নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত আশ্রয় লোৱা শৰণার্থীক সাক্ষাৎ চুবুৰীয়া ৰাজ্যৰ ৰাজ্যপাল ধনখৰৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’: পশ্চিমবংগৰ নির্বাচনী হিংসাৰ বলি হৈবর্তমানেও ধুবুৰী জিলাৰ আগমনিৰ অসম–বংগ সীমান্তৰ ৰণপাগলীত আশ্রয় লৈ থকা বংগৰ ১৭৪গৰাকী গাঁওবাসীক আজি বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰে সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়৷ সাক্ষাতৰ সময়ত নির্বাচনী হিংসাত বলি হোৱা লোকসকলক নিৰাপত্তাৰে নিজ নিজ ঘৰত ৰখাৰ ব্যৱস্থা কৰিববুলি ৰাজ্যপালগৰাকীয়ে আশ্বাস দিয়ে৷ ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ লগে লগে ৰাজ্যপালগৰাকীৰ ভৰিত ধৰি হুকহুকাই কান্দে নির্যাতিত লোকসকলে৷

ইয়াৰ বিপৰীতে হিংসাৰ বলি হোৱা নিৰীহ গাঁওবাসীয়ে পশ্চিমবংগত ৰাষ্ট্রপতি শাসন বিচাৰি ৰাজ্যপালক আবেদন জনায়৷ ইয়াৰ অন্তত এখন সংবাদ মেলত ৰাজ্যপালগৰাকীয়ে কয় যে এনে ঘটনা ভাৰতীয় গণতন্ত্রৰ বাবে দুর্ভাগ্যজনক৷ কালি কোচবিহাৰত ৰাজ্যপালৰ লগত তৃণমূল কংগ্রেছৰ সমর্থকে উদ্ভণ্ডালি কৰা ঘটনাৰ আলম লৈ ৰাজ্যপালে কয় যে এয়া কোনোৱে কল্পনা কৰিব নোৱাৰে যে মাত্র ৮গৰাকী তৃণমূল সমর্থকে আৰক্ষীৰ সন্মুখতে কিদৰে ৰাজ্যপালৰ কনভয় ৰখাই দিয়ে? ৰাজ্যখনত গণতন্ত্র বুলি একো নাই বুলি কৈ কয় যে পশ্চিমবংগতহে গণতন্ত্রক হত্যা কৰা হৈছে৷ অসম আৰু বংগকে ধৰি পাঁচখন ৰাজ্যৰ নির্বাচন হয় যদিও কেৱল পশ্চিমবংগতে প্রতিটো নির্বাচনত হিংসা হয়৷ হিংসাক প্রশ্রয় নিদিয়া অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে৷ আনকিবংগৰ লোকসকলক আশ্রয় দিয়াকে ধৰি খোৱা, স্বাস্থ্য পৰীক্ষা কৰা কাপোৰ–কানি দিয়া অসম চৰকাৰ, জিলা প্রশাসন, আৰক্ষী প্রশাসন তথা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে৷বংগত গণতন্ত্রক হত্যাত বংগ জিলা প্রশাসন আৰু আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰিছে বুলি কোচবিহাৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতে অভিযোগ কৰে ৰাজ্যপালগৰাকীয়ে৷ আনকি ৰাজ্যৰ স্বেচ্ছাসেৱী সংগঠন, মানৱ অধিকাৰ সংগঠনবা কর্মী আৰু বংগৰ সংবাদসেৱীক তীব্র সমালোচনা কৰি কয় যে নির্বাচনৰ নামত নিৰীহব্যক্তিক এনে নির্যাতন, অন্যায়–বিচাৰ দেখিও এনে সংগঠনসমূহে ক’লা চছমা পিন্ধি আছে৷

ৰাজ্য চৰকাৰ তথা তৃণমূলৰ গুণ্ডা দেখি ভয় খোৱা বংগ আৰক্ষীয়ে গণতন্ত্র হত্যাকাৰী চৰকাৰৰ হৈয়ে কাম কৰেবুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে৷ এই পৰিস্থিতিৰ ওপৰত কেন্দ্রীয় চৰকাৰলৈ প্রতিবেদন প্রেৰণ কৰিব বুলি কয় ৰাজ্যপাল জগদ্বীপ ধনখৰে৷ নির্বাচনী হিংসাত অসমত আশ্রয় লোৱা লোকসকলক অতি সোনকালে নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিববুলি কয় তেওঁ৷ ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে ৰণপাগলী এম ভি স্কুলত পুৱা ৮.১৫বজাত উপস্থিত হোৱাৰ কথা আছিল যদিও বতৰ বেয়া হোৱাৰ বাবে পুৱা ৯.২০ বজাত স্থলপথেৰে উপস্থিত হয়৷ প্রায় ডেৰ ঘণ্টা থাকি তেওঁ হেলিকপ্টাৰেৰে উভতি যায়৷ তেওঁৰ সৈতে কোচবিহাৰৰ সাংসদ নীতিশ প্রামাণিক, অলিপুৰদুৱাৰৰ সাংসদ জন বাৰলা আৰু তুফানগঞ্জৰ বিধায়িকা মালতী ৰাভা উপস্থিত থাকে৷ উল্লেখ্য যে যোৱা ২ মে’ত ভোট গণনাৰ অন্তত বিজেপিৰ কর্মী আৰু ভোটাৰসকলে পশ্চিমবংগৰ নির্বাচনী হিংসাৰ বলি হৈ অসমৰ সীমান্ত ৰণপাগলীত আশ্রয় লৈ আছে৷

You might also like