নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি কুলধৰ শইকীয়াৰ অভিভাষণ

ভবা নাযায় যে বিশ্বত এনে কোনো জাতি থাকে বা ভাষিক গোষ্ঠী থাকে, যিয়ে নিজৰ ভাষা–সাহিত্য আৰু জন্মভূমিক লৈ গৌৰৱ নকৰে৷ ড০ মহেশ্বৰ নেওগ ডাঙৰীয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কোৱা কথাষাৰে আমাক তেনে এক কথাৰে ইংগিত দিয়ে– ‘দীর্ঘকাল ব্যাপি তেওঁ সুদূৰ সম্বলপুৰত প্রবাসী হৈ আছিল যদিও লক্ষ্মীনাথৰ প্রাণটো অসমৰ হাবি–বন, পর্বত–কন্দৰ, মৰমৰ ছিৰি লুইত আৰু ৰংপুৰৰ বুকুতহে পানীত হাঁহ চৰাদি চৰি ফুৰিছিল৷’ অসমীয়া ভাষা–সাহিত্যৰ শ্রীবৃদ্ধি আৰু প্রসাৰণৰ মুখ্য কথাই হ’ব লাগিব আমি কেনেদৰে এক উপাদেয় পৰিৱেশ আৰু বাতাৱৰণ সৃষ্টি কৰিব পাৰোঁ যাৰ ফলত ভাষাটো কোৱা, পঢ়া আৰু লিখাক লৈ আমি স্ব–গৌৰৱবোধ কৰিব পাৰোঁ আৰু আমাৰ ঐতিহাসিকভাৱে প্রাচীন আৰু অন্যান্য ভাৰতীয় ভাষাৰ সৈতে সমতুল্য আমাৰ ভাষাৰ পৌৰাণিক ইতিহাসক লৈ স্বাভিমানী হ’ব পাৰোঁ৷ আজিকালি সঘনাই আলোচিত বিষয়টো হ’ল যে আমাৰ নিজৰ ভাষাত শুদ্ধকৈ কথা কোৱা, সাহিত্য সৃষ্টি কৰা বা লিখা–মেলা কৰা আৰু পঢ়াৰ ওপৰত আমাৰ থাকিবলগীয়া আত্মগৌৰৱ আমি ক্রমশঃ ক্ষুণ্ণ হ’বলৈ এৰি দিছোঁ, ইজনে সিজনৰ লগত আমাৰ ভাষাত ভাবৰ আদান–প্রদান কৰাৰ সময়ত হীনমন্যতাত ভোগা বুলিও আক্ষেপ প্রকাশ কৰা দেখা যায়, ঠিক যেন লিংগুছাইড, লেংগুৱেজ ডেথ বা ভাষামৃত্যু অথবা লেংগুৱেজ ছিফ্ট, যাৰ দ্বাৰা প্রভাৱশালী অন্য ভাষা আগ্রাসনৰ আগজাননীৰ কথা ক’বলৈ বিচৰা হৈছে৷ কথাবোৰ বিভিন্ন মঞ্চত, মানুহৰ প্রাত্যহিক কথা–বতৰাত, ভাষা–সাহিত্যৰ আড্ডাত সতকাই শুনিবলৈ পোৱা যায়৷ যদিও এনেধৰণৰ বা–বিতর্ক আগৰ পৰাই শুনি আহিছোঁ, সাম্প্রতিক সময়ত গোলকীকৰণে ভাঙি দিয়া ভৌগোলিক সীমাৰ দ্বাৰা আহূত মুক্ত সমাজ জীৱনে তুলনামূলকভাৱে জনসংখ্যাৰ হাৰত কমসংখ্যক মানুহে কোৱা বুলিয়ে অসমীয়াভাষী লোকৰ মাজত এক শংকা–সংশয়ৰ বাতাৱৰণ সৃষ্টি কৰাটো আমি লক্ষ্য কৰিছোঁ যদিও অন্য এক সমান্তৰাল ধাৰাৰ সুঁতিয়েও আমাৰ দৃষ্টি আকর্ষণ কৰিছে, য’ত দেখা গৈছে নতুন প্রজন্মৰ বহু যুৱক–যুৱতী অসমীয়া ভাষাত লিখাৰ উৎসাহত ব্রতী হৈছে, অনলাইন অসমীয়া ভাষাৰ আলোচনীৰ জন্ম দি অহৰহ সৃষ্টি কৰি গৈছে নিজস্ব ভাষাৰ ৰচনাৰাজি, অসমীয়া গ্রন্থ–আলোচনী ছপা মাধ্যমত প্রকাশ কৰাৰ প্রয়াসত নিমগ্ণ হৈছে, চুকে–কোণে সিঁচৰতি হৈ থকা লোকগীত–মাতৰ পুনৰুদ্ধাৰত নামি পৰিছে৷ কথাটো ঠিক যে কিছু আগ্রাসী ভাষাৰ ছুনামিক আমি প্রত্যাহ্বান হিচাপে ল’বলগীয়া হৈছে, আমাৰ নিজৰ ভাষা–সংস্কৃতিৰ ইতিহাসৰ প্রাচীনতা সম্বন্ধীয় জ্ঞান–গৰিমা সঠিক মানত নতুন প্রজন্মৰ সমুখলৈ আনি দিব পৰা নাই, স্কুল–কলেজৰ পাঠ্যক্রমৰ পৰা সেইবোৰ ক্রমশঃ নিৰুদ্দেশ হৈছে আৰু ৰাইজৰ চকুৰ পৰা আমাৰ মহিমামণ্ডিত ঐতিহাসিক অধ্যায়সমূহ, সাহিত্য–সংস্কৃতিৰ জয়যাত্রাৰ গুণগানবোৰ কিছু ম্লান পৰি আহিছে, যাৰ ফলত ইতিহাসৰ পৰা আহিব পৰা আমাৰ স্বাভিমানৰ স্রোত কিছু পৰিমাণে হ’লেও স্তিমিত হোৱাৰ উপক্রম হৈছে৷ তথ্যগতভাৱে প্রমাণিত হৈছে যে ভাৰতীয় বহু ভাষাৰ তুলনাত অসমীয়া ভাষাই বহু পুৰণি কালতে সুনাম অর্জাৰ নজিৰ আছে আৰু ভাষাতত্ত্ববিদে সেইসমূহক নতশিৰে স্বীকাৰো কৰি গৈছে৷ দোহাৰিব পাৰি যে হেম সৰস্বতী, মাধৱ কন্দলি, হৰিবৰ বিপ্র, শংকৰদেৱৰ দৰে পুণ্যাশ্লোকৰ সৃষ্টিয়ে আমাৰ ভাষা সাহিত্যক দিয়া সুদৃঢ় পৃষ্ঠভূমিৰ উপৰি শিলালিপি তাম্রলিপিৰ প্রাচীন ইতিহাস এইবোৰৰ সাক্ষী ৰৈছে, অথচ আমি সু–সংহতভাৱে সেইবোৰ বহিঃসমাজলৈ আগবঢ়াই দি অসমীয়া ভাষাৰ স্বর্ণিল স্থিতিক সাব্যস্ত কৰাত সঠিক সফলতা পোৱা নাই, যাৰ ফলত সর্বভাৰতীয় প্রেক্ষাপটত আমি সঘনাই আমাৰ ভাষাৰ স্বকীয়ত্ব আৰু ইতিহাস সমৃদ্ধি সন্দর্ভত প্রশ্ণৰ সন্মুখীন হ’বলগীয়া হওঁ, আমাৰ ন্যায্য স্বীকৃতি প্রাপ্তিত সমস্যা আহি পৰে, যেনে ইউনিকোডত আমাৰ ভাষাত যথাযথ স্বীকৃতি প্রদান আদিৰ সমস্যা৷ এইবোৰৰ পৰা এটা কথাই প্রতীয়মান হয় যে আমাৰ ভাষা–সাহিত্যৰ ইতিহাসৰ গৰিমা আমি নতুন প্রজন্মৰ জ্ঞাতার্থে সহজলভ্য কৰি তোলা উচিত, সর্বভাৰতীয় পর্যায়ত আগবঢ়াই দিব লাগে আগ্রাসী মনোভাবেৰে৷ অসম সাহিত্য সভা অকল সাহিত্যিকৰ মঞ্চ বুলিলে ইয়াক ঠেক গণ্ডীৰ ভিতৰত ৰাখি থোৱা হ’ব, সাহিত্য অনুৰাগীৰ লগতে আমাৰ ভাষা–সংস্কৃতিৰ সৌন্দর্য বুজি পোৱা, শ্রদ্ধা আৰু স্নেহ ৰখা সকলোৰে বাবে ইয়াৰ দুৱাৰ উন্মুক্ত, সেয়ে সভাই এনে এক পৰিৱেশ সৃষ্টি কৰা উচিত, যাৰ ছত্রছায়াত থিয় হৈ আটায়ে ভাষাটো কোৱা আৰু পঢ়াত আত্মগৌৰৱ অনুভৱ কৰে৷ আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ কথা বা দৃশ্যৰাজিয়ে আমাক ভাষাটোৰ সর্বব্যাপী ধাৰণাটোলৈ আঙুলিয়াই দিয়ে, তাৰ ওপৰতো গুৰুত্ব দিলে ভাষাৰ ব্যৱহাৰ আৰু প্রসাৰিত হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে, যেনে অফিচ–কাছাৰী, দোকান–পোহাৰ, বজাৰ–সমাৰত ওলমি থকা নামফলকত এই ভাষাৰ প্রয়োগে এনে এক সুচল বাতাৱৰণ সৃষ্টি কৰিব পাৰে৷ এই সম্পর্কত চৰকাৰী বিভাগৰ দায়িত্ব থকাৰ লগতে আৱশ্যকীয় আইন ব্যৱস্থাৰ জৰিয়তে কামবোৰ কৰাৰ লগতে সাহিত্য সভাইও সংশ্লিষ্ট বাণিজ্য সংস্থা আদিৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে, স্থানীয় ভাষাত লিখা ফলকসমূহে স্থানীয় উপভোক্তাক আকৃষ্ট কৰি বাণিজ্যলৈ আনি দিব পাৰে এক ইতিবাচক প্রভাৱ৷ চৰকাৰী কার্যালয়সমূহত অসমীয়া ভাষাত কাম–কাজ কৰাৰ ব্যৱস্থাটো কার্যকৰী নকৰাটো অতি পৰিতাপৰ কথা৷ এই বিষয়টোৰ ওপৰতো আমি সকলোৱে চকু দিয়া প্রয়োজন৷
লিখা, পঢ়া, কোৱা আৰু স্বাভিমানী হোৱা– এনেকুৱা এক জাতীয় লহৰে আমাৰ আকাশ বতাহ কেতিয়া আন্দোলিত কৰিব? ভাষা এটা কোৱা, পঢ়া আৰু লিখাৰ ত্রিপদী বিভাগত আনুষংগিক বহু কথাই সোমাই পৰে৷ বিভিন্ন প্রভাৱশালী ভাষাৰ নতুন নতুন শব্দই আমাৰ ভাষাগৃহৰ দুৱাৰত নিতৌ টোকৰ মাৰেহি, দেখা পাওঁ যে তাৰে কিছুৱে গম নোপোৱাকৈয়ে আমাৰ গ্রহণযোগ্যতাৰ সুযোগেৰে দৈনন্দিন কথা–বতৰাৰ সংগী হৈ পৰিছে, জীৱন–জীৱিকাৰ সৈতে সংপৃক্ত হৈ লিখা–পঢ়া–কোৱাত স্থান লভিছে, আমাৰ ভাব হৈছে– সেইবোৰ তেনেদৰেই চলি থকা উচিত, আমাৰ পৰিভাষাৰ কোষলৈ অহাৰ আগেয়ে সেইবোৰে আমাৰ ভাষাত নিগাজিকৈ গোঁজ পুতি লৈছে৷ আচলতে দেখা যায় যে এনেদৰে গজগজীয়া ৰূপত ভাষাৰ অংগ হৈ পৰা শব্দবোৰ আমি হয়তো তেনেদৰে আঁকোৱালি ল’ব লাগিব, যেনেদৰে গম পালোঁ গম নোপোৱাকৈয়ে আহি পৰিল নব্য প্রযুক্তিৰ এই শব্দবোৰ – স্মার্টফোন, ইণ্টাৰনেট, কম্পিউটাৰ ৱাইফাই ইত্যাদি৷ এনেদৰেই নতুন শব্দৰ মেজিকে আমাৰ ভাষালৈ আনি দিলে নতুন চমক আৰু আমি সেইবোৰ আদৰি লোৱাত জোৰ–জবৰদস্তিৰে বাধা প্রদানো কৰা নাই বা সেইবোৰে আমাৰ শব্দৰ ভাণ্ডাৰ চহকী কৰাতো কার্পণ্য কৰা নাই, সেইবোৰ বাস্তৱিকতে সময়ৰ আহ্বান বুলিয়ে লৈছোঁ৷ কিন্তু দেখা যায় যে অসমীয়া ভাষাৰ কুক্ষিত বহুতো বাহিৰৰ শব্দৰে পৰিভাষা আমাৰ দৈনন্দিন জীৱনত খাপ খাই পৰিছে, নিয়মিত লিখা–কোৱা কামত সেইবোৰৰ সঘন প্রয়োগ ঘটিছে, যেনে, পি ডব্লিউ ডিৰ বাবে গড়কাপ্ঢানী, এৰোপ্লেনৰ বাবে উৰাজাহাজ, বাছষ্টেচনৰ বাবে বাছ আস্থান, অডিটৰিয়ামৰ বাবে প্রেক্ষাগৃহ, গ্লোবেলাইজেচনৰ বাবে গোলকীয়কৰণ আদি শব্দবোৰ ক’বলৈ বা পঢ়িবলৈ আমাৰ খোকোজা নালাগে, কাৰণে সেইবোৰৰ নির্মাণত আহি পৰিছে মধুৰতা, স্বতঃস্ফূর্ত ভাবপ্রকাশৰ সুচলতা৷ আমি প্রযুক্তি, বেপাৰ–বাণিজ্য, অর্থনীতি, ৰাজনীতি বা সমাজ বিষয়ৰ নতুন শব্দ আমদানি কৰাৰ সময়ত এটা কথা মনত ৰাখিলে ভাল যে তেনে শব্দবোৰ পৰাপক্ষত বজাৰত চলিত ৰূপ পোৱাৰ সময়তে বিলম্ব নকৰি তাৰ অসমীয়া প্রতিশব্দৰ ব্যৱস্থা কৰি ল’ব লাগে, যাতে সেইবোৰ আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰে আৰু ব্যৱহাৰো ব্যাপক হৈ পৰে, নহ’লে ইংৰাজী ভাষাৰ শব্দৰ প্রতি ক্রমাৎ বাঢ়ি যোৱা ঋণগ্রস্ততাই এটা সময়ত লেংগুৱেজ ছিফ্টৰ জৰিয়তে আমাৰ নিজস্ব ভাষাৰো স্থিতিত সমস্যা আনি দিব পাৰে, গম নোপোৱাকৈয়ে আমি ক্রমশঃ হেৰুৱাই আহিম আমাৰ ভাষাৰ মধুৰতা আৰু ব্যাপকতা৷ বিজ্ঞ লোকৰ এখন সমিতিৰ দ্বাৰা এনেবোৰ নতুন ইংৰাজী শব্দৰ তৎকালীনভাৱে সুচিন্তিত আৰু স্থানীয় গোন্ধৰ অসমীয়া ৰূপ দি ৰাইজৰ মাজত প্রচলনৰ ব্যৱস্থা কৰাৰ কথা ভাবিব পৰা যায়৷ সাহিত্য সভা আৰু অন্যান্য ব্যক্তিৰ এক সন্মিলিত দল এনে মহান কামত ব্রতী হ’ব পাৰে৷ আনুষংগিক প্রসংগ এটাও ইয়াত উনুকিয়াব পাৰি, সেয়া হ’ল ইংৰাজী শব্দৰ লিপ্যন্তৰৰ বিষয়টো৷ একে ইংৰাজী শব্দৰে ভিন ভিন ৰূপত অসমীয়া লিপিত লিখাৰ উদাহৰণ বহুতো আছে, সেইবোৰো একে ৰূপত সর্বজন গ্রাহ্য কৰি ছপা বা লিখা কামত ব্যৱহাৰ কৰিলে ভাল হয়৷ ইয়াতো আমাক প্রয়োজন হ’ব এক সুচিন্তিত ব্যৱস্থা, য’ত জড়িত হ’ব লাগিব এইক্ষেত্রত পাৰদর্শিতা থকা লোক, ভাষাবিজ্ঞানৰ পণ্ডিত, শিক্ষা প্রতিষ্ঠান, প্রযুক্তিবিদ, সংবাদ মাধ্যমৰ গণ্য–মান্য ব্যক্তি, যাতে শব্দবোৰৰ লিপ্যন্তৰৰ এক স্বীকৃত মানদণ্ডৰে ৰূপাংকিত হয়, সেইবোৰৰ প্রচলন