গজৱা এ হিন্দ
মৰুৰ দেশত চলি থকা টি–২০ বিশ্বকাপ ক্রিকেটত ভাৰতৰ শোচনীয় প্রদর্শনে দলটোৰ কোটি কোটি অনুৰাগীক বেদনাহত কৰিছে৷ যোৱা দেওবাৰে অর্থাৎ ৩১ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধেও দলটোৰ শোচনীয় পৰাজয় ঘটে৷ তাৰ পূর্বৰ দেওবাৰটোত পাকিস্তানৰ হাতত কোহলি বাহিনীৰ লজ্জাজনক পৰাজয় ঘটিছিল৷ দলটোৰ এনে নির্লজ্জআত্মসমর্পণ্ কল্পনাতীত আছিল৷ কাগজে–কলমে কিন্তু ভাৰতীয় দলটো পাকিস্তানৰ তুলনাত কেইবাগুণো শক্তিশালী৷ তদুপৰি, বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰত অপৰাজেয় হৈ আছিল৷ সেয়াই নহয়, বিশ্বমানৰ প্রতিযোগিতা আই পি এলত খেলাৰ প্রচুৰ অভিজ্ঞতা আছে ভাৰতৰ৷ তৎসত্ত্বেও দলটো পাকিস্তানৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে৷ অৱশ্যে এই লেখাটোৰ উদ্দেশ্য ভাৰত–পাকিস্তানৰ মাজত অনুষ্ঠিত খেলখনৰ জয়–পৰাজয়ৰ বিশ্লেষণ কৰা নহয়৷ প্রসংগক্রমেহে টানি অনা হৈছে৷ খেলখনৰ পিছত পাকিস্তান আৰু ভাৰতত এনে কিছুমান ঘটনা ঘটিছে, লেখাটোত তাৰ আঁৰৰ চিন্তা বা দর্শনক চুই চোৱাৰ প্রয়াস কৰা হৈছে৷ খেলখনৰ কেইদিনমান পূর্বে শাৰদীয় দুর্গোৎৱত বাংলাদেশত হিন্দু আৰু হিন্দু উপাসনাস্থলীত চলিছিল বর্বৰোচিত আক্রমণ৷
কোহলি বাহিনীৰ বিৰুদ্ধে বাবৰ আজম বাহিনীৰ জয়ক পাকিস্তানৰ গৃহমন্ত্রী শ্বেখ ৰশিদ আহমেদে ইছলামৰ জয় বুলি অভিহিত কৰে৷ তেওঁ কয়– ‘ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ জয় ইছলামৰ জয়৷ বিশ্বৰ সকলো মুছলমান আনন্দত উৎফুল্ল৷’ খেলত জয়–পৰাজয় থাকেই৷ কিন্তু এখন দেশৰ গৃহমন্ত্রীৰ দৰে পদবীত থকা এজন ব্যক্তিয়ে যেতিয়া তেনে মন্তব্য দিয়ে, বুজিব লাগিব ই এক ধৰণৰ চিন্তাৰ প্রতিফলন৷ অৱশ্যে শ্বেখ ৰশিদক গুৰুত্বসহকাৰে লোৱা লোক পাকিস্তানৰ সুধী সমাজত নাই বুলিবই পাৰি৷ কিন্তু সকলোকে আচৰিত কৰিছিল দেশখনৰ তাৰকা বলাৰ ৱাকাৰ ইউনিছৰ বক্তব্যই৷ ৱাকাৰ ইউনিছে পৃথিৱী দেখিছে৷ দুৰন্ত প্রতিভাৰ বাবে বিশ্বত তেওঁৰ অগণিত অনুৰাগী আছে৷ ভাৰতবর্ষতো খেলুৱৈগৰাকীৰ অনুৰাগীৰ সংখ্যা কম নহয়৷ সেইজন ব্যক্তিয়ে খেলখনৰ পৰৱর্তী দিনা সংবাদ মাধ্যমৰ আগত পাকিস্তানৰ খেলুৱৈ মহম্মদ ৰিজৱানৰ এটা কাণ্ডক অধিক আনন্দদায়ক আৰু বিশেষ বুলি উচ্ছ্বাস প্রকাশ কৰিছিল৷ অর্থাৎ সেয়া আছিল ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ জয়তকৈ অধিক সুখকৰ৷ অধিক তাৎপর্যপূর্ণ৷ সিদিনা খেলৰ মাজতে ৰিজৱানে নামাজ পঢ়িছিল৷ ৱাকাৰৰ বাবে হিন্দুৰ মাজত ৰিজৱানে নামাজ পঢ়াটো এটা বিশেষ সুখৰ কথা৷ খেলখনক লৈ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰো প্রতিক্রিয়া আছিল আপত্তিজনক আৰু অশোভনীয়৷ শ্বেখ ৰশিদ, ৱাকাৰ ইউনিছ, ইমৰান খানৰ দৰে সম্ভ্রান্ত পাকিস্তানীৰ চিন্তা যেতিয়া ইমান নীচ, সাম্প্রদায়িক আৰু ঘৃণাৰে ভৰি থাকে, সাধাৰণ পাকিস্তানীৰ হূদয়ত হিন্দুৰ প্রতি মনোভাব কিমান নীচ আৰু ঘৃণাৰে উপচি থকা হ’ব পাৰে, সেইটো সহজে অনুমেয়৷ ইয়াৰ গুৰিটো কি? এজন পাকিস্তানী ক্রিকেটাৰৰ ভাষ্যৰ পৰাই ইয়াৰ সন্ধান কৰিব পৰা যায়৷ বিগত বর্ষৰ ডিচেম্বৰত ৰাৱালপিণ্ডি এক্সপ্রেছখ্যাত পাকিস্তানী ক্রিকেট তাৰকা ছোৱাইব আখতাৰে কৈছিল– ‘গজৱা এ হিন্দ’ৰ কথা আমাৰ পৱিত্র গ্রন্থত উল্লেখ কৰা আছে৷ আমি প্রথমে কাশ্মীৰ দখল কৰিম আৰু গজৱা এ হিন্দৰ বাবে চাৰিওদিশৰ হিন্দুস্তান আক্রমণ কৰিম৷’ গুৰিটো এই গজৱা এ হিন্দ৷ শেহতীয়াকৈ বাংলাদেশত মৌলবাদী মুছলমানে হিন্দু আৰু হিন্দুৰ উপাসনাস্থলীত কৰা আক্রমণৰো মূল কথা এয়াই৷
গজৱা এ হিন্দনো আচলতে কি? কানাডিয়ান লেখক তথা দেশান্তৰিত পাকিস্তানী সাংবাদিক–বুদ্ধিজীৱী তাৰেক ফতেহৰ মতে, পয়গম্বৰ মহম্মদৰ মৃত্যুৰ দুশ বছৰ পিছত লিখা হাদিছসমূহৰ এখনত ইয়াৰবর্ণনা কৰা হৈছে৷ পয়গম্বৰ মহম্মদে কৈছিল– পৃথিৱীত যুগান্তৰ পূর্বে দুখন যুদ্ধ হ’ব আৰু পৃথিৱীৰ পৰা বুতপৰোস্তি (মূর্তি পূজা) সম্পূর্ণৰূপে শেষ হৈ যাব৷ সমগ্র পৃথিৱীয়ে ইছলামক আঁকোৱালি ল’ব৷ পৃথিৱীত সর্বাধিক মূর্তি পূজা ভাৰতত হয়৷ সেয়ে উপৰিউক্ত বর্ণনাৰ পৰা অর্থ উলিওৱা হ’ল যে মূর্তি পূজা সমাপ্ত কৰিবলৈ গজৱা এ হিন্দ কৰিব লাগিব৷ গজৱা অর্থাৎ ইছলামৰ সম্প্রসাৰণৰ বাবে কৰা এখন যুদ্ধ৷ গজৱা এ হিন্দৰ অর্থ হৈছে সম্পূর্ণ ভাৰত উপমহাদেশৰ সকলো লোকক কোনো নহয় কোনো প্রকাৰে ইছলামত চামিল কৰা, যাতে মূর্তি পূজা সমাপ্ত হয়৷ সৰল অর্থত ক’বলৈ হ’লে ভাৰতৰ সকলোকে ইছলামত চামিল কৰি দেশখনক ইছলামিক ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰা৷ এই ধাৰণাটোকে মনত ধাৰণ কৰি প্রায় প্রতিজন পাকিস্তানী শিশু এজোপা বিষাক্ত গছৰ দৰে ডাঙৰ–দীঘল হয়৷ ধাৰণাটোক এটা মধুৰ স্বপ্ণ আৰু পৱিত্র কর্তব্য হিচাপে তেওঁলোকৰ মনত গুঁজি দিয়া হয়৷ তাৰ পৰা ছোৱাইব আখতাৰৰ দৰে প্রগতিশীল পৃথিৱীখনৰ সৈতে সম্পর্ক থকা ব্যক্তিও ঊর্ধ্বলৈ যাব নোৱাৰিলে৷ ৱাকাৰ ইউনিছৰ দৰে খেলুৱৈয়ে সুযোগ পালেই হিন্দুৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়ে৷ অৱশ্যে পিছত তেওঁ ক্ষমা বিচাৰে৷ কিন্তু সেয়া অনুশোচনাৰ পৰা জাগ্রত চেতনা নাছিল৷ আছিল মাথোঁ খোল খোৱা মুখাখন ঢ়াকি ৰখাৰ অপচেষ্টা৷ তেওঁলোকে বিশ্বাস কৰে যে এদিন হিন্দুস্তানত পুনৰ মুছলমানৰ ৰাজত্ব হ’ব আৰু দিল্লীৰ সিংহাসনত কোনো মুছলমান শাসক অধিষ্ঠিত হ’ব৷
আমি সকলোৱে জানো যে ইতিহাসৰ পৃষ্ঠাত পাকিস্তান নামৰ কোনো ৰাষ্ট্র নাছিল৷ কোনো ভূমি নাছিল৷ ব্রিটিছ অধিকৃত ভাৰতৰ পৰা ইয়াক কৃত্রিমভাৱে গঠন কৰা হয়৷ ই ধর্মৰ ভেটিত প্রতিষ্ঠিত এখন ৰাষ্ট্র৷ হিন্দুৰ বিৰোধিতা ইয়াৰ প্রধান চৰিত্র৷ দেশখনে ইয়াৰ বাবে ৫ হাজাৰ বছৰীয়া গৌৰৱময় ইতিহাসক মচি দি ইতিহাসকেই বিকৃত কৰি লৈছে৷ যিসকল মোগল আক্রমণকাৰীয়ে ভাৰতবর্ষক আক্রমণ কৰি বা দখল কৰি লাখ লাখ মানুহক বর্বৰভাৱে হত্যা কৰিছিল, ধর্ষণ কৰিছিল, সেৱাৰ থলী ধ্বংস কৰি লুটপাত চলাইছিল, গজনী, তুৰস্ক আদিৰ পাষাণ–নৰাধমসকল্ বীৰৰ মর্যাদা দিয়া হৈছে৷ মূল কথা এটাই, হিন্দু বেয়া৷ হিন্দুক এইখন পৃথিৱীৰ পৰা নিঃশেষ কৰিব লাগে৷ হিন্দুস্তানত মুছলমানৰ ৰাজত্ব স্থাপন কৰিব লাগে৷ সকলো হিন্দুক হয় হত্যা কৰিব লাগে নতুবা ইছলাম ধর্মৰ জগতখনলৈ লৈ আহিব লাগে৷ লাভ জেহাদ, ক্রিকেট জেহাদ এইবোৰো ইয়াৰে অংশ৷ ৰিজৱানৰ নামাজ আদায়ৰ আঁৰতো আছে ইছলামৰ গৌৰৱ আৰু অহংকাৰ তথা সম্প্রসাৰণবাদক প্রতিষ্ঠা কৰা৷ কথাটো অনুধাৱন কৰিব পৰা বাবেই ৱাকাৰ ইউনিছৰ মন আৱেগত উথলি উঠিছিল আৰু সেই সময়খিনিক ভাৰতৰ বিৰুদ্ধে জয়তকৈ অধিক স্পেচিয়েল বুলি আখ্যা দিছিল৷ কিন্তু পাকিস্তানৰ সেই জয় জানো সাধাৰণ আছিল? বিশ্বকাপত পৰাজয়ৰ ধাৰা এটা সিদিনা ৰুদ্ধ হৈছিল৷ কথাটো ৱাকাৰৰ বাবেও অগোচৰ নাছিল৷ কিন্তু গজৱা এ হিন্দ মানসিকতাৰ ৱাকাৰে ৰিজৱানৰ কার্যত অধিক মহত্ত্ব বিচাৰি পালে৷
