অসমীয়া সুৰ
কোনো জাতি কিম্বা জনসমষ্টি কি পৰিমাণে সভ্যতাৰ পথত আগ বাঢ়িবলৈ সমর্থ হৈছে, তাৰ প্রধান মাপকাঠী হৈছে সেই জাতি অথবা জনসমষ্টিৰ সাংস্কৃতিক ঐতিহ্য৷ এনে একোটা জাতিসত্তা সাংস্কৃতিক সমৃদ্ধি মুখ্যতঃ নির্ভৰশীল তাৰ সাংগীতিক উৎকর্ষৰ ওপৰত৷ অসমীয়া (বৃহত্তৰ অর্থত) মানুহৰ বাবে এইটো অতীব সৌভাগ্যৰ কথা এয়ে যে তেওঁলোক এটি সুসমৃদ্ধ সাংগীতিক পৰম্পৰাৰ উত্তৰাধিকাৰী৷ ব্রহ্মপুত্রৰ দুয়োপাৰৰ ভূখণ্ডত আৱহমান কালৰ পৰা এক বর্ণাঢ়্য সাংগীতিক ধাৰা প্রৱাহিত হৈ আহিছে৷ অসমীয়া ভাষাৰ পৰম্পৰাতকৈও জাতিটোৰ সাংগীতিক পৰম্পৰা অধিক প্রাচীন বুলি অনুমান কৰা হয়৷ বিভিন্ন প্রকাৰৰ লোকগীতৰ মাধ্যমে এই ধাৰা নিৰন্তৰ প্রৱাহিত হৈ আহিছে৷ লক্ষণীয়ভাৱে অসমৰ প্রতিটো অঞ্চলতে ভিন ভিন ৰূপত প্রচলিত হৈ অহা এই লোকগীতসমূহৰ পৰিধি অতিকে বিশাল৷ উপত্যকাটোৰ পশ্চিম প্রান্তৰ পৰা আৰম্ভ কৰি ক্রমে উজাই আহি থাকিলে গোৱালপৰীয়া লোকগীত, বড়ো লোকগীত, কামৰূপী লোকগীত ইত্যাদি সুসংজ্ঞাবদ্ধ সাংগীতিক থূলবিলাকৰ উপৰি অনেক স্বল্পখ্যাত ধাৰাৰো অস্তিত্বৰ উমান পাব পাৰি৷ এইদৰে গৈ গৈ উজনিত উপস্থিত হ’লে আন এখন সংগীতৰ ৰাজ্যত প্রৱেশ কৰাটো অনুভৱসাধ্য হৈ উঠে৷ উজনি অসমৰ প্রধান লোক–সংগীতিক ধাৰা হৈছে নিঃসন্দেহে বিহুগীত বা বিহুননাম৷ তাৰ পিছতে আছে বিয়ানাম আৰু টোকাৰী–গীতৰ থূল দুটা৷ ইপিনে আছে মিচিংসকলৰ সমৃদ্ধ স্বকীয় সাংগীতিক পৰম্পৰা আৰু মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ প্রসিদ্ধ ‘লালি–হিলালি’ লোকগীতসমূহ৷ তদুপৰি নিচুকনি গীত, ওমলা গীত, টোপনিৰ গীত, নাৱৰীয়াৰ গীতৰ উপৰি তাঁতীৰ জুনাকে ধৰি বিভিন্ন জুনাবিলাক বৃহত্তৰ অসমীয়া লোকসংগীত পৰম্পৰাৰ একো একোটা অতি মূল্যৱান সম্পদ৷ লক্ষণীয়ভাৱে পূর্বোক্ত সাংস্কৃতিক উপাদানসমূহৰ সাংগীতিক গুৰুত্বৰ লগতে ইবোৰৰ সাহিত্যিক মূল্যও সর্বত্র স্বীকৃত হৈছে৷ ফুলকোঁৱৰ–মণিকোঁৱ্ গীত, বৰফুকনৰ গীত ইত্যাদি অনেক উপাদানৰ বিষয়ে অনেক কথাই অসমীয়া সাহিত্যৰ বুৰঞ্জীত ইতিমধ্যে লিপিবদ্ধ হৈছে৷ অৱশ্যে আজিৰ এই আলচত আমি ঘাইকৈ সুৰৰ বিষয়তে সীমাবদ্ধ থাকিম৷
