নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ সাতটা উচ্চতম শৃংগ আৰোহণৰ লক্ষ্য আছে

মাউণ্ট এভাৰেষ্ট বিজয়ী নৱ কুমাৰ ফুকন

  • সাক্ষাৎ গ্রহণঃ প্রাঞ্জল মহন বৰুৱা

নমস্কাৰ, ফুকনদেৱ ৷ প্রথমতে আপোনাৰ এই বৃহৎ সাফল্যৰ বাবে আপোনাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ আপোনাৰ জন্ম, শৈশৱ আৰু শিক্ষা জীৱন সম্পর্কে কিছু কথা জনাব নেকি ?

  • ধন্যবাদ প্রাঞ্জল৷ মোৰ জন্ম হৈছিল অবিভক্ত শিৱসাগৰ জিলা আৰু বর্তমানৰ চৰাইদেড জিলাৰ মৌডুমুনী নামৰ গাঁওখনত ১৯৭৩ চনত৷ ঘৰখনত মোৰ মা–দেউতাৰ লগতে মোৰ চাৰিগৰাকী বাইদেউ একমাত্র ভাইটিৰ সৈতে ডাঙৰ–দীঘল হৈছিলোঁ৷ ঘৰখনৰ ডাঙৰ ল’ৰা হিচাপে যথেষ্ট মৰমৰ মাজেৰে ডাঙৰ–দীঘল হৈছিলোঁ৷ সৰুৰে পৰা বেছিকৈ আদৰ আৰু মৰম পোৱাৰ বাবেই পিছলৈ এটা জেদী ল’ৰা হৈ পৰিছিলোঁ আৰু যিকোনো টান কাম কৰি সৰুৰে পৰা মই ভাল পাইছিলোঁ৷ সেই বোকা–পানী খেলি ভাল পোৱা দিনকেইটাতে প্রাথমিক শিক্ষাৰ বাবে ওচৰৰে গডপাৰা মজদুৰ প্রাথমিক বিদ্যালয়লৈ গৈছিলোঁ ৷ আৰু পিছত ঘিলাগুৰি মধ্য তথা উচ্চ মাধ্যমিক বিদ্যালয়ত নামভর্তি কৰিছিলোঁ৷ সেই সময়ছোৱাতেই অন্যান্য বিদ্যালয়ৰ পৰা অহা বহু ছাত্র–ছাত্রী লগ পাইছিলোঁ৷ আৰু সেইসকলৰ লগত এদিন–দুদিনকৈ আগবাঢ়ি গৈ থাকোঁতে সকলোৰে অলক্ষিতে কিছুমান সপোন দেখিবলৈ ধৰিছিলোঁ৷ সেইবাবে সেই সময়ছোৱাত মই মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ সময় বুলি ভাবোঁ৷ যদিও মই সেই সময়ৰ কৈশোৰ আৰু মানসিকভাৱে সম্পূর্ণ অপৈণত আছিলোঁ তেনে অৱস্থাত মই যিবোৰ সপোন দেখিছিলোঁ তাক কিন্তু মই পিছৰ জীৱনত কোনোদিন মনৰ পৰা আঁতৰাবলৈ সক্ষম নহ’লোঁ৷ একপ্রকাৰে জীৱনৰ সকলো সূচী মই তেতিয়াই তৈয়াৰ কৰি লৈছিলোঁ৷ পিছত মই সেই সপোনবিলাকক সাকাৰ ৰূপ দিয়াতহে গুৰুত্ব দিছিলোঁ৷ নতুনকৈ কোনো লক্ষ্য মোৰ জীৱনত সংযোজিত কৰিব পৰা নাছিলোঁ৷ কিন্তু মই যি সপোন দেখিছিলোঁ সেইবিলাক মই দিনৰ পোহৰত সাৰে থকা অৱস্থাত দেখিছিলোঁ, সেইবাবে মই ভাল বেয়া, আগ–পাছ চাই ল’ব পাৰিছিলোঁ, তথাপি নিষ্ঠুৰ সময়ে মোৰ কিছুমান সপোন বাস্তৱলৈ ৰূপান্তৰিত হোৱাত বাৰে বাৰে বাধা দিলে৷ আৰু অৱশেষত বাৰম্বাৰ ব্যর্থতাৰ বাবে তাক মোৰ জীৱনৰ সূচীৰ পৰা বাদ দিব লগা হোৱাত আজি সঁচাকৈ কেতিয়াবা মনলৈ আহিলে চকুপানী টোকোঁ৷ এভাৰেষ্ট অভিযানৰ বাবে দেখা সপোন আৰু সেই দুঃসাহসিক প্রচেষ্টাও মোৰ সেই কৈশোৰ কালৰ সূচীৰেই অন্তর্ভুক্ত আছিল৷ মোৰ জীৱনকালত দেখা সপোনবোৰৰ যিবোৰত সফল হ’লোঁ তাত মই কিমান আনন্দিত বা সুখী হ’ব পাৰিছিলোঁ ক’ব নোৱাৰোঁ, কিন্তু যিবিলাকত বিফল হ’লোঁ তাৰ বেদনাৰ বোজা মই যে চিৰদিন বুকুত কঢ়িয়াব লাগিব সেয়া মই ১০০ শতাংশ নিশ্চিত আছিলোঁ৷ এনে কণ্টকময় জীৱন পৰিক্রমাৰ মাজত ঘিলাগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰোঁ৷ আৰু পিছত মহাৰাষ্ট্রৰ অমৰাৱতী বিশ্ববিদ্যালয়ৰ পৰা শাৰীৰিক শিক্ষাত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰোঁ ৷

