নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিতাপ চোৰ

জীৱনৰ এটা সময়ত মই এখন কিতাপৰ দোকানৰ লগত জড়িত হৈ পৰিছিলোঁ৷ আমি তিনিজন বন্ধুৱে মিলি গুৱাহাটীৰ পাণবজাৰত এখন কিতাপৰ দোকান খুলিছিলোঁ৷ ব্যৱসায় কৰি ধন ঘটাৰ উদ্দেশ্য মোৰ নাছিল৷ এজন অংশীদাৰ হিচাপে কিতাপৰ দোকানখনৰ লগত মই জড়িত হৈ পৰিছিলোঁ বিনামূলীয়াকৈ কিতাপ পঢ়িবলৈ পোৱাৰ আশাত, আৰু লগতে কিতাপৰ সান্নিধ্যত জীৱনটো অতিবাহিত কৰিব পৰাৰ লোভত৷ দোকানখনত মই ছেকেণ্ডহেণ্ড কিতাপৰ এটা সুকীয়া শাখা খুলিছিলোঁ৷ কলকাতাৰ ফ্রী স্কুল ষ্ট্রীট আৰু দিল্লীৰ দৰিয়াগঞ্জৰ ছেকেণ্ডহেণ্ড কিতাপৰ দোকানবোৰে মোৰ মনৰ ওপৰত স্থায়ী প্রভাৱ পেলাইছিল৷ সেইবোৰৰ আর্হিতে গুৱাহাটীতো ছেকেণ্ডহেণ্ড কিতাপৰ এটা আন্দোলনৰ সূচনা কৰিবলৈ মই মনে মনে প্রবল ইচ্ছা অনুভৱ কৰিছিলোঁ৷ মই যিমানদূৰ জানো গুৱাহাটী তথা অসমত মোৰ ছেকেণ্ডহেণ্ড কিতাপৰ দোকানখনেই আছিল এনেকুৱা কিতাপৰ প্রথমখন দোকান৷
বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ ফলত আমাৰ দোকানলৈ যথেষ্ট ছেকেণ্ডহেণ্ড কিতাপ আহিছিল৷ কিন্তু ক’বলৈ দুখ আৰু লাজ লাগে যে এনেকুৱা কিতাপৰ ভিতৰত এক বুজনসংখ্যক কিতাপ আছিল কলেজ, বিশ্ববিদ্যালয় আৰু আনকি অসম চৰকাৰৰ সচিবালয়ৰ লাইব্রেৰীৰ কিতাপ৷ পঢ়িবলৈ বুলি আনি সেই কিতাপবোৰ মোৰ ছেকেণ্ডহেণ্ড কিতাপৰ দোকানত বিক্রী কৰি দিয়া হৈছিল৷
এইখিনিতে কোনোবাই মোক প্রশ্ণ কৰিব পাৰে– তুমিনো জানি শুনি সেই কিতাপবোৰ কিয় কিনিছিলা? মোৰ উত্তৰ হ’ল যে কিতাপবোৰ মই নিজে কিনা নাছিলোঁ৷ কিনা–বেচা কাম কৰিছিল দোকানৰ কর্মচাৰীকেইজনে৷ মই কেৱল গধূলি পৰত দোকানত বহি দিনটোৰ কিনা–বেচাৰ হিচাপ পৰীক্ষা কৰোঁতে এই তথ্যটো আৱিষ্কাৰ কৰিছিলোঁ৷ কিতাপ ধাৰলৈ নি ঘূৰাই নিদিয়াৰ উদাহৰণ অলেখ আছে৷ মার্ক টোৱেইনৰ কাহিনীটো বোধহয় বহুতেই শুনিছে৷ এবাৰ এজন বন্ধুৱে মার্ক টোৱেইনৰ ঘৰলৈ প্রথমবাৰৰ কাৰণে গৈ দেখিলে– অসংখ্য কিতাপ ঘৰৰ মজিয়াত, ছোফাত, টেবুলত ছেদেলি–ভেদেলি হৈ পৰি আছে৷ বন্ধুজনে মার্ক টোৱেইনক সুধিলে– ‘আপুনি কিতাপবোৰৰ এই দশা কিয় কৰিছে? ছেল্ফ বা আলমাৰি কিনি কিতাপবোৰ দিহা লগাই নথয় কিয়?’ মার্ক টোৱেইনে উত্তৰ দিলে– ‘যি উপায়েৰে এই কিতাপবোৰ সংগ্রহ কৰা হৈছে, সেই একেটা উপায়েৰে ছেল্ফ বা আলমাৰি সংগ্রহ কৰা সম্ভৱ নহয় কাৰণেই কিতাপবোৰৰ এই দশা হৈছে৷’