গজৱা এ হিন্দৰ মানসিকতা কেৱল পাকিস্তানতে নাই৷ ই ভাৰতবর্ষৰো বহু লোকৰ মনত এটা স্বপ্ণ হৈ জীয়াই আছে৷ বাংলাদেশ ইয়াৰ অন্যতম প্রধান দুর্গ৷ বাংলাদেশ পূর্বতে পাকিস্তানৰে অংশ আছিল৷ পাকিস্তানৰ সমর্থনত মুছলিম লীগক সর্বাধিক ভোট বর্তমানৰ বাংলাদেশৰ ভূখণ্ডত থকা লোকেই দিছিল৷ পৰৱর্তীত স্বাধীন ৰাষ্ট্রৰূপে বাংলাদেশ গঠন হয়৷ কিন্তু পাকিস্তানৰ পৰা দেশখন আঁতৰি আহিলেও গজৱা এ হিন্দৰ পৰা বাংলাদেশৰ জনগণ সম্পূর্ণৰূপে আঁতৰি যাব নোৱাৰিলে৷ পাকিস্তানৰ সমানেই দেশখনত হিন্দুৰ বিৰুদ্ধে নির্যাতন চলে৷ পাকিস্তানৰ দৰেইবাংলাদেশত হিন্দুবিৰোধী মনোভাব স্থায়ী কৰি ৰাখিবলৈ ভাৰতৰ বিৰুদ্ধে অপপ্রচাৰ চলাই থকা হয়৷ কোৱা হয়, প্রতিৱেশী ৰাষ্ট্রৰ সৈতে ভাৰতৰ সু–সম্পর্ক নাই, ভাৰতে দাদাগিৰি কৰি প্রতিৱেশী ৰাষ্ট্রক দমন কৰি ৰাখিব বিচাৰে৷ গ্রাস কৰিব বিচাৰে৷ পাকিস্তানৰ পাঠ্যপুথিত শিকোৱা হয় যে প্রতিবাৰে ভাৰতেহে পাকিস্তানক প্রথমে আক্রমণ কৰিছিল৷ পাকিস্তানে নহয়৷ আৰু ১৯৭১ চনৰ যুদ্ধৰ বাহিৰে প্রতিবাৰে ভাৰতক পাকিস্তানে পৰাজিত কৰিছে৷ এনে ভুল শিক্ষাৰে পাকিস্তানৰ শিশুৰ মগজুত ভাৰতৰ বিৰুদ্ধে ঘৃণাৰ খেতি কৰা হয় আৰু দুর্বল পাকিস্তানী সেনাক বীৰৰ ৰূপত প্রতিষ্ঠা কৰা হয়৷ বাংলাদেশৰ শিক্ষা ব্যৱস্থাত এই ধৰণৰ ঘৃণাৰ অৱকাশ কমি আহিলেও ধর্মীয় শিক্ষানুষ্ঠান আৰু মোল্লাজাতীয় হাজাৰ হাজাৰ লোকে হিন্দুৰ বিৰুদ্ধে দেশখনত ঘৃণাৰ দোকান খুলি বহি আছে৷ তাত মৌলবাদৰ বজাৰ কৰিবলৈ লাখ লাখ লোকে ভিৰ কৰে৷ শাৰদীয় দুর্গাপূজাত হিন্দু আৰু হিন্দুৰ উপসনাথলীত আক্রমণৰ আঁৰতো এনে ধৰণৰ চিন্তাই কাম কৰিছিল৷ মূর্তি পূজাক নিঃশেষ কৰিবলৈ, হিন্দুক ইছলামৰ পৃথিৱীখনলৈ আনিবলৈ দেশখনত জন্মলগ্ণৰে পৰা অপচেষ্টা চলি আছে৷ ব্রিটেনৰ ‘unday Guardian’ৰ গৱেষণা অনুসৰি, ১৯৪০ চনত তদানীন্তন পূর্ববংগত হিন্দুৰ জনসংখ্যা আছিল ২৮ শতাংশ৷ ২০১০ চনত ই ৮.