সফলতাৰ বাবে আন আন উপাদানৰ সৈতে এটা অত্যন্ত প্রয়োজনীয় উপাদান হ’ল অনুপ্রেৰণা ৷ আপোনাৰ এই বিৰল কৃতিত্বৰ আঁৰত কোনে কোনে প্রেৰণা যোগাইছিল ? অকণমান জনাব নেকি ?

  • মই এই কৃতিত্বৰ বাবে মোৰ ঘৰখন, মোৰ জন্ম গাঁও, মৌডুমুনীবাসী, চেপনবাসী তথা সমগ্র অসমবাসীক দাবীদাৰ বুলি ক’ব বিচাৰোঁ৷ তেখেতসকলে আগবঢ়োৱা অকৃত্রিম মৰম, উৎসাহ আৰু প্রেৰণাক মই কোনোদিন পাহৰিব নোৱাৰোঁ৷ তেখেতসকলে মোক সূক্ষ্মভাৱে, ধৈর্য আৰু মনযোগেৰে, প্রণালীবদ্ধভাৱে ঈপ্সিত লক্ষ্যলৈ আগবাঢ়ি যাবলৈ দিয়া পৰামর্শাৱলীক মই প্রতিক্ষণতে শ্রদ্ধাৰে সুঁৱৰিম৷ মোৰ পত্নী পাৰুল, পুত্র যীচু আৰু মোৰ ছোৱালী বার্বীকো মোৰ এই অভিযানকালত দেখুওৱা ধৈর্যৰ বাবে কৃতিত্বৰ ভাগ দিব বিচাৰোঁ আৰু সকলোৰে আগত মোৰ মাক দিব বিচাৰোঁ ৷ 

আপোনাৰ এই দুঃসাহসিক পর্বতাৰোহণ যাত্রা সম্পর্কে অলপ বিতংকৈ জনাব নেকি ?

  • মোৰ এই দুঃসাহসিক যাত্রাৰ আৰম্ভণি ৩০ বছৰ আগতে৷ ১৯৯০ চনত প্রথমবাৰৰ বাবে মই চেষ্টা চলাইছিলোঁ যদিও প্রাথমিক পর্যায়তে সেই আশা ত্যাগ কৰিবলৈ বাধ্য হৈছিলোঁ৷ ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে ২০১৩ চনত চূডান্তভাৱে সিদ্ধান্ত লৈছিলোঁ আৰু সেই বর্ষতেই নেপালত পর্বতাৰোহণৰ এক উচ্চ প্রশিক্ষণৰ বাবে সুবিধা পাইছিলোঁ৷ ইয়াৰ পিছত ২০১৪ চনত প্রথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট এক্সপিডিচনত অংশগ্রহণ কৰিছিলোঁ৷ সেইবাৰেই এটা বিশেষ দুর্ঘটনাৰ বাবে অভিযান বাতিল হোৱাত ২০১৫ চনত দ্বিতীয়বাৰৰ বাবে চেষ্টা চলাওঁ যদিও নেপালত হোৱা ভূমিকম্পৰ বাবে সেইবাৰো অভিযান বাতিল হয়৷ অৱশেষত ২০১৬ চনৰ তৃতীয় প্রচেষ্টাত মোৰ বাল্যকালৰ দীর্ঘদিনীয়া সপোনটি দিঠকত পৰিণত কৰিবলৈ সক্ষম হওঁ মে’ মাহৰ ২০ তাৰিখে পুৱা ৭ মান বজাত ৷

