এয়ে মোৰ শেষ গান
আমাৰ ব্যৱহাৰিক জীৱনৰ সর্বতোপ্রকাৰে উন্নয়ন নিবিচৰাৰ কোনো প্রশ্ণ নাই৷ ব্যৱহাৰিক জীৱনটো হ’ল আমাৰ শৰীৰটো৷ কিন্তু এই ব্যৱহাৰিক জীৱনটোক সুস্থ কৰি ৰাখিবই লাগিব৷ কেৱল মানুহৰ ক্ষেত্রতে নহয়, পোক–পৰুৱাৰ পৰা আৰম্ভ কৰি হাতীটোলৈকে আনকি গছ–গছনিৰ ক্ষেত্রতো শৰীৰৰ সুস্থতা যেতিয়ালৈকে থাকে, তেতিয়ালৈকেহে সকলো জীয়াই থাকে৷
মানুহৰ ক্ষেত্রত গুৰুত্বপূর্ণ পার্থক্যটো হ’ল মানুহৰ অস্তিত্ব কেৱল শৰীৰৰ সুস্থ অস্তিত্বৰ ওপৰতে নির্ভৰ নকৰে৷ মানুহৰ অস্তিত্ব নির্ভৰ কৰে বিশেষকৈ তাৰ সামাজিক, সাংসৃকতিক পৰিৱেশত কৈশোৰ পাৰ হোৱালৈকে গঢ় লৈ উঠা মানসিক অভিজ্ঞতাৰ ভেটিটোৰ ওপৰত৷ এই ভেটিটোকে আধাৰ কৰি লাহে লাহে গঢ় লৈ উঠে তাৰ নিত্য নতুন জ্ঞান, বোধ আৰু বৌদ্ধিক অভিজ্ঞতাৰ দ্বিতীয়টো স্তৰ৷ এই স্তৰটোতেই মানুহৰ প্রায় পঁচিশ বছৰ বয়সৰ ভিতৰত চিন্তা–চর্চাৰ নিজৰ বৈশিষ্ট্যৰে গঢ় লৈ উঠে নিজৰ ব্যক্তিত্ব৷ সেইবাবে ল’ৰা–ছোৱালীয়ে এই বৈশিষ্ট্যৰেই গঢ়ি তোলে নিজৰ জীৱন, আদর্শ, কর্মধাৰা তথা বৃত্তি৷ এনে ব্যক্তিত্বৰেই মানুহে কেৱল নিজৰ জীৱন গঢ়াতে দায়িত্ব শেষ নকৰি সমাজ–জীৱন তথা সর্বসাধাৰণ মানুহৰ জীৱন গঢ়াতো নিজৰ অৱদান আগবঢ়াই আহিছে৷
মানুহ গঢ় লৈ উঠাৰ স্বাভাৱিক তথা প্রাকৃতিক গতিধাৰা এনেদৰেই বৃদ্ধি হয়৷ কৃত্রিম সাৰ দি গছপুলি সোনকালে ডাঙৰ কৰিব পাৰি, কিন্তু তেনে ফল মানুহৰ শাৰীৰিক আৰু মানসিক দুয়োটাৰে স্বাস্থ্যহানিৰ কাৰক হৈ উঠে৷ প্রাকৃতিক সাৰ দি ডাঙৰ কৰা গছৰ ফলহে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য গঢ়ি তোলাৰ আটাইতকৈ গুৰুত্বপূর্ণ উপাদান৷
গাৰ শক্তি আৰু ক্ষমতাৰে জোৰ কৰি কৰা কামে মানুহৰ প্রকৃত মানৱীয় প্রকৃতি আৰু ব্যক্তিত্ব গঢ়ি তোলাৰ ক্ষমতা বিনষ্ট কৰি আহিছে আৰু বিনষ্ট কৰি থাকিব৷ এই বিষয়টো ‘শৰীৰ বিজ্ঞান বিশেষজ্ঞ’ আৰু ‘মনোবিজ্ঞান বিশেষজ্ঞ’ৰ দ্বাৰা পৰীক্ষিত হৈ আহিছে৷ এই কথাত পতিয়ন নগ’লে পুনৰ পৰীক্ষা কৰি চোৱাৰ বাট মুকলি হৈ আছে৷ এছাৰিৰে কোবাই গছত ফুলো ফুলাব নোৱাৰি, ফলো লগাব নোৱাৰি৷ এই কথাও মনত ৰাখিব লাগিব যে ধনাঢ়্য, আঢ়্যৱন্তসকলৰ সংখ্যা আমাৰ দেশত যদি দহ শতাংশও হয়, দৰিদ্রৰ সংখ্যা নব্বৈ শতাংশ হ’ব৷ দহ শতাংশৰ বাবে উপযোগী হ’ব পৰা পদ্ধতি নব্বৈ শতাংশৰ বাবে উপযোগী কেতিয়াবা হ’বনে? বা দেশৰ নব্বৈ শতাংশ মানুহৰ জীৱন–যাত্রাৰ প্রণালী দহ শতাংশৰ সমান কৰিব পৰা হ’বনে কেতিয়াবা?
