নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস ৰচি অভিলেখ গঢ়িলে আমাৰ মেৰী কমে…

বক্সিঙৰ ৰিঙত তেওঁ সদায় অদ্বিতীয়। মনোবল তেওঁৰ সদায় উচ্চ শিখৰত। কোনোদিনেই তেওঁ সেয়ে বিফলতাৰ মুখ দেখা নাই। অপ্ৰতিৰোধ্য, এক সত্তাৰ গৰাকী তেওঁ। যিমানেই অভিজ্ঞতা বাঢ়িছে, সিমানেই তেওঁ বক্সিঙৰ পৃথিৱীত উজ্বলি উঠিছে। উফৰি পৰা এটা পাঞ্চে বিপক্ষৰ সপোন চাৰখাৰ কৰি দিয়ে। তেওঁ জানে ক’ত কেনেকৈ আঘাত কৰিব লাগে। সেইবাবেইতো তেওঁ চেম্পিয়ন, সেইবাবেই তেওঁ অদ্বিতীয়।

চুটি-চাপৰ ছোৱালীজনীয়ে কেৱল হাতেৰে বক্সিং নেখেলে। তেওঁ বক্সিং খেলে মনেৰে, বক্সিং খেলে বুদ্ধিৰে। শনিবাৰে নতুন দিল্লীত ইতিহাস গঢ়া সময়তো প্ৰতিপক্ষক তেওঁ কোনো সুযোগ নিদিয়াকৈ আক্ৰমণ কৰি গৈছিল। কোনে ক’ব এইজনী ছোৱালী দুটা সন্তানৰ মাতৃ, ৰাজ্য সভাৰ সাংসদ। বিপক্ষে আছিল ইউক্ৰেইনৰ হান্না অ’খোটা। এখন ৰোমাঞ্চকৰ খেল।  বক্সিং ৰিঙৰ এই খেলত শেষ হাঁহি মাৰিলে এই ছোৱালীজনীয়ে। বহু সুযোগ সৃষ্টি কৰি হান্নাই তাইক ধাৰাশায়ী কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু সুযোগ নিদিলে। তাৰপাছত উপৰ্যুপৰি আক্ৰমণ। হাৰ মানিলে হান্নাই। খেল শেষ হোৱাৰ সংকেত বাজি উঠিল। আৰু ৰেফাৰীয়ে এই চুটি-চাপৰ ছোৱালীজনী হাতখন শূন্যলৈ দাঙি ধৰি ঘোষণা কৰিলে- এইবাৰো চেম্পিয়ন তেওঁৱেই।

নাম মেৰী কম। বহুতে মৰমতে মাতে ‘মেগনিফিচেন্ট মেৰী’। বক্সাৰ হ’ম বুলি কোনো দিনেই ভবা নাছিল। স্কুলত পঢ়ি থকা কালত জেফলিন থ্ৰ’ কৰাৰ লগতে ৪০০ মিটাৰ দৌৰিছিল। এবাৰ বিশ্ব চেম্পিয়ন হ’বলৈ কত সাধনা লাগে। কত পৰিশ্ৰমৰ বিনিময়ত বিশ্বৰ চেম্পিয়নৰ মুকুট পৰিধান কৰে কোনোবাই। কিন্তু মেৰী কমৰ বাবে এয়া যেন একেবাৰেই সাধাৰণ কথা। এ আই বি এৰ ৰেংকিঙত মেৰী কমৰ স্থান চতুৰ্থ। ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বীপৰ ৭খন খেল খেলিছে মেৰীয়ে। তাৰে ৬খনতেই মেৰীয়েই শ্ৰেষ্ঠ।

মেৰী কম। সম্পূৰ্ণ নাম মাংগতে চাংগনেইজেং মেৰী কম, চমুকৈ মেৰী কম। ১৯৮৩চনৰ ১ মাৰ্চত জন্ম হৈছিল মেৰীৰ। ২০১২চনৰ অলিম্পিকত ৫১ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰা মেৰীয়েই আছিল একমাত্ৰ ভাৰতীয় খেলুৱৈ। লণ্ডনত অনুষ্ঠিত এই খেলত মেৰীয়ে ব্ৰঞ্জৰ পদক বুটলিছিল। অলিম্পিকত প্ৰথমটো পদক। যিদিনাখনৰ পৰা মেৰীয়ে বক্সিং ৰিঙত ভৰি থলে, সেইদিনাৰ পৰা মেৰীয়ে বিফলতাৰ মুখ দেখা নাই। সদায়ে বুটলে সফলতা। ইয়াৰ বাবে তেওঁ সাধনা কৰে। জীৱনৰ অতি ব্যস্ত সময়তো তেওঁ অনুশীলনত ব্যস্ত থাকে। বক্সিঙেই তেওঁৰ এতিয়া জীৱন, বক্সিঙেই তেওঁৰ প্ৰাৰ্থনা। বিপক্ষক ধাৰাশায়ী কৰাই যেন তেওঁৰ লক্ষ্য।

৩৫ বছৰ ধৰি ধাৰাবাহিকভাৱে বক্সিঙৰ বাবে নিজকে শাৰীৰিকভাৱে সক্ষম কৰি ৰাখিব পৰাতো মেৰীৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। যিকোনো খেলুৱৈৰ বাবেই এই প্ৰত্যাহ্বান গ্ৰহণ কৰাতো সহজ কথা নহয়। সৰুতে পিত়ৃয়ে মেৰীক কেতিয়াও খেলিব দিব বিচৰা নাছিল বক্সিং। অতি দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা মেৰীৰ কমৰ পিতৃয়ে ভাবিছিল- এইবোৰ মৰামৰিৰ খেল কিয় খেলিব তাই? কেনেবাকৈ হাতে-মুখে দুখ পালে কোনে বিয়া কৰাব তাইক? ২০০০চনত মেৰীয়ে প্ৰথমটো সফলতা লাভ কৰাৰ আগলৈকে পিতৃয়ে জনা নাছিল মেৰী কমে যে বক্সিং খেলে। পিতৃৰ পৰা গোপনে ৰাখিছিল সকলো।

মণিপুৰৰ কাংগথাইত মেৰী কমৰ জন্ম। চুৰাচান্দপুৰ জিলাৰ অতি ভিতৰুৱা ঠাই কাংগথাই। তেওঁৰ দেউতাকৰ নাম আছিল মাংগতে তনপা কম। মাতৃৰ নাম মাংগথে আখাম কম। এই পৰিয়ালটোৱে ঝুম খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল। লোকটাক খ্ৰীষ্টিয়ান মডেল হাইস্কুলত মেৰীয়ে ষষ্ঠ শ্ৰেণীলৈ পঢ়িছিল।তাৰপাছত তেওঁ গৈছিল মৈৰাঙৰ ছেইন্ট জেভিয়াৰ স্কুললৈ। প্রথমবাৰতেই মেট্ৰিক পাছ কৰিব নোৱাৰিলে মেৰী কমে। পিছত তেওঁ ইম্ফলত এন অ’ আই চি পৰীক্ষা দি শিক্ষাগ্ৰহণ কৰিছিল। চুৰাচান্দপুৰ কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লৈছিল।

মণিপুৰৰ বক্সাৰ ডিংক’ সিঙে ১৯৯৮চনত বেংকক এছিয়ান গেমছত সোণৰ পদক দখল কৰি মণিপুৰলৈ উভতিছিল। সেই সময়ত মণিপুৰৰ বহু নতুন খেলুৱৈক ডিংক’ সিঙৰ এই সফলতাই বক্সিঙৰ প্ৰতি আকৰ্ষিত কৰিছিল। সেই সকলৰ ভিতৰত আছিল মেৰী কমো অন্যতম। ডিংক’ৰ খেলে মেৰী কমৰ মন-প্ৰাণ ভৰাই তুলিছিল। কোনে ক’ব- মেৰী কমৰ এখন সংসাৰ আছে। তেওঁ দুটা যমজ সন্তানৰ মাতৃ। তেওঁৰ স্বামী এজন ভাল ফুটবল খেলুৱৈ। নাম কে অনকাৰ কম। তেওঁৰ দুই সন্তানৰ নাম ৰেচুংভাৰ আৰু খামপেনিভাৰ।

পিতৃৰ বাধা, ৰক্ষণশীল সমাজৰ ভয়ত মহিলাৰ বাবে বক্সিং খেল কেতিয়াও উপযুক্ত বুলি ভাবি নোলোৱাত মেৰী কমে লুকাই-চুৰ কৰিয়েই বক্সিঙৰ অনুশীলন কৰিব লগা হৈছিল। ২০০০চনত মণিপুৰ ৰাজ্যিক মহিলা বক্সিঙত মেৰী কমে আত্মপ্ৰকাশ কৰিলে চেম্পিয়নৰূপত। সেই খবৰ দেউতাকে পাইছিল বাতৰি কাকতত। তেতিয়া মেৰী কমৰ বয়স আছিল ১৭ বছৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেৰী কমে ২০০১চনত মহিলা বিশ্ব অপেচাদাৰী খিতাপৰ বাবে যোগ দি দ্বিতীয় স্থান পাইছিল। বক্সিং খেলা মেৰী কমৰ হৈছিল মাত্ৰ এবছৰ। তাৰ পিছত মেৰী কমে এ আই বি এ মহিলা বক্সিং খিতাপত ৪৫ কেজি শাখাত সোণৰ পদক লাভ কৰিলে। ইয়াৰ পাছৰ পৰা মেৰী কমে পিছলৈ ঘূৰি চোৱা নাই। আগবাঢ়ি গৈ আছে মেৰী কম। অনন্য ৰূপত জ্বিলিকি উঠিছে মেৰী কম।