পর্বতাৰোহণ সঁচাকৈয়ে এটা অত্যন্ত জটিল কাম৷ এনে এটা জটিল কামত অনেক বাধা–বিঘিনি আছে৷ আপোনাৰ দৃষ্টিত এজন পর্বতাৰোহণকাৰীৰ কোনকেইটা সমস্যা আছে বুলি আপুনি ভাবে বা আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল?

  • পর্বতাৰোহণৰ সময়ৰ সমস্যা বুলিলে –
    ১৷ খাদ্যৰ সমস্যা আছে৷ আমি সাধাৰণতে গ্রহণ কৰা খাদ্য তাত খাব নোৱাৰি৷ দৈনন্দিন খাদ্যৰ তালিকাত জুলীয়া বা পনীয়া খাদ্যহে গ্রহণ কৰা হয়৷
    ২৷ অতিপাত ঠাণ্ডাৰ বাবে পোছাক পৰিধানৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিব লগা হয়৷ পর্বতৰ বাবে বিশেষভাৱে তৈয়াৰী পোছাকহে পৰিধান কৰিব লগা হয়৷
    ৩৷ অতি উচ্চতাৰ বাবে(A.M.S.) অর্থাৎAcuate Mountain Sickness হোৱাৰ ভয় থাকে বাবে জুলীয়া খাদ্য বেছি গ্রহণ কৰিব লগা হয়৷
    ৪৷Accalimatizationৰ বাবে অনুশীলন কৰোঁতে বিভিন্ন উচ্চতালৈ আৰোহণ কৰিব লগা হয় বাবে অতিৰিক্তভাৱে কষ্ট কৰিব লগা হয়৷
    ৫৷ অতি উচ্চতাত (৭০০০ মিটাৰ) প্রৱেশ কৰাৰ লগে লগে কৃত্রিমভাৱে অক্সিজেন ব্যৱহাৰ কৰিব লগা হয়৷ আৰু ই যথেষ্ট আমনিদায়ক৷
    ৬৷ একেডাল ৰছীৰে বগাব লগা হোৱাত কিছু কিছু ঠাইত আন পর্বতাৰোহীক বাট এৰি দিয়াত অসুবিধা হয়৷
    এনেবোৰ সমস্যা আছে যদিও পর্বতাৰোহী হিচাপে তাক সমাধান কৰা আৰু সঠিক পৰিকল্পনাৰে অতিক্রম কৰাৰ কৌশল উচিত সময়ত অৱলম্বন কৰিলে বিশেষ অসুবিধা হোৱা দেখা নাযায় ৷

বর্তমান সময়ত কেৰিয়াৰৰ ক্ষেত্রত প্রত্যেকেই সজাগ আৰু সচেতন ৷ গতিকে বর্তমান সময়ৰ যুৱক–যুৱতীসকলে এই পর্বতাৰোহণৰ জৰিয়তে কেৰিয়াৰ গঢ়িব পাৰিব বুলি আপুনি ভাবেনে ? যদি ভাবে, ভাৰতবর্ষত ইয়াৰ সম্ভাৱনীয়তা কিমান ?

  • পর্বতাৰোহণক কেৰিয়াৰ হিচাপে ল’ব পৰা যায়৷ এজন উচ্চ প্রশিক্ষণপ্রাপ্ত পর্বতাৰোহীক ভাৰতীয় সেনাবাহিনীত মকৰলৰ বাবে বিশেষ ব্যৱস্থা আছে৷ ইয়াৰ উপৰি ভাৰতবর্ষত বহুত পর্বতাৰোহণৰ প্রশিক্ষণ কেন্দ্র আছে৷ সেইবিলাকত প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰিব পাৰে৷ আৰু ভাৰতবর্ষত গঢ়ি উঠা বিভিন্ন ড্রেকিং আৰু টুৰিষ্ট এজেঞ্চ বিলাকত গাইড হিচাপে নিয়োজিত হোৱাৰ যথেষ্ট সুবিধা আছে ৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কে জনাব নেকি ?

