নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমান সুৰক্ষিত নাৰী

- গীতা ভৰালী

ভাৰতীয় হিন্দু ধর্মত নাৰীক উচ্চ স্থান দি যুগে যুগে দেৱী ৰূপে কল্পনা কৰি অন্নদায়িনী, সমৃদ্ধিদায়িনী আৰু ৰক্ষাকাৰিণী ৰূপে পূজা কৰি অহা হৈছে৷ দেৱী শক্তিৰ প্রতীক৷ ভাৰতবর্ষত প্রাচীন কালৰে পৰা শাক্ত ধর্মৰ প্রচলন আছে৷ শাক্ত ধর্ম মতে দেৱীয়েই জগতৰ সৃষ্টি কৰোঁতা আৰু জগতৰ ৰক্ষক৷ কেইবাখনো পুৰাণত দুর্গা দেৱীৰ মহিমা আৰু ৰূপৰ প্রকাশ ঘটিছে৷
আমাৰ ভাৰতবর্ষত যুগে যুগে অসত্যৰ ওপৰত সত্যৰ জয় দেখুৱাই অহা হৈছে৷ দুর্গা দেৱীৰ মাজত মাতৃৰূপী, মমতাময়ী, শাকম্ভৰী দেৱীৰ ৰূপ, শ্রীময়ী, জ্ঞানময়ী আৰু সংহাৰকাৰিণী ৰূপ একত্রিত হৈ আছে৷ গতিকে দেখা যায় পৌৰাণিক কালত নাৰীৰ মাজত এই সকলো ৰূপ কল্পনা কৰি নাৰী ৰূপী দেৱীৰ স্তুতি কৰাৰ মাজত সমাজত নাৰীৰ উচ্চ স্থানৰ কথাই সূচায়৷
বৈদিক কালতো ভাৰতবর্ষৰ সমাজত নাৰীৰ উচ্চ স্থান আৰু সমান অধিকাৰ আছিল৷ বৈদিক কালত নাৰীয়ে শিক্ষা বা পাণ্ডিত্যমার্গত সর্বোচ্চ স্থান অর্জন কৰাৰ প্রমাণস্বৰূপ আমি বিশ্বৱৰা, অপলা, শাশ্বতী, লোপামুদ্রা, সাৱিত্রী, আত্রেয়ী আদি বিদুষী মহিলাসকলৰ নাম পাওঁ৷ যিসকলে বেদৰ বিভিন্ন শ্লোক ৰচনা কৰি সমাজত মহিলাৰ স্থিতি প্রকট কৰিছিল৷ শিক্ষা আৰু বিভিন্ন সামাজিক সুবিধাৰ পৰা বঞ্চিত হৈ পুৰুষতান্ত্রিক সমাজত নাৰীৰ স্থান সকলো ক্ষেত্রতে পুৰুষতকৈ অধোগামী হৈ নাৰী মাত্র ভোগৰ সামগ্রী আৰু সন্তান জন্ম দিয়াৰ যন্ত্রলৈ পর্যবসিত হৈ এক ভয়ংকৰ অন্ধকূপত পতিত হয়৷ ‘সতী’, বাল্য বিবাহ আদি তমসাচ্ছন্ন সামাজিক কুপ্রথাৰ কালচক্রত পৰি নাৰীসকলে অভাৱনীয় যাতনা সহিব লগা হয়৷
নাৰীসকলক দমন, নির্যাতন আৰু হেয় জ্ঞান কৰা মনোবৃত্তি বিশ্বজনীন৷ সেই কাৰণে ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি নাৰীৰ সম–ধিকাৰ সাব্যস্ত আৰু উপলব্ধকৰণৰ বাবেই বর্তমান ৮ মার্চ তাৰিখটো সমগ্র বিশ্বতে ‘আন্তর্জাতিক নাৰী দিৱস’ ৰূপে পালন কৰি অহা হৈছে৷ কর্মক্ষেত্রত চলা দমন, নির্যাতন আৰু অসমতাৰ বিৰুদ্ধে ১৮৫৭ চনত নিউয়র্কৰ বস্ত্র শিল্পৰ মহিলা শ্রমিকসকলে প্রথম প্রতিবাদ কৰি এক সমদল উলিয়াইছিল৷ ১৯০৯ চনৰ ২৮ ফেব্রুৱাৰীত নিউয়র্কত আমেৰিকাৰ ছ’চিয়েলিষ্ট পার্টীয়ে এক নাৰী সন্মিলনৰ আয়োজন কৰে৷ আমেৰিকাৰ ছ’চিয়েলিষ্ট পার্টীৰ দ্বাৰা উৎসাহিত হৈ পিছৰ বছৰ ১৯১০ চনৰ আগষ্ট মাহত ডেনমার্কৰ কোপেনহেগেন চহৰত যি আন্তর্জাতিক ছ’চিয়েলিষ্ট নাৰী সন্মিলনৰ আয়োজন কৰা হৈছিল, তাত বিশ্বৰ ১৭খন দেশৰ ১০০গৰাকী মহিলা মিলিত হৈ মহিলাৰ সম–ধিকাৰ আৰু কর্মক্ষেত্রত সম–ধিকাৰ দাবী কৰে৷ এই সন্মিলনত প্রথমবাৰৰ বাবে ‘আন্তর্জাতিক নাৰী দিৱস’ৰ প্রস্তাৱ দাঙি ধৰি ৮ মার্চ তাৰিখৰ প্রস্তাৱ কৰা হয়৷ তাৰ পিছৰ বছৰ ১৯১১ চনত অষ্ট্রিয়া, ডেনমার্ক, জার্মানী, ছুইজাৰলেণ্ডৰ ১ নিযুত মহিলাই ‘বিশ্ব নাৰী দিৱস’ত মিলিত হৈ ভোটাধিকাৰ, চৰকাৰী ক্ষেত্রত কর্মসংস্থান দাবী কৰাৰ লগতে কর্মক্ষেত্রত বৈষম্যমূলক আচৰণৰো প্রতিবাদ কৰে৷ ১৯১৪ চনৰ ৮ মার্চত লণ্ডনৰ মহিলাসকলে ট্রাফলগড় স্কোৱেৰত সমদল উলিয়াই ভোটাধিকাৰ দাবী কৰে৷ ১৯৭৫ চনত ৰাষ্ট্রসংঘই নাৰীৰ সম–ধিকাৰক সন্মান জনাই উক্ত বর্ষটো ‘আন্তর্জাতিক নাৰী বর্ষ’ ৰূপে পালন কৰি প্রথমবাৰৰ বাবে ৮ মার্চ তাৰিখটো নাৰীৰ নামত উছর্গা কৰে৷ তেতিয়াৰ পৰাই সমগ্র বিশ্বতে ৮ মার্চ ‘আন্তর্জাতিক নাৰী দিৱস’ ৰূপে পালন কৰি অহা হৈছে৷
নীতিগতভাৱে যদিও নাৰীৰ সম–ধিকাৰ মানি অহা হৈছে, ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন সমাজ ব্যৱস্থা চালে দেখা যায় নাৰীয়ে সেই স্থানৰ পৰা বহুত দূৰত আছে৷ ৰাষ্ট্রসংঘৰ এক সমীক্ষা মতে– ১৷ বিশ্বৰ ৬০৩ নিযুত মহিলাই এতিয়াও সেইবোৰ দেশত বাস কৰে য’ত ঘৰুৱা হিংসাক অপৰাধ বুলি গণ্য কৰা নহয়, ২৷ বিশ্বৰ ৭০ শতাংশ মহিলাই জীৱনৰ কোনো কোনো সময়ত শাৰীৰিক বা যৌন উৎপীড়নৰ সন্মুখীন হ’ব লগা হয়, ৩৷ বিশ্বৰ পঞ্চাশ শতাংশ বলাৎকাৰ ষোল্ল বছৰৰ তলৰ কিশোৰীৰ ওপৰত হয়, ৪৷ এতিয়াও বিশ্বৰ ৬০ নিযুত ছোৱালীৰ ১৮ বছৰৰ আগতেই বাল্য বিবাহ হয়৷
এনেবোৰ ভয়ংকৰ পৰিসংখ্যালৈ চাই আমি সমাজত নাৰীৰ স্থিতিৰ বিষয়ে ভাবিবলৈ বাধ্য হৈছোঁ৷ নাৰীৰ উন্নতি আৰু সম–ধিকাৰৰ ক্ষেত্রত বহুতো কৰিবলগীয়া আছে বুলি ভাবোঁ৷ এক সমীক্ষা মতে ভাৰত নাৰীৰ বাবে বিশ্বৰ এক আগশাৰীৰ বিপদসংকুল দেশ৷
