নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাৰ দুর্ভোগ

কাল ক’ৰোনাই জীৱন–জীৱিকালৈ অনিশ্চয়তা নমাই অনাৰ সময়তে বজাৰত আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ জনতাক চৰম দুর্ভোগ ভোগাইছে৷ পাইকাৰী আৰু খুচুৰা বজাৰত প্রতিদিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্রীৰ দাম৷ অত্যাৱশ্যকীয় সামগ্রীৰ চৰা দামৰ মূলতে যে পেট্র’ল–ডিজেলৰ প্রায় প্রতিদিনে মূল্যবৃদ্ধি হোৱাটো, সেই কথা ইতিমধ্যে জলজল–পটপট হৈ পৰিছে৷ খোদ কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি বিগত জুন মাহত দেশৰ পাইকাৰী বজাৰত মূল্যবৃদ্ধিৰ হাৰ আছিল ১২.০৭ শতাংশ৷ লক্ষণীয়ভাৱে বিগত তিনি মাহ ধৰি পাইকাৰী বজাৰত মূল্যবৃদ্ধিৰ হাৰ ১০ শতাংশৰ ওপৰত আছে৷ সেইদৰে যোৱা দুটা মাহ পাইকাৰী বজাৰত মূল্যবৃদ্ধিৰ হাৰে অৱস্থান কৰিছে ১২ শতাংশৰ ওপৰত৷ যিটো স্বাভাৱিকতে যথেষ্ট উদ্বেগজনক বিষয় ৰূপে বিবেচিত হৈছে৷ একেদৰে খুচুৰা বজাৰতো মূল্যবৃদ্ধিৰ হাৰ ৰিজার্ভ বেংকৰ নির্ধাৰিত সহনসীমাৰ যথেষ্ট ওপৰত আছে৷ যোৱা জুন মাহত দেশৰ খুচুৰা বজাৰত মূল্যবৃদ্ধিৰ হাৰ আছিল ৬.২৬ শতাংশ৷ খুচুৰা বজাৰত ক্রমবর্ধমান ৰূপত মূল্যবৃদ্ধি অব্যাহত আছে৷ মে’ মাহৰ ৬.৩ শতাংশৰ পৰা জুন মাহত এই হাৰ একেকোবে হৈছেগৈ ৬.২৬ শতাংশ৷ কেন্দ্রীয় চৰকাৰৰ এই তথ্যই স্পষ্ট কৰিছে ক’ৰোনাসৃষ্ট জটিল পৰিৱেশত সর্বসাধাৰণ জনতাই কিদৰে নিজৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ ক’ৰোনাৰ প্রথমটো ঢ়ৌৰ সময়ত বিগত বর্ষৰ ২৫ মার্চত কেন্দ্রীয় চৰকাৰে দেশজোৰা লকডাউন ঘোষণা কৰিছিল৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ ক্রমশঃ হ্রাস পাই অহাত পর্যায়ক্রমে এই লকডাউন শিথিল কৰি দিয়াত স্তব্ধ হৈ পৰা উদ্যোগ, কৃষি, পর্যটন, পৰিবহণ আদি খণ্ডসমূহে গতি লাভ কৰাৰ লগে লগে ইয়াৰ সৈতে জড়িতসকলে নিজৰ জীৱিকাত পুনৰ ব্রতী হ’বলৈ সক্ষম হৈছিল৷ ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌৰ সময়ত দেশজোৰা লকডাউন ঘোষণা নকৰিলেও প্রায়বোৰ ৰাজ্যই নিজাববীয়াকৈ বাধা–নিষেধ বলৱৎ কৰিছে৷ ফলত পুনৰ কর্মহীন হ’বলগীয়া হৈছে হাজাৰ হাজাৰ শ্রমিক–কর্মচাৰী৷ এতিয়া অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এইসকল লোকৰ জীৱনযাত্রালৈ দুর্ঘোৰ সংকট নমাই আনিছে৷
পূর্বে উল্লেখ কৰি অহা হৈছে যে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ ক্রমবর্ধমান মূল্যবৃদ্ধিৰ অন্যতম কাৰণ হ’ল পেট্র’ল–ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধি৷ বিশেষকৈ ডিজেলৰ দাম বৃদ্ধিৰ ফলত খাদ্য–সামগ্রী, পৰিবহণৰ ব্যয়ো বাঢ়িছে৷ যদিহে ইন্ধনৰ মূল্যবৃদ্ধি নিয়ন্ত্রণ নহয়, তেন্তে অনাগত সময়ত দেশৰ পাইকাৰী–খুচুৰা উভয় বজাৰতে মূল্যবৃদ্ধিৰ জুয়ে জনসাধাৰণক আৰু অধিক বিপর্যস্ত কৰাৰ আশংকা প্রকট৷ তথ্য অনুসৰি যোৱা মাহটোত খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ৫.১৫ শতাংশ৷ সেইদৰে তেল আৰু চর্বিজাতীয় সামগ্রীৰ ৩৪.৭৮ শতাংশ আৰু ফল–মূলৰ ১১.৮২ শতাংশ পর্যন্ত মূল্যবৃদ্ধি ঘটিছে৷ সমগ্র দেশৰ লগতে অসমৰ জনসাধাৰণৰ মূৰতো মাধমাৰ শোধাইছে মূল্যবৃদ্ধিয়ে৷ অসমৰ বজাৰত মাত্র ৫ বছৰ ৪ মাহৰ ব্যৱধানতে চাউল, মিঠাতেল, আলু–পিঁয়াজৰ কিদৰে ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে, সেই কথা শেহতীয়াকৈ স্পষ্ট হৈছে অসম বিধানসভাৰ মজিয়াতে৷ চৰকাৰীভাৱে বিধানসভাত দিয়া তথ্য অনুসৰি ২০১৬ চনৰ ফেব্রুৱাৰী মাহত অসমত প্রতিকিলো আইজং (উত্তম) চাউলৰ মূল্য আছিল ২৪–৩৪ টকা৷ কিন্তু চলিত বর্ষৰ জুন মাহত এই সামগ্রীবিধৰ মূল্য ৩৬–৪০ টকা হৈছেগৈ৷ পাঁচ বছৰ চাৰি মাহ পূর্বে অসমৰ গ্রাহকে প্রতিলিটাৰ মিঠাতেল ৮০–১২৫ টকাত ক্রয় কৰিছিল যদিও চলিত বর্ষৰ জুন মাহত ইয়াৰ মূল্য হৈছে ১৫০–২০০ টকা৷ চৰকাৰৰ তৰফৰ পৰা মূল্যবৃদ্ধি নিয়ন্ত্রণৰ হকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্রহণ কৰা বুলি ঘোষণা কৰি আহিলেও বাস্তৱত সেয়া কিমানদূৰ কার্যকৰী হৈছে, তাক লৈ জনসাধাৰণৰ মাজত প্রশ্ণ উত্থাপন হৈ আহিছে৷ চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ বজাৰ ব্যৱস্থা নিয়ন্ত্রণৰ বাস্তৱ পদক্ষেপ গ্রহণ কৰিব লাগিব৷ নহ’লে মূল্যবৃদ্ধিয়ে অনাগত সময়ছোৱাত খাটিখোৱা সর্বসাধাৰণ জনতাৰ জীৱনক অভাৱনীয় জটিলতাৰ মাজলৈ ঠেলি দিব৷

You might also like