিবাদ সম্পূর্ণৰূপে ব্রিটিছ যুগৰ সৃষ্টি৷ ১৮২৬ চনত অসমত ব্রিটিছ শাসন স্থাপিত হয়৷ বংগদেশ ব্রিটিছৰ শাসনাধীন হৈছিল তাৰো ৬২ বছৰ পূর্বে, ১৭৬৪ চনত৷ সেয়ে ব্রিটিছ শাসকসকল যেতিয়া প্রথম অসমলৈ আহিল, তেওঁলোকে লগত লৈ আহিল বঙালী বাবুসকলক– যিসকল ইতিমধ্যেই ইংৰাজী শিক্ষাত আৰু ব্রিটিছ শাসন ব্যৱস্থাৰ সৈতে সুপৰিচিত হৈ উঠিছিল৷ সদ্য অধিকৃত অসমত স্বাভাৱিকভাৱেই এনে অভিজ্ঞ মানুহৰ অভাৱ আছিল৷ তদুপৰি ব্রিটিছসকলে অসমীয়াসকলক বিশ্বাস কৰিবলৈকো টান পাইছিল৷
এই কথা আজি সকলোৱে জানে যে যদিও পূব ভাৰতৰ তিনিটা প্রধান ভাষা বাংলা, উড়িয়া আৰু অসমীয়াৰ উদ্ভৱ হৈছিল একেই মাগধী উৎসৰ পৰা, কিন্তু খ্রীষ্টীয় সপ্তম শতাব্দীৰ পৰাই অসমীয়া ভাষাই এটা স্বতন্ত্র ৰূপ ল’বলৈ আৰম্ভ কৰে আৰু কালক্রমত সি এটা সম্পূর্ণ পৃথক ভাষা হৈ উঠে৷ আধুনিক বাংলা ভাষা আৰু সাহিত্যৰ তুলনাত অসমীয়া ভাষা যথেষ্ট হীনপ্রভ কিন্তু এনে এটা সময় আছিল, যেতিয়া একাধিক ক্ষেত্রত ভাৰতৰ অন্যান্য সকলো ভাষাৰ তুলনাত অসমীয়া ভাষা আছিল অগ্রণী আৰু সমৃদ্ধতৰ৷ ভাৰতৰ সমস্ত আঞ্চলিক ভাষাৰ ভিতৰত সর্বপ্রথমে অসমীয়া ভাষাতেই ‘সংস্কৃত ৰামায়ণ’ অনুবাদ কৰা হৈছিল৷ আন কোনো ভাৰতীয় ভাষাত এনে উন্নতমানৰ গদ্য ৰচনাৰ কোনো অস্তিত্ব নাছিল, তেতিয়া অসমীয়া ভাষাত এনে উন্নতমানৰ গদ্য ৰচিত হৈছিল যে আচার্য প্রফুল্ল চন্দ্র ৰায়ৰ দৰে মানুহেও ক’বলৈ বাধ্য হৈছিলঃ ‘কেইবা শতিকা আগতেই অসমীয়া গদ্য–ৰীতিয়ে এনে বিস্ময়কৰ উৎকর্ষ লাভ কৰিছিল যে একমাত্র লেটিমাৰ আৰু হুকাৰৰ ইংৰাজী গদ্যৰ বাহিৰে তাৰ আন কোনো তুলনা নাই৷’ অসমত গদ্যত ৰচিত ‘বুৰঞ্জী’ অর্থাৎ ইতিহাস আছিল সমগ্র ভাৰততে অদ্বিতীয়৷ ভাৰতীয় ভাষাবোৰৰ ভিতৰত নাটকৰ আৱির্ভাবো অসমীয়াতেই প্রথম হৈছিল৷
অসমীয়াসকলৰ এনে এটা সমৃদ্ধ আৰু ঐতিহ্যমণ্ডিত ভাষা– ৰেভাৰেণ্ড নাথন ব্রাউনৰ ভাষাতone uniform, copious and beautiful language থকা সত্ত্বেও ব্রিটিছ শাসকসকলে অসম দখল কৰাৰ পাঁচ বছৰ পিছত অর্থাৎ ১৮৩১ চনত সিদ্ধান্ত ল’লে যে অসমীয়া বাংলা ভাষাৰ অপভ্রংশ ব্যতীত আন একো নহয় সেয়ে অসমত আদালতৰ ভাষা হ’ব বাংলা, শিক্ষাৰ মাধ্যম হ’ব বাংলা৷ এই সিদ্ধান্ত কার্যকৰী কৰা আৰম্ভ হ’ল ১৮৩৬ চনৰ পৰা৷
