নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত সোমবাৰৰ পৰা আৰম্ভ হ’ল হাতী ছাফাৰি

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ–বিদেশৰ পর্যটকৰ আকর্ষণ এলিফেণ্ট ছাফাৰি নৱেম্বৰ পৰা আৰম্ভ কৰা হয়৷ সোমবাৰে পুৱাৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনত মিহিমুখ আৰু বাগৰিত লখিমাই, বাবু, পদুন্য, ৰাখী, পূর্ণিমাহঁতৰ লগতে হাতীৰ মাউত আৰু বন বিভাগৰ লোকৰ ব্যস্ততা৷ সোমবাৰে পৰা তেওঁলোকৰ দায়িত্ব বাঢ়িল৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ–বিদেশৰ পর্যটকক আইৰুণ, পৃথ্বিৰাজ, বিষ্ণুহঁতে আজিৰ পৰা প্রতিদিন দোকমোকালি পুৱাতে পিঠিত তুলি অৰণ্য ভ্রমণ কৰাব৷ মহামাৰী ক’ভিডৰ কাৰণে দীর্ঘদিন বিৰতিৰ পাছত আজি পুৱা কাজিৰঙাৰ মিহিমুখ আৰু বাগৰিত দেশ–বিদেশৰ পর্যটকৰ উপস্থিতিত উদুলি–মুদুলি পৰিৱেশ সৃষ্টি হয়৷

বন বিষয়া বিভূতিৰঞ্জন গগৈ, মনজিৎ সোণোৱাল, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ কার্যকৰী সভাপতি স্বপন নাথ, কাজিৰঙা টুৰিজিম ডেভেলপমেণ্ট ছ’চাইটীৰ সভাপতি তৰুণ গগৈ, স্থানীয় লোকৰ লগতে দেশ–বিদেশৰ পর্যটকৰ উপস্থিতিত ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে পুৱা ৫.৩০ বজাত নাৰিকল ভঙাৰ লগতে ফিতা কাটি ২০২১–২২ পর্যটন বর্ষৰ বাবে কাজিৰঙাৰ মিহিমুখত আৰু ইফালে বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে বাগৰিত এলিফেণ্ট ছাফাৰি আৰম্ভ কৰে৷

উল্লেখ্য যে এলিফেণ্ট ছাফাৰি আৰম্ভ কৰাৰ পূর্বে পৰস্পৰাগতভাৱে হাতীৰ মাউতে গণেশ পূজা কৰাৰ লগতে উদ্যান দর্শন কৰিবলৈ অহা দেশ–বিদেশৰ পর্যটকে বিভাগীয় হাতীক খাদ্য প্রদান কৰে৷ আনহাতে ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে, ইতিমধ্যে পহিলা অক্টোবৰত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চল পর্যটকে জীপ ছাফাৰি কৰিব পৰাকৈ মুকলি কৰাৰ পাছত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলো মুকলি কৰা হয়৷ পহিলা অক্টোবৰৰ পৰা এতিয়ালৈকে ১৮,৪০৪গৰাকী পর্যটকে উদ্যান দর্শন কৰাত বন বিভাগে মুঠ ৩৫ লাখ টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ইয়াৰে ২৮গৰাকী বিদেশী পর্যটক৷ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগতে বিদেশৰ সৈতে বিমান চলাচল সুচল হ’লে আগন্তুক দিনত কাজিৰঙালৈ দেশীয় তথা বিদেশৰ পর্যটকৰ আগমন বৃদ্ধি পোৱাৰ আশা কৰিছে উদ্যান কর্তৃপক্ষই৷

You might also like