৯৬ শতাংশলৈ কমি আহে৷ ইয়ালৈ চালে বর্তমানৰ শোকাৱহ অৱস্থাটো অনুমান কৰি ল’ব পাৰি৷ ভাৰতবর্ষত অবৈধ বাংলাদেশী নাগৰিকৰ অনুপ্রৱেশো এই চক্রান্তৰে অংশ৷ দুর্বল সীমান্তৰে অসম, ত্রিপুৰা, পশ্চিমবংগ, মেঘালয় আদি ৰাজ্যত অনুপ্রৱেশ কৰি অবৈধ বাংলাদেশী মুছলমানে ৰাজ্যসমূহৰ লগতে ভাৰতবর্ষৰ আন আন ৰাজ্যৰো জনগাঁথনি সলনি কৰাৰ অপচেষ্টা চলাই আহিছে৷
গজৱা এ হিন্দ চক্রান্তটো সহজে শেষ হৈ যোৱা বস্তু নহয়৷ সবাতোকৈ ডাঙৰ কথাটো হৈছে ভাৰতবর্ষতো গজৱা এ হিন্দৰ ধাৰণাক বাস্তৱত পৰিণত কৰিব বিচৰা নতুবা স্বপ্ণটোৰে উতলা লোকৰ সংখ্যাবহুত৷ তেওঁলোকে দীপাৱলীত ফটকা ফুটাব নিবিচাৰে৷ কিন্তু পাকিস্তানৰ জয়ত ফটকা ফুটুৱাই আনন্দ প্রকাশ কৰে৷ দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ মজিয়াত বহি ভাৰতক টুকুৰা–টুকুৰ কৰিম বুলি ধ্বনি দিয়ে৷ অৱশ্যে ভাৰতৰ সকলো মুছলমান গজৱা এ হিন্দৰ পক্ষত নাই৷ নাই বাবেই বিশ্বৰ আন দেশৰ তুলনাত আইছিছ, আল–কায়দাৰ দৰে জেহাদী সংগঠনত যোগদান কৰা ভাৰতীয় মুছলমানৰ সংখ্যা কম৷ তুলনামূলকভাৱে তেনেই তাকৰ৷ কিন্তু যিসকলে ভাৰতত থাকি গজৱা হিন্দৰ স্বপ্ণ পুহি থাকে বা চক্রান্ত কৰি থাকে, তেওঁলোকে এটা কথা বুজা দৰকাৰ যে চিয়া–চুন্নী, দেওবন্দীবা আন ফৈদৰ মুছলমান বিশ্বৰ একমাত্র ভাৰতবর্ষতে মিলাপ্রীতিৰে থাকিব পাৰে৷ ছিন্নমূল পাকিস্তানীৰ মাজত এনে দৃশ্য কল্পনাই কৰিব নোৱাৰি৷ ইয়াৰ মূল কাৰণ ভাৰতীয়ত্ত৷ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ মুছলমানৰ পূর্বপুৰুষ হিন্দুৱেই আছিল৷ তেওঁলোক পিছলৈ ধর্মান্তৰিত হোৱা৷ আৰু যিসকলৰ পিতৃ মোগল আছিল, তেওঁলোকেও ভাৰত আক্রমণ কৰিবলৈ আহেহাতে লগত মহিলা অনা নাছিল৷ অর্থাৎ মাতৃ এই ভূখণ্ডৰেই আৰু হিন্দু৷ তেওঁলোকৰ মাজত ভাৰতীয় সংস্কৃতিৰ তেজ আজিও প্রৱাহিত হৈ আছে৷ ইয়াক নষ্ট হ’বলৈ দিলে অশান্তিৰ জুইকুৰাই কিন্তু মুছলমানসকলকহে দহিব৷ অসমতো দেখিছোঁ, ধর্মান্তৰিত খিলঞ্জীয়া লোকৰ মাজত সেই মৌলবাদ নাই৷ পূর্ববংগৰ পৰা অনুপ্রৱেশ কৰাসকলৰ মাজত নিশ্চয়কৈ থাকিব৷ হিন্দুৰ প্রতি ঘৃণা তেওঁলোকে নিজেই গঢ়ি লোৱা পৃথিৱী এখনৰ পৰা পাইছে৷