নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ সচেতনতা

বিশ্বজুৰি ৫ জুনৰ দিনটো পৰিৱেশ দিৱস হিচাপে উদ্যাপন কৰি অহা হৈছে৷ সাম্প্রতিক সময়ত পৰিৱেশৰ বিষয়টো অতিকে গুৰুত্বপূর্ণ বিবেচিত হৈ পৰিছে৷ শেহতীয়াকৈ ক’ৰোনা সংক্রমণৰ দ্বিতীয়টো ঢ়ৌৰ সময়ত ভাৰতবর্ষত এতিয়া প্রদূষণৰ ফলত কি ভয়াৱহ পৰিস্থিতি সৃষ্টি হয়, সেয়া সকলোৱে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে৷ ক’ৰোনা সংক্রমণে দিল্লীত যেতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, তেতিয়া অক্সিজেনৰ অভাৱত আনকি ৰাজপথতো ক’ভিড–১৯ত আক্রান্ত ৰোগীয়ে ছটফটাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ অলপমান বিশুদ্ধ অম্লজানৰ অভাৱে আমাৰ শৰীৰতন্ত্রত কি বিৰূপ প্রভাৱ পেলায়, ক’ভিডকালীন সময়ত আমি দিল্লীত প্রত্যক্ষ কৰিছোঁ৷ অক্সিজেনৰ অভাৱত দিল্লী–মুম্বাই আদি মেট্র’ মহানগৰীত ক’ভিড ৰোগীয়ে অসহায়ভাৱে মৃত্যুক সাবটি ল’বলগীয়া হোৱা দৃশ্যই আনকি সমগ্র বিশ্বকে হতচকিত কৰি তুলিছে৷ দিল্লী–মুম্বাই আদি মহানগৰীত ক’ভিড ৰোগীয়ে এনেদৰে অক্সিজেনৰ অভাৱত ছটফটাই থাকিবলগীয়া অৱস্থাৰ বাবে এই মেট্র’ মহানগৰীসমূহত সৃষ্টি হোৱা ভয়াৱহ প্রদূষণ অন্যতম কাৰণ বুলি চর্চিত হৈছে৷ উল্লেখ্য যে যোৱা প্রায় দুটা দশক ধৰি এই মহানগৰীসমূহত জনসংখ্যা বৃদ্ধি পোৱাৰ লগতে ওখ ওখ অট্টালিকাৰে এখন কংক্রিটৰ মহানগৰী গঢ়ি উঠিছে৷ বিভিন্ন কর্প’ৰেট কোম্পানীৰ সুউচ্চ অট্টালিকা, লানি লানি এপার্টমেণ্ট, ফ্লেট গঢ়ি উঠিছে মুকলি অঞ্চলসমূহত৷ দিল্লীৰ চৌপাশে নইদা, গুৰগাঁও, ফৰিদাবাদ আদিত গঢ়ি উঠিছে একো একোটা কংক্রিট এলেকা৷ এই কংক্রিটৰ মহাৰণ্যই আঁতৰাই লৈ গৈছে সেউজ আচ্ছাদন৷ বৃহৎ বৃহৎ গছ কাটি গঢ়ি তোলা হৈছে অট্টালিকা৷ ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে যান–বাহনো৷ ফলস্বৰূপে অক্সিজেন হ্রাস পাই কার্বন–ডাই–ক্সাইড বৃদ্ধিৰ বাবে প্রদূষণৰ মাত্রাই বিপদসীমা অতিক্রম কৰি গৈছে৷ এনে প্রদূষণৰ ফলতেই এই মহানগৰসমূহৰ বাসিন্দাসকল আক্রান্ত হৈছে হাঁওফাঁওৰ বিভিন্ন