নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ঔদ্যোগিক অধিসূচনা আৰু খিলঞ্জীয়াৰ অধিকাৰ

-ড০ দেৱজিৎ মহন্ত

অসমত ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ স্থাপনৰ বাবে কিছুমান অনুমোদন, পৰিদর্শনৰ পৰা ৰেহাই দিবৰ বাবে যোৱা ২৯ জুনত অসমৰ কেবিনেট কমিটীয়ে ২০১৩ নম্বৰ অনুচ্ছেদৰ ১নং ধাৰাৰ অধীনত অসম ক্ষুদ্র, লঘুবা মজলীয়া উদ্যোগ (প্রতিষ্ঠা তথা পৰিচালন সাহায্য) অধ্যাদেশ জাৰী কৰে৷ এই অধ্যাদেশত এজন মানুহ, যিয়ে ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ স্থাপন কৰিব বিচাৰে তেওঁ অগ্ণি নির্বাপণ আৰু পৰিৱেশ সম্পর্কীয় আইনসিদ্ধ চর্তসমূহ পূৰণ কৰি স্ব–ঘোষণা পত্রৰ (লেটাৰ অৱ ইনটেণ্টৰ জৰিয়তে নডেল এজেঞ্চীত আবেদন কৰিব লাগিব৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া নডেল এজেঞ্চীয়ে স্ব–ঘোষণা পত্রৰ ভিত্তিত ৬/১ অনুসূচীৰ ৫ নম্বৰ ধাৰাৰ জৰিয়তে আবেদনকাৰীক একনলেজমেণ্ট চার্টিফিকেট দিব৷ এই একনলেজমেণ্ট চার্টিফিকেটৰ ভিত্তিত উদ্যোগীয়ে কোনো ন’ অবজেকচন ক্লিয়াৰেঞ্চ, সন্মতি পত্র, অনুমোদন, পঞ্জীয়ন, লাইচেঞ্চ আদি ৰাজ্যিক আইন অনুসৰি অসমত যিখিনি প্রয়োজনীয় নোহোৱাকৈয়ে তিনিবছৰৰ বাবে উদ্যোগ স্থাপন কৰিব পাৰিব৷ তিনিবছৰৰ পিছত উদ্যোগীয়ে সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা নির্দিষ্ট বিধিৰ ভিত্তিত প্রয়োজনীয় অনুমতিৰ বাবে আবেদন কৰিব লাগিব৷
ক’ৰোনা মহামাৰীৰ বাবে ১২ লাখতকৈও অধিক অসমৰ প্রব্রজিত শ্রমিক বিভিন্ন ৰাজ্যৰ পৰা উভতি অহাৰ পিছত আৰুবহু হাজাৰ লোকে কর্মসংস্থাপন হেৰুৱাৰ সময়ত অসমত কর্মসংস্থাপনবৃদ্ধি, স্ব–নিয়োজিত উদ্যোগীক উৎসাহ আৰু অর্থনীতিৰ গতি ত্বৰান্বিত কৰিবৰ বাবে এই অধ্যাদেশৰ প্রয়োজন নাইবুলি ক’ব নোৱাৰি৷ তেনেহ’লে কিয় সংবাদ শিৰোনাম দখল কৰিছে এই অধ্যাদেশখনে? কিয় বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল–সংগঠনে অধ্যাদেশখনৰ বিৰোধিতা কৰিছে? অধ্যাদেশখনত উল্লেখ কৰা ‘এজন মানুহ’ শব্দ দুটা গুচাই যদি ‘খিলঞ্জীয়া’ শব্দটো সন্নিৱিষ্ট কৰিলেহেঁতেন অর্থাৎ খিলঞ্জীয়া মানুহ, যিয়ে নিজৰ কৃষিভূমিত ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ স্থাপন কৰিব বিচাৰে সংলগ্ণ কৰিলেহেঁতেন আৰু অধ্যাদেশখনবলৱৎ হোৱাৰ দিনৰ পৰা অর্থাৎ ২০২০ চনৰ জুলাইৰ পৰা কৃষকৰ কৃষিভূমি খিলঞ্জীয়াত বাদেবা চৰকাৰে ৰাজহুৱা স্বার্থজড়িত কাৰণৰ বাবে অধিগ্রহণ কৰাত বাদে আন কাৰোবাক কিনা–বিকা নিষিদ্ধ কৰিলেহেঁতেন তেনেহ’লে হয়তো এনেধৰণৰ প্রতিবাদ নহ’লহেঁতেন৷ খিলঞ্জীয়া শব্দটি অধ্যাদেশত নথকা বাবে এক শ্রেণীৰ অসাধু বণিক গোষ্ঠীয়ে কৃষিভূমি কৃষকবা খিলঞ্জীয়াৰ পৰা ক্রয় কৰি উদ্যোগ গঢ়ি খিলঞ্জীয়াক ভূমিহীন কৰি তুলিববুলি শংকিত হৈ প্রতিবাদৰ কার্যসূচী লৈছে দল–সংগঠনসমূহে৷ দল–সংগঠনৰ এই প্রতিবাদ যুক্তিযুক্ত নহয়বুলি ক’ব নোৱাৰি৷ আজি বৃহত্তৰ গুৱাহাটী মহানগৰৰ ঘাইপথৰ দুয়োকাষে খিলঞ্জীয়া মানুহৰ মাটি নাই, অভাৱ–নাটনৰ সুবিধা লৈ এচাম অনা–সমীয়া বণিক গোষ্ঠীয়ে টকাৰ প্রলোভনেৰে ক্রয় কৰি লৈছে ঘাইপথৰ দুইকাষৰ মাটি৷ যি অৱস্থা আজি বৃহত্তৰ গুৱাহাটী মহানগৰৰ দুইকাষে প্রত্যক্ষ হৈছে কাইলৈ আন আন জিলাসমূহলৈও সম্প্রসাৰিত হ’ব৷ দল–সংগঠনৰ প্রতিবাদৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অধ্যাদেশত ভূমি কিনা–বিকাত আগৰ নীতিয়ে বলৱৎ থকিব আৰু ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্রত তিনিবছৰৰ বাবে অনুমোদন আৰু পৰিদর্শনৰ পৰা ৰেহাই দি অধ্যাদেশখন সংশোধন কৰা বুলি সংবাদ মেলযোগে পিছত ঘোষণা কৰে৷ অধ্যাদেশত খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াক কিনা–বিকাৰ যদি ব্যৱস্থা ৰাখিলেহেঁতেন উদ্যোগীকৰণৰ ক্ষিপ্রতৰ হ’লহেঁতেন৷ কাৰণ ভূমিৰ পুৰণি কিনা–বিকা নীতিও যথেষ্ট জটিল আৰু সময়ৰ প্রয়োজন৷ আমাৰ বহু শিক্ষিত উদ্যোমী যুৱক ভূমিৰ নতুন নীতিৰদ্বাৰা উপকৃত হ’লহেঁতেন৷ এয়া সময়ৰ দাবী নহ’লে আমি উদ্যোগীকৰণৰ ক্ষেত্রতবহুবছৰ পিছুৱাই যাম৷
২০১৫ চনত দি আছাম এগ্রিকালচাৰেল লেণ্ড (ৰেগুলেচন অৱ ৰিক্লাছিফিকেচন এণ্ড ড্রেন্সফাৰ ফৰ নন এগ্রিকালচাৰেল পাৰপাছ) নামেৰে অনা আইনখনৰ পিছৰপৰা কৃষিভূমি অ–কৃষিকার্যৰ বাবে শ্রেণী পৰিৱর্তনৰ সোঁত আৰম্ভ হয়৷ শেহতীয়াকৈ অনা অধ্যাদেশখনে কৃষিভূমিৰ শ্রেণী পৰিৱর্তনৰ জৰিয়তে অ–কৃষিকার্য কৰাৰ পৰিৱর্তে ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ স্থাপনৰ বাবেব্যৱহাৰ কৰিব বুলি কৈছে৷ ৰাজস্থান, গুজৰাট আৰু কর্ণাটকৰ আর্হিত কেতবোৰ অনুমোদন আৰু পৰিদর্শনৰ পৰা ৰেহাই দি ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ স্থাপনৰ জৰিয়তে উদ্যোগীকৰণ কৰিব বিচৰা চৰকাৰৰ এই নীতি এক আদৰণীয় পদক্ষেপ হ’ব, যদিহে ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰে৷ খিলঞ্জীয়া শব্দটো যদি পুনৰ অধ্যাদেশত অন্তর্ভুক্তও কৰা হয়, তেনেহ’লে প্রয়োজন হ’ব খিলঞ্জীয়াৰ প্রকৃত সংজ্ঞা নির্ধাৰণ কৰাৰ৷ সাধাৰণ অর্থত ভূমিপুত্রসকলেই খিলঞ্জীয়া৷ কিছুমানে ১৯৭১ চনৰ ২৫ মার্চৰ আগত থকা লোকখিনিক, কিছুমানে ১৯৫০ চনৰ আগৰ পৰা থকা লোকখিনিক খিলঞ্জীয়া বুলি ক’ব খোজে৷ খিলঞ্জীয়াৰ সংজ্ঞা হয়তো এক সৌহার্দ্যপূর্ণ আলোচনাৰ জৰিয়তে নির্ধাৰণ কৰিব পৰা যাব৷
