নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজা ষ্ট্ৰীপত নতুন সংকট

মধ্যপ্ৰাচ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল যুদ্ধ-সংঘৰ্ষ আৰু অশান্তজৰ্জৰ পৰিস্থিতিয়ে নতুন মাত্ৰা লাভ কৰিছে । ইৰাণ আৰু আমেৰিকাক কেন্দ্ৰ কৰি পাৰস্য উপসাগৰীয় অঞ্চলত অস্থিৰতা তুংগত উঠাৰ সময়তে ইজৰাইল-পেলেষ্টাইনৰ সংকটে নতুন মাত্ৰা লাভ কৰিছে । বিবদমান গাজা ষ্ট্ৰীপত ইজৰাইলী বাহিনীৰ শেহতীয়া বোমা আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত কেইবাগৰাকীও লোকৰ প্ৰাণহানিৰ ঘটনাই পুনৰ অঞ্চলটোলৈ নমাই আনিছে অস্থিৰতা । লক্ষণীয়ভাৱে বিদ্ৰোহী হামাছ নিয়ন্ত্ৰিত গাজা ষ্ট্ৰীপত ইজৰাইলী ক্ষেপণাস্ত্ৰৰ আঘাতত ইৰাণৰ সমৰ্থনপুষ্ট ইছলামিক জেহাদৰ এগৰাকী শীৰ্ষ নেতা নিহত হোৱাৰ লগে লগে সমগ্ৰ মধ্য়প্ৰাচ্যত ইজৰাইলবিৰোধী বিক্ষোভৰ প্ৰসাৰ ঘটিছে । হোৱাইট হাউছ প্ৰশাসনে ইজৰাইলৰ পক্ষ লৈ জেৰুজালেম দেশখনৰ ৰাজধানী বুলি একপক্ষীয়ভাৱে ঘোষণা কৰাৰ পিছৰে পৰা আন্তৰ্জাতিক সম্প্ৰদায়ে ইয়াৰ জৰিয়তে মধ্যপ্ৰাচ্যৰ সংঘৰ্ষৰ জুইকুৰা অধিক দাওদাওকৈ জ্বলিব বুলি সতৰ্কবাণী কৰি আহিছে যদিও ইজৰাইল আৰু আমেৰিকাই সকলো আন্তৰ্জাতিক চৰ্ত উলংঘা কৰি মধ্যপ্ৰাচ্য সন্দৰ্ভত উদ্ধত আচৰণ প্ৰদৰ্শন কৰি আহিছে । আনকি ছিৰিয়াৰ গোলান হাইট্ছ অঞ্চল সাৰ্বভৌম ইজৰাইলৰ অন্তৰ্ভুক্ত বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ পাচতে মধ্যপ্ৰাচ্যৰ প্ৰতিখন দেশত আমেৰিকা আৰু ইজৰাইলবিদ্বেষী মনোভাৱ তীব্ৰতৰ হৈছে । বিভিন্ন দেশত জেহাদী সংগঠনবোৰে পেলেষ্টাইন সংকটৰ উপৰি গোলান হাইট্ছক লৈ আমেৰিকাই লোৱা স্থিতিত ক্ষুণ্ণ হৈ দেশখনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সংকল্প গ্ৰহণ কৰিছে । গোলান হাইট্ছ ইজৰাইলে ছিৰিয়াৰ পৰা দখল কৰাৰ কথা সকলোৱে জানে । গেলিলি সাগৰৰ পানীৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ইজৰাইলে কেনেদৰে গোলান হাইট্ছ দখল কৰিছে , তাৰ ইতিহাস প্ৰতিখন দেশৰ জনতাৰ হৃদয়ত সজীৱ হৈ আছে । কিন্তু এই সত্যক অস্বীকাৰ কৰি আমেৰিকাই ইজৰাইলৰ অভ্যন্তৰত ৰাখিব বিচাৰিছে গোলান হাইট্ছক ।

স্মৰ্তব্য যে, মধ্যপ্হৰাচ্যত ইজৰাইলক ইহুদী ৰাষ্ট্ৰ হিচাপে জন্ম দিয়াৰ পিছৰে পৰা আৰব বিশ্বত সৃষ্টি হৈছে যুদ্ধসংঘৰ্ষ । ইজৰাইলে পেলেষ্টাইনী ভূখণ্ড ঠেলি সংকুচিত কৰা ঘটনা নতুন নহয় । কিন্তু বিশ্বৰ মানচিত্ৰৰ পৰা পেলেষ্টাইনৰ অস্তিত্বক সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ দেশখনে চলাই অহা অভিসন্ধি তথা ষড়যন্ত্ৰক কোনো দেশেই সমৰ্থন কৰা নাই । আনকি বাৰাক অ’বামাৰ দিনত হোৱাইট হাইছ প্ৰশাসনেও ইজৰাইলক এইক্ষেত্ৰত সংযত হ’বলৈ সকীয়নি প্ৰদান কৰিছিল । কিন্তু ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছৰ শীৰ্ষ পদবীত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ দখলদাৰী অভিযান অধিক তীব্ৰতৰ হৈছে । আনকি গাজা ষ্ট্ৰীপত ইজৰাইলে স্থায়ী বসতি অঞ্চল নিৰ্মাণ কৰাৰ বাবেও সিদ্ধান্ত লৈছে । গাজা ষ্ট্ৰীপ সাৰ্বভৌম ইজৰাইলৰ অন্তৰ্ভুক্ত কৰাৰ এই প্ৰচেষ্টাক লগে লগে প্ৰত্যাহ্বান জনাইছে জৰ্ডান , ইজিপ্ত আদি দেশে । একে সময়তে ইৰাণ তথা ছিৰিয়াই ইজৰাইলৰ যুদ্ধংদেহি মনোভাৱৰ বিৰুদ্ধে প্ৰতিমুহূৰ্ততে আন্তৰ্জাতিক সম্প্ৰদায়ক নজৰ দিবলৈ আহ্বান জনাই আহিছে । লক্ষণীয়ভাৱে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ তথা কেইবাটাও আন্তৰ্জাতিক সংস্থাক পেলেষ্টাইনক লৈ ইজৰাইল আৰু আমেৰিকাই চলাই থকা ৰণকৌশলক কঠোৰ সমালোচনা কৰা হৈছে । যাৰ বাবে মানৱ অধিকাৰ পৰিষদৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । শেহতীয়াকৈ গাজা ষ্ট্ৰীপত চলা ইছলামিক জেহাদ আৰু ইজৰাইলী সেনাৰ বোমা ক্ষেপণাস্ত্ৰৰ আক্ৰমণে পুনৰ মধ্যপ্ৰাচ্যৰ প্ৰতিখন দেশত ক্ষোভৰ উদগীৰণ ঘটাবলৈ লৈছে । যদি পেলেষ্টাইনী সংকট সন্দৰ্ভত আমেৰিকা আৰু ইজৰাইলৰ দৃষ্টিভংগী সলনি নহয়, তেন্তে ভৱিষ্যতে ইয়াৰ পৰিণাম অধিক ভয়াৱহ হোৱাৰ আশংকা আছে ।

You might also like