আৰু প্রসাৰত গুৰুত্ব আহি পৰে৷ কথাবোৰ সুচিন্তিত ৰূপত বিশ্লেষণ কৰি চোৱা উচিত, সময়োপযোগী বিধি–বিধানৰ প্রয়োজন আজিৰ সময়ৰ আহ্বান৷ এনেবোৰ সমস্যাৰ সমাধানে আমাৰ ভাষাৰ গ্রন্থৰাজিৰ অনুবাদ আদিতো ইতিবাচক প্রভাৱ পেলাব৷ বিভিন্ন সচেতন আৰু অসমীয়া ভাষাৰ অনুৰাগী ব্যক্তিসকলৰ মাজত এই বিষয়টোৱেও ঠাই পাইছে যে অকল বাণিজ্য প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানৰ নামফলকৰ উপৰি বহু সময়ত প্রকাশিত বিজ্ঞাপন বা ৰাস্তাত আঁৰি থোৱা বিজ্ঞাপনৰ ডাঙৰ ডাঙৰ হোর্ডিংসমূহত অশুদ্ধ অসমীয়া ভাষা আৰু ভুল বানানৰ শব্দই সেইবোৰ দৃষ্টিকটু কৰি তোলে, বহু সময়ত আমাৰ ভাষাক পেংলাই কৰা যেন বোধ হয়৷ এইধৰণৰ বিষয়তো আমি গুৰুত্ব দিয়াটো প্রয়োজন৷ কাৰণ ডাঙৰ ডাঙৰ হৰফেৰে যেতিয়া অশুদ্ধ বাক্য বা শব্দ আমাৰ আগত সঘনাই দাঙি ধৰি বাৰে–বঙলুৱা শব্দৰ আমদানি কৰিবলৈ যোৱা হয়, সিয়েই এটা সময়ত সাধাৰণ ৰাইজৰ মাজত প্রচলন হোৱাৰ বিপদ আহি পৰে৷ বিজ্ঞাপনৰ সৈতে জড়িত বিভিন্ন পক্ষই এই সম্পর্কত গুৰুত্ব দিব লাগিব, যাতে শুদ্ধ ভাষাত শুদ্ধ বানানেৰে বিজ্ঞাপনৰ বাণী দাঙি ধৰা হয়৷ সাহিত্য সভাই এই বিষয়তো বিচাৰিলে সংবাদ মাধ্যম, বিভিন্ন বিজ্ঞাপনৰ এজেন্সী, প্রতিষ্ঠানৰ জনসম্পর্কৰক্ষী বিষয়া আদিৰ সৈতে মিলিত হৈ প্রাসংগিক কর্মশালা আদিৰ ক্ষেত্রত আগভাগ ল’ব পাৰে৷

মনত ৰাখিবলগীয়া কথা যে অসমৰ চুকে–কোণে, গাঁৱে–ভূয়ে, পর্বতে–পাহাৰে বিভিন্ন জাতি–জনগোষ্ঠীৰ ভাষিক উন্নতি আৰু বিৱর্তনৰ সুন্দৰ গতিয়ে অসমীয়া ভাষাক বহুক্ষেত্রত সংযোগী ভাষাৰ ৰূপলৈ অগ্রসৰ কৰিছে৷ বড়ো, কার্বি, মিচিং, ৰাভা, ডিমাচা, তিৱা আদি ভাষাগোষ্ঠীৰ লোকৰ মাজত সৃষ্টি হোৱা ভাষা–সাহিত্য–সংস্কৃত্ ৰূপৰেখাই অসমীয়াৰ শ্রীবৃদ্ধি কৰাৰ লগতে সংযোগী ভাষা হিচাপে ইয়াৰ গুৰুত্বও বঢ়াই তুলিছে৷ অসম সাহিত্য সভাই অন্যান্য ভাষিক জনগোষ্ঠীৰ সাহিত্য–সংস্কৃতিৰ গৌৰৱময় ইতিহাস, অনুভূতি–নুকম্পাক সংগী কৰি যাত্রাপথত একেলগে অগ্রসৰ হোৱাৰ যি অংগীকাৰ লৈছে, সেয়া আমাৰ সকলোৰে বাবে অতি আদৰণীয় বিষয়৷ এই যাত্রা নিৰন্তৰ চলাই ৰখাৰ সংকল্প যেন আগলৈ আৰু হয় তাত আমি মনোনিৱেশ কৰিব লাগিব আৰু সেয়া সম্ভৱ হ’ব যদিহে আমি আটায়ে মুকলি মনেৰে সহোদৰৰ ৰূপত সমন্বয়ৰ গৌৰৱ যাত্রাত সহচৰ হওঁ৷ জনা উচিত যে অসমৰ বিভিন্ন জাতি–উপজাতি, জনগোষ্ঠীৰ মাজত অসমীয়া ভাষাক যদি সংযোগী ভাষা আৰু পাৰস্পৰিক ভাব বিনিময়ৰ সেতু হিচাপে লোৱা নাযায়, অন্য কোনোবা আগ্রাসী ভাষাই সেই স্থান অধিকাৰ কৰিলে আমাৰ আটাইৰে বাবে আহি পৰিব ভাষা হেৰোৱাৰ সংশয়, ‘লেংগুৱেজ ডেথ’ৰ শংকা৷ আমাৰ ভাষা–সাহিত্যৰ যাত্রাপথ মহিমামণ্ডিত আৰু বর্ণিল কৰি তুলিবলৈ আমি ইঁৰাজী শব্দ এটাৰ অসমীয়া প্রতিশব্দৰ লগতে আমাৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰো প্রতিশব্দবোৰ উল্লেখ থকা এখন অভিধানৰ প্রয়োজন, সেইখন ছপা ৰূপত পোৱাৰ উপৰি আমি অনলাইন অভিধান হিচাপেও পালোঁ, মন গ’লেই অসমীয়া লিখিবৰ সময়ত তললৈ নামি অহা কম্পিউটাৰৰ তালিকা এখনত সেই শব্দবোৰ ওলাল আৰু বাছি ল’লোঁ শব্দ এটা, যিটো হয়তো অসমৰ কোনো ভাষিক জনগোষ্ঠী বড়ো, তিৱা, মিচিং আদিৰো হ’ব পাৰে, যাৰ ফলত তেনেবোৰ সুললিত শব্দ অসমীয়া সাহিত্য সৃষ্টিত সোমাই পৰিল আৰু নতুন নতুন শব্দৰ ভাণ্ডাৰেৰে আমাৰ ভাষা চহকী হ’ল, সাহিত্য ৰচনাত বর্ণালী সৃষ্টি হ’ল৷ কথাখিনি নিশ্চয় ভাবি চাব পাৰি এই কাৰণেই যে অসমীয়া ভাষাই ইয়াৰ দ্বাৰা এক বৰলুইতৰ ৰূপ ল’লে, তাৰ গতিধাৰাত আহি পৰিল অন্যান্য ভাষিক গোষ্ঠীৰ নদী–উপনদী আৰু অসমীয়া ভাষাক কৰি তুলিলে এক শক্তিশালী সংযোগী মাধ্যম৷ আমি অৱগত যে অসমীয়া ভাষাৰ বৈশিষ্ট্যই হ’ল ইয়াত সোমাই পৰা, অন্তর্লীন হোৱা ভিন্নবৰণীয়া থলুৱা জনগোষ্ঠীৰ অপূর্ব শব্দৰ বৈচিত্র্য, ভাব–নুভূতিৰ সমাহাৰ– তাহানিৰে পৰা চলি অহা এই প্রক্রিয়াক আমি আৰু ত্বৰান্বিত কৰিলে অসমীয়া ভাষাৰ গ্রহণযোগ্যতা ভিন্ন ভাষিক জনগোষ্ঠীৰ মাজত বৃদ্ধি পাব বুলি নিশ্চয়কৈ আশা কৰিব পাৰি৷

