নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথ গেমছলৈ লাভলীনা

নিয়মীয়া বাৰ্তা, ১২ জুন: অলিম্পিকৰ পদক বিজয়ী অসমকন্যা লাভলীনা বৰগোহাঁয়ে বার্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছলৈ যোগ্যতা অর্জন কৰিছে৷ দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত বক্সিঙৰ বাছনি প্রতিযোগিতাত লাভলীনাই (৭০ কেজি শাখা) প্রতিপক্ষক পৰাজিত কৰি আন্তর্জাতিক প্রতিযেগিতাখনত অংশগ্রহণ নিশ্চিত কৰে৷ আজি অনুষ্ঠিত বক্সিং ট্রায়েলত টকি’ৰ ব্রঞ্জৰ পদক বিজয়ী লাভলীনাই এখন একপক্ষীয় মেচত ৰে’লৱেৰ বক্সাৰ পূজাক ৭–০ ব্যৱধানত পৰাজিত কৰে৷ লাভলীনাৰ উপৰি বিশ্ব চেম্পিয়ন নিখাট জাৰিণ (৫০ কেজি), নীতু (৪৮ কেজি) আৰু জেছমিনে (৬০ কেজি) কমনৱেলথ গেমছত ভাৰতীয় মহিলা বক্সিং দলক প্রতিনিধিত্ব কৰাৰ বাবে যোগ্যতা অর্জন কৰে৷ ট্রায়েলত নিখাটে হাৰিয়ানাৰ মীনাক্ষিক ৭–০ পইণ্টত পৰাজিত কৰে৷

আনহাতে, যুৱ বিশ্ব চেম্পিয়নশ্বিপৰ দুবাৰৰ প্রাক্তন চেম্পিয়ন নীতুৱে ২০১৯ৰ ৰূপৰ পদক বিজয়ী মঞ্জুৰাণীক ৫–২ ব্যৱধানত পৰাজিত কৰে৷ বাছনি প্রতিযোগিতাখনত ২০২১ৰ এছিয়ান যুৱ বক্সিং চেম্পিয়নশ্বিপৰ ব্রঞ্জৰ পদক বিজয়ী জেছমিনে ২০২২ৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্রঞ্জৰ পদক বিজয়ী পার্বিন হুদাক ৬–১ পইণ্টত পৰাস্ত কৰি বার্মিংহামলৈ যোগ্যতা অর্জন কৰে৷ নির্বাচিত মহিলা দলটো– লাভলীনা বৰগোহাঁই (৭০ কেজি), নীতু (৪৮ কেজি), নিখাট জাৰিণ (৫০ কেজি), জেছমিন (৬০ কেজি)৷

You might also like