ট্রেজিক আশাবাদ
১৯৮৭ চনত মই এখন দীঘল আত্মজীৱনীমূলক ৰচনা লিখিছিলোঁ– ‘আত্মানুসন্ধান৷’ ৰচনাখনৰ সামৰণিত মই লিখিছিলোঁ– ‘জীৱনৰ বিপুল সম্ভাৱনাৰ চেতনাই মোক সকলো সময়তে আশাবাদী আৰু আনন্দময় কৰি ৰাখে৷ কিন্তু যিহেতু মই কোটি কোটি মানুহৰ পার্থিৱ অস্তিত্বৰ মর্মন্তুদ যন্ত্রণা বা নিজৰো নানাধৰণৰ নৈতিক দ্বন্দ্বৰ ৰক্তাক্ত যন্ত্রণা পাহৰি থাকিব নোৱাৰোঁ, সেই কাৰণে মোৰ আশাবাদ হ’ল ট্রেজিক আশাবাদ৷’
ট্রেজিক আশাবাদৰ ধাৰণাটো মোৰ মনলৈ ক’ৰ পৰা কেনেকৈ আহিল সেই কথা মই স্পষ্টভাৱে ক’ব নোৱাৰোঁ৷ কিন্তু নিশ্চিতভাৱে ক’ব পাৰোঁ যে সি মোৰ নিজৰ মনৰ পৰা ওলোৱা মৌলিক ধাৰণা নহয়৷ তেনে এটা মৌলিক ধাৰণা মনলৈ আনিব পৰাৰ জোখাৰে মোৰ মৌলিক প্রতিভা নাই৷ সম্ভৱতঃ স্পেনিছ দার্শনিক মিগুৱেল দ্য উনামুনোৰ বহুপঠিতThe Tragic Sense of Life নামৰ কিতাপখন একাধিকবাৰ পঢ়াৰ ফলতেই সেই ধাৰণাটো মোৰ মনলৈ আহিছিল বা তাক মই অতি সহজে আত্মসাৎ কৰি ল’ব পাৰিলোঁ৷
ট্রেজিক আশাবাদ শব্দ দুটা মই মোৰ আত্মজীৱনীত ব্যৱহাৰ কৰাৰ বহু বছৰৰ পিছত মাত্র কেইমাহমানৰ আগতে মই আকৌ শব্দ–যুগলৰ মুখামুখি হ’লোঁ৷ ভিক্টৰ ফ্রেংকনল নামৰ বিশ্ববিখ্যাত মনোবিজ্ঞানীজনৰMan’s Search for Meaning নামৰ কিতাপখনৰ শেষ অধ্যায়টোৰ শিৰোনাম হ’লThe Case for a Tragic Optimism৷
চকুৰ অসুখ আৰু ক্ষীণ দৃষ্টিৰ কাৰণে মই আজিকালি কোনো কথাকেই বহলাই ব্যাখ্যা কৰি লিখিব নোৱাৰোঁ৷ অৱশ্যে সি অভিশাপ নহৈ আশীর্বাদো হ’ব পাৰে৷ অযথা বাগ্বিস্তাৰ নকৰি কথাবোৰ সংক্ষিপ্ত ৰূপত লিখিবলৈ সি মোক বাধ্য কৰে৷ ভিক্টৰ ফ্রেংকনল আছিল ভিয়েনা বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান আৰু মনোৰোগ চিকিৎসা বিভাগৰ অধ্যাপক৷ তেওঁ ইহুদী হোৱা হেতুকে তেওঁক পঠিওৱা হ’ল হিটলাৰৰ জার্মানীৰ কুখ্যাত কনচেনট্রেচন কেম্পলৈ– যিবোৰ ব্যৱহাৰ কৰা হৈছিল ষাঠি লাখ ইহুদীক হত্যা কৰিবৰ কাৰণে৷ বেছিভাগ ইহুদীক নির্মমভাৱে হত্যা কৰা হৈছিল বিশেষভাৱে নির্মিত গেছ চেম্বাৰবোৰত৷ মৃত্যুৰ আগতে তেওঁলোকক দিয়া হৈছিল সাধাৰণ মানুহৰ কল্পনাই ঢুকি নোপোৱা অবর্ণনীয় শাৰীৰিক যন্ত্রণা৷ কিন্তু ভিক্টৰ ফ্রেংকনল কনচেনট্রেচন কেম্পত মৰিব লগা নহ’ল বিভিন্ন কেম্পত তিনি বছৰ নাৰকীয় যন্ত্রণা ভোগ কৰাৰ পিছত যুদ্ধৰ শেষত