‘কা’বিৰোধী সংগ্রাম আৰু নতুন ৰাজনৈতিক দলৰ পোষকতা
- মনেশ্বৰ দেউৰী
সাহিত্যিক, মৰিগাঁও
যৌক্তিক বিচাৰ–বিশ্লেষণ কৰিব পৰা দিনৰে পৰাই, অর্থাৎ ১৯৬৭ চন মানৰে পৰা আজিলৈকে অসমত কংগ্রেছ, কমিউনিষ্ট, জনতা, অগপ, ইউএমএপ, বিজেপি, এআইইউডিএফ, বিপিএফ আদি ৰাজনৈতিক দলৰ অৱস্থিতি আৰু সিবিলাকৰ কার্যকলাপ দেখি আহিছোঁ৷ সর্বভাৰতীয় ৰাজনৈতিক দলৰ দর্শন, দলীয় ইস্তাহাৰত জনতা জনার্দনৰ কল্যাণৰ কথাই ঠাই পায় যদিও কার্যতঃ সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হৈ আহিছে৷ আঞ্চলিক ৰাজনৈতিক দলসমূহৰো চাৰিত্রিক বৈশিষ্ট্য একেটাই৷ সকলো ৰাজনৈতিক দলেই আজিকোপতি মিঠা আম বুলি জনতাক ভুৰুকাই টেঙা আমকে খুৱাই আহিছে৷ সেইবাবে গাঁৱলীয়া মানুহে কয়– লংকালৈ গ’লে সকলোৱে ৰাৱণ হয় হেনো৷ পিছে সুগ্রীৱ, নল, নীল, জাম্বৱান, হনুমান, দ্বিবিদ আদি বীৰসকলে কিন্তু ৰাৱণ নোহোৱাকৈ নিজ ৰাজ্য পালেহি৷ সেয়েহে কথাষাৰ সম্পূর্ণ সঁচা নহয়৷ আজিকালি ধনবল, বাহুবল আৰু জাত–পাতক লৈয়ে ৰাজনৈতিক নেতাসকলে নির্বাচন খেলে৷ অর্থনৈতিক দুৰৱস্থাই কোঙা কৰা গাঁৱৰ দুখীয়া নদাই–ভদাইক কেইবটলমান বিলাতী সুৰা আৰু কেইটামান টকা দিলেই হ’ল৷ নোম–নেগুৰ বর্জিতজনেও নির্বাচনত জিকি আহে৷
ভাৰতীয় সংবিধানৰ দ্বিতীয় অংশত থকা ‘নাগৰিকত্ব’ অধ্যায়টোৰ ৫নং অনুচ্ছেদৰ পৰা ১১নং অনুচ্ছেদলৈ ভাৰতীয় নাগৰিকত্ব প্রাপ্তিৰ প্রাৱধানৰ বিধান দিয়া আছে৷ ইয়াত পাকিস্তানৰ পৰাও মানুহ ভাৰতলৈ আহি বসবাস কৰিব পৰাৰ কথা কৈছে৷ হিন্দু মানুহহে আহিব পাৰিব, মুছলমান মানুহ আহিব নোৱাৰে বুলি ক’তো উল্লেখ কৰা নাই৷ লগতে সেই ৰাষ্ট্রত ধর্মীয় নিগ্রহৰ বলি হোৱা হিন্দু মানুহ ভাৰতলৈ আহিব পাৰিব বুলিও ক’তো লিখা নাই৷ বিজেপি দলটোৱে কেন্দ্রত শাসনভাৰ লৈয়েই হিন্দু ৰাষ্ট্রৰ সপোন হূদয়ত আঁকি লয়– আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ হিন্দুক ধর্মীয় নিগ্রহৰ অচিলা দেখুৱাই ভাৰতলৈ অনাৰ পাং পাতিছে৷ সেইবাবে ২০১৯ চনৰ বিদায়ী ক্ষণত নাগৰিকত্ব সংশোধনী বিধেয়ক CAB) দুয়োটা সদনতে গৃহীত কৰি ৰাষ্ট্রপতিৰ স্বাক্ষৰৰ বাবে প্রেৰণ কৰে৷ ‘এনেই বুঢ়ী নাচনী, তাতে নাতিনীৰ বিয়া’ বোলাৰ দৰে ৰাষ্ট্রপতিজনেও একান্ত বাধ্য ল’ৰাৰ দৰে কাল ক্ষয় নকৰি নিশাটোৰ ভিতৰতে ছীল মোহৰ মাৰি চহী কৰি বিধেয়কখনক