মেৰী কমৰ সফলতাৰ তালিকা হয়তো মেৰী কমৰ নিজৰো মনত নাই, ক’ত কিমান খিতাপ জিকিছে তাৰ কিমান হিচাপ ৰাখিব মেৰী কমে। সফলতাই যেন মেৰী কমৰ বাবে ৰখি থাকে। মেৰী কমে দৌৰিব লগা হোৱা নাই সফলতাৰ পাছত।

দেশ-বিদেশ সকলোতেই মেৰী কমৰ জয়গান। কম দিনৰ ভিতৰতে মেৰী কম হৈ পৰিল বক্সিং পৃথিৱীৰ নতুন তাৰকা। মহিলা বক্সিঙত মেৰী কমৰ ত্ৰাসৰ কাৰণ হ’ল বহু প্ৰতিষ্ঠিত খেলুৱৈৰ বাবে। তেওঁৰ লক্ষ্য যেন কেৱল সোণৰ পদক। ২০০৪চনত নৰৱেত অনুষ্ঠিত বিশ্বকাপত মেৰী কমে পালে সোণ। টাইৱানত অনুষ্ঠিত ২০০৫চনৰ এচিয়া মহিলা বক্সিঙতো সোণৰ পদকেই বুটলিলে মেৰী কমে। ২০০৫চনত ৰাছিয়াত অনুষ্ঠিত অপেচাদাৰী মহিলা বিশ্ব কাপতো মেৰী কমৰ বাবেহে যেন থৈ দিয়া আছিল সোণৰ পদক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, মেৰী কমে তাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়তো গঢ়ি গ’ল ইটোৰ পাছত সিটো অভিলেখ।

ৰাষ্ট্ৰীয় পৰ্যায়ত মেৰী কমৰ সফলতাৰ এখন তালিকা এয়া-

  • সোণ, প্ৰথম ৱ’মেন নেশ্যনেল বক্সিং চেম্পিয়নশ্বীপ, চেন্নাই ৬, (২০০১)
  • দ্য ইষ্ট অ’পেন বক্সিং চেম্প, বেংগল ১১, (২০০১)
  • ছেকেণ্ড ছিনিয়ৰ ৱৰ্ল্ড ৱ’মেন বক্সিং চেম্পিয়নশ্বীপ, নিউ দিল্লী ২৬, (২০০১)
  • নেশ্যনেল ৱ’মেন ছ’ৰ্ট মিট, নিউ দিল্লী ২৬, (২০০১)
  • ৩২তম নেশ্যনেল গেমছ, হায়দৰাবাদ (২০০২)
  • ৩য় ছিনিয়ৰ ৱৰ্ল্ড ৱ’মেন বক্সিং চেম্প, আইজল ৪ (২০০৩)
  • ৪ৰ্থ ছিনিয়ৰ ৱৰ্ল্ড ৱ’মেন বক্সিং চেম্প, অসম ২৪ (২০০৪)
  • ৫ম ছিনিয়ৰ ৱৰ্ল্ড ৱ’মেন বক্সিং চেম্প, কেৰালা ২৬ (২০০৪)
  • ৬ষ্ঠ ছিনিয়ৰ ৱৰ্ল্ড ৱ’মেন বক্সিং চেম্প, জামছেদপুৰ ২৯, (২০০৫)

মাজতে মেৰী কমে অসুস্থতাৰ বাবে ৰিঙৰ পৰা উভতিব লগা হৈছিল। এবাৰ এখন খেলত ১৯-৪ পইন্টত আগবাঢ়িও মেৰী কমে ৰিঙৰ পৰা নামি দিছিল। বহুতে ভাবিছিল- বিদায় মেৰী, শেষ হ’ল তোমাৰ কেৰিয়াৰ। অপেক্ষা মাথো দুটা বছৰৰ। মেৰী কমে খেলুৱৈ জীৱনৰ অন্ত নেপেলালে। পুনৰ উভতি আহিল ৰিঙলৈ। এইবাৰ আৰু অধিক আত্মবিশ্বাসী হৈ উভতিল মেৰী।

