নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ১

নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ বৃহস্পতিবাৰে বকোৰ শিংৰাৰ সমীপৰ শালনিত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শাল গছত খুঁন্দা মাৰে এখন অল্টো বাহনে। য’ত থিতাতে এজন যুৱক নিহত  হোৱাৰ লগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন ৫ জনকৈ যুৱক।

নিহত যুৱকজনৰ নাম নজিৰ হুছেইন বুলি জানিব পৰা গৈছে।

নিহত নজিৰৰ ঘৰ পলাশবাৰী পানীখাইটীৰ হেংৰাৰটাৰীত ।

ইপিনে আঘাতপ্ৰাপ্তকেইজন ক্ৰমে দিলবৰ আলী, আলী হুছেইন, বাহাৰুল ইছলাম, ৰবিউল হুছেইন আৰু আজগৰ আলী। আঘাতপ্ৰাপ্ত ৫ জনকেই উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে জলেশ্বৰৰ উৰুছ মেলাৰ পৰা উভটাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত পতিত মাৰুতি অল্টোখনৰ নম্বৰ AS01-DY-1671।

You might also like