পৃথিৱীক উশাহ ল’বলৈ দিয়ক
এগৰাকী বন বিষয়াৰ লগত ফোনযোগে আলোচনা হওঁতে কৈছিল– ‘আগতে চাপানালাকে ধৰি বামুণী, তপতজুৰি পাহাৰলানিত সূর্যৰ পোহৰ নপৰিছিল৷ এতিয়া সেই পাহাৰলানি প্রায় টকলা৷’ আমিও প্রত্যক্ষ কৰিছোঁ যোৱা ত্রিছ বছৰে৷ পাহাৰৰ বিশাল বিশাল গছৰ কুণ্ডাবোৰ ঠেলা, ঘোঁৰাগাডীৰে পুৱতিনিশা অথবা দিনৰ ভাগতো নিৰাপদ গাঁৱলীয়া বাটেৰে কোনো অজ্ঞাত স্থানলৈ লৈ যায়৷ অৰণ্যৰ ওচৰে–পাঁজৰে বিভিন্ন স্থানত অবৈধভাৱে গঢ়ি ডঠা কাঠমিলসমূহত তেতিয়াৰ পৰাই চোৰাং কাঠ ব্যৱসায়ীয়ে অবাধে কাঠ ফালে৷ পাহাৰবোৰত আজিকালি গছ দেখিবলৈ নোপোৱা হ’লোঁ৷ আছে গছৰ মূঢ়াবোৰ, হয়তো গছবোৰৰো বাচি থাকিবলৈ প্রবল হেঁপাহ– সেয়ে তাৰে কোনোবাটো মূঢ়াৰ পৰা এতিয়াও একা–বেঁকাকৈ এটা–দুটা গজালি ওলাই আহিব বিচাৰে৷ এয়া সমগ্র অসমৰে ছবি৷ পৰিতাপৰ কথা যে পাহাৰবোৰ টকলা কৰিলে কোনে? কিয় কৰিলে? মানুহৰ প্রকৃতিৰ প্রতি দায়বদ্ধতা অকণো নাই নেকি? সৰুতে ঘৰত বতৰৰ ফল–মূল (আম, কঁঠাল, জামুক) বতৰতে আমি খাবলৈ পাইছিলোঁ৷ সেই ফলৰ গুটিবোৰ দেডতাই এঠাইত গোটাই থৈ দিয়ে৷ তেতিয়া আমি বুজি ডঠা নাছিলোঁ৷ দেডতাই ফলৰ গুটিবোৰ সংগ্রহ কৰি ঘৰৰ পিছফালে থকা বাৰীত ছটিয়াই দিয়েগৈ৷ গাঁৱৰ প্রায় প্রতিঘৰ মানুহৰে খৰি সংগ্রহ কৰিব পৰাকৈ ঘৰৰ পিছফালে আছুতীয়া এখন হাবি (বাঁহৰ লগতে তাত অন্যান্য গছেৰে ভৰি আছিল) আছিল৷ পিছত ডপলব্ধি কৰিলোঁ– সেয়া দেডতাৰ প্রকৃতিপ্রেম? যোৱা বছৰবোৰত আমি বন ধ্বংসৰ যি ৰূপ দেখিলোঁ, আজি তাক লৈ সচেতন মানুহ, পৰিৱেশবিদসকল চিন্তিত মৰুভূমিত পৰিণত হ’ব নেকি গছ–বনেৰে ভৰি থকা আমাৰ চিনাকি অঞ্চলসমূহ?
‘কলিকতা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ অধ্যাপক টি এম দাসে ১৯৭৯ চনত হিচাপ কৰি ডলিওৱা মতে (হণ্ডিয়ান বায়’লজিষ্ট, খণ্ডXI, সংখ্যা ১–২, পৃষ্ঠা ৭৩–৭৯ৰ এজোপা গছে আমাক ভাবিব নোৱাৰা ধৰণৰ ডপকাৰ কৰে৷ নানাধৰণৰ শৰীৰ সংক্রান্ত লাভ আৰু সেৱাৰ কথা বিবেচনা কৰিলে এজোপা গছে