আমাৰ দেশৰ প্রত্যেক ৰাজ্যৰ সামাজিক, ভাষিক, সাংসৃকতিক পৰিৱেশত নব্বৈ শতাংশ ল’ৰা–ছোৱালী বৌদ্ধিকভাৱে বিভিন্ন বিষয়ত কর্মদক্ষ আৰু মানৱীয় সংবেদনশীলতাৰে মানুহ কৰি গঢ়ি তুলিবলৈ প্রত্যেক ৰাজ্যৰ সামাজিক, ভাষিক আৰু সাংসৃকতিক পৰিৱেশৰ উপযোগী শিক্ষাৰে স্কুলীয়া জীৱন গঢ়ি তোলাৰ যত্নৰ বাবে প্রথমতে ৰাজ্য চৰকাৰসমূহে যদি ন–কৈ প্রাথমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ শিক্ষানুষ্ঠানৰ ঘৰ–দুৱাৰকে ধৰি সকলো আৱশ্যকীয় আচবাব যোগাৰ কৰি নিদিয়ে, আৰু প্রতিটো শিক্ষণীয় বিষয়ৰ উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষক নিয়োগ কৰিব নোৱাৰি বিদেশী ভাষাক শিক্ষাৰ মাধ্যম কৰিব খোজে, তেতিয়া সন্দেহ নাই মাতৃভাষাটোৰ মৃত্যু ঘটিব৷ জোৰকৈ ইংৰাজী মাধ্যমত পঢ়ুওৱা ল’ৰা–ছোৱালীৰ নব্বৈ শতাংশই তেতিয়া অসমীয়া ভাষা ক’বলগীয়া হ’লেও ভুলকৈ ক’ব, অসমীয়া আখৰ চিনি নাপাব, অলপ অলপ চিনিলেও অসমীয়া কিতাপ, কাগজ পঢ়িব নোৱাৰিব৷ এনেকৈয়ে ভাষাটো ব্যৱহাৰৰ পৰা আঁতৰি যাব৷ অসমৰ বর্তমানৰ মাননীয় মুখ্যমন্ত্রী সমন্বিতে মন্ত্রীসভাই অসমীয়া ভাষাৰ এনে এটা অত্যন্ত দুর্ভাগ্যজনক মৃত্যুকে বাঞ্ছা কৰেনে?
মন্ত্রী, বিধায়ক, সাংসদকে ধৰি ৰাজনীতিকসকলৰ আৰু ধনাঢ়্য ব্যক্তিসকলৰ ল’ৰা–ছোৱালীয়ে ইংৰাজীত শিক্ষা গ্রহণ কৰি ডাঙৰ চাকৰি, ব্যৱসায় কৰি প্রচুৰ ধন ঘটিব পাৰিব, কিন্তু দেশ, জাতি, ভাষা–সংসৃকতিৰ জীৱনক চহকী কৰাৰ কথা দূৰতে থাকক, নিজৰ ঘৰখনো বিজতৰীয়া কৰিব৷ ইংৰাজী ভাষা সৰুতে মুখস্থ কৰিব পাৰিব, জ্ঞান লাভ কৰিব নোৱাৰিব৷ বৰং এটা আধা সিজা ভাষা–সংসৃকতিৰ সৃষ্টি হোৱাত সহায় কৰিব৷ ঊনবিংশ শতিকাত অসমীয়া ভাষাৰ ঠাইত বাংলা প্রয়োগ কৰি অসমীয়া ভাষাকে নহয়, অসমৰ সাধাৰণ সুকলীয়া শিক্ষার্থীক ‘আদ বঙলুৱা’ কৰি তোলাৰ দৰে এতিয়া ‘আদ ইংৰাজী’ কৰাৰ যত্নৰ কুফল ভুগি থাকিব লাগিব৷
ৰাজনীতিকে মাতৃভাষা–সংসৃকতিৰ বিষয়ত লোৱা সিদ্ধান্তই ৰাজনৈতিক লাভ হোৱাত সহায় কৰিব পাৰে, দেশ আৰু জাতিক সমৃদ্ধ হোৱাত ভয়ংকৰ বাধাৰ সৃষ্টি কৰিব৷ সুকলবোৰ কেৱল ধন ঘটাৰ কৌশলৰ প্রয়োগশালা নহয়, ই ‘মানুহ গঢ়াৰ কাৰখানা’৷ শিক্ষা–জীৱন আৰম্ভ কৰোঁতেই যদি নুবুজা ভাষাৰে বিজ্ঞান আৰু গণিতৰ শিক্ষা দিয়া হয়, সেই শিক্ষার্থীৰ কেইজন ভৱিষ্যতে চিকিৎসক আৰু