ভাবকচোন, গাঁৱত এটা ধানবনা কল স্থাপন কৰিবৰ বাবে প্রয়োজনীয় অনুমতি পত্র এখন উলিয়াবৰ বাবে পঞ্চায়তৰ সভাপতিৰ পৰা জিলা উপায়ুক্তৰ কার্যালয়লৈ কিমানবাৰ তাঁত–বাটি কাৰিবলগীয়া হয়, যাৰ ফলত কেতিয়াবা উদ্যোগী যুৱক ভাৰাক্রান্তও হৈ পৰে৷ সেই সকলোব্যৱস্থা নাইকিয়া হ’লে কিমান সহজসাধ্য হ’ব ধানবনা কলটো স্থাপন কৰাত৷ এয়া মাত্র বহুতৰ মাজত এটা সামান্য উদাহৰণহে৷ চহৰ বা নগৰৰ সম্প্রসাৰণ গাঁৱৰ কৃষিভূমিৰ ওপৰত ভিত্তি কৰিয়েই হয়৷ মোৰ পিতাৰ দিনৰ কামৰূপ জিলাখন বর্তমান থকা কামৰূপ জিলাখনতকৈ বহুত সৰু আছিল৷ মোৰ দিনৰ কামৰূপ জিলাখন কামৰূপ মেড্রো আৰু কামৰূপ ৰুৰেললৈ সম্প্রসাৰিত হ’ল৷ এই সম্প্রসাৰণ কিন্তু চাংসাৰি, বেজেৰা, আজাৰা, চন্দ্রপুৰ আৰু সোণাপুৰৰ গাঁৱৰ কৃষিভূমিৰ ওপৰত ভিত্তি কৰিয়েই হৈছে৷ কৃষিভূমি বা মাটিৰ মালিকীস্বত্ব পৰিৱর্তন নকৰাকৈও ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ গঢ়ি উঠিব পাৰে৷ গুৱাহাটীৰ পৰা উজনি অসমলৈ যাওঁতে গুৱাহাটীৰ সমীপতে লাগি থকা সোণাপুৰত ঘাইপথৰ দুয়োকাষে প্রত্যক্ষ হয় বহুতো ধাবা বা ৰেষ্টুৰেণ্টৰ৷ সেই ধাবা বা ৰেষ্টুৰেণ্ট গঢ় লৈ উঠা মাটিবিলাক ড্রাইবেল বেল্টৰ অধীনত৷ ড্রাইবেল বেল্টৰ মাটি আইনমতে অ–জনজাতীয় লোকে কিনিব নোৱাৰে৷ গতিকে ধাবাবা ৰেষ্টুৰেণ্টৰ মালিকসকলে উক্ত মাটি লীজত লৈব্যৱসায় চলাই আছে৷ গতিকে মাটিৰ মালিকীস্বত্ব পৰিৱর্তন নকৰাকৈ লীজো হ’ব পাৰে ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ গঢ়ি তোলাৰ আন এক উপায়৷
শেষত, ২০১৯ চনৰ ২১ ডিচেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে অসমৰ ভূমিৰ অধিকাৰ অ–খিলঞ্জীয়াক যাতে হস্তান্তৰ কৰিব নোৱাৰে তাৰবাবে বিধেয়ক আনি আইনী মর্যাদা দিববুলি উল্লেখ কৰিছিল৷ সেইবাবে চৰকাৰে খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ হাততে ৰাখি কৃষি ভূমি বা আন ভূমিয়েই হওক পৰিদর্শন আৰু অনুমোদনৰ মেৰপাক নোহোৱাকৈ ক্ষুদ্র, লঘু বা মজলীয়া উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰি অসমৰ উদ্যোগীকৰণৰ প্রক্রিয়া দ্রুততৰ কৰক৷ সামগ্রিক উন্নয়নৰ বাবে কৃষি আৰু উদ্যোগীকৰণ দুয়োটাই প্রয়োজনীয়৷ লগতে বিভিন্ন দল–সংগঠনেও খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্রতিবাদে যাতে আমাৰ চলি থকা কৃষিকর্ম আৰু উদ্যোগীকৰণত বাধা নহয় তাৰ প্রতিও লক্ষ্য ৰাখক৷ নহ’লে এনে দিনো আহিব পাৰে প্রতিবাদবা আন্দোলনৰ কার্যসূচীত লিপ্ত হৈ থকাৰ সময়তেবংগমূলীয় কঠোৰ পৰিশ্রমী শ্রমিকসকলে খিলঞ্জীয়াই নজনাকৈয়ে উদ্যোগ গঢ়ি তুলিছে৷

You might also like