অন্য বস্তুতকৈ কিতাপৰ প্রতি লোভক নিশ্চয় কিছু ক্ষমাৰ চকুৰে চাব পাৰি৷ কিন্তু লাইব্রেৰীৰ পৰা কিতাপ পঢ়িম বুলি ধাৰলৈ আনি সেই কিতাপ ছেকেণ্ডহেণ্ড কিতাপৰ দোকানত বিক্রী কৰা কার্যক নিশ্চয় ক্ষমাৰ চকুৰে চাব নোৱাৰি, কাৰণ সি হ’ল ধনৰ লোভ কিতাপৰ লোভ নহয়৷
এদিন আগবেলা মোৰ কিতাপৰ দোকানলৈ মটৰ গাড়ীত উঠি এগৰাকী সুন্দৰী ভদ্র মহিলা আহিল৷ সেইদিনা মোৰ আন কাম কৰিবলৈ মন নোযোৱাত মই নিজে দোকানত বহিছিলোঁ৷ গাড়ীৰ পৰা নামি ভদ্র মহিলা মোৰ দোকানলৈ সোমাই আহিল৷ তেওঁৰ পিছে পিছে এটা লগুৱা৷ তাৰ কান্ধত এটা কিতাপৰ টোপোলা৷ এনে এগৰাকী ধনী আৰু ভদ্র মহিলাই নিশ্চয় লাপিলুপা কিতাপ অনা নাই৷ কেইখনমান ভাল ছেকেণ্ডহেণ্ড কিতাপ পোৱাৰ আশাত মোৰ মনটো আনন্দত নাচি উঠিল৷ ভদ্র মহিলাক খুব চিনাকি যেন লাগিল কিন্তু মই তেওঁক সেই বিষয়ে কোনো প্রশ্ণ নকৰিলোঁ৷ কিতাপৰ টোপোলাটো খুলি মই কিতাপবোৰৰ নামত চকু ফুৰাবলৈ ধৰিলোঁ৷ আটাইকেইখন কিতাপেই অসম প্রকাশন পৰিষদে প্রকাশ কৰা আনন্দৰাম বৰুৱাৰ কিতাপ৷ কিন্তু কিতাপবোৰৰ বকলা মেলি চাই দেখিলোঁ, প্রত্যেকখন কিতাপতে অসম সচিবালয়ৰ লাইব্রেৰীৰ চাব–মোহৰ মৰা আছে৷ মই তেতিয়া ভদ্র মহিলাৰ মুখলৈ চাই কৌতুকপূর্ণ হাঁহি এটা মাৰি ক’লোঁ– ‘আপুনি বোধহয় মোক চিনি পোৱা নাই৷ মই অমুক৷ আপোনাক চিনি পাওঁ যেন লাগিছে৷ আপুনি বাৰু অমুকৰ শ্রীমতী নহয়নে?’
মোৰ কথা শুনি ভদ্র মহিলাৰ মুখখন কেহেৰাজ বটা যেন হ’ল আৰু তেওঁ সেইফালেই ঠেৰেঙা লাগিলে৷ এনেকুৱা কিছুমান অভিজ্ঞতা হোৱাৰ পিছত মই অৱশেষত উপলব্ধি কৰিলোঁ যে পৰোক্ষভাৱে হ’লেও চুৰি কার্যত লিপ্ত নোহোৱাকৈ মোৰ পক্ষে ছেকেণ্ডহেণ্ড কিতাপৰ ব্যৱসায় চলাই যোৱা সম্ভৱ নহয়৷ দোকানৰ মোৰ অংশটো মোৰ পার্টনাৰকেইজনক দান দি এদিন মই কিতাপৰ দোকানৰ পৰা বিদায় ল’লোঁ৷
এইটো আছিল ১৯৭৮ নে ৭৯ চনৰ ঘটনা৷ ঘটনাটোৰ কথা মই ইতিমধ্যেই সমূলি পাহৰি গৈছিলোঁ৷ কিন্তু মাত্র দুদিনমানৰ আগতে এনে এটা ঘটনা ঘটিল– যিটো ঘটনাই মোক প্রায় ৪০ বছৰৰ আগৰ কিতাপ চুৰিৰ সেই ঘটনাটোৰ কথা মনত পেলাই দিলে৷
আজিকালি অনলাইনত কিতাপ কিনাৰ এটা বৰ লোভনীয় সুবিধা ওলাইছে৷ অসম বা ভাৰতত দুষ্প্রাপ্য বহুতো কিতাপ অনলাইন যোগে বিদেশৰ পৰা অনাব পাৰি৷ যোৱা ৪ বছৰত মই এনেকৈ ৫–৬খন কিতাপ অনাইছোঁ৷ মাত্র এখনৰ বাহিৰে বাকী আটাইকেইখন কিতাপৰ ছেকেণ্ডহেণ্ড কপীহে পোৱা গ’ল৷ ছেকেণ্ডহেণ্ড কিতাপৰো এটা বিশেষ আকর্ষণ আছে৷