তাৰ ৫০ বছৰীয়া জীৱন কালত আমাক প্রায় ১,৯৩,২৫০ ডলাৰ লাভ দিয়ে৷ সেয়া আছিল ১৯৭৯ চনৰ বজাৰ দৰৰ ভিত্তিত পোৱা হিচাপ৷ বিভিন্ন ভিত্তিত বিশেষজ্ঞ আৰু অর্থনীতিবিদৰ সহায়ত বর্তমানৰ মূল্য নিৰূপণ কৰি ২০১২ চনত এহ মূল্য পোৱা হৈছে ৭,১০,২৬০ ডলাৰ আৰু ভাৰতীয় টকাৰ মূল্য হিচাপে ৪.২ কোটি, অর্থাৎ প্রতিজোপা গছে তাৰ ৫০ বছৰীয়া জীৱন কালত দিয়া বৰঙণি হ’ল ৪.২ কোটি টকা৷’ (পৰিৱেশৰ বাবে সামান্য কাম, ড০ দীনেশ চন্দ্র গোস্বামী)৷ সেয়া আছিল ২০১২ চনৰ হিচাপ৷ ২০২১ চনত হ নিশ্চয় ৬ পৰা ৮ কোটি টকা হৈছেগৈ৷ এতিয়া ভাবক এজোপা গছে জীৱন কালত আমাৰ কিমান ডপকাৰ কৰে আৰু আমি কি কৰিব পাৰিছোঁ পৃথিৱীৰ বাবে, প্রকৃতিৰ বাবে? কেৱল ধ্বংস আৰু ধ্বংস৷ ধ্বংসৰে কমাহ আনিছোঁ পৃথিৱীৰ আয়ুস৷ আগৰ প্রজন্মৰ দোষৰ বাবেই পৃথিৱীখন বাসোপযোগী কৰি ৰখাৰ ক্ষেত্রত আজিৰ এই পৰিৱেশ সচেতন প্রজন্মটোৱে আন্দোলন কৰিব লগা হৈছে৷ আজিৰ নতুন প্রজন্মই চিঞৰিব লগা হৈছে– ‘পৃথিৱীক ডশাহ ল’বলৈ দিয়ক, আমিও ভালকৈ ডশাহ লওঁ’৷ পৃথিৱীৰ আনবোৰ প্রাণীয়ে নির্ভুলভাৱেই প্রকৃতিৰ নিয়ম মানি চলি আহিছে, মানুহে কিয় পৰা নাই? লোভ–লালসা, প্রতিদিনে জীৱন–যাপনৰ মান ডন্নত কৰাত মানুহ ব্যস্ত৷ ইয়াৰ ফলত কাৰ কি ক্ষতি হৈছে সেয়া চাবলৈ আহৰি নাই৷ এ চি ৰূমত থাকি ভাবিব পৰা নাযায় প্রকৃতিৰ সান্নিধ্যৰ ডপকাৰিতাৰ কথা ২০১৯ বর্ষত বনজুইৰ ফলত পৃথিৱীৰ হূদপিণ্ড ‘আমাজন’ জ্বলিল৷ আমাজনৰ জংঘলত পৃথিৱীৰ প্রায় ৮০ হাজাৰৰো বেছি গছ–গছনি পোৱা যায়৷ এতিয়ালৈকে ইয়াৰ অৰণ্যত প্রায় ৪২৭ প্রজাতিৰ স্তন্যপায়ী, ১৩০০ প্রজাতিৰ চৰাই, ৩৭৮ প্রজাতিৰ সৰীসৃপ পোৱা গৈছে৷ ইয়াৰ ভিতৰত বহু প্রাণী আছে, পৃথিৱীৰ অন্য কোনো পৰিৱেশত দেখিবলৈ পোৱা নাযায়৷ বছৰি বনজুয়ে পৃথিৱীৰ বহু অৰণ্য ধ্বংস কৰি আহিছে৷ আমাজনৰ ভালেমান অৰণ্যভূমি জ্বলি শেষ হৈ গ’ল, তাত থকা দুষ্প্রাপ্য জীৱ–জন্তুৰ মৃত্যু হ’ল৷ তদুপৰি যি আমাজনে (দক্ষিণ আমেৰিকাত অৱস্থিত) পৃথিৱীৰ প্রয়োজনীয় ২০ শতাংশ অক্সিজেন ডৎপন্ন কৰে৷ সেই শোকাৱহ দুর্ঘটনা বিভিন্ন মাধ্যমত প্রত্যক্ষ কৰি বিশ্ববাসীয়ে চকুলো টুকিলে, প্রতিবাদ কৰিলে৷ ডত্তৰ–পূর্বাঞ্চলৰ আমাজন বুলি কোৱা হয় চিৰসেডজ, ডাঠ হাবিৰে ভৰপূৰ ‘দিহিং–পাটকাই’ক (মুঠ মাটিকালি ১১১.