বিংশ শতাব্দীৰ কালছোৱা অসমীয়া সমাজখনৰ পক্ষে সকলো দিশৰ পৰাই অতিশয় মহত্ত্বপূর্ণ আছিল৷ ইয়াৰে এটা দিশৰ বিবেচনাৰে অসমীয়া কলা–সংস্কৃতিৰ শীর্ষাৰোহণৰ সময় আছিল এই শতিকাটো৷ অসমীয়া সংগীতৰ আধুনিক ধাৰটোৱে এই কালছোৱাত এক সুসংহত ৰূপত আত্মপ্রকাশ কৰিছিল৷ আধুনিক যুগৰ অসমীয়া সংগীতজ্ঞসকলে অসমীয়া সংস্কৃতিক সুৰীয়া ৰূপত সজাই–পৰাই এক নতুন ৰূপ দিছিল৷ এই সময়খিনিতে আধুনিক অসমীয়া সংগীতক লৈ অনেক পৰীক্ষা–নিৰীক্ষা সম্পন্ন হৈছিল৷ তেনে মহান স্রষ্টাসকলে মূলতঃ তিনিটা ধাৰাৰ মাজত সমন্বয় সাধন কৰিছিল, যথা– (ক) লোকসংগীত (খ) ধ্রুপদী সংগীত আৰু (গ) স্বকীয় সৃষ্টিশীল উপাদান৷ উক্ত তিনিটা ধাৰাৰ সন্মিলনত আধুনিক অসমীয়া সংগীতৰ প্রাণসঞ্চাৰ হৈছিল৷ সংগীতৰ সর্বভাৰতীয় প্রেক্ষাপটত যদি আমি মনোনিৱেশ কৰোঁ, তেনেহ’লে এটা কথা সহজে বোধগম্য হ’ব যে সর্বভাৰতীয় ধ্রুপদী সংগীতৰ বৃহত্তৰ থূলটোৰ লগত অসমীয়া ধ্রুপদী ধাৰাটোৰ এক সম্বন্ধ বিদ্যমান যদিও উত্তৰ ভাৰতীয় শাস্ত্রীয় সংগীতৰ সৈতে ই অভিন্ন নহয়৷ ২০০০ খ্রীষ্টাব্দত অসমৰ সত্রীয়া নৃত্যই দেশৰ অষ্টমটো ধ্রুপদী নৃত্যশৈলী ৰূপে লাভ কৰা স্বীকৃতিয়ে পৰোক্ষে এই কথাকে প্রতিপন্ন কৰিলে যে অসমৰ (অর্থাৎ প্রাচীন কামৰূপৰ) সাংগীতিক ধাৰা মহাভাৰতীয় সাংস্কৃতিক পটভূমিতে গঢ় লৈ উঠা এক স্বকীয় কলাশৈলী৷ সি যি নহওক, প্রাচীন কামৰূপী নৃত্য–গীতৰ ধ্রুপদী ধাৰাটোৱে মহাপুৰুষ গুৰু দুজনাৰ অনুপম সৃষ্টিৰাজিৰ মাধ্যমেই এক অনন্য মাত্রা লাভ কৰিছিল৷ এতেকে পৰৱর্তীকালৰ অসমীয়া সংগীতৰ ধ্রুপদী ধাৰা বুলিলে একমাত্র সত্রীয়া নৃত্য–গীতকে সূচাইছিল৷ আনহাতে, অসমত এই ধাৰাৰ প্রৱর্তনকাৰী গুৰু দুজনাই অঞ্চলটোৰ লোক–সংগীত থূলৰ পৰাও কিছু উপাদান আহৰণ কৰাটো প্রণিধানযোগ্য৷ ইয়াৰ অর্থ এয়ে যে লোক–সংগীত আৰু মার্গ–সংগীতৰ মাজত এক অদৃশ্য হস্তান্তৰণ প্রক্রিয়া সম্পন্ন হৈ আহিছে৷ লোক–সংগীতৰ কোনো নির্দষ্ট প্রৱর্তক নাথাকে আৰু তাৰ বিপৰীতে মার্গ–সংগীতৰ এক বা একাধিক প্রৱর্তক থকা আমি দেখিবলৈ পাওঁ৷ সেয়ে মার্গ–সংগীতৰ তুলনাত লোক–সংগীতৰ ক্ষেত্রখন স্বাভাৱিকতে প্রশস্ততৰ৷ কোনো কোনো সংগীত তত্ত্বৰ Musicology) বিশাৰদৰ মতে লোক–সংগীতেই আন