তেওঁক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হ’ল৷ বন্দীদশাৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁ কনচেনট্রেচন কেম্পৰ অভিজ্ঞতা বর্ণনা কৰি আৰু সেই অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষা ব্যাখ্যা কৰি এখন সৰু কিতাপ লিখিলে–Man’s Search for Meaning– যিখন কিতাপৰ পাতনি লিখি হেৰল্ড এছ কুশনাৰে ঘোষণা কৰিছে যেThis is one of the great books of our time৷ সমগ্র বিশ্বৰ বহুত ভাষালৈ অনূদিত হোৱা কিতাপখনৰ প্রায় ডেৰ কোটি ক’পী এতিয়ালৈকে বিক্রী হৈছে৷ মই প্রায় দুমাহমানৰ আগতে কিতাপখন পঢ়ি শেষ কৰিলোঁ৷ অৱশ্যে পঢ়ি শেষ কৰিলোঁ বুলি ক’লে সম্পূর্ণ সত্য কোৱা নহ’ব৷ কিতাপখন দুটা অধ্যায়ত বিভক্ত৷ প্রথমটো অধ্যায়ত আছে কনচেনট্রেচন কেম্পবোৰৰ ইহুদী বন্দীসকলৰ ওপৰত কৰা শাৰীৰিক নির্যাতনৰ লোমহর্ষক বর্ণনা৷ সেইটো অধ্যায়ৰ কেইটামান পৃষ্ঠা পঢ়াৰ পিছত বাকীবোৰ পৃষ্ঠা মই পঢ়িব নোৱাৰিলোঁ৷Logotherapy in a Nutshell শীর্ষক দ্বিতীয়টো অধ্যায়ত আছে ভিক্টৰ ফ্রেংকনলে উদ্ভাৱন কৰা এক মৌলিক দার্শনিক চিন্তা– যিটো অধ্যায় মই একান্ত মনোযোগেৰে পঢ়িলোঁ আৰু ভৱিষ্যতেও মাজে–সময়ে পঢ়ি থাকিব লাগিব বুলি মই অনুভৱ কৰিছোঁ৷ কিতাপখনৰ যোগেদি লেখকে আমাক দিব খোজা এটা গুৰুত্বপূর্ণ শিক্ষা হ’ল এই যে মানুহৰ জীৱনত যিবোৰ তীব্র যন্ত্রণাদায়ক আৰু প্রতিকাৰহীন দুর্ঘটনা ঘটে সেইবোৰক সহনীয় কৰি তুলিবলৈ এটাই মাত্র উপায় আছে সেইটো হ’ল দুর্ঘটনাটোৰ প্রতি মোৰ প্রতিক্রিয়া কি হ’ব তাৰ ওপৰত মোৰ সম্পূর্ণ নিয়ন্ত্রণ প্রতিষ্ঠা কৰা৷ উদাহৰণস্বৰূপে হিটলাৰৰ কনচেনট্রেচন কেম্পত অমানুষিক নাৰকীয় নির্যাতনৰ বলি হোৱা বেছিভাগ ইহুদী বন্দীৰেই মনোবল সম্পূর্ণৰূপে ভাগি পৰিছিল আৰু তেওঁলোকে বলিশালৰ পশুৰ দৰে অসহায়ভাৱে যন্ত্রণা আৰু মৃত্যুৰ ওচৰত আত্মসমর্পণ কৰিছিল৷ কিন্তু একে চৰম যন্ত্রণাৰ মুখামুখি হৈও ভিক্টৰ ফ্রেংকনলে জীৱনৰ প্রতি তেওঁৰ ইতিবাচক দৃষ্টিভংগী আৰু আশাবাদ পৰিহাৰ কৰা নাছিল৷ তেওঁ কৈছিল–You can take away my wife, you can take away my children, you can strip me of my clothes and my freedom, but there is one thing no person can ever take away from me and that is my freedom to choose how I can react to what happens to me.
