প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুৱে অসমৰ কেৱল বৌদ্ধিক জগততে নহয়, সমাজ জীৱনতো সৃষ্টি কৰিলে এক শূন্যতা, সঞ্চাৰ কৰিলে এক খালী ঠাইৰ৷ আজি তেওঁৰ মৃত্যুৰ বাতৰিয়ে সকলো স্তৰৰ অসমীয়া মানুহক মর্মাহত কৰি তুলিছে৷
কৈশোৰ অৱস্থাতে তেওঁৰ ৰচনাৰাজি পঢ়ি মুগ্ধ হৈছিলোঁ তেওঁৰ ভাষাৰ প্রাঞ্জলতা আৰু স্পষ্টবাদিতাৰ কাৰণে৷ এই গুণৰ বাবেই তেওঁ সহস্র পাঠকক মুগ্ধ কৰি ৰাখিব পাৰিছিল৷ সমালোচনামূলক সাহিত্যত তেওঁ নতুন পৰীক্ষা–নিৰীক্ষাৰে এক বিশেষ আকর্ষণীয় শৈলী নির্মাণ কৰিছিল৷ সমালোচনামূলক সাহিত্যও যে ৰসাল আৰু বোধগম্য হ’ব পাৰে, তাক তেওঁ দেখুৱাই দিছিল৷
বিশ্ব সাহিত্যৰ লগতো তেওঁ চিনাকি কৰাই দিছিল অসমীয়া পাঠকক৷ নতুন লেখক আৱিষ্কাৰ কৰাৰ প্রতিও তেওঁ আছিল অসীম আগ্রহী৷ যুৱাৱস্থাতে তেওঁ হৈ পৰিছিল মোৰ কাৰণে এজন আকর্ষণীয় ব্যক্তিত্ব৷ যুৱক শ্রেণীৰ সকলো পাঠককে তেওঁৰ জীৱনৰ ব্যাখ্যা আৰু আত্ম–জৈৱনিক কথাবোৰে বৰকৈ উদ্বুদ্ধ কৰিছিল৷ কাৰণ তেওঁৰ ৰচনাবোৰত আছিল এনে কিছুমান দিশ আৰু দৃষ্টি, যিবোৰে মানুহক জীয়াই থকাৰ প্রতি অহৰহ প্রেৰণা দিয়ে আৰু দায়িত্বশীল কৰি তোলে৷ এয়া আছিল তেওঁৰ ৰচনা কর্মৰ এক বিশেষ তাৎপর্য৷
বিতর্কৰ ঊর্ধ্বত নহ’লেও তেওঁৰ ৰাজনৈতিক বিশ্লেষণসমূহ ৰাজনৈতিক নেতাসকলে গুৰুত্ব সহকাৰে বিবেচনা কৰিবলগীয়া হৈছিল৷ আন পাঠকসকলৰ মাজতো যিবোৰে জন্ম দিছিল বিশেষ চিন্তা–চর্চা আৰু বিশ্লেষণৰ ঠাই৷
অসমৰ বৌদ্ধিক আৰু সমাজ জীৱনত সুদীর্ঘকাল সক্রিয় হৈ থকা এনে এজন প্রখ্যাত সাহিত্যিক–চিন্তাবিদে আজি বিদায়ৰ পথেৰে গুচি গ’লেও তেওঁক অসমীয়া মানুহে বিদায় দিব নোৱাৰে৷ কাৰণ এয়া তেওঁৰ বিদায় নহয়– এয়া তেওঁৰ শাৰীৰিক অনুপস্থিতিহে যেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব, তেতিয়ালৈকে তেওঁৰ ৰচনাৰাজি অসমীয়া মানুহে পঢ়ি থাকিব৷ অর্থাৎ তেতিয়ালৈকে তেওঁ জীয়াই থাকিব৷ অনুপস্থিতি মানে মৃত্যু নহয়৷ অসমীয়া সাহিত্য থকালৈকে তেওঁৰ মৃত্যু নাই