নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীৰ অধিকাৰ আৰু নাৰী দিৱস

🔹 আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে

🔹 ডাঃ ভাস্বতী হাজৰিকা

নীতি কুমাৰী (ছদ্মনাম)। মই চিজাৰিয়ান কৰিবলৈ লোৱা ছোৱালীজনীৰ নাম। তাই দেখিবলৈ সৰু ছোৱালী এজনীৰ দৰে। বয়স মাত্ৰ ২০ বছৰ। বিয়া হোৱাৰ তিনি বছৰ হৈ যোৱাৰ পিছত স্বামীৰ ঘৰৰ পৰা খুব হেঁচা দিলে তাইৰ ওপৰত। সন্তান জন্ম হোৱা নাই, তিনি বছৰ হৈ গ’ল! মই সুধিছিলোঁ- “তুমি কিমানলৈকে পঢ়া-শুনা কৰিলা?”

“বি এ ফাৰ্ষ্ট ইয়েৰ মেম!”- অ’পিডিত ছেক আপত আহোঁতে তাই কৈছিল।

“তাৰ পিছত? পঢ়া শেষ কিয় নকৰিলা?”

“মা-দেতাই ভাল ল’ৰা পাই বিয়া দি দিলে। হাছবেণ্ডে পঢ়াব বুলি কৈছিল। কিন্তু পিছত নপঢ়ালে। খালি বাচ্চা লাগে সিহঁতক!” মৰমলগা মুখখনৰ ক্ষীণ চেহেৰাৰ নীতি কুমাৰীৰ কথাকেইটাত দুখ আৰু ক্ৰোধৰ সংমিশ্ৰণ আছিল।

নীতিৰ নৰমেল ডেলিভাৰীৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। কিন্তু প্ৰথমৰে পৰা পেটত পানী নাছিল। পানী একেবাৰে শুকাই গৈ বেবী নামিবই নোৱাৰা বাবে পিছত চিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰ কৰিব লগা হ’ল। পেটৰ লেয়াৰবোৰ কাটি থাকোঁতে এনেকুৱা লাগিল সৰু ছোৱালী এজনীৰহে যেন অস্ত্ৰোপ্ৰচাৰ কৰি আছোঁ। নীতিৰ এজনী ছোৱালী জন্ম হ’ল। মই তাইক সুধিলোঁ- “তোমাৰ ছোৱালীক পঢ়াবানে ?”

“পঢ়াম পঢ়াম মেম। মোৰ নিচিনা নকৰোঁ! আপুনি মোৰ মিষ্টাৰক ক’ব মেম, মোক আকৌ প্ৰেগনেন্ট নকৰিবলৈ!”- তাই অ’টি টেবুলতে অনুৰোধ কৰিলে।

মোৰ লগত জুপিতৰাই এচিষ্ট কৰি আছিল। মই সুধিলোঁ- “জুপিতৰা, তুমি নীতিৰ বয়সত কি কৰি আছিলা?”
“মেম, মই জি এন এম পাছ কৰি হাস্পতাল এখনত চাকৰি জইন কৰিছিলোঁ। মই ফাৰ্ষ্ট যিটো চিজাৰিয়ান এচিষ্ট কৰিছিলোঁ, সেই মানুহগৰাকীৰ বয়সো ১৮ বছৰেই আছিল।”

এয়া অকল নীতিৰ কথা নহয়। এনে বহু নীতি কুমাৰী অৱস্থাতে বিবাহপাশত আবদ্ধ হয় আৰু আপোনালোকে জানিবলৈ পাই আচৰিত হ’ব যে ২০১৯-২০২১ চনত ভাৰতবৰ্ষত ১৫-১৯ বছৰৰ মহিলাৰ ভিতৰত ৬.৮% মহিলা গৰ্ভৱতী হৈছিল। আমাৰ চিকিৎসালয়তো এই সংখ্যা তেনেই তাকৰ নহয়। বেছিভাগ এনে ছোৱালীৰ শিক্ষা মেট্ৰিক বা হাইস্কুল পাছ। ইমান কম বয়সত গৰ্ভৱতী হোৱা হেতুকে সিহঁতৰ নানান ধৰণৰ সমস্যা দেখা পোৱা যায়। ৰক্তহীনতা, ৰক্তচাপ বাঢ়ি যোৱা, সন্তানৰ ওজন নবঢ়া, পানী কমি যোৱা ইত্যাদি।
কম বয়সত বিবাহপাশত আবদ্ধ হোৱা এই কিশোৰীসকলৰ অধিকাংশই আধাতে শিক্ষা সাং কৰে আৰু সংসাৰৰ মেৰপাকত অজানিতে সোমাই পৰে। যি সময়ত স্বাৱলম্বী হোৱাৰ প্ৰতিযোগিতাত সমবয়সীয়া পুৰুষসকল বহুদূৰ আগুৱাই যায়, একে বয়সৰ নাৰীৰ এটা অংশ আজিও পুৰুষ-নিৰ্ভৰশীল হৈ সন্তান জন্ম দিয়া আৰু ডাঙৰ কৰা, পাকঘৰ চলোৱা, ঘৰ চম্ভালা আদি সচৰাচৰ “ঘৈণীৰ কাম”ত আত্মনিয়োগ কৰে।

