দিছপুৰ ডায়েৰী
- সঞ্জয়
পৰিপক্ব নেতা
সোমবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এন ডি এফ বি–এবছুৱে শান্তি চুক্তিত স্বাক্ষৰ কৰে ৷ কেন্দ্রৰে হোৱা আলোচনাত তেওঁলোকে দীর্ঘদিনীয়া পৃথক বড়োলেণ্ডৰ দাবী প্রত্যাহাৰ কৰি যিখন চুক্তি কৰিলে, তাক দেখি সকলোৱে ক’বলৈ বাধ্য হৈছে–বড়ো জনগোষ্ঠীৰ নেতাসকল পৰিপক্ব নেতা ৷ পদ্ধতিগতভাৱে তেওঁলোকে আন্দোলনো কৰিব জানে আৰু দাবীও আদায় কৰিব পাৰে ৷ দিছপুৰত বিজেপি, অগপ, কংগ্রেছ, এ আই ইউ ডি এফৰ বিধায়ককেইজনমানে সোমবাৰে নিশা এক আড্ডাত বড়ো শান্তি চুক্তিখন বিশ্লেষণ কৰি একমুখে স্বীকাৰ কৰিছে–নামতহে বড়োসকলে পৃথক ৰাজ্য পোৱা নাই৷ আন্তঃগাঁথনিৰ দিশৰ পৰা তেওঁলোক এতিয়া দেশৰ আগশাৰীৰ ৰাজ্যৰ সমকক্ষ৷ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ পৰা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়, হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট– কি আদায় কৰা নাই? এখন সুকীয়া ৰাজ্যত যিমান আন্তঃগাঁথনি থাকে, তাতকৈ বহুত বেছি তেওঁলোকে পালে৷ সেয়ে সকলোৱে ক’বলৈ কুণ্ঠাবোধ কৰা নাই–বড়ো নেতৃত্ব পৰিপক্ব৷ ৰাজনৈতিকভাৱে আনতকৈ বহু বেছি পৰিপক্ব৷
ক’লা পতাকাৰ বাবেই
গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত ৰাজ্যখনৰ আঠটাকৈ উগ্রপন্থী সংগঠনৰ ছয় শতাধিক কেডাৰে আত্মসমর্পণ কৰে৷ এইসকল উগ্রপন্থীৰ মাজত আলফাৰ (স্বা) সদস্যও আছিল৷ বহুতেই ভাবিছিল এইবাৰ অন্ততঃ গণৰাজ্য দিৱসৰ দিনটোত বোমা–বাৰুদ নুফুটিব৷ পিছে সেয়া নহ’ল৷ গণৰাজ্য দিৱসৰ দিনা চৰাইদেউ, ডিব্রুগড় জিলাত উগ্রপন্থীয়ে কূটাঘাত সংঘটিত কৰিলে৷ আৰক্ষীয়ে ইয়াৰ বাবে আলফাকে (স্বা) সন্দেহ কৰিছে৷ এন ডি এফ বিৰ সকলো গোট শান্তি আলোচনাত চামিল হোৱাৰ লগতে গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত ছয় শতাধিক উগ্রপন্থীয়ে আত্মসমর্পণৰ পাছতো কেনেকৈ কূটাঘাত সংঘটিত হ’ল, তাকে লৈ দিছপুৰত এইকেইদিন বিৰাট চর্চা৷ উজনি অসমৰ বিজেপিৰ কেইজনমান বিধায়কে কথাটো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ আগতো উলিয়ালে৷ মুখ্যমন্ত্রীয়ে হেনো কৈছে–‘এইবাৰ গণৰাজ্য দিৱসত পুলিচ–মিলিটেৰী ক’লা কাপোৰৰ তালাচীত বেছি ব্যস্ত থাকিব লগা হ’ল ৷ ক’লা কাপোৰৰ পাছত লাগি থাকোঁতে তেওঁলোকে বোমা–বাৰুদ, উগ্রপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ সময়ে নাপালে৷ কিন্তু ক’লা পতাকা দমনত পুলিচ এশ শতাংশ সফল হৈছে ৷ কোনো পেৰেড গ্রাউণ্ডত কোনেও ক’লা পতাকা দেখুৱাবলৈ সক্ষম হোৱা নাই ৷