  • মোৰ ভৱিষ্যতে আৰু পর্বতাৰোহণৰ পৰিকল্পনা আছে৷ এই পৃথিৱীখনত থকা সাতখন মহাদেশৰ সাতটা উচ্চতম শৃংগ আৰোহণ কৰাৰ লক্ষ্য আছে৷ ইতিমধ্যে মই দুটাত কৃতকার্য হৈছোঁ৷ প্রথম ২০১৫ চনত আফ্রিকা মহাদেশৰ উচ্চতম শৃংগ মাউণ্ট কিলিমাঞ্জাৰো, দ্বিতীয়তে ২০১৬ চনত পৃথিৱীৰ তথা এছিয়া মহাদেশৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰোঁ৷ ইয়াৰ মাজতে অসমৰ গাঁৱে–ভূঞে থকা উদীয়মান আগ্রহী যুৱক–যুৱতীসকলক্ পর্বতাৰোহণৰ ক্ষেত্রখনলৈ উলিয়াই আনিবলৈ চেষ্টা কৰাৰ লগতে তেওঁলোকক পর্বতাৰোহণৰ উপকাৰিতাৰ পাঠ দিবলৈ চেষ্টা কৰিম ৷

প্রত্যেকজন সফল ব্যক্তিৰে সফলতাৰ এটি মন্ত্র থাকে, আপোনাৰ সফলতাৰ মূলমন্ত্র কি?

  • মোৰ সফলতাৰ মূলমন্ত্র হ’ল একাগ্রতা, নিষ্ঠা, ধৈর্য, মনোবল, সততা আৰু আত্মবিশ্বাস৷ এইবোৰ থাকিলে মানুহে যিকোনো কামতে সফলতা লাভ কৰিব পাৰে৷ মাথোঁ লাগিব শৃংখলাবদ্ধতা, নিয়মানুৱর্তিতা তথা প্রণালীবদ্ধ প্রশিক্ষণ আৰু উচিত পৰিকল্পনা৷ প্রকৃতিৰ প্রতি প্রেম থাকিলেহে পর্বতাৰোহণৰ দৰে কঠিন কাম সম্ভৱ ৷

অসমৰ ইতিহাসত ন–কৈ নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হোৱা এজন ব্যক্তি হিচাপে আপুনি নতুন প্রজন্মক কি ক’ব বিচাৰিব ?

  • নতুন প্রজন্মক মই ইয়াকে ক’ব বিচাৰোঁ যে আমি এনে সপোন দেখিব লাগিব, যি সপোন কেৱল দিনৰ পোহৰত দেখা পোৱা যায়৷ টোপনিত সপোন দেখি চকু মেলি বাস্তৱত তাক পাহৰি যোৱা সপোন দেখিলে নহ’ব৷ আমি কোনো ক্ষেত্রতে পিছপৰা নহয়৷ এজন অসমীয়া হিচাপে এই বিশ্বখনত নিজকে চিনাকি দিবলৈ হ’লে আমি নিখুঁত পৰিকল্পনাৰে সৈতে প্রণালীবদ্ধভাৱে আৰু ধৈর্যসহকাৰে প্রতিটো খোজতে সতর্কতাৰে আগবাঢ়ি যাব লাগিব৷ সফলতা আৰু বিফলতা দুয়োটাকে সুস্থ চিন্তাৰে গ্রহণ কৰিবলৈ শিকিব লাগিব৷ সফলতাত অতি আনন্দিত, বিফলতাত বেছি নিৰাশ হ’লে নহ’ব৷ জয় এদিন আহিবই ৷

ধন্যবাদ ফুকনদেৱ ৷ আপোনাৰ ব্যস্ততাময় জীৱনৰ বহু মূল্যৱান সময় আমাক দিয়াৰ বাবে ৷ আমি আশাবাদী, আপোনাৰ আদর্শেৰে সমগ্র অসমীয়া জাতি আগবাঢ়ি গৈ বিশ্বৰ বুকুত নিজৰ নাম ৰাখি যাবলৈ সক্ষম হ’ব ৷ আপোনাৰ পৰিকল্পনাসমূহ সফল হওক ৷ আমি নেদেখাজনৰ ওচৰত তাৰেই প্রার্থনা জনাইছোঁ ৷

You might also like