এতিয়াও এনে গৰ্ভৱতী মহিলাক দৈনিক স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ অ’ পি ডিত লগ পাওঁ, যাৰ শেষ মাহেকীয়াৰ তাৰিখ তথা সন্তান জন্ম হ’বলগীয়া তাৰিখটো (expected date of delivery) স্বামীৰহে মনত থাকে। তেওঁলোকে স্পষ্টকৈ নিৰ্ভীকভাৱে নিজৰ অসুবিধাখিনিও আমাৰ আগত ক’ব নোৱাৰে। তুলনামূলকভাৱে চহৰৰ মহিলাতকৈ গাঁৱৰ মহিলাসকলৰ সজাগতা আৰু সচেতনতাৰ অভাৱ। তেওঁলোকৰ শিক্ষা, বিবাহ, গৰ্ভধাৰণ আদি জীৱনৰ বেছিভাগ গুৰুত্বপূৰ্ণ সিদ্ধান্ত থাকে পৰিয়ালৰ অন্য এজন পুৰুষ বা মহিলাৰ হাতত।

ভাৰতত নাৰীৰ প্ৰজনন অধিকাৰ (reproductive rights) সংবিধানৰ ২১নং দফাৰ অন্তৰ্ভুক্ত, যি দফাই নাৰীৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰৰ নিশ্চয়তা সাব্যস্ত কৰে। মহামান্য supreme court-এ নাৰীৰ প্ৰজনন অধিকাৰ নিৰ্দিষ্ট কৰি দিছে-

১) সন্তান জন্মৰ লগত জড়িত স্বাস্থ্য সম্পৰ্কীয় তথ্য, সুবিধা, সামগ্ৰী আৰু সেৱা লাভ কৰাৰ অধিকাৰ।

২) প্ৰজনন প্ৰক্ৰিয়াৰ মুক্ত আৰু স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ ক্ষমতা।

৩) বন্ধ্যাকৰণৰ সিদ্ধান্ত নিজে ল’ব পৰাৰ অধিকাৰ।

৪) গৰ্ভপাত কৰিবৰ বাবে তেওঁক যদি কোনোবাই জোৰ কৰে তাক বিৰোধিতা কৰাৰ অধিকাৰ।

৫) গৰ্ভাৱস্থাৰ বিষয়ে নিজে সিদ্ধান্ত ল’ব পৰাৰ অধিকাৰ।

কিন্তু মহিলাসকল এই অধিকাৰৰ বিষয়ে জ্ঞাত যেন ভাব নহয়। নাৰীৰ এনে অলেখ সমস্যা, তাৰ সমাধান, নাৰীৰ অধিকাৰ, স্বাৱলম্বিতা এই বিষয়বোৰৰ ওপৰত সজাগতা আনিবৰ বাবেই সমগ্ৰ বিশ্বতে ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৯২২ চনৰ ৮ মাৰ্চ তাৰিখটো ভ্লাডিমিৰ লেনিনে ৰাছিয়াত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছিল, নাৰীৰ অধিকাৰৰ সৰ্বসন্মতিৰ বাবে। আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ মূল লক্ষ্য হৈছে নাৰীৰ অধিকাৰৰ হকে আন্দোলন, লিংগৰ সমতা, প্ৰজনন অধিকাৰ, নাৰীৰ বিৰুদ্ধে হোৱা অত্যাচাৰ আৰু অপব্যৱহাৰৰ বিৰোধিতা। প্ৰজননৰ অধিকাৰ নাৰীৰ জন্মগত অধিকাৰ। আশা কৰোঁ- আজিৰ নাৰী এই বিষয়ে সজাগ আৰু সাহসী হ’ব।

You might also like