২০০৮চনত তেওঁ এচিয়া মহিলা বক্সিং খিতাপত সোণৰ পদক আৰু সেই বছৰেই চীনত অনুষ্ঠিত এ আই বি এ মহিলা বক্সিং খিতাপ অৰ্জন কৰিলে। সেয়া আছিল তেওঁৰ চতুৰ্থটো বিশ্ব খিতাপ। ২০০৯চনত ভিয়েটনামত অনুষ্ঠিত এচিয়া ইন্দোৰ বক্সিঙত সোণৰ পদক দখল কৰিলে। ২০১০ কাজাকিস্তানত মেৰীয়ে পালে আন এক সফলতা। সেই বছৰে বাৰ্বাড’চৰ অপেচাদাৰী মহিলা বিশ্বকাপ বক্সিঙত ৪৮ কেজি শাখাত মেৰীয়ে সোণৰ পদক লাভ কৰিলে। ২০১০চনত এচিয়ান গেমছত তেওঁ ৫১ কেজি শিতানত ব্ৰঞ্জৰ পদক পালে।

২০১১চনত চীনত অনুষ্ঠিত এচিয়া মহিলা কাপত ৪৮ কেজি শিতানত সোণৰ পদক লাভ কৰিলে মেৰীয়ে।২০১২চনত এ আই বি এয়ে মহিলা বিশ্বকাপত পুনৰ মেৰীৰ দখললৈ গ’ল স্বৰ্ণ। বক্সিঙত তেওঁ স্বৰ্ণ কন্যা। মেৰীৰ বাবে সন্মান, সফলতা, চৌদিশৰ পৰা আহিল। ২০১০চনৰ ৩ অক্টোবৰত দিল্লীত অনুষ্ঠিত হৈচিল কমন ৱেল্থ গেমছ। সেই অনুষ্ঠানৰ কুইনছ বেটন কঢ়িয়াবলৈ মেৰীকো নিৰ্বাচন কৰা হৈছিল। বিজেন্দৰ সিঙৰ মেৰীৰ ওপৰতো দিয়া হৈছিল এই দায়িত্ব। কিন্তু মেৰীয়ে প্ৰত্যাখান কৰিলেএয়া। কিয়নো সেই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হোৱা নাছিল বক্সিং।

৬ বাৰকৈ বিশ্ব খিতাপ অৰ্জন কৰা মেৰীৰ পিচা কৰে সন্মানে। এতিয়ালৈকে তেওঁ লাভ কৰিছে বহু বঁটা। তাৰ ভিতৰত–

  • অৰ্জুন বঁটা (বক্সিং), ২০০৩চন।
  • পদ্মশ্ৰী (খেল), ২০০৬চন।
  • ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰত্যাখি, ২০০৭চন।
  • পিপল অৱ দ্য ইয়েৰ- লিমকা বুক অৱ ৰেকৰ্ডছ, ২০০৭চন।
  • চিএনএন-আইবিএন তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিছৰ ৰিয়েল হিৰ’জ এৱাৰ্ট, ২০০৮চন।
  • পেপছী এমটিভি য়ুথ আইকন, ২০০৮চন।
  • মেগনিফিচেন্ট মেৰী, এআইবিএ, ২০০৮চন।
  • জ’মি ষ্টুডেন্টছ ফেডাৰেশ্যনৰ দ্বাৰা নিউ লামকা ৱাইপিএ হলত সম্বৰ্ধনা জ্ঞাপন ২০০৮চন।
  • ৰাজীৱ গান্ধী খেলৰত্ন বঁটা, ২০০৯চন।
  • আন্তৰ্জাতিক বক্সিং সংস্থাৰ মহিলা বক্সিং এম্বেচেদৰ, ২০০৯চন।
  • স্প’ৰ্টছ ৱ’মেন অৱ দ্য ইয়েৰ ২০১০, ছাহাৰা স্প’ৰ্টছ এৱাৰ্ড।

এয়াই মেৰী, মেগনিফিচেন্ট মেৰী কমে। যিকোনো খেলুৱৈৰ বাবে এয়া ঈৰ্ষাৰ কাৰণ। য’ত এবাৰেই বিশ্ব শ্ৰেষ্ঠ হোৱাতো টান, তাত মেৰী ৬ বাৰকৈ বিশ্ব শ্ৰেষ্ঠ। এই অভিলেখ হয়তো কোনেও ভাঙিব নোৱাৰে। সঁচাকৈয়ে মেৰী অনন্য। মেৰীৰ জীৱনক লৈ নিৰ্মাণ হৈছে বায়’ পিক। সেই মেৰী কমৰ জীৱনৰ এই উত্থানৰ কাহিনী ছবিতকৈও মনোৰম।সাধনাৰ এই বাটঁত মেৰী কম সদায় আগত। ৬বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা গৌৰৱেৰে মেৰী কম গৌৰাম্বিত। উত্তৰ-পূবৰ এগৰাকী মহিলা খেলুৱৈৰ এই সফলতাই আনি দিছে সমগ্ৰ অঞ্চলটোৰ প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত আনি দিছে এক নতুন পৰিচয়। অভিনন্দন মেৰী কম।

You might also like