অসমীয়া ভাষাত লিখা–মেলা কৰা, সাহিত্য সৃষ্টি কৰা সম্পর্কত ইতিমধ্যে ইণ্টাৰনেটত অনুশীলন চলিছে, য’ত অন্য এটা কথাও যোগ দিব পাৰি যে বিভিন্ন এপ্লিকেচন বা প্রয়োগৰ দ্বাৰা লিখন প্রণালীটোত বহুতো উদ্যমী ব্যক্তিয়ে উদ্ভাৱন কৰা কী–ব’ডবিলাকৰ সহায়ত লিখাৰ যিবোৰ সুবিধা আগবঢ়োৱা দেখা গৈছে, সেইবোৰ এটা সুসংহত মঞ্চলৈ আনি আন আন কথাবোৰ, যেনে ব্যাকৰণ আৰু বানান পৰীক্ষণ বা অর্থ নির্ধাৰণ জাতীয় সুবিধাবোৰ আমি একত্রিত কৰাৰ প্রয়াস কৰিব পৰা নাযায়নে? ইয়াৰ ফলত আমাৰ ভাষাটোৰে কম্পিউটাৰত লিখাৰ সহজাত প্রবৃত্তিটোও গঢ় লৈ উঠিব বুলি ভাব হয়৷ তদুপৰি, অসমীয়া ভাষাটো শুদ্ধকৈ লিখা আৰু কোৱাৰ বাবে স্কুলীয়া দিনতে কৰা অনুশীলনে আমাক সেইদিশত আগবাঢ়ি যোৱাত প্রেৰণা দিয়ে, আগ্রহ জন্মায়৷ বহুতো স্কুলত আজিকালি গণিত বা ইংৰাজী শিক্ষণপ্রণালীৰ ওপৰত গ্রীষ্মকালীন বন্ধৰ সময়ত বিশেষ প্রশিক্ষণৰ কর্মশালা আয়োজন কৰা সঘনে দৃষ্টিগোচৰ হয়৷ এইধৰণে বিশেষ কর্মশালা অসমীয়া পঢ়োৱা শিক্ষকৰ বাবেও যদি নিয়মিত আৰু সুসংবদ্ধ ৰূপত অনুষ্ঠিত কৰা যায়, য’ত অসমীয়া ভাষা শিক্ষার্থীৰ বাবে পাঠবোৰ প্রাণময় আৰু আকর্ষণীয় ধৰণে স্কুল–কলেজত শিকোৱাৰ আদৱ–কায়দাৰ তালিম দিব পাৰি, সেই অনুশীলনে নিজৰ ভাষা–সাহিত্যৰ প্রতি ছাত্র–ছাত্রীৰ আগ্রহ বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি৷ এনেকুৱা কর্মশালাত ইংৰাজী আৰু অসমীয়া স্কুলৰ শিক্ষক–শিক্ষয়িত্রীক জড়িত কৰিলে উপকাৰ হ’ব৷

মোৰ ভাষাই মোৰ আশা৷ শিশুৰ মৌসনা মাততে শুনা যায় জাতীয় আশাৰ ধ্বনি৷ জানো যে শিশুকালত সাধুকথাৰ প্রতি এক অনাবিল আকর্ষণ থাকে, ইয়াৰ ফলত শিশুমনত কৌতূহলৰ ভাবধাৰা বাঢ়ে, প্রশ্ণ সোধাৰ বা নতুন কথা জনাৰ ইচ্ছা পূৰণ হয়৷ এইটো বয়সতে সিহঁতে সোৱাদ বিচাৰে এখন মেজিকৰ পৃথিৱীৰ৷ হয়তো আজিৰ ব্যস্ত পৃথিৱীত আপুনি এনে এক যাদুময় সন্ধিয়াৰ কথা ভাবিবলৈ কঠিন হ’ল – জোনাকে ধুই পেলোৱা চোতালত পাৰি দিয়া ঢ়াৰিত বহিছে তামোলৰ পিক লগা মুখৰ আইতা, হেমন্তৰ ৰিব্ ৰিব্ বতাহে কঁপাইছে তেওঁৰ বগা চুলিৰ ঢ়ৌ, নৈরঋত কোণৰ পৰা ভাহি আহিছে সুগন্ধি ফুলৰ সুবাস, দূৰৈত বাজিছে নামঘৰৰ দবা আৰু আইতাৰ সাধুৰ মায়াজালত লাহে লাহে ডুব গৈছে বহি থকা শিশুৰ জাক৷ আজি এনে এক সন্ধিয়াৰ ছবি আমাৰ মাজত দুর্লভ, যিটো পৰিৱর্তিত সময়ৰ নিজস্ব নীতি–নিয়মৰ ফলত অন্তর্ধান হৈছে, কিন্তু সাধুকথাৰ সার্বজনীন মূল্য কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ বহুতো লোকাচাৰো সাধুৰ মাজেৰে শিশুহঁতলৈ আগবাঢ়ি যায়৷ মই আমেৰিকা যুক্তৰাজ্যৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ কালছোৱাত ৰাজহুৱা পথিভঁৰাল এটাত সোমাওঁতে এখন গ্রন্থই মোৰ দৃষ্টি আকর্ষণ কৰিছিল, সেই ‘থ্র’ য়োৰ টুথ অন দ্য ৰূফ’ নামৰ কিতাপখনত শিশুৱে নিজৰ প্রথম সৰা দাঁতটো ঘৰৰ চাললৈ দলিয়াই দিয়া দস্তুৰ বা লোকাচাৰ অকল আমাৰ গাঁৱৰ শিশুৰ বাবেই নহয়, পৃথিৱীৰ ডেৰশৰো অধিক দেশত তেনে এটা প্রথা সামান্য সাল–সলনি কৰি চলি থকাৰ কথা পালোঁ৷ কথা একেটাই যে শিশু সাহিত্যত থকা বিষয়বস্তুবোৰ, সাধুকথাবোৰৰ এক সার্বজনীন মূল্য আছে, তাত আহি পৰে সামাজিক আচাৰ–ব্যৱহাৰ, জীৱনগাথাৰ বহুতো দিশ, এই মাধ্যমৰ মায়াবীজালে শিশুক আনি দিব পাৰে নিজৰ সামাজিক গোটৰ সামূহিক জ্ঞান, নীতিশিক্ষাৰ বোধ৷ বেজবৰুৱাদেৱে ‘বুঢ়ী আইৰ সাধু’ৰ পাতনি সাধুকথাৰ এনেধৰণৰ বৈশিষ্ট্যলৈ আঙুলিয়াই দিছিল৷ শিশু সাহিত্যসমূহ সংকলনৰ দিশত আমি জনাত প্রশংসনীয় পদক্ষেপ লৈছে প্রতিষ্ঠান বিশেষে৷ শিশুৰ মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰিয়ে তাহানিৰ ‘কাণখোৱা’ কাব্যৰ সৃষ্টিয়ে অসমৰ সাহিত্যৰ এই দিশটোৰ কথা উজলাই ৰাখিছে৷ হেম বৰুৱাদেৱে উল্লেখ কৰাৰ দৰে শিশুৰ মনোবিশ্লেষণ আৰু কাণখোৱাৰ জনপ্রবাদ ইয়াৰ মূল ৰচনা বুলি চিহ্ণিত হৈছে৷ সাধুকথাৰ জৰিয়তে শিশুসকলক ভাষাটোৰ প্রতি আকৃষ্ট কৰিব পাৰি, আমাৰ জাতিৰ পুৰণি গৌৰৱময় অধ্যায়ৰ কথা ক’ব পাৰি, নীতিশিক্ষাৰ আদিপাঠ দাঙি ধৰিব পাৰি৷ গাঁৱে–ভূঞে বা নগৰৰ কোনোবা সমূহীয়া ঠাইত তেনেধৰণৰ প্রয়াস চলোৱা আমাৰ দৃষ্টিগোচৰ হৈছে৷ সাহিত্য সভায়ো এনেধৰণৰ কার্যাৱলীত সহায়–সহযোগিতা আগবঢ়োৱাৰ কথা ভাবিব পাৰে৷ এইধৰণৰ অনুশীলনে নিশ্চিতভাৱে নিজৰ ভাষাত কথা কোৱাৰ প্রতি অনুৰাগ বঢ়োৱাত সহায় কৰিব৷ বিস্তৃত ৰূপত সাহিত্য সৃষ্টিৰ প্রতিযোগিতা বা সৃষ্টিমূলক সাহিত্য ৰচনাৰ কর্মশালায়ো স্কুল–কলেজত এক উপাদেয় বাতাৱৰণ জন্ম দিব বুলি বিশ্বাস৷ মন কৰিবলগীয়া কথা যে বহুতো জনপ্রিয় জতুৱা ঠাঁচ বা ফকৰা–যোজনা আমাৰ লেখা আৰু দৈনন্দিন কথা–বতৰাৰ মাজৰ পৰা নাইকিয়া হ’বলৈ ধৰিছে, সেইবোৰে ভাষা–সাহিত্যলৈ আনি দিয়া ব্যঞ্জনা ক্রমশঃ আমি অনুভৱ কৰাৰ পৰা আঁতৰি আহিবলৈ লৈছোঁ, আমাৰ মাজৰ চিৰাচৰিত সম্বোধনসূচক শব্দবোৰো অন্য ভাষাৰ শব্দই ম্লান কৰি আনিবলৈ ধৰিছে – এইবোৰ সম্পর্কতো আমি চিন্তা কৰাৰ প্রয়োজন হৈছে৷ বাকপটুতা আৰু লিখাৰ প্রতিযোগিতা আদিৰ জৰিয়তে এনেবোৰ কথা আমি ছাত্র–ছাত্রীৰ ওচৰলৈ পুনৰ লৈ যাব পৰাৰ ব্যৱস্থা হ’ব লাগিব৷ ইয়াৰ দ্বাৰা আমাৰ ভিন্ন জনগোষ্ঠীয় ছাত্র–ছাত্রীয়ে নিজৰ ভাষা–সাহিত্য সৃষ্টিৰ অনুশীলন কৰাৰ সুযোগ পাব৷ পুনৰবাৰ এই কথাষাৰ আমি হূদয়ংগম কৰিব লাগিব যে জনজাতীয় ভাষাসমূহৰ স্বকীয় অস্তিত্ব, ক্রমবর্ধমান বিকাশ আৰু তেওঁলোকৰ ভাষাৰ অধিকাৰত আমি আটায়ে গোৰৱান্বিত অনুভৱ কৰিব লাগিব, ‘জ্যেষ্ঠ ভাতৃ’ৰ অহমিকা ত্যাগ কৰিব লাগিব, তেওঁলোকৰ আৱেগ–নুভূতি–নুকম্ আমাৰ হিয়াত স্থান দি এক বন্ধুত্বসুলভ সহচৰৰ দৃষ্টিভংগীৰে আগুৱালেহে অসমীয়াভাষীৰ শ্রীবৃদ্ধি হ’ব আৰু বহু সময়ত অন্যান্য ভাষাৰ লোকেও অসমীয়া সাহিত্য সৃষ্টিৰ জৰিয়তে অসমীয়া ভাষা–সাহিত্যলৈ অৱদান আগবঢ়াই অহাৰ সুখময় ধাৰাৰ নিৰৱচ্ছিন্নতা অটুট থাকিব৷ বহুতো জনগোষ্ঠীয় সাহিত্যিকে আমাৰ সাহিত্যৰ পথাৰত জন্ম দিছে নতুন শইচৰ, তেওঁলোকৰ এক বৃহদাংশই আঁকোৱালি লৈছে অসমীয়া সাহিত্যৰ সৃষ্টি আৰু বৃদ্ধি কৰিছে পাঠৰ সংখ্যা৷ জনগোষ্ঠীয় ভাষা আৰু অসমীয়া ভাষাৰ মাজত সাহিত্য–সম্ভাৰ অনা–নিয়াৰ ব্যৱস্থা আমি ত্বৰান্বিত কৰিবৰ হ’ল, কাৰণ পৰস্পৰৰ প্রতি থকা মৰম–চেনেহ, শ্রদ্ধাশীল মনোভাবেহে গাঢ় কৰি তুলিব পাৰে আমাৰ সম্পর্ক, শক্তিশালী ৰূপলৈ নিব পাৰে অসমীয়া ভাষাৰ সংযোগী ভূমিকা৷ লগতে এই কথাটোও দৃঢ়তাৰে ক’ব পাৰি যে যিসকল হিন্দী, বঙালী, নেপালী বা অন্যান্য ভাষাৰ লোকে অসমীয়া ভাষাক নিজৰ ভাব আদান–প্রদানৰ আহিলা কৰি লৈছে, অসমীয়া সাহিত্য সৃষ্টিত জড়িত হৈছে বা অসমীয়া ভাষা–সাহিত্যৰ অনুৰাগী বুলি স্বীকৃত হৈছে, নিজেও সেই কামত গর্ব বিচাৰি পাইছে, তেওঁলোকো আমাৰ যাত্রাপথৰ নিঃস্বার্থ সংগী, তেওঁলোকৰ সৈতে ৰচিত হৈছে আমাৰ সদ্ভাৱনাৰ ইতিহাস৷ যিসকল থলুৱা জনগোষ্ঠীৰ ভাষা–সংস্কৃতিৰ উপাদানে অসমীয়া ভাষাক বর্তমানৰ সুদৃঢ় স্থানলৈ উত্তৰণ ঘটাৰ প্রক্রিয়াত সহায় কৰিছে, তেওঁলোকৰ ভাষা–সম্পদ, কলা–কৃষ্টিৰ সমলৰ বিকাশে আমাকো আগলৈ নিব৷ জনসংখ্যাৰ মাত্রাৰে ক্ষুদ্র জনগোষ্ঠীৰ মাজত চলি থকা লোকাচাৰ, মৌখিক কাহিনী, গীত–মাতৰ অপূর্ব সুৰ, লোককলা, প্রাচীন লোাকজ্ঞানৰ কথা আদিৰ সংগ্রহ, সংৰক্ষণ আৰু বিস্তাৰৰ জৰিয়তে আমি তেওঁলোকৰ হূদয়ত স্থান লভাৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, আমাৰ সাহিত্য–সংস্কৃতিৰো ভাণ্ডাৰে পূর্ণতা পাব৷ তেনেধৰণৰ কাম–কাজ কৰিবলৈ সাহিত্য সভা আগবাঢ়ি আহিব লাগে, যাতে তেনে জনগোষ্ঠীসমূহৰ বিকাশৰ আশা–আকাংক্ষাক আমি আগবঢ়াই নিব পাৰোঁ আৰু আমাৰ মাজত এক জাতীয় ভাবধাৰাৰ সদ্ভাব গাঢ় হৈ পৰে৷ অসম প্রদেশৰ সামাজিক ভাতৃত্ববোধ ঐতিহাসিকভাৱে সর্বজনস্বীকৃত৷ অসমীয়া জাতিৰ বিকাশ আৰু বিৱর্তনৰ ইতিহাসত অসমৰ মানুহৰ বদান্যতা আৰু উদাৰতাৰ নিদর্শন স্পষ্টভাৱে বর্ণিত হৈ আহিছে৷ বিভিন্ন জাতি, ধর্ম, সম্প্রদায়ৰ লোকে ইয়াত জাতীয় জীৱনৰ মূল সোঁতত বিলীন হৈ জাতি গঠন প্রক্রিয়াত নিঃস্বার্থভাৱে নিজকে একাকাৰ কৰি দিয়াৰ অলেখ উদাহৰণ আছে৷ স্বর্গদেউ চুকাফাই ইয়াতে নিজৰ জন্মভূমিৰ কথা বিসর্জন দি অসমৰ তেতিয়াৰ মানুহখিনিৰ সৈতে সম্বন্ধ স্থাপন কৰিছিল৷ স্বর্গদেউ চুকাফা আৰু তেওঁৰ পৰৱর্তী স্বর্গদেউসকলে অসমৰ পর্বত–ভৈয়ামৰ লোকসকলৰ সৈতে বৈবাহিক, সামাজিক, সংস্কৃতিমূলক সংমিশ্রণৰ ব্যৱস্থাৰে পর্বত–ভৈয়ামক একতাৰ জৰীৰে বান্ধি অসমীয়া জাতি গঠনত আগভাগ লৈছিল, মন্দিৰ, দেৱালয়, সত্র আদিক ভূমি দান কৰি দেউৰী, পাইকৰ ব্যৱস্থা কৰিছিল, মুছলমান পাইকো থকাৰ কথা তামৰ ফলিত পোৱা গৈছে৷ এই সম্পর্কত স্বর্গদেউ ৰুদ্রসিংহই সামৰিক বলেৰে ৰাজ্য জয় কৰাৰ আশা নকৰি ওচৰ–চুবৰীয়া ৰজাসকলৰ সৈতে সদ্ভাবেৰে এক ৰিপাব্লিকৰ আর্হি গঠনৰ স্বপ্ণ দেখিছিল৷ শ্রীমন্ত শংকৰদেৱৰ সাম্য আৰু মৈত্রীৰ ইতিহাস পাহৰা নাযায়, যাৰ দ্বাৰা তেওঁ নামঘৰ আদিৰ দুৱাৰ জাতি–গোষ্ঠী নিবিচাৰি উন্মুক্ত কৰিছিল৷ তাহানিৰ চুকাফাৰ দিনৰ পৰা যেনেদৰে অসমলৈ বিভিন্ন লোক আহি অসমৰ কৃষ্টি–সংস্কৃতি আৰু জনজীৱনৰ আদব–কায়দাৰ সৈতে মহামিলনৰ মহাতীর্থৰ ৰূপত অসম ৰাজ্য গঢ় লৈ উঠিছিল, যেনেদৰে সুদূৰৰ পৰা অহা আজানপীৰে অসমৰ মাটি–পানী–বায়ুৰ সৈতে মিলি গীতি–সাহিত্যৰ নতুন স্বাদ সৃষ্টি কৰিছিল, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ভক্তিধর্মৰ জৰিয়তে বিভিন্ন জাতি–জনগোষ্ঠীৰ মানুহক ভক্তিৰ ৰসত অৱগাহন কৰিবলৈ বিধান দি ঐক্য আৰু সাম্যৰ বাণী বিস্তাৰিত কৰিছিল– এইবোৰেই এটা কথা প্রতীয়মান কৰে যে ৰাজ্যৰ মানুহে বাহিৰৰ পৰা অহা ব্যক্তিকো আদৰেৰে সা–সন্মানৰ ব্যৱস্থা কৰি আঁকোৱালি লৈছিল, যদিহে তেওঁলোকে অসম ভুমিক, ইয়াৰ সভ্যতা–সংস্কৃতিক, বায়ু–পানীক নিজৰ বুলি লৈ ইয়াৰ জনজীৱনৰ মহাস্রোতত বিলীন হোৱাৰ সংকল্প লৈছিল৷ ‘কা’ৰ বিৰুদ্ধে অসম সাহিত্য সভাৰ প্রতিবাদী কণ্ঠস্বৰ মিলিত হৈছে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ জনগণৰ প্রতিবাদী মিছিলৰ গর্জনৰ সৈতে৷ মানুহে ৰাজ্যৰ ইমূৰ–সিমূৰ ব্যাপ্ত অবৈধ বিদেশী বিতাড়নৰ হকে অবৈধ বিদেশী বিতাড়নৰ প্রতিবাদত নামিছে, যিহেতু আমাৰ ভাষা–সংস্কতিৰ প্রতি ভাবুকি অনাৰ শংকাই আটাইকে বিভিন্ন ঐতিহাসিক কাৰণত ভবাই তুলিছে৷ কাৰণ ঐতিহাসিকভাৱে অসমীয়াভাষী জনগণে যোৱা ডেৰশ বছৰৰো অধিক কাল সময়ে সময়ে নিজৰ ভাষাৰ স্থিতি ৰক্ষাৰ নামতে সংগ্রাম কৰি আহিব লগা হৈছে, আৰু ভাষা–সাহিত্যৰ অস্তিত্বৰ হকে যুঁজ কৰি আহিছে৷ আত্মৰক্ষাৰ যুঁজতে নিমগ্ণ হৈ থাকিবলগীয়া জাতি এটাই ভাষা–সাহিত্যৰ বিশ্ব–দৌৰত ভাগ লোৱাৰ অৱকাশ ক’ত? সেয়ে কিছু স্বার্থপৰ মানুহে আমাক জেন’ফবিক আখ্যা দিয়াৰ প্রৱণতা পৰিহাৰ কৰক, অসমৰ ভাষা–সংস্কৃতি আৰু জাতীয় জীৱনৰ স্বকীয় গৰিমাৰ বৈশিষ্ট্যক স্বীকাৰ কৰি অসমীয়া জাতিৰ অস্তিত্ব মষিমূৰ কৰাৰ কথা নাভাবিব, দেশৰ অন্যান্য ভাষিক গোষ্ঠীৰ দৰে আমাৰ উত্তৰণত প্রেৰণা যোগাওক, যাতে ভূপেন হাজৰিকাৰ ‘আমি ভাল ভাৰতীয়’ কথাষাৰত নিহিত গৌৰৱ আমিও অনুভৱ কৰিব পাৰোঁ৷

অসমীয়া ভাষা কোৱা–পঢ়া–লিখাৰ আনন্দক আৰু অধিক বিস্তাৰিত ৰূপত প্রসাৰ হোৱাৰ প্রয়াসৰ কথাৰ সৈতে জড়িত হৈ থকা অন্য এক গুৰুত্বপূর্ণ বিষয় হ’ল ইংৰাজী ভাষাৰ সর্বব্যাপী প্রভাৱক আমি কেনেদৰে আমাৰ হিতৰ হকে পৰিচালিত কৰিম৷ ইয়াৰ বিজ্ঞানসন্মত শিক্ষণ পদ্ধতিত গুৰুত্ব দিব লাগিব৷ ইংৰাজী ভাষাটো অসমীয়া মাধ্যমৰ বিদ্যালয়ত উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষক–শিক্ষয়িত্রীৰ দ্বাৰা শিক্ষাদানৰ ব্যৱস্থা কৰাটো অতি আৱশ্যকীয় কথা৷ এই কথা ক’বই লাগিব যে অসমৰ মানুহৰ আশা–আকাংক্ষা, গৌৰৱান্বিত অধ্যায় বা বিভিন্ন সা–সমস্যাৰ বিষয়সমূহ সর্বভাৰতীয় প্রেক্ষাপটত প্রতিফলিত কৰাৰ বাবে ইংৰাজী ভাষাত মানবিশিষ্ট লেখাৰ যোগান ধৰাৰ বাবে আমি প্রস্তুত থাকিব লাগিব৷ আনকি ইংৰাজী ভাষাত ভালধৰণে কথা–বার্তা কৈ ভাষণ দি বাহিৰৰ মঞ্চত, সংবাদ মাধ্যমত দাঙি ধৰাৰ সময়োপযোগী ব্যৱস্থাৰ বিষয়ে আমি গুৰুত্বসহকাৰে চিন্তা কৰা উচিত, যাতে ভাৰতৰ অন্যান্য প্রদেশৰ লোকো আমাৰ ঐতিহ্য, পৰম্পৰা আৰু দৈনন্দিন জীৱনৰ সাহিত্যৰ সৈতে চিনাকি হয়, হূদয়ংগম কৰিব পাৰে আমাৰ জাতীয় জীৱনলৈ অহা সমস্যা আৰু সমাধানৰ কথা৷ সুখৰ কথা যে আজি নতুন প্রজন্মৰ কিছু যুৱক–যুৱতীয়ে ৰাজ্যৰ বাহিৰৰ পৃথিৱীত সংবাদ–মাধ্যম, সংগীত, খেলজগত, বোলছবি ইত্যাদি ক্ষেত্রত জড়িত হৈ অসমক ভিন্ন প্রেক্ষাপটত দাঙি ধৰাৰ সুযোগ লৈছে, বিভিন্ন মাধ্যমৰ জৰিয়তে অসমৰ সমস্যাৰাজি অন্য মানুহৰ সন্মুখত দাঙি ধৰিছে৷

ইংৰাজী ভাষাৰ কথা কওঁতে অসম সাহিত্য সভাৰ অনুবাদ প্রকল্পৰ কথা মনলৈ আহিছে৷ এই কাম কিমানদূৰ আগবাঢ়িছে, কেনেধৰণৰ সাহিত্যৰাজি আমি অনুবাদৰ জৰিয়তে আন ভাষাৰ পঢ়ুৱৈলৈ আগবঢ়াইছোঁ, কেনেধৰণে এই কাম আৰু গতিশীল কৰি তুলিব পাৰি –এইবোৰ বিশ্লেষণ কৰি সভাই ত্বৰান্বিত গতিত আগবাঢ়ি যোৱাটো উচিত হ’ব৷ লগতে আমি মনত ৰখা ভাল হ’ব যে অনুবাদৰ বাবে আমাৰ অন্যান্য জনগোষ্ঠীৰ সাহিত্যৰাজিও অসমীয়ালৈ অনা আৰু অসমীয়া ভাষাৰ গ্রন্থ সেইবোৰ ভাষালৈ নিয়াৰ কামখিনিও আগবঢ়াই নিয়াটো সময়োপযোগী হ’ব৷ ভাৰতীয় অন্যান্য ভাষাৰ চহকী সৃষ্টিসমূহো আমি তেনেদৰে অনুবাদৰ প্রকল্পত সুমুৱাই লোৱাটো ভাল হ’ব৷ কানাড়া, মালায়ালম আদি ভাষিক গোষ্ঠীৰ যিবোৰ সাহিত্য অনুষ্ঠান আছে তেওঁলোকৰ সৈতেও অসম সাহিত্য সভাই সম্পর্ক স্থাপন কৰি তেওঁলোকৰ সাহিত্য–সংস্কৃতিৰ সৈতে এক বিনিময় আঁচনিৰ কথা ভাবিব পাৰে, যাৰ দ্বাৰা আমাৰ সৃষ্টি তেওঁলোকৰ ভাষালৈ আৰু তেওঁলোকৰ সাহিত্য অসমীয়া ভাষালৈ আহি পৰস্পৰৰ মাজত এক বৌদ্ধিক সূত্র স্থাপন হয়, সমসাময়িক অন্যান্য প্রাদেশিক সাহিত্যৰ ধাৰাৰ সৈতে আমি চিনাকি হওঁ৷ দেশ–বিদেশৰ বিভিন্ন সাহিত্য উৎসৱৰ মঞ্চত অসমৰ সাহিত্য আগবঢ়াই দিয়াৰ হেতু সাহিত্য সভাই ভাবিব পাৰে এক নতুন পথৰ কথা৷ তেনেদৰে সাহিত্য সভাৰ দ্বাৰা কেইবছৰমান আগেয়ে প্রকাশ কৰা বিশ্বকোষৰ খণ্ডসমূহৰ বিষয়বোৰত নতুন তথ্যৰ সংযোজন কৰি ৰাইজলৈ আগবঢ়োৱা সম্পর্কতো বিচাৰ–বিবেচনা কৰাৰ প্রয়োজন আছে৷

অসমৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি আৰু সাহিত্য সৃষ্টিৰ পটভূমিলৈ আগবঢ়োৱা বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকৰ অৱদানৰ বিষয়ে কৰা যিকোনো আলোচনাতে আমাৰ চাহ জনগোষ্ঠীৰ কথা আহি পৰে৷ আমাৰ ৰাজ্যৰ জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ পৰা তেওঁলোকক বাদ দি আমাৰ সমাজৰ কোনো কথাই পূর্ণতা নাপায়৷ কেইবাজনো চাহ জনগোষ্ঠীৰ সাহিত্যিকে আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ চাহ জনগোষ্ঠীৰ সামূহিক প্রয়াসত অসমীয়া ভাষাই চাহ খেতিৰ সৈতে জড়িত শ্রমিকসকলৰ মাজত স্থান পাইছে৷ কিন্তু তেওঁলোকৰ মাজত সাহিত্য সভাৰ প্রসাৰ কিমান বাঢ়িছে সেই কথাও আমি বিচার্য বিষয় বুলিয়ে ভাবোঁ৷ আজি কিছুদিন আগেয়ে সংঘটিত এটা দুর্ঘটনাৰ কথা মনলৈ আহিছে, য’ত চাহ জনগোষ্ঠীৰ প্রায় শতাধিক ভাই–ভনী বিষাক্ত পানীয় সেৱনৰ ফলত মৃত্যুবৰণ কৰে৷ মৃত্যু–যন্ত্রণাত ককবকাই থকা মানুহখিনিক মই লগ পালো, চিকিৎসাৰ কক্ষত, বাৰাণ্ডাত তেওঁলোকৰ বেদনা–ক্লিষ্ট মুখৰ নীৰৱ ভাষাই মোক সুধিলে, এনেদৰে এটা জনগোষ্ঠীক প্রায় শতাধিক বছৰ কাল জাতীয় জীৱনৰ ধাৰাৰ পৰা আঁতৰত থকা, আৰু শিক্ষা–দীক্ষা আৰু জীৱনৰ আৱশ্যকীয় সম্ভাৰ–সম্পদৰ পৰা বিচ্ছিন্ন হৈ থকা সত্ত্বেও অসমৰ জাতি গঠন প্রক্রিয়াত তেেঁলোকক কিয় অপৰিহার্য অংগ কৰি লোৱাৰ প্রয়াসত আমি শক্তিশালী ৰূপত খোজ দিব পৰা নাই অকল শ্রম যোগান ধৰা শ্রেণী বুলি মুখ্য ধাৰাৰ পৰা বিচ্যুত হৈ থাকিলে অসমৰ এক বুজনসংখ্যক প্রতিভা, মানৱীয় দিশ আৰু সম্পদক আমি পূর্ণ স্বীকৃতি প্রদানত ব্যর্থ হ’ম৷ মানসিক দূৰত্ব আমি হ্রাস কৰিব লাগিব, অসমীয়া জাতি গঠন প্রক্রিয়াত তেওঁলোকক আমি সাদৰ স্থান দি সামাজিক বন্ধন কটকটীয়া কৰি তোলাৰ সময় হ’ল৷ অসম সাহিত্য সভাই তেনে এক ইতিবাচক গতিশীলতাৰে চাহ বাগিচাৰ এই লোকখিনিৰ মাজত নতুন পৰিৱেশ জন্ম দিয়াৰ প্রচেষ্টাৰ কথা বিবেচনা কৰিব পাৰে৷ তেনেদৰে চৰ অঞ্চলত থকা বাসিন্দাসকলৰ মাজতো সাহিত্য সভাৰ বিস্তাৰ আৰু কর্মসূচীৰ কথা অতি আৱশ্যকীয়৷ জনামতে, সাহিত্য সভাৰ খনচেৰেক শাখা এনে কামত জড়িত হৈছে যদিও অসমীয়া ভাষাৰ প্রতি অনুৰাগ, সাহিত্য–সংস্কৃতিৰ প্রতি সদ্ভাৱ সৃষ্টিৰ বাবে সাহিত্য সভা এনেবোৰ অঞ্চলত তেওঁলোকৰ সৈতে মিলিত হোৱা উচিত, যাতে সাহিত্য সৃষ্টিত তেওঁলোকৰ বহুতে দি অহা অৱদানৰ কথা বহুলভাৱে ৰাইজৰ সমুখলৈ আগবাঢ়ি আহে৷
প্রযুক্তিৰ সুবিধাৰাজিয়ে বিশ্বৰ সাহিত্যলৈ আনি দিছে লেখত ল’বলগীয়া সুযোগৰ সম্ভাৱনা আৰু এইবোৰৰ জৰিয়তে ৰাইজৰ মাজত কলা–সাহিত্যৰ সৃষ্টিসমূহৰ বহুল প্রচাৰ আৰু প্রসাৰৰ সৈতে সংলগ্ণ বিষয়সমূহৰ বাবে সভাদ্বাৰ মুক্ত ৰখা উচিত৷ মনত আছে, শাৰীটোৰ পৰা সমুখৰ ব্যক্তি দুজন আঁতৰি যোৱাৰ পাছত মোৰ পাল পৰিল, জেপৰ পৰা কাগজৰ টুকুৰাটো আগবঢ়াই দিলোঁ, তেওঁ উৰাই–ঘূৰাই শব্দকেইটা পঢ়ি পেলালে যদিও তেওঁৰ মুখমণ্ডলত ক্রমশঃ গাঢ় হৈ উঠিবলৈ ধৰা ছবিখনে মোক কিবা এটা সংকেত দিয়াৰ আগেয়ে তেওঁৰ আঙুলিৰ দিশ নির্দেশনা মতে মই সোঁ–পিনে আগুৱাই গ’লোঁ আৰু উপস্থিত হ’লো নাতিপোহৰত গ্রন্থৰ মেটমৰা বোজা বহন কৰি থকা আলমাৰিসমূহৰ সমুখত, মন কৰিলোঁ ধূলিৰ তৰপত থাকি গ’ল মোৰ পদচিহ্ণ, চকু–মুখত আমনি কৰিলে মকৰাজালৰ ছিন্ন–ভিন্ন খণ্ডই, মোৰ অনিৰুদ্ধ গতি চলি থাকিল পুৰণি গ্রন্থৰ গোন্ধৰ মাজত, ভাব হ’ল বহুদিন এইফালে পঢ়ুৱৈৰ খোজ পৰা নাই– আৰু মই উভতি আহিলোঁ আগৰ কাউণ্টাৰলৈ, পূর্বৰ ব্যক্তিজনে ক’লে যে মাত্র এখন কিতাপ থকা বাবে সেইখন আৰু ঘৰলৈ নিব পৰা নাযায়, পঢ়াকক্ষত মাথোঁ তাৰ পাঠ হ’ব পাৰে, কিন্তু মোৰ সমুখৰ ঘড়ীটোৱে সকীয়াই দিলে – আৰু আধাঘণ্টাৰ পিছতে পুথিভঁৰালৰ দুৱাৰ বন্ধ হ’ব– মোৰ উভতি যোৱাৰ সময় এতিয়া শুদাহাতে, কিতাপখন পঢ়াৰ আশা মই তিমানতে বাৰণ কৰিলোঁ, কাৰণ মই উভতিবলগীয়া ৰে’লখন আহি পোৱাৰ সময় সমাগত৷