কাৰিকৰী বিষয়ৰ বিশেষজ্ঞ হৈ উঠিব? মই আমাৰ মুখ্যমন্ত্রীক নিজে উচিত বুলি ভবা বিষয়তে আঁকোৰগোজ হৈ নাথাকি ‘শিশু মনোবিশেষজ্ঞ’ আৰু ‘শিক্ষা বিশেষজ্ঞ’ৰ মতামত প্রথমে বিচাৰ কৰি চাবলৈ সনির্বন্ধ অনুৰোধসহ দাবী জনাওঁ৷ কেৱল নিজৰ সিদ্ধান্তক গুৰুত্ব দিলে স্বৈৰাচাৰ কৰা হ’ব, গণতান্ত্রিক মূল্যবোধৰ মৃত্যু ঘটিব৷ শৈশৱতে মাতৃভাষাৰে বিষয়ৰ পৰিচয় দিব পাৰিলে আৰু ইংৰাজী ভাষাৰ লগত লাহে লাহে চিনাকি হ’বলৈ ভাল সুদক্ষ শিক্ষক নিয়োগত গুৰুত্ব আৰোপ কৰিব পাৰিলেহে বিচৰামতে ভাল ফল পোৱা যাব৷
আমাৰ সমস্যাটো হ’ল আমাৰ সুকলবিলাকত শুদ্ধ উচ্চাৰণেৰে ইংৰাজী ভাষা শিকাব পৰা শিক্ষকৰ অভাৱ৷ ইংৰাজীত অধিকাৰ থকা নতুন ভাল শিক্ষক একো একোটি নির্দিষ্ট সময়ৰ বাবে পৰীক্ষামূলকভাৱে নিয়োগ কৰি ইংৰাজী শিকিবলৈ ল’ৰা–ছোৱালীক সুবিধা দিয়ক৷ গুণগত শিক্ষা দিব পাৰিলে তেনে শিক্ষকক স্থায়ী কৰাৰো ব্যৱস্থা কৰক৷ কেৱল ‘নির্বাচন’ৰ লক্ষ্যৰে লোৱা আঁচনিৰ সুফল ফলিব বুলি মানুহে বিশ্বাস কৰিব কেনেকৈ? নিজৰ নিজৰ স্বার্থত ‘হয় ছাৰ’ বুলি সমর্থন কৰা মানুহৰ সংখ্যা যিমানেই নহওক, তেনে লোকৰ কথাত ভৰসা কৰাটো সমগ্র ৰাজ্যৰ বাবে ভয়ানকভাৱে বিপজ্জনক হ’ব৷ নিৰপেক্ষ সমালোচনা ‘তিতা’ হ’লেও তেনে সমালোচনা ৰাজ্যৰ বাবেও আৰু মানুহৰ নিজৰ, আনকি ৰাজনীতিকসকলৰ বাবেও সুফলদায়ক হৈ আহিছে আৰু হৈ থাকিব৷
প্রসংগক্রমে কওঁ, সকলো ভাষাই নিজৰ বৃদ্ধি ঘটাবলৈ সময়োপযোগী নতুন নতুন শব্দ সদায় গ্রহণ কৰি আহিছে৷ অসমীয়া ভাষয়ো অনেক ভাষাৰ পৰা অনেক শব্দ গ্রহণ কৰি নিজৰ কৰি লৈছে৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি দৈনিক যিমান বিদেশী শব্দ ব্যৱহাৰ কৰোঁ, তাৰ হিচাপ ল’বলৈ সুদীর্ঘ তালিকা প্রস্তুত কৰিব লাগিব৷ তৎসত্ত্বেও অসমীয়াকে ধৰি সকলো ভাৰতীয় ভাষাই নিজৰ খোপনি হেৰুৱাই ‘ইংৰাজী’ হৈ যোৱা নাই৷
মুখ্যমন্ত্রীয়ে কৈছে যে ডাক্তৰ আৰু ইঞ্জিনীয়াৰ হ’বলৈ ইংৰাজী মাধ্যমত পঢ়িব লাগিব৷ আমাৰ নাগালেণ্ড আৰু মেঘালয়ত ইংৰাজী মাধ্যম চলি আছে৷ কিন্তু এনে ৰাজ্যসমূহৰ জনসংখ্যা অনুপাতে ডাক্তৰ, ইঞ্জিনীয়াৰ, আই এ এছ কিমানসংখ্যক ওলাইছে? তদুপৰি এতিয়ালৈকে অসমত তথা ভাৰততো যিমান ডাক্তৰ আৰু ইঞ্জিনীয়াৰ হৈ আছে, এই সকলো ইংৰাজী মাধ্যমৰ সুকলত পঢ়ি হৈছে জানো? মাতৃভাষা অবিহনে কোটি