অসমৰ মানুহৰ খাদ্য তালিকাখনত মাহজাতীয় শস্য হ’ল এক মুখ্য উপাদান৷ মাহজাতীয় শস্যক ধনী মানুহৰ পাচলি আৰু দুখীয়া মানুহৰ মাংস বুলি কোৱা হয়, কাৰণ মাহজাতীয় শস্যই কম খৰচৰ প্র’টিন Protein)ৰ যোগান ধৰে৷ এইজাতীয় শস্য বিভিন্ন প্রকাৰৰ খেতি–মাটিত আৰু বিভিন্ন প্রকাৰৰ শস্য ব্যৱস্থাত Cropping system) উৎপাদন কৰিব পাৰি৷ অসমত প্রায় ১৪৬.৪০ হাজাৰ হেক্টৰ মাটিত (মুঠ শস্যভূমিৰ ৩.৫৪ শতাংশ) মাহজাতীয় শস্য উৎপাদন কৰা হয়৷ বছৰৰ দুয়োটা ঋতুতেই (ৰবি আৰু খাৰিফ) এই শস্য উৎপাদন কৰা হয় যদিও প্রায় ৯৪ শতাংশ মাহজাতীয় শস্য ৰবি খেতি হিচাপে কৰা হয়৷ প্রতি হেক্টৰত ৰাজ্যখনত প্রায় ৭৩৫ কিলোগ্রাম মাহজাতীয় শস্য উৎপাদন হোৱাৰ পৰিৱর্তে অন্ধ্রপ্রদেশত প্রতি হেক্টৰত ১০৮৬ কিলোগ্রাম মাহজাতীয় শস্য উৎপাদন হয় (২০১৬–১৭)৷ অনুমোদিত উৎপাদন পদ্ধতি অৱলম্বন কৰি আমাৰ ৰাজ্যখনতো মাহজাতীয় শস্যৰ উৎপাদন প্রতি হেক্টৰত ১২০০ কিলোগ্রামলৈকে বৃদ্ধি কৰিব পাৰিব বুলি কৃষি বিভাগে প্রকাশ কৰিছে৷ মধ্যপ্রদেশ, উত্তৰ প্রদেশ, ৰাজস্থান মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্রত ক্রমান্বয়ে দেশৰ ভিতৰত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছে৷ মাহজাতীয় শস্যৰ ভিতৰত অসমত প্রধানকৈ মগুমাহ, মাটিমাহ, ৰহৰমাহ, মচুৰমাহ, বুটমাহ আৰু মটৰমাহৰ খেতি কৰা হয়৷ কিন্তু এই মাহজাতীয় শস্যৰ বাবে আমাৰ ৰাজ্যখন ভাৰতবর্ষৰ আন কেইখনমান ৰাজ্যৰ ওপৰতেই নির্ভৰশীল৷ ৰাজ্যখনত প্রয়োজন হোৱা মুঠ মাহজাতীয় শস্যৰ ৮০ শতাংশই আন ৰাজ্যৰ পৰা আমদানি কৰা হয়৷
ভাৰতীয় চিকিৎসা বিজ্ঞান পৰিষদৰ দিহা অনুসৰি এজন প্রাপ্তবয়স্ক লোকে প্রতিদিনে ৪০ গ্রাম মাহ বা দাইল খাব লাগে৷ কিন্তু ৰাষ্ট্রীয় নমুনা জৰীপৰ National Sample Survey, ২০১৩–১৪), তথ্য মতে অসমৰ এজন প্রাপ্তবয়স্ক লোকে প্রতিদিনে গডে মাত্র ২৩ গ্রাম মাহ বা দাইল খায়৷ অসমৰ মাহজাতীয় শস্যৰ যোগান আৰু চাহিদাৰ বিষয়ে আমি কৰা এক অধ্যয়ন অনুসৰি পোৱা গৈছে যে বর্তমান সময়ত (২০২০–২১) ওপৰত উল্লেখিত ছয়বিধ মাহজাতীয় শস্যৰ চাৰিবিধৰ (বুটমাহ, মগুমাহ, ৰহৰমাহ আৰু মচুৰমাহ) যোগান বা উৎপাদন ৰাজ্যখনৰ চাহিদাতকৈ বহু পৰিমাণে কম৷ সেয়েহে এই চাৰিবিধ মাহৰ ক্ষেত্রত ঋণাত্মক দেখা যায়৷ কিন্তু মাটিমাহ আৰু মটৰমাহৰ ক্ষেত্রত ৰাজ্যখনৰ যোগান বা উৎপাদন চাহিদাতকৈ বহু বেছি আৰু সেয়েহে এই দুই মাহৰ ক্ষেত্রত যোগাত্মক দেখা যায়৷ অহা পাঁচ বছৰলৈকে (২০২৪–২৫) এই ছবিখন প্রায় তলত দিয়াৰ দৰে একেধৰণৰ৷
আশাব্যঞ্জক কথা এয়ে যে বর্তমান ৰাজ্যখনত মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্রহণ কৰিছে৷ অসমৰ কৃষি বিভাগে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনি National Food Security Mission-Pulse)ৰ অধীনত ৰাজ্যখনত মাহজাতীয় শস্যৰ অধীনত মাটিকালিৰ পৰিমাণ বৃদ্ধি, উৎপাদনশীলতা বৃদ্ধি, অনুমোদিত মাহজাতীয় শস্যৰ উৎপাদন বিধিৰ প্রয়োগ, ৰবি ঋতুত কৰা মাহজাতীয় শস্যক্ষেত্রত প্রয়োজনীয় জলসিঞ্চনৰ ব্যৱস্থা ইত্যাদিৰ জৰিয়তে এই যোগান–চাহিদাৰ ব্যৱধান কমাবৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা, উত্তৰ–পূবলৈ সেউজ বিপ্লৱ কঢ়িওৱা আঁচনিৰ Bringing Green Revolution to Eastern India) অধীনতো কৃষি বিভাগে মাহজাতীয় শস্যৰ উৎপাদনৰ বৃদ্ধিৰ বাবে উপযুক্ত ব্যৱস্থা লৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ে ইতিমধ্যে মাহজাতীয় শস্যৰ উচিত উৎপাদন বিধি দিয়াৰ লগতে উচ্চ উৎপাদনক্ষম মগুমাহ, মাটিমাহ আৰু ৰহৰমাহৰ জাত উদ্ভাৱন কৰিছে৷ কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্রসমূহৰ জৰিয়তে ব্রহ্মপুত্র আৰু আন নদীসমূহৰ পাৰৰ চৰ অঞ্চলসমূহত মাহজাতীয় শস্যৰ উৎপাদন কৰিও যোগান–চাহিদাৰ ব্যৱধান কমাব পৰাৰ সম্ভাৱনা আছে৷
আমাৰ আলোচনাৰ পৰা দেখা যায় যে আমাৰ ৰাজ্যখনত মাটিমাহ আৰু মটৰমাহৰ ক্ষেত্রত চাহিদাতকৈ যোগান বর্তমান পৰিস্থিতিৰ লগতে অনাগত বছৰবোৰতো বেছি৷ সেয়েহে আমি এই দুই শস্যৰ ক্ষেত্রত এক সঠিক পৰিকল্পনা কৰিব লাগিব৷ মটৰমাহ সাধাৰণতে আমি দাইল হিচাপে ব্যৱহাৰ নকৰোঁ৷ কিন্তু মাটিমাহ আমি দাইল হিচাপে খাওঁ৷ সেয়েহে আমি ক্রমান্বয়ে আমাৰ ভাতসাঁজৰ লগৰ দাইলৰ বাটিতো মাটি দাইলেৰে পূর্ণ কৰিব লাগিব৷ অতিৰিক্ত উৎপাদন হোৱা মাটিমাহ আৰু মটৰমাহৰ মূল্য সংযোজনৰ সম্ভাৱনীয়তা উলিয়াব লাগিব৷ এই দাইলৰ সংশোধন প্রক্রিয়াৰ Processing) বাবে গাঁৱে গাঁৱে ক্ষুদ্র প্রচেছিং মিল স্থাপনৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুযোগ ল’ব লাগিব৷ এনেধৰণৰ পদক্ষেপে পৰোক্ষভাৱে নিয়োজনৰ পথ খোলাৰ সম্ভাৱনাৰ সৃষ্টি কৰে৷ মাহজাতীয় শস্যৰ গুৰুত্ব বুজি কর্ণাটকত থকা ৰহৰমাহ উন্নয়ন পৰিষদৰ দৰে অসমতো মাহজাতীয় শস্য উন্নয়ন পৰিষদ Pulses Development Board) গঠন কৰি উৎপাদন, সংশোধন, মূল্য সংযোজন, বিপণন সকলো সামৰি লোৱাৰ ব্যৱস্থা আৱশ্যক হৈ পৰিছে৷ তদুপৰি অসমৰ মাটিমাহৰ অতিৰিক্ত উৎপাদনৰ এক অংশ দক্ষিণ ভাৰতৰ ৰাজ্যলৈ ৰপ্তানি কৰিব পৰা যায়, কিয়নো এই ৰাজ্যসমূহৰ খাদ্য তালিকাত (দোচা, ইডলি আদি) মাটিমাহ এক প্রধান আৰু অপৰিহার্য উপাদান৷ আনহাতে এই ৰপ্তানিৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ মাটিমাহৰ খেতিয়কসকল আর্থিকভাৱে উপকৃতও হ’ব৷ কিছু সূত্র অনুসৰি কোৱা হৈছে যে ‘ইউৰিক এচিড’ৰ পৰা হোৱা ৰোগৰ বাবে মচুৰ দাইল অপকাৰী৷ আনহাতে কোৱা হৈছে যে মাটিদাইল প্র’টিনসমৃদ্ধ হোৱাৰ উপৰি শক্তিবর্ধক, হজম শক্তিবর্ধক৷ তদুপৰি আমাৰ ছাল আৰু চুলিৰ সৌন্দর্যৰ বাবেও মাটিদাইল উপকাৰী৷ সেয়েহে হয়তো আমাৰ আজোআইতাৰ দিনৰে পৰা অসমৰ বাপতিসাহোন বিহুকেইটাৰ উৰুকাৰ দিনা মাটিমাহ আৰু হালধিৰে গা–মূৰ ধোৱা প্রথা চলি আহিছে৷ বর্তমান পৰিস্থিতিত এখন ‘আত্মনির্ভৰ অসম’ গঠনৰ বাবে থলুৱা বস্তুৰ পক্ষে সৰৱ হ’বলৈ জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই আহক আমি অন্ততঃ সপ্তাহত এদিনকৈ হ’লেও মাটিমাহৰ দাইল খাবলৈ লওঁ৷
-ড০ নিবেদিতা ডেকা
অধ্যাপিকা, কৃষি অর্থনীতি বিভাগ
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট
ফোন ঃ৯৪৩৫০–৫২৮৫৭