ক’ৰোনা ভাইৰাছক লৈ আমি মুছলমানবোৰ কেতিয়া সজাগ হ’ম ?
- ইক্রামূল হুছেইন
১০ এপ্রিল তাৰিখে ৰাতি ৯ মান বজাত সোণাৰিত থকা ভাইটিৰ স’তে ঘৰুৱা খা–খবৰ লওঁতে কথাৰ মাজতে আঠগাঁও মছজিদ ছীল কৰাৰ বিষয়ে কৈছিল৷ মাননীয় স্বাস্থ্যমন্ত্রীৰ ‘প্রেছ মীট’ এটাত তবলিগী জামাতৰ লোকসকলে সাধাৰণতে ব্যৱহাৰ কৰা ‘মচোৱাৰা’, ‘জামাতী ভাই’ আদি শব্দবোৰ মন্ত্রী মহোদয়ে ব্যৱহাৰ কৰা বুলি কৈছিল৷ পিছদিনা পুৱা বাতৰি কাকতসমূহত উক্ত খবৰ ‘ক’ৰোনাৰ হটস্পট ৰূপে চিহ্ণিত আঠগাঁৱৰ কবৰস্থান মছজিদ ছীল’, ‘গোপনে ৰখা ভয়ংকৰ তথ্য উন্মোচন– ‘আঠগাঁও কবৰস্থান মছজিদ ছীল’, যেন দিল্লীৰ নিজামুদ্দিনহে৷ ৰাজ্যৰ ক’ৰোনাৰ ‘হট বেড আঠগাঁও মছজিদ’, ‘সংক্রমণৰ আশংকা ঃ গুৱাহাটীৰ আঠগাঁও কবৰস্থান মছজিদ অৱৰুদ্ধ ক্ষেত্র ঘোষণা’ আদি বিভিন্ন শিৰোনামেৰে প্রথম পৃষ্ঠাত বাতৰি প্রকাশ হ’ল৷ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ ধর্মীয় সভাত অংশ লোৱা অসমৰ বিভিন্ন ঠাইৰ লোকে এই মাৰাত্মক ভাইৰাছবিধ অসমলৈ কঢ়িয়াই আনি বিয়পোৱা দুর্নাম মাৰ নৌযাওঁতেই উত্তৰ–পূবৰ দুৱাৰমুখ তথা একমাত্র মহানগৰী গুৱাহাটীৰ মুছলমান বসতিপ্রধান এলেকা আঠগাঁৱৰ কবৰস্থান মছজিদ ছীল কৰা উক্ত বাতৰি যথেষ্ট চিন্তনীয় আৰু দুর্ভাগ্যজনক, তাকো মছজিদত সভাখন হোৱাৰ প্রায় এমাহ পিছত৷ গুৱাহাটীৰ আঠগাঁও অঞ্চল অতীজৰে পৰা শিক্ষিত, আঢ়্যৱন্ত অসমীয়া মুছলমান লোকৰ বসতি প্রধান এলেকা ৷ শিক্ষিত বাবেই তেখেতসকল মোল্লা–মৌলবীৰ অন্ধ ভক্ত নহৈ প্রকৃত ইছলাম অনুসৰণ কৰা লোক বুলিয়ে সকলোৱে ভাবে৷ কিন্তু উক্ত বাতৰিয়ে মানুহৰ চিন্তাধাৰাত অলপ খেলি–মেলিৰ সৃষ্টি কৰা যেন লাগিছে৷ অসমৰ বিভিন্ন ঠাইৰ তথ্য অনুযায়ী বহুতে ক’ব খোজে অসমীয়া মুছলমান সমাজত আজি কিছু বছৰৰ পৰা প্রভাৱ বিস্তাৰ কৰা তবলিগী জামাতৰ বাবেই এনে হ’ব পাইছে৷ কাৰণ এই লোকসকলৰ চিন্তাধাৰা, পার্থিৱ জগতৰ প্রতি উদাসীনতা, টিভি, বাতৰিকাকত আদিৰ লগত কোনো সম্পর্ক নথকা, ক’ত কি ঘটিছে সেয়া জনাত অনাগ্রহী, মাথোঁ ব্যস্ত পৰকালক লৈ৷ সেই কাৰণেই স্বামী শ্রদ্ধানন্দনৰ নেতৃত্বত আর্য সমাজৰ শুদ্ধি আন্দোলনৰ যোগেদি মুছলমান লোকক হিন্দু ধর্মলৈ ধর্মান্তৰিত কৰা কার্যক বাধা দিয়াৰ উদ্দেশ্যে ১৯২৬ চনত গঠন হোৱা এই তবলিগী জামাতক ব্রিটিছে নিষিদ্ধ কৰা নাছিল৷ ইছলাম ধর্ম একমাত্র পৰকালৰ বাবে নহয়, ইহকাল আৰু পৰকাল, দুয়োটাৰ বাবে৷ গতিকে ইহকালৰ পার্থিৱ জগতত আমি নিজৰ লগতে সমাজ তথা দেশৰ কথা চিন্তা কৰি চলিবই লাগিব, এয়া ইছলাম ধর্মৰ এক নির্দেশনা৷ ইয়াক উপেক্ষা কৰা অনুচিত আৰু উপেক্ষা কৰাসকলে নিজকে ইছলাম ধর্ম মানি চলা বুলি দাবী কৰিব নোৱাৰে৷ কিন্তু বাস্তৱত ইয়াৰ ওলোটাহে দেখা যায়, উদাহৰণস্বৰূপে ছহীহ বুখাৰী হদীছত উল্লেখ আছে, ‘প্রতিৱেশী ভোকত থকা অৱস্থাত নিজে পেট পূৰাই খোৱা লোক কেতিয়াও এক আল্লাহত বিশ্বাসী হ’ব নোৱাৰে৷’ আমি কেইজন মুছলমানে বাৰু আমাৰ দৈনন্দিন জীৱনত এই হাদীছ মানি চলিছোঁ? হাদীছ গ্রন্থত উল্লেখ থকা মতে ৰাছুল (ছাঃ)য়ে কৈছে, কোনো এক অঞ্চলত মহামাৰী হ’লে সেই স্থান ভ্রমণ কৰিব নালাগে, আৰু নিজে বাস কৰা অঞ্চলত মহামাৰীৰ প্রাদুর্ভাৱ হ’লে সেই স্থানৰ পৰা আন স্থানলৈ ভ্রমণ কৰিব নালাগে৷ দেখা যায় তবলিগী জামাতৰ লোকসকলে এই হাদীছো উপেক্ষা কৰে, যাৰ বাবে নিজামুদ্দিন মার্কাজ আজি সমগ্র দেশতে চর্চাৰ বিষয় হৈ পৰিছে৷ কোনো কোনো লোক, নিউজ চেনেল আদিয়ে ইয়াৰ সুবিধা লৈ বিভিন্ন ধৰণৰ মন্তব্যৰে মানুহৰ মাজত সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা নকৰাকৈ থকা নাই৷ সুখৰ কথা এয়ে যে এনে ঘটনা ৰোধ কৰিবলৈ চৰকাৰ অতি সোনকালে তৎপৰ হৈ বিহিত ব্যৱস্থা গ্রহণ কৰিছে৷ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ ঘটনাৰ পিছত অসমৰ বহু অঞ্চলৰ মুছলমান লোকে সন্মুখীন হোৱা কিছুমান অবাঞ্ছিত ঘটনাৰ বিষয়ে সামাজিক মাধ্যম তথা কাকতে পত্রই প্রকাশ পোৱাত সকলোৱে জানিব পাৰিছে৷ এনে ঘটনাৰ পৰা পৰিত্রাণ পাবলৈ আমিয়ে সজাগ হ’ব লাগিব৷ মাননীয় স্বাস্থ্যমন্ত্রী মহোদয়ে দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পৰা ঘূৰি অহা সকলো লোককে স্থানীয় প্রশাসন বা স্বাস্থ্য বিভাগৰ ওচৰত হাজিৰ হোৱাৰ বাবে জনোৱা আহ্বানৰ পিছতো চাগৈ এতিয়ালৈকে সকলো হাজিৰ হোৱা নাই৷ ওলাই নহাসকলৰ অমনোযোগিতাই যে এক ভয়ংকৰ বিপদ সৃষ্টি কৰাৰ আশংকা থাকিব পাৰে, সেই বিষয়ে তেখেতসকল কিমানদূৰ সজাগ বা সচেতন সেয়া জনা নাযায়৷ এই বিষয়ে ভাইটিৰ স’তে আলোচনা কৰোঁতে সি কৈছিল, তবলিগী জামাতৰ লোকসকলৰ টিভি, বাতৰিকাকত আদিৰ লগত সংস্পর্শ নাই, সেয়ে তেওঁলোকে হয়তো স্বাস্থ্যমন্ত্রীৰ আহ্বানৰ বিষয়ে গমেই পোৱা নাই৷ ইয়াৰ উত্তৰত ক’ব পাৰি, বিভিন্ন মছজিদ কমিটী, তবলিগীৰ লোক আদিয়েও তেওঁলোকক অনুৰোধ জনাইছে যদিও সকলো ওলাই আহিল নে নাই, সেয়া জনা নাযায়৷ ওলাই নহাসকল হয়তো ‘ছাদ’ চাহাবৰ নির্দেশৰ অপেক্ষাতো থাকিব পাৰে ৷