শতাব্দী–প্রাচীন আৰু গৌৰৱমণ্ডিত অসমীয়া ভাষাক বাংলাৰ অপভ্রংশ মাত্র বুলি অপমান কৰি তাৰ ঠাইত যে বাংলা ভাষাক বহুওৱা হ’ল– সিয়েই অসমীয়া–বাঙালীৰ সম্পর্ক বিষাক্ত হৈ উঠাৰ প্রধান কাৰণ৷ কাৰণ যোৱা ডেৰশ বছৰ ধৰি অসমীয়াসকলে বিশ্বাস কৰি আহিছে বা বিশ্বাস কৰিবলৈ তেওঁলোকক শিকোৱা হৈছে যে তেওঁলোকৰ ‘চিৰচেনেহী ভাষা–জননী’ৰ এই লাঞ্ছনাৰ বাবে প্রধানতঃ দায়ী আছিল ব্রিটিছ শাসকসকলৰ সৈতে অহা ব্রিটিছৰ ভাৰবাহী বঙালী বাবুসকল৷ তেওঁলোকৰ দ্বাৰা প্রৰোচিত হৈয়েই হেনো ব্রিটিছ শাসকসকলে অসমীয়া ভাষাক উৎখাত কৰি তাৰ ঠাইত বহুৱালে বাংলা ভাষাক৷ ১৮৭২ চনত অসমীয়া ভাষাই তাৰ হূত মর্যাদা ঘূৰাই পায় সিদিনাৰ পৰা আজিলৈকে প্রজন্মৰ পিছত প্রজন্ম অসমীয়া বিদ্যার্থীসকলৰ এটি অৱশ্য–পাঠ্য বিষয় হ’ল মতলবী বঙালীসকলৰ হাতত অসমীয়া ভাষাৰ লাঞ্ছনাৰ কাহিনী৷ ঠিক এই মুহূর্ততো ১৯৮২ চনৰ নৱেম্বৰ মাহতো– অষ্টম শ্রেণীৰ পাঠ্যপুথিত অসমীয়া ল’ৰা–ছোৱালীয়ে পঢ়িব লগা হৈছে ‘অসমীয়া ভাষা’ শীর্ষক প্রায় অর্ধশতাব্দী পূর্বে ৰচিত এটি নিবন্ধ, য’ত অসমীয়া ভাষা–সাহিত্যৰ এজন প্রধান দিকপাল হেমচন্দ্র গোস্বামীয়ে লিখিছিল– ‘ইংৰাজে অসম অধিকাৰ কৰাৰ সময়ত অসম আৰু বংগদেশৰ মাজত যাতায়াত সুগম নাছিল সেয়ে শিক্ষিত কোনো কোনো বঙালী চাকৰিৰ বাবে অসমলৈ গৈছিল৷ তেওঁলোকৰ বেছিভাগেই আছিল ঢ়াকা, ৰংপুৰ অঞ্চলৰ সংগতিহীন নিম্ন শ্রেণীৰ বঙালী৷ আদালতত অসমীয়া ভাষা ব্যৱহূত হ’লে তেওঁলোকৰ পক্ষে কাম কৰাটো অসুবিধা হ’ব, সেয়ে তেওঁলোকে ইংৰাজ হাকিমসকলক বুজাবলৈ ধৰিলে যে অসমীয়া ভাষা বাংলাৰ এটা গাঁৱলীয়া ৰূপ মাত্র, ই কোনো স্বতন্ত্র ভাষা নহয়৷ তদুপৰি অসমীয়া ভাষাত কোনো কঠিন বা গভীৰ ভাব প্রকাশ কৰাটো সম্ভৱ নহয়৷ ইংৰাজসকল অসমত নৱাগত, অসমীয়াসকলৰ বিষয়ে তেওঁলোকে প্রায় একোৱেই নাজানে৷ তদুপৰি তেওঁলোকে এই কথা জানে যে অসমীয়াসকলতকৈ বঙালীসকল বেছি শিক্ষিত৷ সেয়ে কেৰাণীৰ চাকৰিৰ বাবে অসমলৈ ঢ়াপলি মেলা বঙালীসকলৰ কথাকেই সত্য বুলি মানি লৈ ইংৰাজ শাসকসকলে ১৮৩৬ চনত অসমীয়া ভাষাক উচ্ছেদ কৰি তাৰ ঠাইত বহুৱালে বাংলা ভাষাক৷’
বঙালী–বিদ্বেষ অসমীয়াসকলৰ তেজৰ সৈতে মিহলি হৈ গৈছে, কিয়নো বিদ্যাৰম্ভৰ দিনৰে পৰা তেওঁলোকক এই কথা শিকোৱা হয় যে বঙালীসকলে অসমীয়া ভাষাৰ পৰম শত্রু, এদিন তেওঁলোকৰ চক্রান্তৰ ফলতেই অসমীয়া ভাষাৰ চৰম লাঞ্ছনা ঘটিছিল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা ড০ মহেশ্বৰ নেওগলৈকে অসমীয়া ভাষা–সাহিত্যৰ সকলো দিকপাল পণ্ডিত আৰু লেখকে শতাধিক প্রবন্ধত এই এটামাত্র কথাকেই প্রতিপাদন কৰিছে সেয়ে এই কথা যদি ধৰি এই কথা শুনি শুনি বঙালী বিদ্বেষ অসমীয়াসকলৰ মনত বদ্ধমূল হৈছে৷ নিজৰ ভাষা সম্বন্ধে অসমীয়াসকল অত্যন্ত স্পর্শকাতৰ সেয়ে এই কথা যদি সত্য হয় যে বঙালীসকলে সঁচাকৈয়ে অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, তেনেহ’লে হয়তো তেওঁলোকক বৰ এটা দোষো দিব নোৱাৰি৷ কিন্তু সেইটো বাৰু সঁচানে?
যোৱা এক দশকৰ ভিতৰত এক শ্রেণীৰ মুক্ত বুদ্ধিৰ তৰুণ গৱেষকৰ অনুসন্ধানৰ ফলত জানিব পৰা গ’ল যে ব্রিটিছ শাসনৰ প্রাৰম্ভত অসমত বাংলা ভাষা প্রচলনৰ বাবে বঙালী বাবুসকলৰ চক্রান্ত দায়ী নাছিল, সেই সিদ্ধান্ত আছিল কিছুসংখ্যক ব্রিটিছ বিষয়াৰ নিজস্ব স্বাধীন সিদ্ধান্ত৷ এই কথাও জনা গৈছে যে এফালেদি সেই সময়ত বেছিভাগ অসমীয়া সমাজপতিসকলে যেনেদৰে বাংলা ভাষাৰ কোনো বিৰোধিতা কৰা নাছিল, বৰং তাৰ প্রতি উৎসাহেই দেখুৱাইছিল, তেনেদৰে আনফালেদি বহু বঙালীয়ে সমর্থন কৰিছিল অসমীয়া ভাষাৰ দাবী৷ আটাইতকৈ স্মৰণীয় কথা হ’ল যে যিজন বিশেষ ব্যক্তিৰ যুক্তিপূর্ণ সমর্থনৰ ফলত অসমীয়া ভাষাৰ ন্যায্য দাবী প্রতিষ্ঠিত হ’ল আৰু ইংৰাজ চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল, তেওঁ আছিল এজন বঙালী৷ অসমীয়া ভাষা পুনৰুদ্ধাৰ আন্দোলনৰ নেতৃত্ব দিছিল প্রধানতঃ খ্রীষ্টান মিছনেৰীসকলে৷ তেওঁলোকৰ ভিতৰৰে এজন ড০ ব্রনছনে অসমীয়া ভাষাৰ স্বাতন্ত্র্য প্রমাণ কৰিবৰ বাবে এখন অসমীয়া–ইংৰাজী অভিধান প্রণয়ন কৰিলে৷ কিন্তু অসমীয়াবিৰোধী ইংৰাজ আৰু বঙালী বিষয়াসকলে চিৎকাৰ কৰি ক’লে যে অভিধানখনৰ প্রথম তথাকথিত ৬৮৮টা অসমীয়া শব্দৰ ভিতৰত ৫৯১টাই বাংলা শব্দ৷ অৱশেষত বেংগল প্রেছিডেন্সিৰ লাট চাহেব ছাৰ জর্জ কেম্পবেলৰ নির্দেশত অভিধানখন পঠিয়াই দিয়া হ’ল ৰমেশ চন্দ্র দত্ত, আই চি এছৰ ওচৰলৈ তেওঁৰ মতামতৰ বাবে৷ অভিধানখন আদ্যোপান্তপৰীক্ষা কৰি ৰমেশ চন্দ্র দত্তই লিখিলে– ‘It will be just well to mention that notwithstanding repeated endevours, I have hardly been able to make out even the purport of the Assamese preface to this Dictionary. I have known an educated young Assamses for many years, and I could never understand him when he spoke Assamese or quoted from Assamese poetry.