১৯ বর্গ কিলোমিটাৰ)৷ বিভিন্ন দুষ্প্রাপ্য প্রাণীৰ আৱাসভূমি দিহিং–পাটকাই৷ যোৱাটো বছৰত দিহিং–পাটকাইৰ ছালেকি এলেকাত ভাৰত চৰকাৰে মুক্ত কয়লা খননৰ অনুমতি প্রদান কৰিও বর্ষাৰণ্যখনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ তাৰ প্রতিবাদ হৈছে– কিন্তু কয়লা খনন বন্ধ হোৱা নাই৷ আনহাতে প্রতিদিনে ঘটি থকা বনধ্বংসৰ বিক্ষিপ্ত ঘটনাসমূহৰ বাবেই কাজিৰঙা, ওৰাং, মানাহ, লাওখোৱা, আমচাং, সোঁৱণশিৰি (নামনি–সোঁৱণশিৰি জলবিদ্যুৎ প্রকল্প ডত্তৰ–পূবৰ বাবে আশীর্বাদ নে অভিশাপ?), ব্রহ্মপুত্রক বচাবলৈ আন্দোলন কৰি থাকিব লগা হৈছে৷ গোলকীকৰণ আৰু নগৰীকৰণে প্রকৃতি আৰু মানুহৰ ওপৰত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰি আহিছে৷ ৰাষ্ট্রীয় ঘাইপথ বহল কৰাৰ নামত লাখ লাখ গছ কাটিলে, ডন্নয়নৰ নামত চৰকাৰী আৱাসগৃহ, কোম্পানীৰ নির্মাণৰ নামত গছ কাটিলে– অসমৰ নিচিনা এখন ৰাজ্যত এই ক্ষতি কেতিয়া পূর্ণ কৰিব পৰা যাব সেয়াও চিন্তনীয় আমাক ডন্নয়ন লাগে, কিন্তু প্রকৃতি নিঃশেষ হৈ যোৱাকৈ হোৱা ডন্নয়ন আমি চাব নিবিচাৰোঁ৷ নগাঁৱৰ মিকিৰ–বামুণী গ্রাণ্ট হস্তীকৰিড’ৰত স্থাপন কৰা দিল্লীৰ এজি’ৰ Azur) কোম্পানীৰ চ’লাৰ প্রজেক্ট সেই অঞ্চলৰ জৈৱ–বৈচিত্র্যৰ বাবে ক্ষতিকাৰক৷ সিদিনা মিকিৰ–বামুণী কাষৰ তপতজুৰি পাহাৰত বজ্রপাতৰ ফলত ১৮ (?)টাকৈ হাতী মৰিল৷ এই ঘটনা হূদয়বিদাৰক আৰু ৰহস্যজনক৷ এতিয়ালৈকে মৃত্যুৰ সঠিক তথ্য প্রকাশ পোৱা নাই৷ যি মানুহে আগতে প্রকৃতিক পূজা কৰিছিল, ভাল পাইছিল, প্রকৃতিৰ পৰা প্রয়োজনখিনিহে মানুহে আহৰণ কৰিছিল– সেই মানুহেই আজি প্রকৃতি লুণ্ঠনত নামি পৰিছে অদূৰদর্শীভাৱে৷ লোভ, লালসা, বহুজাতিক কোম্পানীৰ মুনাফাকে ধৰি বিভিন্ন কাৰণত প্রকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিছে মানুহে৷ মানুহৰ আকাংক্ষাবোৰ যিমানে ডচ্চ স্তৰলৈ গৈ আছে, সেয়া প্রত্যক্ষ কৰিলে প্রকৃতিৰ ওপৰত হোৱা অত্যাচাৰ কেতিয়া সমাপ্ত হ’ব ক’ব নোৱাৰি? ইতিমধ্যে সমগ্র বিশ্বৰ পৰিৱেশ বিজ্ঞানীসকলে সকীয়াই দিছে– জলবায়ু ডষতাৰ ফলতেই প্রকৃতিয়ে বিভিন্ন অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰিছে৷
২০১৫ চনৰ গছৰ গণনা মতে ভাৰতত প্রতিগৰাকী মানুহৰ ভাগত পৰিছে ২৮ জোপাকৈ গছ৷ ২০১৫ চন পাৰ হৈ গ’ল, কিন্তু বন ধ্বংসৰ প্রক্রিয়া ভাৰতত এতিয়াও যিটো হাৰত হৈ আছে সেয়া ২০২১ চনৰ হিচাপ ডলিয়ালে আৰু কমি যোৱাৰ সম্ভাৱনা আছে৷ ২০১৫ চনতে যুক্তৰাষ্ট্রৰ ইয়েল’ বিশ্ববিদ্যালয়ৰ ড০ থমাছ ক্রোথাৰ আৰু তেওঁৰ সহকর্মীসকলে ছেটেলাইটে সংগ্রহ কৰা ছবি বিশ্লেষণ কৰি অনুমান কৰিছে যে পৃথিৱীত গছৰ সংখ্যা তিনি লাখ কোটিৰ বেছি (তিনি ত্রিলিয়ন)৷ গৱেষকসকলে ‘প্রকৃতি’ Nature) পত্রিকাত ডল্লেখ কৰা মতে পৃথিৱীৰ প্রতিগৰাকী মানুহৰ ভাগত গছ পৰিছে ৪২০ জোপাকৈ৷ কিন্তু পৃথিৱীৰ সকলো অঞ্চলতে গছ নাই৷ আনহাতে কানাডাত জনমূৰি গছ ৮,৯৫৩ জোপা, বলিভিয়াত ৫,৪৬৫ জোপা৷ আকৌ ফিনলেণ্ডত প্রতি বর্গকিলোমিটাৰত ৭২,৬৪৪ জোপা, ছুহডেনত ৬৯,১৬১ জোপা, শ্লোভেনিয়াত ৭১,১৩১ জোপাকৈ গছ আছে৷ এহ পৰিসংখ্যা ঈর্ষণীয়ভাৱে ভাৰততকৈ অনেকগুণ বেছি৷ সেইসমূহ ডন্নত দেশত হয়তো আজি গছৰ সংখ্যা আৰু বৃদ্ধি পাইছে৷ আমাৰ ইয়াত কিয় এনে হৈছে– আমাৰ সচেতনতাৰ অভাৱ যদিও ডত্তৰ–পূর্বাঞ্চলত গছৰ সংখ্যা বেছি, ঘন অৰণ্য আছে৷ তথাপি যোৱা কিছু বছৰ ধৰি আমাৰ হয়াৰ বনভূমি ধ্বংসৰ হাৰ হমানেহ বৃদ্ধি পাহছে যে ডত্তৰ–পূর্বাঞ্চলৰ পাহাৰবোৰো শিলাময় আৰু নামনি অঞ্চলসমূহ মৰুভূমি হ’বলৈ বেছি দিন নালাগিব৷ বনমাফিয়া, মাটি মাফিয়া, পুঁজিবাদৰ আগ্রাসন, থলুৱা বন বিভাগ আমোলা–বিষয়াৰ অদূৰদর্শী মনোভাব, অবৈধ শিলৰ কোৱেৰী, অবৈধ কাঠফলা মিল, প্রাকৃতিক