নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিক্সড ডিপ’জিট

বর্তমান সময়ত অৱসৰ লোৱা ব্যক্তিসকলেও তেওঁলোকৰ সম্পদ বৃদ্ধি আৰু সুৰক্ষিত জীৱনৰ বাবে সঞ্চয় কৰাৰ প্রতি অতি আগ্রহী হয়৷ তেওঁলোকে ৰীয়েল ইষ্টেট, মিউচুৱেল ফাণ্ড, ষ্টক আৰু শ্বেয়াৰ আদিত সঞ্চয়ৰ বাবে আগ্রহী হয়৷ ফিক্সড ডিপ’জিটৰ দ্বাৰা জ্যেষ্ঠ লোকসকলে অতি সহজতে সঞ্চয়ৰ সুবিধা ল’ব পাৰে৷ সকলো বেংকে ফিক্সড ডিপ’জিটৰ সুবিধা প্রদান কৰে৷ অৱশ্যে অস্বীকৃতিপ্রাপ্ত বেংকসমূহে গ্রাহকৰ বিশ্বাস সহজে জিকিব নোৱাৰে৷ ফিক্সড ডিপ’জিটৰ কিছুমান অতি সহজ উপায় আছে৷ কাৰণ ফিক্সড ডিপ’জিট অতি সহজে বেংকৰ ছেভিং বেংক একাউণ্টৰ সৈতে যোগ কৰি ল’ব পাৰি৷ আনকি জ্যেষ্ঠ ব্যক্তিসকলে ছেভিং একাউণ্ট নাথাকিলেও কোনো কোনো বেংকত ফিক্সড ডিপ’জিট একাউণ্ট খুলিব পাৰে৷ বেংকে ইয়াৰ বাবে কিছুমান পদ্ধতি অনুসৰণ কৰে৷ আবেদন–পত্রত গ্রাহকৰ স্বাক্ষৰ, বয়সৰ প্রমাণ, ঠিকনা, পেন কার্ড নম্বৰ আদি পৰীক্ষা কৰা হয়৷ এই পর্যায়ৰ পাছত সঞ্চয়কাৰীয়ে যিমান পৰিমাণৰ ধন সঞ্চয় কৰাৰ ইচ্ছা কৰে, সিমান ধন সঞ্চয় কৰিব পাৰে৷ অৱশ্যে প্রত্যেক বেংকতে নূ্যনতম ধন জমা ৰখাৰ পৰিমাণ বেলেগ বেলেগ৷ সেয়েহে আন সঞ্চয়ৰ উপায়বোৰৰ দৰে ফিক্সড ডিপ’জিট কৰাৰ আগত অধিক অনুসন্ধান বা চিন্তা কৰাৰ প্রয়োজন নাথাকে৷ সুতৰ হাৰো সময় আৰু বেংক অনুযায়ী বেলেগ বেলেগ হয়৷ অৱশ্যে সুতৰ হাৰ সঞ্চয়কাৰীয়ে জনা উচিত৷ কাৰণ সঞ্চয়ৰ টকা মেচিউৰ হোৱাৰ পাছত আপুনি কিমান টকা পাব, সেয়া তেতিয়া আগতীয়াকৈ জানিব পাৰিব৷ কিন্তু এটা কথা ঠিক যে ফিক্সড ডিপ’জিটত আপোনাৰ ধনখিনি সুৰক্ষিত হৈ থাকিব৷

লাভালাভ–

সকলো বেংকে জ্যেষ্ঠ নাগৰিকৰ সঞ্চয়ৰ ক্ষেত্রত উচ্চ নিৰিখৰ সুত দিয়ে৷ এই সুতৰ হাৰ ৮.৫০ শতাংশৰ পৰা ৯.২৫ শতাংশ হ’ব পাৰে৷ ফিক্সড ডিপ’জিট নূ্যনতম ৭ দিনৰ বাবে আৰু সর্বোচ্চ ১০ বছৰৰ বাবে কৰিব পাৰি৷ অৱশ্যে কাৰোবাৰ প্রয়োজন হ’লে নির্ধাৰিত সময়ৰ পূর্বে টকাখিনি উলিয়াব পাৰে৷ কিছুমান বেংকে সময়ৰ পূর্বে সঞ্চয়ৰ ধন উলিয়ালে জৰিমনা বিহিব পাৰে৷ সেই জৰিমনা সঞ্চয়কাৰীয়ে পাব লগা ধনৰ পৰা বিয়োগ কৰি দিয়া হয়৷ বেংকৰ পৰা ঋণ ল’বলৈ আৰু আপদকালীন সময়ত প্রয়োজনীয় ধনৰ বাবে ফিক্সড ডিপ’জিট ব্যৱহাৰ কৰিব পাৰি৷ সেই ঋণৰ ধন অন্যান্য ঋণৰ দৰে ঘূৰাই দিব পাৰি৷ ফিক্সড ডিপ’জিটৰ ক্ষেত্রত জ্যেষ্ঠসকলে পোৱা আন এটা সুবিধা হ’ল কৰ দিব নলগা ব্যৱস্থাটো৷ বেংক অথবা পোষ্ট অফিচত ৫০ হাজাৰ টকাৰ ফিক্সড ডিপ’জিট কৰিলে কৰ দিব নালাগে৷ ফিক্সড ডিপ’জিট কৰিলে নমিনিও ৰাখিব পাৰে৷ ইয়াৰ ফলত সঞ্চয়কাৰীৰ কোনো অঘটন ঘটিলে তেওঁৰ আপোন ব্যক্তিয়ে সহজতে সেই ধনখিনি বেংকৰ পৰা পাব পাৰে৷ ভাৰতৰ জ্যেষ্ঠ ব্যক্তিসকলৰ বাবে ফিক্সড ডিপ’জিট সঞ্চয়ৰ এটা উত্তম মাধ্যম৷

You might also like