ইয়াৰ পিছত ভাষাৰ প্রশ্ণত অসমীয়া–বঙালী বিবাদৰ অৱসান হোৱা উচিত আছিল, বিশেষকৈ যেতিয়া সেই সময়ৰ এজন অন্যতম শ্রেষ্ঠ বঙালীয়ে সমগ্র বঙালী জাতিৰ হৈ অসমীয়া ভাষাৰ দাবী সমর্থন কৰিলে আৰু অসমীয়া ভাষা স্ব–স্থানত পুনঃপ্রতিষ্ঠিত হ’ল৷ কিন্তু সিতো নহ’লেই, বৰং সেই বিবাদৰ ধাৰা আজিলৈকে চলি আছে আৰু ফলত বিষাক্ত হৈ থাকিল অসমীয়া–বঙালীৰ সম্পর্ক৷ তাৰ বাবে অসমীয়া–বঙালী উভয় পক্ষই সমান দায়ী৷ আচামীৰ তালিকাৰ পৰা আনকি স্বয়ং ৰবীন্দ্রনাথ ঠাকুৰকো বাদ দিব নোৱাৰি৷
প্রথমতে অসমীয়াসকলৰ কথাকেই ধৰা যাওক৷ ব্রিটিছ শাসনৰ প্রাৰম্ভত অসমীয়া ভাষাৰ দুর্গতি আৰু লাঞ্ছনাৰ বাবে প্রকৃততে কোন দায়ী আছিল তাৰ কোনো তথ্যভিত্তিক আৰু বস্তুনিষ্ঠ বিচাৰৰ চেষ্টা নকৰি এশ বছৰ ধৰি তেওঁলোকে ভাটৌ চৰাইৰ দৰে মাথোঁ এটা কথাই গাই যাবলৈ ধৰিলে যে য’ত যি হ’ল তাৰ বাবে দায়ী এই বঙালীবোৰেই৷ আৰু এনেদৰে অবিৰামভাৱে সেই কথাটো কোৱা হ’ল যে বঙালীসকলৰ প্রতি অসমীয়াসকলৰ মনত এটা বিজাতীয় ঘৃণাৰ সৃষ্টি নহৈ নোৱাৰে৷ কিন্তু তাতোকৈ আশ্চর্যৰ কথা– যোৱা কেইবছৰৰ ভিতৰত আৱিষৃকত বহু তথ্য আৰু নথি–পত্রৰ দ্বাৰা যেতিয়া এই কথা সন্দেহাতীতভাৱে প্রমাণিত হৈছে যে অসমত বাংলা ভাষা প্রচলনৰ ক্ষেত্রত বঙালীসকলৰ কোনো প্রৰোচনা নাছিল, ব্রিটিছ বিষয়াসকলৰ একাংশই স্বাধীনভাৱে এই সিদ্ধান্ত লৈছিল, এই প্রসংগতJournal of the University of Gauhati, Vil, XXVIII, XXIX, No. I Arts–ৰ দ্বাৰা প্রকাশিত ফ্রেডৰিক এছ ডাউনছৰ Missionaries and the Language Controversy শীর্ষক প্রবন্ধ বিশেষভাৱে দ্রষ্টব্য, তাৰ পিছতো বেছিভাগ অসমীয়া পণ্ডিতে এই মিছাকেই জীয়াই ৰাখিবলৈ আগ্রহী যে বঙালীৰ ষড়যন্ত্রতেই অসমীয়া ভাষা লাঞ্ছিত আৰু স্থানচ্যুত হৈছিল৷ ইমানবোৰ নতুন তথ্য উদ্ঘাটিত হোৱাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত ৰবীন্দ্র অধ্যাপক ড০ সত্যেন্দ্রনাথ শর্মাৰ ১৯৮১ চনত প্রকাশিত ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ নামৰ গ্রন্থত লিখা হৈছেঃ ‘বঙালী কেৰাণী আৰু আমোলাসকলে আত্মস্বার্থ সংৰক্ষণৰ উদ্দেশ্যে আৰু ভৱিষ্যতেও তেওঁলোকৰ স্থান অব্যাহত ৰখাৰ অভিপ্রায়ে ইংৰাজ বিষয়াসকলক বুজনি দিলে যে অসমীয়া এটা স্বতন্ত্র ভাষা নহয়, বাংলাৰেই এটা গ্রাম্য অপভ্রংশ মাত্র৷ তেওঁলোকৰ কথাত বিশ্বাস কৰি ইংৰাজসকলে ১৮৩৬ চনত স্কুল–আদালতত অসমীয়া ভাষাৰ সলনি বাংলা ভাষাক প্রতিষ্ঠা কৰিলে৷’
এইবোৰ দেখি–শুনি সন্দেহ হয় যে অসমীয়া–বঙালী বিবাদ জীয়াই ৰখাটো এক শ্রেণীৰ অসমীয়া পণ্ডিতৰ হয় মানসিক ৰোগ, অথবা ন্যস্তস্বার্থত পৰিণত হৈছে৷ এই সন্দেহ আৰু ঘনীভূত হয় প্রায় এবছৰ পূর্বে সংঘটিত এটা ঘটনাৰ দ্বাৰা৷ ওপৰত যিবোৰ তথ্যৰ উল্লেখ কৰা হ’ল সেইবোৰৰ আলোচনাৰ বাবে এবছৰমান পূর্বে গুৱাহাটীত এখন সভাৰ আয়োজন কৰা হৈছিল৷ নিমন্ত্রিত বক্তা আছিল অসমৰ প্রসিদ্ধ ঐতিহাসিক ড০ হেড়ম্বকান্ত বৰপূজাৰী৷ উত্তৰ–পূর্বাঞ্চলৰ পর্বতীয়া উপজাতিসকলৰ ইতিহাস সম্পর্কে তেওঁ এজন আন্তর্জাতিক খ্যাতিসম্পন্ন বিশেষজ্ঞ পক্ষপাতহীন দৃষ্টিভংগী আৰু যুক্তিপূর্ণ ব্যাখ্যাৰ বাবে তেওঁৰ ইতিহাস গ্রন্থসমূহ দেশ–বিদেশত সমাদৃত৷ ড০ বৰপূজাৰীয়ে তেওঁৰ সিদিনাৰ বক্তব্যত এই কথাকেই প্রতিপাদন কৰিব বিচাৰিছিল যে ১৮৩৬ চনত বঙালীসকলৰ ষড়যন্ত্রৰ ফলত অসমীয়া ভাষা স্থানচ্যুত হৈছিল বুলি যি অভিযোগ যোৱা এক শতিকাজুৰি কৰি অহা হৈছে, তাৰ মূলত কোনো সত্যতা নাই৷ কিন্তু উপস্থিত শ্রোতাসকলৰ ফালৰ পৰা তেওঁক পদে পদে এনেদৰে বাধা দিয়া হ’ল যে তেওঁ তেওঁৰ বত্তৃণতা শেষ কৰিব নোৱাৰিলে মাজমানতেই তেওঁ নিজৰ বত্তৃণতা অসমাপ্ত ৰাখি সভাগৃহ ত্যাগ কৰিবলৈ বাধ্য হ’ল৷
এইবাৰ বঙালীসকলৰ কথালৈ আহোঁ৷ অসমীয়াসকলেই স্বেচ্ছা–প্রণোদিত হৈ নথি–পত্র ঘটি এই কথা প্রমাণ কৰিলে যে ব্রিটিছ শাসনকালত কেইবা দশক ধৰি অসমীয়া ভাষাৰ যি দুর্গতি হৈছিল, তাৰ বাবে বঙালীসকল দায়ী নাছিল৷ কিন্তু তাৰ অর্থ এইটো নহয় যে বঙালীসকলে অসমীয়া ভাষা–স্বাতন্ত্র্যক অন্তৰৰ পৰা স্বীকাৰ কৰি লৈছে আৰু এই ভাষাৰ প্রতি সুৰুচিসন্মত শ্রদ্ধাশীল মনোভাব পোষণ কৰে৷ আনহাতে এইটোৱেই দেখা গৈছে যে সৰু–ডাঙৰ, পণ্ডিত–মূর্খ বহু বঙালীয়েই আজিলৈকে অসমীয়া ভাষাক বাংলা ভাষাৰ এটি অপভ্রংশ মাত্র বুলিয়েই দাবী কৰে আৰু পদে পদে এই ভাষাক হেয় প্রতিপন্ন কৰাৰ চেষ্টা চলায়৷ বর্তমানৰ অসমীয়া সাহিত্যৰ প্রতি তেওঁলোকৰ অন্তহীন অৱজ্ঞা আৰু ঔদাসীন্য আনহাতে, প্রাচীন অসমীয়া সাহিত্যৰ যিখিনি শ্রেষ্ঠ আৰু মহৎ সেই আটাইখিনিকে তেওঁলোকে দাবী কৰে তেওঁলোকৰ নিজৰ বুলি৷ দীনেশ চন্দ্র সেনে তেওঁৰ ‘বাংলা সাহিত্যৰ ইতিহাস’ত অসমীয়া ভাষা–সাহিত্য সম্বন্ধে যিবোৰ মন্তব্য কৰি গৈছে, অসমীয়াসকলৰ মনত সি আজিও হুলৰ দৰে বিন্ধি আছে৷ ৰমেশ চন্দ্র মজুমদাৰে তেওঁৰ এখন গ্রন্থৰ উৎসর্গ পৃষ্ঠাত সমগ্র অসমীয়া জাতি সম্বন্ধে যিধৰণৰ অসংযত–পমানজন উক্তি কৰিছে, কোনো সুৰুচিসম্পন্ন মানুহৰ পৰা এনে ব্যৱহাৰ আশা কৰিব নোৱাৰি৷ এনেধৰণৰ উদাহৰণৰ তালিকা প্রায় অন্তহীন হ’ব পাৰে৷ সংক্ষেপতে এইখিনি ক’লেই হ’ব যে অসমীয়াসকলৰ বঙালী–বিদ্বেষৰ এটা প্রধান কাৰণ হ’ল তেওঁলোকৰ মনত বদ্ধমূল হৈ থকা এই সন্দেহ যে বঙালীসকলে এতিয়াও মনে–প্রাণে অসমীয়া ভাষাৰ স্বাতন্ত্র্য স্বীকাৰ নকৰে আৰু অসমীয়া ভাষাক গ্রাস কৰাৰ অভিসন্ধি তেওঁলোকৰ মনৰ পৰা এতিয়াও সম্পূর্ণ দূৰীভূত হোৱা নাই৷ অসমীয়াসকলৰ সন্দেহ যে ভিত্তিহীন নহয়, তাক প্রমাণ কৰাৰ বাবে মাত্র দুটা উদাহৰণেই যথেষ্ট৷
অসমীয়া সাহিত্যৰ এজন প্রধান দিকপাল লক্ষ্মীনাথ বেজবৰুৱা আছিল বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়াল জোঁৱাই৷ তেওঁ বিয়া কৰিছিল ৰবীন্দ্রনাথ ঠাকুৰৰ ভতিজী আৰু হেমেন্দ্র নাথ ঠাকুৰৰ কন্যা প্রজ্ঞাসুন্দৰী দেৱীক৷ বেজবৰুৱাই তেওঁৰ আত্মজীৱনীত লিখিছিলঃ এবাৰ শ্বিলঙত তেওঁ (ৰবীন্দ্রনাথ ঠাকুৰ) দুখ কৰি মোক কৈছিল– ‘তোমালোকেইতো মোক বাহিৰ কৰি দি বাংলা ভাষাৰ পৰিসৰ ঠেক কৰি দিলা৷ কিতাপ লিখি প্রকাশ কৰিবলৈ গ্রন্থকাৰসকলৰ আৰু উৎসাহ থাকে ক’ত?’