সকলো সাংগীতিক ধাৰাৰ আদিমূল৷ কিয়নো লোক–সংগীতৰ বিশাল সমুদ্রৰ মাজত মার্গ–সংগীতৰ শৈলীসমূহৰ অৱস্থিতি একো একোটা ক্ষুদ্র দ্বীপৰ দৰে৷ এনে দ্বীপসমূহক চৌপাশে আগুৰি থকা সাগৰৰ লহৰৰূপী প্রভাৱৰ পৰা মুক্ত কৰি ৰখাটো একেবাৰে অসম্ভৱ কথা৷ অসমৰ বেলিকাও সেয়ে ঘটিছিল বুলি অনুমান কৰিব পাৰি৷ ওজাপালি আদি পৰম্পৰাগত সাংগীতিক অনুষ্ঠানৰ কিছু উপাদান শ্রীমন্ত শংকৰদেৱে বুটলি আনি সত্রীয়া নৃত্যশৈলীত সংযুক্ত কৰাটো এক সর্বজনস্বীকৃত সত্য৷ এই প্রসংগৰ অৱতাৰণা কৰাৰ এক বিশেষ উদ্দেশ্য আছে৷ সেয়া হৈছে, পূর্বতে উল্লেখ কৰি অহা সংগীতৰ তিনিটা মূল ধাৰাৰ উৎস সম্বন্ধে এটা ধাৰণাৰ গঢ় দিয়া৷ এনে উদ্দেশ্য সাধনৰ দিশে অগ্রসৰ হওঁতে আমি দেখিবলৈ পাওঁ যে ইবোৰৰ ভিতৰত প্রথমটো ধাৰাৰ উৎস সম্বন্ধে মানুহে নিশ্চিতভাৱে একো ক’ব নোৱাৰে৷ অনুমানৰ ভিত্তিত কোৱা কিছুমান কথা ধ্রুৱসত্য ৰূপে মানি ল’ব পৰা নাযায়৷ তাৰ তুলনাত লোক–সংগীতৰ উৎস সম্বন্ধে আমি অজ্ঞ বুলি স্বীকাৰ কৰি লোৱাই শ্রেয়৷ ক্রমানুসৰি ইয়াৰ পিছতে আহে ধ্রুপদী সংগীতৰ ধাৰাটোৰ কথা৷ এই সন্দর্ভত এটা কথা অনস্বীকার্য, দ্বিতীয়টো শ্রেণীভুক্ত সাংগীতিক শৈলীৰ উদ্ভাৱনত ব্যক্তি বিশেষৰ স্বকীয় উদ্ভাৱনী প্রতিভাৰ ভূমিকা বহুগুণে অধিক৷ অর্থাৎ কোনো এটা ধ্রুপদী ধাৰাৰ প্রতিষ্ঠাতা একোগৰাকীৰ সৃষ্টিৰ মৌলিকতাই হৈছে ইয়াৰ সাফল্যৰ গুৰিকথা৷ আধুনিককালতো দেখা যায়, একো একোগৰাকী বিশিষ্ট সংগীতজ্ঞৰ নামেৰে মার্গ–সংগীতৰ জগতখনত বহুসংখ্যক ‘ঘৰানা’ সৃষ্টি হৈ আছে৷ এতেকে মার্ক–সংগীতৰ ধাৰাটোত অন্য উৎসৰ পৰা আহৰণ কৰা উপাদানৰ তুলনাত স্বকীয়ভাৱে সৃষ্টি কৰা উপাদানৰ মাত্রা অধিক হোৱাটো অপৰিহার্য৷ এই বিবেচনাৰে ধ্রুপদী সংগীতৰ প্রতিটো শৈলীয়েই প্রকৃততে একোটা সৃষ্টিশীল মনৰ সংৰচনা৷ কিন্তু সাম্প্রতিক কালত সৃষ্টি হোৱা প্রতিটো মৌলিক সুৰেই তেনেহ’লে ধ্রুপদী শৈলীৰ বুলি বিবেচিত নহয় কিয়? মোৰ বোধেৰে সময়েই ইয়াৰ প্রধান কাৰণ৷ যিসমূহ সাংগীতিক সৃষ্টি এতিয়াও কালোত্তীর্ণৰূপে পৰিগণিত হোৱা নাই, সেইসমূহে ধ্রুপদী আখ্যা লভিবলৈ নিশ্চয় কিছু দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব৷ অৱশ্যে অতি সীমিতসংখ্যক সাংগীতিক সৃষ্টিয়ে নব্য ধ্রুপদী Neo-Classical) অভিধা লাভ কৰাটো এই প্রসংগতে উল্লেখযোগ্য৷ তদুপৰি যিবিলাক সুৰত লোক–উপাদানৰ Folk elements) মাত্রা অধিক, সেইবোৰ যিমানেই ৰসোত্তীর্ণ অথবা মনোৰঞ্জক নহওক কিয়, ধ্রুপদী ধাৰাৰ অন্তর্ভুক্ত হ’বৰ অর্হতা আহৰণ কৰিব নোৱাৰে৷ সেয়ে হ’লেও সাম্প্রতিক কালৰ ভাৰতীয় সংগীতে গুণগত আৰু সংখ্যাগত উভয় দিশতে পূর্বৰ সকলো শ্রেণী বিভাজন উলংঘা কৰি এক নতুন শ্রেণীৰ সৃষ্টি কৰিবলৈ সমর্থ হৈছে৷ অসমীয়া সংগীতৰ জগতখনো ইয়াৰ ব্যতিক্রম হৈ ৰোৱা নাই৷ অলেখ–জস্র সৃষ্টিশীল সুৰে আমাৰ সংগীতাকাশ মুখৰ কৰি তুলিছে৷ ১৯৪৮ চনত আকাশবাণীৰ গুৱাহাটী–শ্বিলং কেন্দ্র প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা এচাম যশস্বী সুৰকাৰ, গীতিকাৰ তথা সংগীতকাৰে অসমৰ সাংগীতিক পৰম্পৰাত এক সোণালী অধ্যায়ৰ সংযোজন ঘটালে৷ কিন্তু তাৰো কিছু আগেই ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা আৰু গীতিকবি পার্ৱতিপ্রসাদ বৰুৱাই অসমীয়া গীত–মাতক লৈ অনেক পৰীক্ষা–নিৰীক্ষা সম্পন্ন কৰে৷ এই দুজনা সংগীতজ্ঞৰ আৱির্ভাৱৰ আগলৈকে ‘অসমীয়া সুৰ’ৰ কালিকাটো যেন কোনেও অনুভৱ কৰিব পৰা নাছিল৷ এইখিনিতে এটা কথা উল্লেখযোগ্য যে অসমৰ সমাজ–জীৱনত অতি বিশিষ্ট স্থান অধিকাৰ কৰি থকা তিনিটা বিশেষ গীতৰ কোনোটোৱেই আমি ওপৰত কৈ অহা অসমীয়া সুৰত গোৱা হোৱা নাই৷ অসমীয়াৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ সুৰটো কোনো এক বিদেশী সুৰৰ আর্হিত প্রস্তুত কৰা বুলি আমি জানিব পাৰিছিলোঁ৷ আনহাতে, অসম সাহিত্য সভাৰ উদ্বোধনী গীতৰ ৰূপত গাই অহা ‘চিৰচেনেহী মোৰ ভাষা–জাননী’ আৰু ৰঙালী বিহুৰ পতাকা উত্তোলনৰ আনুষ্ঠানিক গীত ‘শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন’ গীতি দুটিও নব্য ধ্রুপদী শ্রেণীৰহে অন্তর্ভুক্ত হ’বৰ যোগ্য৷ কিয়নো মই কোৱা অসমীয়া সুৰৰ অনুৰণন এই দুটি গীততো বিচাৰি পোৱা নাযায়৷ তেনেহ’লে অসমীয়া সুৰনো প্রকৃততে কি? এই প্রশ্ণৰ উত্তৰত এটা কথাই ক’ব লাগিব যে অসমীয়া সুৰৰ এই কালিকা সংজ্ঞাবদ্ধ কৰা সহজ নহয়৷ বৰং ই এক উপলিব্ধৰহে বস্তু৷ এনে সুৰৰ নিদর্শন অসমত বাদে পৃথিৱীৰ ক’তো বিচাৰি পোৱা নাযায়৷ ইয়াৰ মহত্ত্ব পোনপ্রথমে অনুভৱ কৰিবলৈ সমর্থ হৈছিল সুৰৰ যাদুকৰ জ্যোতিপ্রসাদ আগৰৱালাই৷ তেখেতে ৰচনা আৰু সুৰোৰোপণ কৰা ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’ গীতটোৱেই সম্ভৱতঃ অসমীয়া সুৰসম্বলিত প্রথমটো আধুনিক অসমীয়া গীত৷ গীতিকবি পার্ৱতিপ্রসাদ আৰু বনকোঁৱৰ আনন্দিৰাম দাসৰ অসমীয়া সুৰ সমৃদ্ধ কৰি তোলাত বিশেষ অৰিহণা আছে৷ উল্লেখ্য যে গীতিকবিগৰাকীয়ে টোকাৰী গীতৰ সুৰত আৰু বনকোঁৱৰ দাসদেৱে বনগীতৰ সুৰৰ অনুকৰণত বহুসংখ্যক যুগজয়ী গীত সৃষ্টি কৰি থৈ গৈছে৷ প্রয়াত কমল হাজৰিকাদেৱে ৰচনা কৰা অসমীয়া সুৰৰ প্রসিদ্ধ গীতটো আছিল ‘চেনাই মই যাওঁ’ (ইয়াত কণ্ঠদান কৰিছিল কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰে)৷ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু গণশিল্পী খগেন মহন্তই কিছুসংখ্যক গীতত নিভাঁজ অসমীয়া সুৰ সংযোজন কৰি থৈ গৈছে যদিও অসমীয়া সুৰ সৃষ্টিৰ সবাতোকৈ দক্ষ সুৰকাৰ হিচাপে আমি গণ্য কৰোঁ লুইতকোঁৱৰ ৰুদ্র বৰুৱাদেৱকহে৷ তেখেতৰ অনুপম সৃষ্টি ‘পকা ধানৰ মাজে মাজে সৰু সৰু আলি’ আৰু ‘অ’ তুলতুল অ’ বুলুবুল, অ’ সেউতী তৰা’ আদি এমুঠিমান গীত অসমীয়া সুৰৰ অত্যুজ্জ্বল নির্দশন৷ বহুসংখ্যক অসমীয়া বোলছবিতো ভালেমান অসমীয়া সুৰৰ গীত সন্নিৱিষ্ট হৈছে৷ ইয়াৰ কৃতিত্ব প্রসিদ্ধ সুৰকাৰ আৰু সংগীত পৰিচালক জিতু–তপন, প্রয়াত ৰমেন বৰুৱা আদিৰ প্রাপ্য৷
শেষত ক’ব খোজোঁ যে আমি যিটো বিমূর্ত সত্তাক ‘অসমীয়া সুৰ’ ৰূপে আখ্যায়িত কৰিছোঁ, তাৰ সন্দর্ভত বিস্তৃত বিদ্যায়তনিক গৱেষণা সম্পন্ন কৰাৰ প্রয়োজন আছে৷ কিয়নো অসমীয়া জাতীয় জীৱনক মহত্ত্ব আৰু সুষমা দান কৰা সবাতোকৈ আপুৰুগীয়া বস্তুটোৱেই হৈছে অসমীয়া সুৰ৷ ইয়াৰ সৈতে অসমৰ মাটিৰ গোন্ধ সংপৃক্ত হৈ আছে৷ অৱশ্যে এটা কথা স্পষ্ট কৰি দিয়া ভাল হ’ব যে আমি কোৱা অসমীয়া সুৰ সংযোজিত নোহোৱাকৈও বহুসংখ্যক সার্থক অসমীয়া গীত বিগত কালছোৱাত সৃষ্টি হৈছে৷ এই শ্রেণীভুক্ত গীতসমূহত লোক–উপাদানৰ তুলনাত সুৰ স্রষ্টাৰ স্বকীয় সৃষ্টিশীল উপাদনৰ সমাৱেশ অধিক মাত্রাত দৃষ্টিগোচৰ হয়৷