প্রতিবছৰে ৰাষ্ট্রসংঘই আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰী সম্পর্কীয় কোনো এটা বিষয়ক লৈ এই দিৱস পালন কৰি আহিছে৷ এই বছৰ ২০২১ চনত ৰাষ্ট্রসংঘই নির্ধাৰণ কৰা শ্লোগানটো হ’ল ‘বিশ্বৰ ক’ভিড–১৯ৰ কালছোৱাত মহিলাই নেতৃত্ব দি সমভাগ্য লাভ কৰিছে৷’ –’Women in leadership : Achieving an equal future in Covid-19 world.’ ক’ভিড–১৯ৰ কালছোৱাত ভাৰতকে ধৰি বিশ্বৰ অসংখ্য নাৰীয়ে সাহসিকতাৰে আগবাঢ়ি আহিছে– ডাক্তৰ, নার্ছ, স্বাস্থ্যকর্মী, পৰিচাৰক, উদ্ভাৱক আৰু সমাজ সংগঠক ৰূপে প্রতিটো ক্ষেত্রতেই পুৰুষৰ সমানেই নেতৃত্ব দিব পাৰিছে৷ এই মহিলাসকলে যাতে তেওঁলোকৰ প্রাপ্য সা–সুবিধা আৰু মর্যাদা সমানেই পায়, লিংগ–বৈষম্য আঁতৰাই সকলো ক্ষেত্রতে সম–ধিকাৰ আমাৰ কাম্য৷
ভাৰতৰ গ্রাম–চহৰ নির্বিশেষে সকলো নাৰীকে সমানে শিক্ষা–দীক্ষাৰে আগবঢ়াই নি সমাজৰ সকলো ক্ষেত্রতে সমান অধিকাৰ দি কু–সংস্কাৰ, অন্ধবিশ্বাসৰ পৰা মুক্ত কৰাও আমাৰ কাম্য৷ নাৰীৰ বাবে শিক্ষিতা হোৱাৰ লগতে অর্থনৈতিকভাৱে স্বাৱলম্বী হ’লেও শোষণৰ পৰা কিছু পৰিমাণে হ’লেও হাত সাৰিব পাৰিব৷ উপযুক্ত সুবিধা আৰু শিক্ষাপ্রাপ্ত হ’লে মহিলাৰ অগ্রগতি সুনিশ্চিত৷ ইমানদিনে আমি জানি আহিছোঁ ভাৰতৰ ভিতৰত অসমত নাৰীৰ স্থান সন্মানজনক, কিন্তু অতি পৰিতাপৰ বিষয় যে সমীক্ষা মতে বর্তমানে নাৰী নির্যাতনৰ ক্ষেত্রত অসম ভাৰতৰ ভিতৰতে আগশাৰীত আছে৷ অসমৰ ৩৯.৬ শতাংশ বিবাহিতা নাৰী নির্যাতনৰ বলি হয়৷ এই বিষয়ে গভীৰ চিন্তা কৰিবৰ আৰু পুৰুষৰ মানসিকতাৰ সলনি কৰিবৰ সময় হ’ল৷
নাৰীক শিক্ষা আৰু সম–ধিকাৰ দিয়া মানেই এটা জাতিৰ, এখন সমাজৰ লগতে দেশ এখনৰ সর্বাংগীণ উন্নতি, কাৰণ নাৰীয়েই ভৱিষ্যৎ প্রজন্মৰ জন্মদাত্রী৷
ভাৰতীয় গ্রামীণ মহিলাসকলৰ উন্নতি অবিহনে ভাৰতীয় মহিলাৰ সর্বাংগীণ উন্নতি হ’ব নোৱাৰে৷ এইবাবেই লাগে শিক্ষাৰ প্রসাৰ৷ চৰকাৰে নাৰী সুৰক্ষাৰ বাবে কিছুমান আইন প্রণয়ন কৰিছে যদিও নাৰীসকলৰ অৱহেলা বা অজ্ঞতাৰ বাবেই সেইবোৰৰ সুফল পোৱাৰ পৰা বহু নাৰী আজিও বঞ্চিত৷
চৰকাৰে নাৰীৰ সুৰক্ষাৰ বাবে প্রৱর্তন কৰা আইনসমূহৰ বিষয়ে অৱগত হৈ নিজৰ অধিকাৰৰ বিষয়ে সচেতন হ’লে আনে তেওঁৰ অজ্ঞতা বা অৱহেলাৰ সুযোগ ল’ব নোৱাৰিব৷ নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ প্রতিৰোধ তথা নিয়ন্ত্রণৰ বাবে চৰকাৰে অধিক কার্যকৰী ব্যৱস্থা হাতত লৈ সংশ্লিষ্ট বিভাগবোৰক সচেষ্ট কৰি তুলিব লাগিব৷ ৰাজনৈতিক বা সামাজিকভাৱে নাৰীৰ উচিত সন্মান আৰু সম–ধিকাৰ প্রাপ্তিৰ ক্ষেত্রত ছ’চিয়েল মিডিয়া, প্রচাৰ মাধ্যমসমূহেও ইতিবাচক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা উচিত৷

You might also like