প্রায় ৫০ বছৰমানৰ আগতে মই কলকাতাৰ ফুটপাথৰ ছেকেণ্ডহেণ্ড কিতাপৰ দোকানৰ পৰা এখন অতি মূল্যৱান কিতাপ কিনিছিলোঁ৷ কিতাপখনৰ নাম আছিল‘The Ochre Robe’– অগেহানন্দ ভাৰতীৰ আত্মজীৱনী৷ অষ্ট্রিয়াৰ মানুহ অগেহানন্দ ভাৰতীৰ আচল নাম আছিল লিউপ’ল্ড ফিশ্বাৰ৷ ভাৰতলৈ আহি আৰু হিন্দু ধর্ম গ্রহণ কৰি তেওঁ হ’ল অগেহানন্দ ভাৰতী৷ কিতাপখনৰ পৰিচয় দি বকলাত লিখা হৈছেBharati affords the reader a no-nonsense, often humorous insight into the culture, religion, and philosophy of India. মই গভীৰ মনোযোগসহকাৰে কিতাপখন কেইবাবাৰো পঢ়িছিলোঁ আৰু হিন্দু ধর্মক এটা নতুন দৃষ্টিকোণৰ পৰা চাবলৈ সুযোগ পাইছিলোঁ৷ কিন্তু কিতাপখনৰ ওপৰত মোৰ এজন দিল্লী নিৱাসী অনা–সমীয়া বন্ধুৰ লুভীয়া দৃষ্টি পৰিল আৰু কিতাপখন মোৰ পৰা ধাৰলৈ লৈ গ’ল৷ দুমাহৰ পিছত ঘূৰাই দিব লগা কিতাপখন আজি প্রায় ৫০ বছৰৰ পিছটো মোৰ হাতলৈ ঘূৰি নাহিল৷ কিন্তু কিতাপখনৰ কথা মই এদিনৰ কাৰণেও পাহৰি যাব নোৱাৰিলোঁ৷ কিতাপখনৰ কথা মনত পৰি মোৰ কেতিয়াবা এনে অৱস্থা হয়– যিটো অৱস্থা হয় কেইবাদিনো পানী খাবলৈ নাপাই পিয়াহত অণ্ঠ–কণ্ঠ শুকাই যোৱা মানুহৰ৷ কিন্তু মাত্র সৌ সিদিনা মোৰ যন্ত্রণাৰ অৱসান ঘটিল৷ অনলাইন যোগে বিদেশৰ পৰা কিতাপ আনিব পৰা সুবিধা হোৱাৰ ফলত এতিয়া‘The Ochre Robe’ মোৰ হাতৰ মুঠিত৷
যিটো কথা লিখিবৰ কাৰণে এই দীঘলীয়া পাতনিৰ অৱতাৰণা, সেই কথাটো কিন্তু লিখিবলৈ বেছি ঠাইৰ প্রয়োজন নাই৷ কিতাপখন মেলিয়েই দ্বিতীয় পৃষ্ঠাতে মোৰ চকুত পৰিল ইয়াৰ লগত দিয়া ছবিখনৰ কথাখিনি Library of the Department of Philosophy, Boston University. Do not Remove.

নক’লেও নিশ্চয় হ’ব যে এই কিতাপখন এদিন আছিল বিশ্ববিখ্যাত ব’ষ্টন বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ পুথিভঁৰালৰ কিতাপ কোনোবাই কিতাপখন চুৰ কৰি আনি ছেকেণ্ডহেণ্ড কিতাপৰ বজাৰত বিক্রী কৰাৰ ফলত আৰু পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই অনলাইন যোগে কিতাপ অনাব পৰাৰ সুবিধা হোৱাৰ ফলত সেই কিতাপখনে আজি শোভা আৰু গৌৰৱ বৃদ্ধি কৰিছে মোৰ ক্ষুদ্র ব্যক্তিগত পুথিভঁৰালটোৰ৷ বুজা গ’ল যে কিতাপৰ চোৰ কেৱল আমাৰ দেশতে নাই তেওঁলোক আছে আমেৰিকাৰ দৰে উন্নত আৰু সুসভ্য দেশতো৷ বুজা গ’ল যে কিতাপৰ চোৰবোৰ আচলতে বিশ্ব নাগৰিক৷

You might also like