অসমৰ ভাষা–সংস্কৃতি আৰু সাহিত্যৰ প্রসাৰ আৰু প্রচলনত কেনেদৰে ডিজিটেল প্রয়াসৰ সংযোজন ঘটাব পাৰি সেই সম্পর্কত আমি আটায়ে সমূহীয়াভাৱে চিন্তা কৰাৰ প্রয়োজনক কোনোবাই নুই কৰিব খোজাতো কূপ–মণ্ডুক হৈ থকাৰ মানসিকতাক প্রশ্রয় দিয়া হ’ব৷ সময় থাকোঁতেই আমি সদা–বিৱর্তিত এনে প্রযুক্তিবিদ্যাৰ সৈতে সহযাত্রী নহ’লে আধুনিক যুগৰ সভ্যতাৰ বাছখনে আমাক প্রতিদ্বন্দ্বিতা আৰু সহযোগিতাৰ পথত নিঃসংগ কৰি এৰি থৈ নাযাবনে? এই বৈপ্লৱিক যাত্রাৰ পৰা অসম সাহিত্য সভা আঁতৰি থাকিলে সময়ৰ নিৰন্তৰ প্রৱাহমান সুঁতিৰ পৰা বিদূৰ হোৱাৰ সম্ভাৱনা অধিক৷ মুঠ কথাত প্রযুক্তিবিদ্যাই আনি দিয়া নিত্যনতুন সা–সুবিধা, ভাষা–সাহিত্য প্রসাৰৰ আহিলাসমূহ আমি কামত লগোৱাৰ মানসিকতা আৰু উদ্যমক সঠিক গুৰুত্ব দিয়াটো সাহিত্য সভাৰ এক সময়ৰ সৈতে খোজ মিলোৱাৰ প্রয়াস বুলি ভবাটো সমীচিন হ’ব৷ অর্থনীতিৰ শক্তিশালী ভেটিয়েই বহুত সময়ত নির্ধাৰণ কৰে কিতাপৰ বজাৰ, কলা কৃষ্টিৰ সামর্থ্য৷ পাঠকে বিচৰা কিতাপ এখন, অনুৰাগীয়ে সংগ্রহ কৰিব বিচৰা ছবি এখন, ভাস্কর্য এটা, শিল্পীয়ে সৃষ্টি কৰা গানৰ প্রচাৰৰ কার্যসূচী–এইবোৰৰ বাবেও সঁচা অর্থত অর্থৰ প্রয়োজন৷ অর্থনীতিৰ শক্তিশালী কাঠামো থলুৱাৰ হাতত থাকিলেহে এইবোৰ ইচ্ছাক বাস্তৱলৈ ৰূপান্তৰ কৰিবৰ সুযোগ আহি পৰে৷ বিদ্যালয়ৰ শিক্ষাৰ নিম্নস্তৰসমূহতে শ্রেণীৰ পৰা বিদায় ল’বলগীয়া হোৱা যুৱক–যুৱতীসকলৰ্ মানৱ সম্পদখিনিক উন্নয়নৰ পথলৈ অনাৰ প্রয়াস চৰকাৰী আৰু সামাজিক দায়িত্ব হোৱা উচিত৷ সময় হৈছে যুৱক–যুৱতীৰ নিয়োগৰ সম্ভাৱনা বঢ়োৱাৰ বাবে বিশেষ প্রশিক্ষণ আদিৰ ব্যৱস্থা কৰাৰ যাতে এক শক্তিশালী অর্থনীতিৰ সুফলে চুই যাব পাৰে অসমৰ সাহিত্য–সংস্কৃতি আৰু কলা জগতক ইতিবাচক ৰূপত৷

সাহিত্য সভাই বিদ্যায়তনিকভাৱে গৱেষণাৰ দিশত অসমৰ ভাষা–সাহিত্য, কলা–সংস্কৃতি সম্পর্কত এক গধুৰ দায়িত্ব পালন কৰাৰ প্রয়োজন আছে৷ অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহ সৈতে সাহিত্য সভাই অন্যান্য বিদ্যায়তনিক বিষয়সমূহৰ সম্পর্কত নিয়মিত যোগাযোগৰ ব্যৱস্থাৰ দ্বাৰা কবিতা–গল্প, উপন্যাস–নাটকৰ আদিৰ সন্মিলন অনুষ্ঠিত কৰিলে ছাত্র–ছাত্রীৰ উপকাৰত অহাৰ লগতে নতুন প্রজন্মৰ প্রতিভাক আঁকোৱালি লোৱাৰ সুযোগ আহিব৷ সভাৰ এই ধৰণৰ কার্যাৱলী নবীন লেখকসকলক অগ্রাধিকাৰ দিয়া উচিত৷ তেওঁলোকৰ সৃষ্টিশীল প্রতিভাক উন্মিলিত কৰাৰ সভাৰ প্রধান কাম হোৱাটো বাঞ্ছনীয়৷ কাৰণ তেওঁলোকেই ভৱিষ্যতৰ সাহিত্য সৃষ্টিত দেশে–বিদেশে আমাৰ সুনাম আনিব পাৰিব, বিশ্বৰ সাহিত্য ধাৰাৰ সৈতে অসমৰ সৃষ্টিৰ ধাৰাক নিৰৱচ্ছিন্নভাৱে সংলগ্নও কৰি ৰাখিব৷

এই কথা ঠিক যে সাহিত্য সভাই ল’ব লগা বা ইতিমধ্যে কার্যকৰী কৰি অহা আঁচনিবোৰে পূর্ণাংগ ৰূপ পাবলৈ নিশ্চিতভাৱে ধনৰ প্রয়োজন, নহ’লে ধনবিত নাইকিয়া নিধিৰাম চর্দাৰ হৈ শূন্যতে গদা ঘূৰাই থাকিলে কৰিবলগীয়া কামৰ ভাষ্য মাথোঁ ফুটুকাৰ ফেনহে হ’ব পাৰে, তাতকৈ আগ নাবাঢ়ে আৰু তাৰ ফলত সাহিত্য সভাৰ প্রতি মানুহৰ আস্থা আৰু বিশ্বাস টুটি অহাটো ধূৰূপ৷ তৎসত্ত্বেও এই বিষয়টো এতিয়াও উপযুক্ত ধৰণে সমাধান হোৱা নাই৷ বিত্তৰ দিশটো সঠিকভাৱে শক্তিশালী কৰি নুতুলিলে পৰিকল্পিত কামবোৰৰ কার্যকৰীকৰণ অসম্ভৱ ৷

বহু সময়ত শুনা যায় যে গৰিষ্ঠসংখ্যক নতুন প্রজন্মৰ যুৱক–যুৱতী সাহিত্য সভাৰ মঞ্চলৈ আহিব নোখোজে, সভাৰ কাম–কাজৰ সৈতে জড়িত হ’বলৈও তেওঁলোকে অনীহা প্রকাশ কৰে আৰু ইয়াৰ বাবে সাধাৰণভাৱে দোষ জাপি দিব বিচৰা তেওঁলোকৰ ওপৰত৷ এই বিষয়টোত সাহিত্য সভা আৰু ইয়াৰ বিভিন্ন শাখাসমূহৰ বিষয়ববীয়াই বিশ্লেষণ কৰি চোৱা উচিত৷ প্রত্যেকখন শাখাই এইসকল যুৱক–যুৱতীৰ ইচ্ছা–আকাংক্ষাৰ কথা হূদয়ংগম কৰা উচিত আৰু তেওঁলোকৰ সৈতে আলাপ আলোচনাত বহি নতুনক আদৰি লোৱাৰ মানসিকতাক প্রশ্রয় দিলেহে অসমৰ যুৱক–যুৱতীয়ে ভাষা–সাহিত্যৰ দুর্জেয় গতিক সমুখলৈ ধাৱমান কৰাত অংশীদাৰ হ’ব পাৰিব আৰু তেওঁলোকৰ অৱদানে আনি দিব সাহিত্য সভালৈ অধিক গতিশীলতা ৷

প্রতিনিয়ত আমি থিয় হওঁ যুগৰ নতুন ধ্যান–ধাৰণা, শংকা, সংশয়, সম্ভাৱনাপূর্ণ প্রত্যাহ্বানৰ৷ এইবোৰৰ মাজত প্রৱাহিত সত্যৰ সন্ধান আৰু মানৱতাৰ বিজয়গানৰ স্রোতধাৰাত সাহিত্যৰ সৃষ্টিকাৰীয়ে অৱগাহন কৰি সমাজলৈ আগবঢ়াব লাগিব অজেয় মানুহৰ জীৱন যাত্রাক মহিমাময় কৰি ৰখাৰ দস্তাৱেজ৷ সঠিক পথ নক্সা৷ বিশ্বাস আৰু সংশয়ৰ দোমোজাত ব্যাহত নহওক সাহিত্যৰ মানৱীয় কাঠামো, সৰলতাই হওক সাহিত্যৰ অন্বেষণ– এনে এক বিশ্বাস আৰু প্রত্যয়েৰে আগবাঢ়ি যোৱাৰ বাবে আপোনালোকৰ অকুণ্ঠ সহায়–সহযোগিতা কামনা কৰিলোঁ৷ আহক, একেলগে আটায়ে অসম সাহিত্য সভাৰ বিজয় যাত্রাৰ অংশীদাৰ হওঁ– আপোনালোকলৈ পুনৰ নমস্কাৰেৰে ।

                                           – কুলধৰ শইকীয়া

You might also like