বেজবৰুৱাই আৰু লিখি গৈছিল যে ৰবীন্দ্রনাথে কোনোমতেই অসমীয়া ভাষাৰ স্বাতন্ত্র্য স্বীকাৰ কৰি ল’ব বিচৰা নাছিল আৰু এই লৈ শহুৰ–জোঁৱাইৰ মাজত প্রায়ে তর্ক হৈছিল৷ মৌখিক তর্কত কোনো সমাধান নোহোৱাৰ ফলত ৰবীন্দ্রনাথে অসমীয়া ভাষা সম্পর্কে তেওঁৰ নিজস্ব মন্তব্য ব্যক্ত কৰি ‘ভাৰতী’ত এটি প্রবন্ধ লিখিলে৷ বেজবৰুৱাই তাৰ প্রতিবাদত লিখিলে ‘পুণ্য’ পত্রিকাত৷ মুঠ কথা এই যে আধুনিক কালৰ সর্বশ্রেষ্ঠ বঙালীজনৰ মুখেদি অসমীয়াসকলৰ পক্ষত প্রীতিকৰ এটা কথাও উচ্চাৰিত হোৱা নাই৷ অসমীয়াসকলৰ মনত আৰু এটা ক্ষোভ এই যে তেওঁৰ ‘জন–গণ–মন’ সংগীতত ‘পঞ্জাৱ–সিন্ধু–গুজৰা’ আদি ভাৰতৰ সকলো প্রান্তৰেই উল্লেখ আছে, নাই মাথোন ‘কাষৰ ঘৰ’ অসম তথা কামৰূপৰ উল্লেখ৷ এই লৈও অসমত বহু ঘটনা ঘটি গৈছে৷
বঙালীসকলে অসমক গ্রাস কৰিব বিচাৰে বুলি অসমীয়াসকলৰ মনত যি সন্দেহ বদ্ধমূল হৈ আছে, তাৰ বহুতো প্রমাণৰ ভিতৰত এটাৰ উল্লেখ কৰিব পাৰি অধ্যাপক হুমায়ুন কবীৰৰ এটি প্রবন্ধৰ কথা৷ ১৯৪৪ চনৰ ছেপ্ঢেম্বৰ মাহত ‘ইণ্ডিয়া’ কাকতত হুমায়ুন কবীৰে এটি প্রবন্ধ লিখিছিল ঃOne can easily visualise a Bengalee state comprising about ten million people and living a compact area. Such a state would include the present administrative province of Bengal and some of the outliying districts in Assam and Bihar. In fact, the province of Assam may be wholly incorporated in it. Cachar and sylhet in the Surma Valley and Nowgaon and Goalpara Valley are Muslim majority districts. There can be hardly an Assam if this districts join Bengal.
‘বঙালী সম্প্রসাৰণবাদ’ৰ বিৰুদ্ধে অসমীয়াসকলৰ যি চিৰন্তন অভিযোগ, ইমানবোৰ প্রমাণৰ পিছত তাক আৰু অস্বীকাৰ কৰিব পাৰিনে?