ৰোগত৷ সেই বাবে এতিয়া ক’ৰোনা সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ লগে লগে এনে প্রদূষণযুক্ত চহৰৰ নাগৰিকসকল সবাতোকৈ জটিল ৰূপত আক্রান্ত হৈ পৰিছে৷ ক’ভিড পৰিস্থিতিৰ এনে পটভূমিয়েই এতিয়া সেউজ পৰিৱেশ তথা আমাক প্রয়োজনীয় সেউজ আচ্ছাদনৰ প্রসংগ পুনৰ প্রাংসগিক কৰি তুলিছে৷
বিশ্ব পৰিৱেশ দিৱসৰ দিনটো আমি বিশেষভাৱে উদ্যাপন কৰি আহিছোঁ যদিও পৰিৱেশ সচেতনতা সম্পর্কীয় বিষয়সমূহ একমাত্র এই দিনটোৰে এতিয়া বিষয় হৈ থকা নাই৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি কেইটামান গছপুলি ৰোপণ কৰি অথবা পৰিৱেশ সচেতনতা সম্পর্কীয় আলোচনা–চক্র এখন আয়োজন কৰিয়েই ইয়াৰ দায়বদ্ধতা সামৰণি মাৰি আহিছোঁ৷ এনে প্রৱণতা ত্যাগ কৰি সঁচা অর্থাৎ পৰিৱেশ সচেতনতা গঢ়ি তুলিব পাৰিহে বিশ্ব পৰিৱেশ দিৱস উদ্যাপন সার্থক হ’ব৷ আমি প্রতিজন নাগৰিকেই চৌপাশৰ পৰিৱেশ নির্মল কৰি ৰাখিব পৰাটোৱেই হৈছে প্রকৃত পৰিৱেশ সচেতনতা৷ একমাত্র পৰিৱেশ দিৱসৰ দিনাই নহয়, আমি প্রতিটো সময়তে গছপুলি ৰোপণৰ লগতে প্রাকৃতিকভাৱে থকা গছ–বিৰিখসমূহো সুৰক্ষিত কৰি ৰাখিব লাগিব৷ ইয়াৰ উপৰি আমাৰ পৰিৱেশ বিপন্ন কৰি তোলা প্লাষ্টিক সামগ্রীসমূহৰ ব্যৱহাৰৰ ক্ষেত্রতো সচেতনতা গঢ়ি তুলিব লাগিব৷ প্লাষ্টিক ব্যৱহাৰে আমাৰ আধুনিক জীৱনযাত্রা বহু সহজ কৰি তুলিছে যদিও ই আমাৰ পৰিৱেশতন্ত্রক পৰোক্ষভাৱে কিদৰে ক্ষতি কৰি আহিছে, তাৰ এক গণসচেতনতা সৃষ্টি কৰিব লাগিব৷ এনে গণসচেতনতাইহে প্লাষ্টিকৰ ব্যৱহাৰ সীমাবদ্ধ কৰাৰ লগতে প্রদূষণৰ মাত্রা হ্রাস কৰিব পাৰিব৷ ইয়াৰ উপৰি পৰিৱেশ নির্মল কৰি ৰাখিবৰ বাবে পৰিষ্কাৰ–পৰিচ্ছন্ন আৰু স্বচ্ছতা সবাতোকৈ গুৰুত্বপূর্ণ৷ সেই বাবে আমি নিজে নিজৰ ঘৰখন, চুবুৰিটো, গাঁওখন বা অঞ্চলটো পৰিষ্কাৰ–পৰিচ্ছন্ন ৰখাটোৱেই হৈছে প্রকৃত পৰিৱেশ সচেতনতা৷ একমাত্র চৰকাৰেই নহয়, নাগৰিক সমাজেও এই বিষয়টোৰ ক্ষেত্রত সচেতনতাৰ সৃষ্টি কৰি এক জাগৰণ আনিব লাগিব৷ তেতিয়াহে আমাৰ পৰিৱেশ নির্মল হৈ থাকিব, পৰিৱেশতন্ত্র মানৱ সমাজৰ বাবে আশীর্বাদ হৈ উঠিব৷

You might also like