আইনী ৰূপ দিয়ে৷ এই ‘কা’ আইনে ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত থকা ‘ধর্মনিৰপেক্ষ’ এই প্রপঞ্চক বুঢ়া আঙুলি দেখুৱাব খুজিছে লগতে সংবিধানত উল্লেখ কৰা নাগৰিকত্ব অধিকাৰৰ ১৪, ১৫ আৰু ১৯নং অনুচ্ছেদক নস্যাৎ কৰিব খুজিছে৷ হাস্যকৰ কথা এয়েহে যে বিজেপি চৰকাৰে ধর্মনিৰপেক্ষতাৰ প্রমাণ দিবলৈ গৈ হিন্দু, বৌদ্ধ, জৈন, খ্রীষ্টিয়ান, শিখ আৰু পার্চী সম্প্রদায়ৰ নাম লৈছে৷ চৰকাৰৰ কিছুমান ওভতগোৰে নচা কাম–কাজ দেখি এনে লাগিছে যেন প্রধানমন্ত্রীগৰাকীয়্ নাজীবাদৰ প্রবক্তা হিটলাৰৰ ভাওত অৱতীর্ণ হৈছে আৰু গৃহমন্ত্রীজনে নাজী জার্মানীৰ প্রচাৰ মন্ত্রী পল যোচেফ গোৱেল্ছৰ অনুকৰণত নিত্য নতুন মিথ্যাচাৰৰ আশ্রয় লৈ দেশবাসীক বিপথে পৰিচালিত কৰিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে৷
‘কা’ আইনৰ অভাৱনীয় বিৰোধিতা আৰু অসমৰ চুকে–কোণে আবাল–বৃদ্ধ–বনিতা পুৰুষ–মহিলাই নিৰৱচ্ছিন্নভাৱে ধর্ণা, হৰতাল, অনশন, অৱস্থান ধর্মঘট, জোঁৰ সমদল, বজ্রনিনাদ আদিৰে চৰকাৰৰ টিকনি দাং খুৱাই পেলাইছে৷ আছুকে ধৰি বিভিন্ন দল–সংগঠন, শিক্ষক–কর্মচাৰী, বুদ্ধিজীৱী, লেখক–লেখিকা আনকি শিল্পীসকলেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তুলিছে৷ আছুৱে কৰা ‘কা’ আইনৰ নেতিবাচক দিশৰ প্রচাৰে সমগ্র উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ গণতন্ত্রপ্রেমী লোকসকলক উদ্বুদ্ধ কৰি তুলিছে৷ আছুৱে কৰা ‘কা’ আইনৰ নেতিবাচক দিশৰ প্রচাৰে সমগ্র উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ গণতন্ত্রপ্রেমী লোকসকলক উদ্বুদ্ধ কৰি তুলিছে আৰু ইয়াক প্রত্যাহাৰ কৰিবলৈ আন্দোলন অব্যাহত ৰাখিছে৷ ‘কা’ৰ বিৰুদ্ধে তোলা প্রতিবাদে বিশ্বৰ ভালেকেইখন ৰাষ্ট্রৰ মানুহৰ দৃষ্টি আকর্ষণ কৰিছে আৰু ইয়াক প্রত্যাহাৰৰ দাবীও তুলিছে৷ কিন্তু ভালুকৰ সাঙীস্বৰূপ এই আইন গাৰ জোৰেৰে পাছ কৰাই লৈ মোদী চৰকাৰ শ’লঠেকত পৰিছে৷ কিয়নো ইয়াক উঠাই লোৱাটোও সন্মান হানিৰ কাৰক, উঠাই নল’লেও দেশখনত অশান্তিয়ে বিৰাজ কৰাৰ সম্ভাৱনা৷ ‘ভালুকৰ ভাৰ ল’লেও খায়, থ’লেও খায়’– এই ফঁকৰাটো বিজেপিৰ গাত বঢ়িয়াকৈ খাটিছে৷ ঁকৰা মৈখনত উঠি ভাৰতৰ গৃহমন্ত্রীগৰাকীয়ে দম্ভালি মাৰি কৈছে– বোলে যিকোনো কাৰণতে ‘কা’ আইন প্রত্যাহাৰ কৰা নহয়৷
বিমুদ্রাকৰণে দেশৰ অর্থনীতি বিধ্বস্ত কৰাত, মোদী চৰকাৰে জনতাৰ দৃষ্টি অন্যফালে ঢ়াল খুৱাবলৈ সমগ্র ভাৰতত ১৯৫১ চনৰ পৰা এন আৰ চি, এনপিআৰ, কেব ওৰফে ‘কা’ আইনৰে দেশৰ জনতাক বিভ্রান্ত কৰিছে৷ নির্বাচনত জিকাৰ পিছতে দুই কোটি লোকক চাকৰি দিয়া, ছুইছ বেংকৰ ধন ঘূৰাই আনি দেশৰ প্রতিজন নাগৰিকৰ একাউণ্টত লাখৰ ঘৰত জমা দিয়া, অসমৰ পৰা বাংলাদেশীয়ে নির্বাচনৰ ফলাফল ঘোষণাৰ পিছদিনাই টালি–টোপোলা বান্ধি দেশলৈ উলটি যোৱাৰ কথা কৈ, এতিয়া সেই বিষয়ত টু শব্দ এটাও নকৰা হ’ল৷ কিয়নো ৰিজার্ভ বেংকৰ সোণ বিক্রী কৰিহে দেশ চলাব লগা হৈছে৷ পাঁচ ট্রিলিয়ন ডলাৰৰ গৰাকী হৈ ডিজিটেল ইণ্ডিয়া গঢ়ি আমেৰিকাক প্রত্যাহ্বান জনাব খোজাজনৰ এতিয়া পিছফালে ধোবাং বাং হৈছে৷
ৰাজতন্ত্রই হওক, সামন্ততন্ত্রই হওক নাইবা গণতান্ত্রিক সমাজ ব্যৱস্থাই হওক– ৰাজনৈতিক ক্ষমতা হাতত নাথাকিলে জনকল্যাণমূলক কোনো কাম সহজে কৰিব নোৱাৰি৷ ন্যায্য প্রাপ্য আদায়ৰ বাবে ৰাজনৈতিক পথাৰখনৰ নমাৰ বাহিৰে গত্যন্তৰ নাই৷ কাৰণ হাজাৰটা প্রচাৰ গ্রুপেও শাসকীয় দলৰ নোম এডালো লৰাব নোৱাৰে৷ পূর্বৰ ৰাজনৈতিক দলসমূহৰ কার্যকলাপে আমাক তিতামূৰি লগাইছে৷ অসমৰ আজিৰ পৰিস্থিতিত জাতীয়তাবোধ থকা নিকা স্বভাৱৰ ব্যক্তিৰে এটি দল খোলাটো সময়ৰ আহ্বান৷ সমাজত এতিয়াও সৎ ব্যক্তিৰ অভাৱ হোৱা নাই৷ এইসকলক নির্বাচনত জিকাই আনিবলৈ হ’লে গাঁৱলৈ গৈ ক্ষেত্র প্রস্তুত কৰিব লাগিব৷ প্রার্থীৰ ক্ষেত্রত লোকেল, আউট ছাইডাৰৰ স্থান থাকিব নালাগে৷ গুৱাহাটী মহানগৰেই ৰাজনীতিৰ শেষ সীমা নহয়৷ সাম–দান–দণ্ডত বিজেপি পাকৈত৷ কাৰণ আন্দোলন মষিমূৰ কৰিবলৈ কৌশলগতভাৱে অসম চুক্তি ৰূপায়ণ কৰিব বুলি মিথ্যা প্রচাৰ চলাই ছয় নম্বৰ দফাটোহে পালেগৈ৷ আজিলৈ চুক্তিখনৰ পাঁচ নং দফাৰ বিষয়ে ঘুণাক্ষৰেও উচ্চাৰণ কৰা নাই৷ ছয় নম্বৰ দফাত থকা কথাখিনি প্রতিখন ৰাজ্য চৰকাৰে ৰূপায়ণ কৰাটো কর্তব্য৷ উচ্চ পর্যায়ৰ সমিতি এখন পাতি দি বিজেপিয়ে অসমৰ মানুহক ভেড়া সজাইছে৷ অসম চুক্তিৰ পাঁচ আৰু ছয় নম্বৰ দফা সঠিক ৰূপায়ণৰ বাবে নিকা ভাবাদর্শৰ জাতীয়তাবোধ থকা ব্যক্তিক লৈ ৰাজনৈতিক দল গঠন কৰাৰ প্রয়োজন হৈছে৷ যদিও মই অগপ আৰু কংগ্রেছক গেলা কোমোৰা বুলি জানো নির্বাচনত জিকিবলৈ কংগ্রেছৰ লগত হাত মিলালেও পাপ হ’ব বুলি মই নাভাবোঁ৷ নতুন দল গঠনত মোৰ সহমত আছে৷