দিল্লীৰ নিজামুদ্দিন মার্কাজৰ ঘটনাৰ পিছতে স্থানীয় নিউজ চেনেল এটাই তবলিগী জামাতৰ ওপৰত এক আলোচনা–চক্র সম্প্রচাৰ কৰিছিল৷ অতি সাহসেৰে তবলিগী জামাতৰ কিছুমান ভুল–ত্রুটি আঙুলিয়াই দি শিক্ষিত মুছলমানসকলক আগুৱাই আহি অসমীয়া মুছলমান সমাজখন ৰিফর্ম কৰাৰ বাবে আহ্বান জনাইছে৷ উক্ত আলোচনা–চক্রত আলোচকসকলৰ এজনে প্রথম অৱতীর্ণ হোৱা কোৰানৰ বাণীৰ কথা কৈছিল আৰু আন এজনে গাঁৱৰ প্রতিটো মছজিদতে একোটা লাইব্রেৰী স্থাপন কৰাৰ পৰামর্শ দি প্রয়োজন হোৱা কিতাপ তেখেতে যোগান ধৰাৰ আশ্বাস দিয়াৰ কথা কৈছিল৷ কোৰানৰ প্রথম অৱতীর্ণ হোৱা আয়াতটিৰ অসমীয়া ভাবার্থ হ’ল, ‘পঢ়া, তোমালোকৰ প্রতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে (কোৰান ৯৬ঃ১)৷ ইয়াত পঢ়া মানে জ্ঞান আহৰণ কৰিব কৈছে, অর্থ বুজি পঢ়িলেহে জ্ঞান আহৰণ কৰিব পাৰি আৰু তাৰ বাবে প্রয়োজন কিতাপৰ৷ উক্ত আয়াতত যদিও প্রত্যক্ষভাৱে ধর্মীয় জ্ঞান আহৰণৰ কথা কোৱা নাই, তথাপি নিজ নিজ ধর্ম গ্রন্থ বুজি পঢ়িলেহে ধর্মীয় জ্ঞান আহৰণ কৰিব পৰা যাব৷ আশ্চর্যৰ বিষয় হ’ল, তবলিগী জামাতৰ লোকসকলক কোৰান আৰু হাদীছৰ পৰিৱর্তে উত্তৰ প্রদেশৰ মৌলানা জাকাৰিয়া চাহাবে উর্দু ভাষাত লিখা, কিচ্চা কাহিনীৰে ভৰপূৰ ফাজাইলে আমল জাতীয় কিছুমান কিতাপ পঢ়ি বয়ান কৰিবলৈ দিয়া হয়৷ অথচ হজৰত মোহাম্মদ (দঃ)–য়ে বিদায়ী হজ্জৰ ভাষণত দুখন কিতাপৰ কথাই উল্লেখ কৰিছিল, সেয়া আছিল কোৰান আৰু হাদীছ, যি দুখন মানি চলিলে মানুহ কেতিয়াও পথভ্রষ্ট নহয় বুলি কৈ গৈছিল৷ গতিকে বর্তমানৰ তবলিগী জামাতৰ পৰা অসমীয়া মুছলমান সমাজক উদ্ধাৰ কৰিবলৈ হ’লে, মৌলানা জাকাৰিয়া চাহাবৰ কিতাপসমূহ প্রতিটো মছজিদৰ পৰা আঁতৰাব লাগিব, আৰু তাৰ ঠাইত তবলিগী জামাতৰ ‘আমীৰ’সকলক, নামাজৰ পিছত মছজিদত গোট খোৱা মানুহখিনিৰ সন্মুখত কোৰান আৰু হাদীছ, অর্থসহ বয়ান কৰিবলৈ বাধ্য কৰিব লাগিব৷ অন্যথা ড০ নগেন শইকীয়াৰ ভাষাত ইছলামৰ নীতি–নিয়মৰ লক্ষ্য আৰু উদ্দেশ্য নুবুজা আৰু ইছলামৰ মূল তত্ত্ব নুবুজা মোল্লা–মৌলবী এচামে এই ধর্মটোৰ সজ গুণখিনি আন মানুহৰ চকুৰ পৰা দূৰলৈ নি সাধাৰণ মুছলমানসকলক তেওঁলোকৰ আদেশকে ধর্মজ্ঞান কৰিবলৈ বাধ্য কৰিছে, এই অৱস্থাত শিক্ষিত মুছলমানসকলে যদি একেলগ হৈ প্রফেট মহম্মদে প্রতিষ্ঠা