কোটি সাধাৰণ মানুহৰ ল’ৰা–ছোৱালীয়ে শিক্ষা আৰম্ভ কৰিব নোৱাৰিব৷ এই কোটি কোটি ল’ৰা–ছোৱালীয়ে দুপৰীয়া সুকলত ৰন্ধা ‘ভোজ’ খাই ইংৰাজী মাধ্যমত শিক্ষা ল’ব বুলি যদি বিশ্বাস কৰা হয়, তাতকৈ বোধকৰোঁ অসম্ভৱ ঘটনা একো নঘটিব৷ কেন্দ্রীয় চৰকাৰৰ শিক্ষা নীতি আৰু গৃহমন্ত্রীয়ে ইংৰাজী ভাষাৰ নেতিবাচক দিশ নিজেই ঘোষণা কৰি মাতৃভাষাত শিক্ষাদানৰ পোষকতা কৰিছে৷
প্রবল ইচ্ছা থাকিলে প্রয়োজনীয় অনেক বিদেশী শব্দ লৈও অসমীয়া ভাষা–মাধ্যমক উচ্চস্তৰলৈ লৈ যাব পাৰিব৷ তেনে এটা লক্ষ্য চৰকাৰে ল’ব নোৱাৰাৰ কোনো কাৰণ নাই৷
হ’ব পাৰে বিজেপি চৰকাৰে লাহে লাহে আমেৰিকাৰ ব্যক্তিগত খণ্ডক শিক্ষা, স্বাস্থ্য আদি সকলো বিষয় প্রদান কৰাৰ দৰে আমাৰ দেশতো তেনে অর্থনীতিৰ প্রসাৰ সকলো খণ্ডলৈকে বিয়পাব খুজিছে৷ তেতিয়া তেনে খণ্ডসমূহৰ বিষয়া, কর্মচাৰীৰ নিয়োগ, বেতন আদিৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ হাতত অর্পণ কৰি দিয়াৰ সুবিধা হ’ব৷ কিন্তু আমেৰিকাৰ জনসংখ্যা ভাৰতৰ জনসংখ্যাৰ লগত তুলনা নহয়৷ আমাৰ দেশত এতিয়াও অর্ধনিৰন্ন–র্ধনগ্ণ্ অৱস্থাৰে দিন কটাবলগীয়া অৱস্থাৰ কোটি কোটি মানুহ আছে৷ দাৰিদ্র্যৰ এই ছবিখন নভবাকৈ লোৱা সিদ্ধান্তই এইসকল মানুহৰ জীয়াই থকাৰ নূ্যনতম আধাৰো নোহোৱা কৰিব, শিক্ষা লাভ বা চিকিৎসা লাভ দূৰৰ কথা৷
মই মুকলিকৈ কওঁ এনেস্থলত মাতৃভাষাক এলাগী কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়াৰ পৰিকল্পনাই অসমৰ, অসমীয়া ভাষাৰ, জাতিৰ ভৱিষ্যৎ সম্পূর্ণৰূপে ধ্বংস কৰিব৷ ৰাজনৈতিক লাভৰ বাবে যেন এনে এক ভয়ংকৰ ভৱিষ্যৎ সৃষ্টি নকৰে৷ মই এম ই সুকলৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে, নিজকে ভাল শিক্ষক বুলি দাবী নকৰিলেও, শিক্ষকতা কৰি পোৱা অভিজ্ঞতাৰ ভিত্তিত সনির্বন্ধ অনুৰোধ কৰোঁ– মাধ্যম বিষয়ত কৰা চৰকাৰী ঘোষণাটো সন্মান বা মর্যাদাৰ বিষয় হিচাপে নলৈ আমাৰ ৰাজ্যখনৰ প্রকৃত পটভূমিত, বডো ভাষাৰ ক্ষেত্রত কৰাৰ দৰে অসমীয়া ভাষাৰ ক্ষেত্রতো ব্যৱস্থা কৰি ভাষা, ল’ৰা–ছোৱালী আৰু জাতিটোক ৰক্ষাকৱচ দিয়াৰ ব্যৱস্থা কৰক৷ ভাষা মৰিলে জাতি জীয়াই থাকিব ক’ত? অগ্ণিকবি কমলাকান্ত ভট্টাচার্যই কৈ যোৱাৰ সুৰতে যাতে ক’বলগীয়া নহয়–
‘ঠিক অসমীয়া মানুহ নহয়
অসম শ্মশান নোহে কোনে কয়৷’