মই ওপৰত কৈ অহা ট্রেজিক আশাবাদৰ উদাহৰণ হিচাপে ভিক্টৰ ফ্রেংকনলে তেওঁৰ কিতাপখনত এটা সত্য কাহিনী লিখিছে৷
জেৰি লং নামৰ এজন সোতৰ বছৰীয়া ল’ৰাই ডাইভিং অর্থাৎ পানীত জাঁপ দিয়া প্রতিযোগিতাত অংশ ল’বৰ সময়ত তেওঁৰ ডিঙিটো ভাগি থাকিল৷ ডিঙিৰ পৰা তললৈ তেওঁৰ সর্বশৰীৰ চিৰজীৱনৰ কাৰণে পক্ষাঘাতগ্রস্ত অর্থাৎ অসাৰ হৈ পৰিল৷ অর্থাৎ নমৰালৈকে তেওঁৰ পৃথিৱীখন সীমাবদ্ধ হ’ল তেওঁৰ বিছনাখনত৷ কিন্তু জেৰি লঙে তেওঁৰ চৰম দুর্ভাগ্যৰ ওচৰত অসহায়ভাৱে আত্মসমর্পণ নকৰি পৰিপূর্ণভাৱে জীয়াই থাকিবলৈ সংকল্প ল’লে৷ তেওঁ মুখত কাঠী এডাল লৈ তাৰ সহায়েৰে টাইপ কৰিবলৈ শিকিলে৷ এটা বিশেষভাৱে নির্মিত টেলিফোনৰ সহায়েৰে তেওঁ কলেজৰ পাঠ্যক্রম আয়ত্ত কৰিলে৷ সেই টেলিফোনৰ সহায়েৰে তেওঁ কলেজৰ আলোচনাত অংশ ল’ব পৰা হ’ল আৰু প্রশ্ণ সুধিব পৰা হ’ল৷ তেওঁ কিতাপ পঢ়ি আৰু টেলিভিছন চাই সময় অতিবাহিত কৰাৰ উপৰি নিজে কিতাপ লিখিব পৰাও হ’ল৷
ভিক্টৰ ফ্রেংকনললৈ লিখা এখন চিঠিত জেৰি লঙে লিখিছিল– ‘মই মোৰ জীৱনটো অর্থ আৰু উদ্দেশ্যৰে পৰিপূর্ণ হৈ থকা বুলি ভাবোঁ৷ ঘটনাটো ঘটিবৰ সময়ত তাৰ প্রতি মোৰ মনত আপোনা–আপুনি যিটো ভাবৰ উদয় হৈছিল, সেইটোৱেই পিছলৈ হৈ পৰিল মোৰ জীৱন–দর্শন ঃ মই মোৰ ডিঙিটো ভাঙিলোঁ, কিন্তু ভগা ডিঙিটোৱে মোক ভাঙিব নোৱাৰিলে I broke my neck, but it did not break me.)৷ মই এতিয়া কলেজৰ মনঃস্তত্ত্বৰ পাঠ্যক্রমত নাম লগাইছোঁ৷ মই বিশ্বাস কৰোঁ যে মোৰ শাৰীৰিক অক্ষমতাই আনক সহায় কৰিবলৈ মোৰ সামর্থ্য বৃদ্ধি কৰিব৷ মই জানো যে যন্ত্রণাৰ অবিহনে মোৰ আধ্যাত্মিক বিকাশ সম্ভৱ নহ’লহেঁতেন৷’
ভিক্টৰ ফ্রেংকনলৰ ভাষাত এইটোৱেই হ’ল ট্রেজিক আশাবাদ আৰুThe Defiant Power of the Human Spirit- ৰ জ্বলন্ত উদাহৰণ৷