কোনোবাই হয়তো ক’ব পাৰে যে এইবোৰতো পুৰণি কথা, আজিকালি আৰু কোনো বঙালীয়ে তেনেদৰে নাভাবে৷ কিন্তু অসমীয়া ভাষাৰ স্বাতন্ত্র্যৰ প্রশ্ণত ১৯৪৯ চনতো অসমৰ কবি আৰু ঐতিহাসিক ড০ অমলেন্দু গুহই তর্ক কৰিব লগা হৈছে গোপাল হালদাৰৰ সৈতে (পৰিচয় ঃ জানুৱাৰী–ফেব্রুৱাৰী, ১৯৪৯)৷ অসমৰ ১৯৬০ চনৰ ভাষা বিবাদৰ সময়ত কলিকতাৰ কাকতবোৰত যিবোৰ চিঠি আৰু প্রবন্ধ প্রকাশিত হৈছিল, সেইবোৰৰ ভালেখিনিৰেই বক্তব্য আছিল এয়ে যে অসমীয়া ভাষা কোনো ভাষাই নহয়৷
অন্ধকাৰ হেনো গভীৰতম হয় প্রভাতৰ ঠিক আগৰ প্রহৰত৷ আমাৰ মনত ধাৰণা হৈছে যে ডেৰ শতিকা ধৰি চলা অসমীয়া–বঙালী বিবাদে যে মুহূর্ততে হিংস্রতম ৰূপ লৈছে, তাৰ পিছতেই হয়তো আমি দেখিবলৈ পাম নবীন নির্মল প্রভাত৷ এনে এটা বিশ্বাসৰ কাৰণ হ’ল এই যে অন্তহীন অসমীয়া–বঙালী বিবাদৰ বিৰুদ্ধে এই প্রথমবাৰৰ বাবে মাৰ বান্ধি থিয় হৈছে অসমৰ নতুন প্রজন্মৰ তৰুণ–তৰুণীসকলে৷ তেওঁলোকৰ বহুতেই প্রাণ পর্যন্ত বিসর্জন দিছে সাম্প্রদায়িকতাবাদক প্রতিহত কৰিবলৈ গৈ৷ যোৱা ডেৰশ বছৰৰ ভিতৰত এনে ঘটনা ইয়াৰ পূর্বে আৰু কেতিয়াও দেখিবলৈ পোৱা নগৈছিল৷ ইয়াৰ পূর্বে অসমৰ বঙালীসকলৰ অভিভাৱকত্ব কৰিছিল কলিকতাৰ কাকতবোৰে৷ তাৰ প্রতিক্রিয়া হৈছিল সকলো সময়তে বঙালীসকলৰ পক্ষে ক্ষতিকৰ৷ কিন্তু আধুনিক মূল্যবোধ আৰু ধ্যান–ধাৰণাৰ সম্পূর্ণ পৰিপন্থী সাম্প্রদায়িক ঘটনা আৰু বিদ্বেষৰ বিৰুদ্ধে এইবাৰ জেহাদ ঘোষণা কৰিছে অসমৰ বহু মানুহে৷ অস্ত্র হিচাপে তেওঁলোকে বাছি লৈছে যুক্তি, সত্য আৰু মানৱতাবোধক৷ ইয়াতকৈ বেছি আশাৰ কথা কিয়েইবা থাকিব পাৰে?
কিন্তু মাথোঁ অসমীয়াসকলৰ দ্বাৰা এই দুৰূহ কাম সম্ভৱ নহ’ব৷ বঙালীসকলেও আগুৱাই আহিব লাগিব সাহায্যৰ হাত আগবঢ়াই দি৷ ‘আমি যাক বুজিব নোৱাৰোঁ, তাক আমি কেতিয়াও ভাল পাব নোৱাৰোঁ৷’ –কৈছিল গ্যেটেই৷ বঙালীসকলে যদি তেওঁলোকৰ সংবেদনশীল মনেৰে বুজিবলৈ চেষ্টা কৰে অসমীয়াসকলৰ মর্মবেদনা, তেওঁলোকৰ ক্ষোভ আৰু ভয়ৰ কাৰণ, তেওঁলোকৰ অভিমান, তেওঁলোকৰ অহংকাৰ– তেতিয়াই বঙালীসকলৰ পক্ষে সম্ভৱ হ’ব অসমীয়াসকলৰ সৈতে অনাবিল আৰু স্থায়ী প্রীতিৰ সম্পর্ক স্থাপন কৰা৷ অসমীয়াসকল তেওঁলোকৰ অতীতক লৈ যেনেদৰে গর্বিত, বর্তমানক লৈ তেনেদৰে তেওঁলোক অলপমান হীনমন্যতাত সংকুচিত৷ এই কথাটো মনত ৰাখিলেই অসমীয়া–মানসিকতা বুজি পোৱাত ভালেখিনি সহজ হ’ব৷