পৰিৱেশত মাজত জধে–মধে হোটেল, ৰিজ’ট, ধাবা খোলাৰ যি প্রতিযোগিতা চলিছে, সেয়া ৰোধ কৰিব নোৱাৰিলে অনাগত দিনত আমাৰ জনমূৰি গছৰ সংখ্যা একেবাৰে নিম্নগামী হ’ব৷ সেয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ পৰাহ যদি ভবা যায়, ডত্তৰ–পূর্বাঞ্চলৰ বাবে গছ ৰোৱাতকৈ ‘গছ বচোৱা আন্দোলন’ এটা গঢ়ি তোলা অতি প্রয়োজন৷ আমাৰ জলবায়ু এতিয়াও প্রকৃতিৰ অনুকূল হৈয়ে আছে৷ নাতিশীতোষ অঞ্চল হোৱাৰ বাবেই এতিয়াও অসমৰ প্রাকৃতিক পৰিৱেশত য’তে–ত’তে যিকোনো গছ গজি ডঠে৷ অসমৰ পাহাৰসমূহ, অৰণ্যসমূহ, জলাশয়সমূহ যদি আমি সঠিকভাৱে সংৰক্ষণ কৰিব পাৰোঁ, তেতিয়া হয়তো অনাগত বিশ বছৰমানৰ ভিতৰত পুনৰ সেই অঞ্চলসমূহ প্রকৃতিয়েই সেডজীয়া কৰি তুলিব৷বন্য জীৱ–জন্তুবোৰে অনবৰত প্রকৃতিৰ সহায় হোৱাকৈ পৰিশ্রম কৰি থাকে আৰু সিহঁতে প্রকৃতিৰ নিয়ম–নীতি পালনত কোনোদিনে অৱহেলা নকৰে৷ এইখিনিতে মহাভাৰতৰ বনপর্বৰ এটি কাহিনী ডল্লেখ কৰিব বিচাৰিছোঁ৷ পাশাখেলত হাৰি পাণ্ডৱসকলে বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস খাটিবলগীয়া হৈছিল৷ এই কালছোৱাত তেওঁলোকে তৎকালীন ভাৰতৰ কাম্যক, শূৰসেন আদি বিভিন্ন বনত ভ্রমি ফুৰিছিল৷ সেইবোৰ বনত আশ্রম পাতি বাস কৰা ঋষি–মুনিসকলে তেওঁলোকক আশ্রয় দিয়াই নহয়, পথ–প্রদর্শনো কৰিছিল৷ এদিনৰ কথা৷ সেই সময়ত পাণ্ডৱসকল এখন নির্দিষ্ট বনত ভালেমান দিন আশ্রয় লৈ থকাৰ অন্তত আশ্রম পাতি থকা ঋষি এগৰাকীয়ে পাণ্ডৱৰ জ্যেষ্ঠ যুধিষ্ঠিৰক মাতি কৈছিল– ‘তোমালোক ইয়াত ভালেমান দিন থাকিলা৷ বনৰ গছ–বিৰিখ, পশু–পক্ষীৰ যথেষ্ট হানি হ’ল৷ এতিয়া তোমালোক আন বনলৈ যোৱাগৈ৷ হাবি–বননি, পশু–পক্ষী ভৰপূৰ হ’লে পুনৰ ইয়ালৈ আহিবা৷’ ইয়াৰ পৰা বুজা যায় যে হাবি–জংঘলবোৰেও নিজৰ যত্ন নিজে ল’ব জানে৷ এতিয়া কথা হ’ল ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে বিশ্বত পালন কৰা হয়৷ পৰিৱেশ সজাগতাৰ বাবে এটা দিন৷ এই দিনটোৰ পৰাই আমি ‘গছ বচোৱা আন্দোলন’ এটা আমাৰ ইয়াত আৰম্ভ কৰিব পাৰোঁ৷ ডত্তৰাখণ্ডৰ সদ্যপ্রয়াত পৰিৱেশকর্মী, গান্ধীবাদী নেতা সুন্দৰলাল বহুগুণাৰ দৰে মহান ব্যক্তি ‘গছ বচোৱা আন্দোলন’ত সকলোৰে বাবে আদর্শ কিয় হ’ব নোৱাৰে? অসমৰ জলবায়ুত ব’হাগ–জেঠ (এপ্রিল) মাহৰ পৰা প্রকৃতিয়ে ন–ৰূপ ধাৰণ কৰে৷ অসমীয়াই পালন কৰা ডৎসৱ ‘ব’হাগ’ বিহুটোৰ প্রকৃতিৰ লগতেই সম্পর্ক৷ নানা চৰাই (বিশেষকৈ কুলি–কেতেকিৰ) চিনাকি মাতে অসমীয়াৰ মন–প্রাণলৈ ব’হাগৰ বতৰা কঢ়িয়াই আনে৷ ব’হাগ অসমৰ প্রাকৃতিক পৰিৱেশৰ বাবে ডপযোগী মাহ৷ গতিকে এপ্রিল মাহৰ পৰাই অর্থাৎ ব’হাগ মাহৰ প্রথম দিনটোতে আমি যদি আমি গছ ৰোৱাৰ এটি কার্যসূচী প্রতি বছৰে পালন কৰিব পাৰোঁ, নিশ্চয় ই আমাৰ পৰিৱেশৰ লগত খাপ খাই পৰিব৷
শেষত এটা আহ্বান ঃ ছপাযোগ্য কাগজ তৈয়াৰ কৰিবলৈ কেঁচামালৰ ডৎস হ’ল প্রকৃতি৷ বাঁহজাতীয় গছে (বন)ৰে কাগজ তৈয়াৰ কৰা হয় বুলি আমি সকলোৱে জানো৷ প্রকৃতিৰ ওপৰত নির্ভৰ কৰিয়েই বাতৰিকাকতকে ধৰি মুদ্রণশিল্পৰ প্রায় সকলো কাম–কাজ চলি থাকে৷ ইতিমধ্যে অসমৰ পৰা প্রকাশিত যিকেইখন জনপ্রিয় বাতৰিকাকত আছে, তেওঁলোকে সদ্দিচ্ছা প্রকাশ কৰিলে ‘গছ বচোৱা আন্দোলন’ এটা নিশ্চয় আৰম্ভ কৰিব পাৰি৷ বাতৰিকাকতসমূহে মাথোঁ এক আহ্বান জনাব লাগে জনসচেতনতাৰ৷ প্রকৃতি সম্পর্কীয় বিভিন্ন প্রাসংগিক লেখা–মেলা নিয়মীয়াকৈ প্রকাশ কৰিব লাগে৷ তেতিয়া চৰকাৰৰো এই বিষয়ত দায়িত্ব বাঢ়িব৷ বন–বিভাগত এতিয়াও যিসকলে নিষ্ঠাসহকাৰে সেৱা আগবঢ়াই আছে তাৰ জৰিয়তে তেওঁলোকে যথেষ্ট প্রেৰণা আৰু ডৎসাহ পাব৷বন ধ্বংসৰ লগত জডিত মানুহখিনিৰ মাজত ইয়ো এক সচেতনতা আনিব অদূৰ ভৱিষ্যতে৷ এনে আহ্বানৰ প্রতি নিশ্চয় সচেতন মানুহে সঁহাৰি জনাব৷ প্রকৃতি সংগঠনসমূহেও চৰকাৰৰ বন বিভাগৰ ‘সামাজিক বনানিকৰণ আঁচনি’ৰ জৰিয়তে এনে আঁচনি ৰূপায়ণ কৰাৰ প্রয়োজন৷ আশা কৰোঁ প্রকৃতিপ্রেমী জনতাহ বিষয়টোত গুৰুত্ব দিলে আমিও কাইলৈ প্রকৃতিৰ মাজতেহ মুক্তভাৱে ডশাহ লৈ বাচি থাকিব পাৰিম৷