কৰি থৈ যোৱা ধর্মটোৰ মূল চৰিত্র ৰক্ষা কৰিব নোৱাৰে চাৰিওফালে অধর্মৰ সৃষ্টি হ’ব (আমাৰ অসম ৬ এপ্রিল, ২০২০)৷ মছজিদসমূহত লাইব্রেৰী স্থাপন এটা অতি সুন্দৰ আৰু সজ পৰামর্শ৷ আগতেই কৈছোঁ, জ্ঞান আহৰণৰ বাবে কিতাপৰ প্রয়োজন আৰু কিতাপৰ বাবে লাইব্রেৰীৰ প্রয়োজন৷ প্রকৃত জ্ঞান অবিহনে কোনো এখন সমাজ উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে৷ আমাৰ ভাৰত উপ–মহাদেশৰ বাদে আমেৰিকা, ইংলেণ্ড, কানাডা আদি দেশত প্রতিটো মছজিদৰ লগতে কমপক্ষেও এটা লাইব্রেৰী থাকিবই, য’ত কিতাপৰ লগতে ইণ্টাৰনেটৰ সা–সুবিধাও থাকে৷ কিছুমান মছজিদত আকৌ লাইব্রেৰীৰ লগতে স্কুল, ব্যায়ামাগাৰ আদিও থাকে, সেয়ে এই মছজিদসমূহক আমাৰ দেশৰ দৰে মছজিদ নুবুলি ‘ইছলামিক ইনষ্টিটিউট’ বুলি কোৱা হয়৷ সেই দেশসমূহতো তবলিগী হোৱা দেখিছেছা, কিন্তু আমাৰ দৰে নহয়, তাৰ আমীৰসকল শিক্ষিত ও জ্ঞানী, তেওঁলোকে বিভিন্ন সামাজিক বিষয়ৰ ওপৰত অধ্যয়ন কৰি বত্তৃণতা প্রদান কৰে আৰু লিখিত ৰূপত নিজৰ ‘ৱেবছাইট’ত আপলোড কৰে৷ আমাৰ তথাকথিত আমীৰসকলৰ নিজা ৱেবছাইট আছেনে আপলোড কৰিব জানেনে বা গৱেষণামূলক অধ্যয়ন আছেনে নাই, এই সকলোবিলাক সন্দেহৰ আৱর্তত ৷
সমাজ পাতি বাস কৰা আমি সকলোৱে সামাজিক দুর্যোগৰ প্রতি সজাগ ও সচেতন হোৱা উচিত৷ বিশ্বত অতি কম সময়ৰ ভিতৰত মহামাৰী ৰূপে বিয়পি পৰা এই ভাইৰাছৰ সংক্রমণ ও প্রতিৰোধ বিষয়ৰ সজাগতাত মুছলমান সমাজো সচেতন হোৱা উচিত, আৰু এই সংক্রান্তে চৰকাৰৰ নীতি–নির্দেশনা মানি চলা জৰুৰী, কাৰণ মহামাৰী বা বেমাৰ–আজাৰে ধর্ম লৈ কোনো লোকক আক্রমণ নকৰে৷ মহামাৰী প্রতিৰোধৰ বাবে চৰকাৰক সহযোগ কৰাটো ‘ভাল কাম’ৰ অন্তর্ভুক্ত আৰু তবলিগী জামাতৰ মূল উদ্দেশ্য হ’ল ‘ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামৰ নিষেধ কৰা’৷ এয়া মাথোঁ আনক দিয়া পৰামর্শই নহয়, নিজৰ ব্যক্তিগত জীৱনতো মানি চলা জৰুৰী৷ টিভিৰ আলোচনা–চক্রত শুনা মতে তেওঁলোকৰ আন এক উদ্দেশ্য হ’ল, মুছলমান লোকসকলক ‘ভাল মুছলমান’ বনোৱা৷ কিন্তু ভাল মুছলমানতকৈ প্রকৃত মুছলমান বনোৱাহে জৰুৰী, যি কিচ্ছা কাহিনীক প্রাধান্য নিদি কোৰান আৰু হাদীছৰ নির্দেশাৱলী মানি চলে, তেতিয়াহে হজৰত মোহাম্মদ (দঃ)য়ে প্রতিষ্ঠা কৰি থৈ যোৱা ধর্মটোৰ মূল চৰিত্র ৰক্ষা পৰিব আৰু মনৰ পৰা হিংসা, বিদ্বেষ, কপটতা দূৰ হৈ মানৱীয় গুণেৰে সমগ্র মানৱ জাতিক আঁকোৱালি ল’ব পৰা যাব ৷