নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ লোকসকলৰ বাবে বিশেষভাৱে ডিজাইন কৰা ম’বাইল এপ

আজিকালি জ্যেষ্ঠ ব্যক্তিসকলৰ হাততো স্মার্টফোন থাকে৷ স্মার্টফোনৰ সঠিক ব্যৱহাৰৰ দ্বাৰা তেওঁলোকে স্বাস্থ্য, ঔষধ আদিৰ হিচাপ অতি ভালকৈ ৰাখিব পাৰে আৰু এয়া সম্ভৱ হয় স্মার্টফোনক সংযুক্ত কৰিব পৰা বিভিন্ন এপৰ জৰিয়তে৷ জ্যেষ্ঠসকলৰ বাবে এনেকুৱা এটা এপ হ’ল সমর্থ এপ৷ সমর্থ এপে ব্যৱহাৰকাৰীক ঔষধৰ ব্যৱহাৰৰ লগতে অন্যান্য কথাবোৰ মনত ৰখাত সুবিধা কৰি দিয়ে৷ বয়সৰ বাবে জ্যেষ্ঠসকলৰ বহু কথাই মনৰ পৰাই আঁতৰি যায়৷ কিন্তু এনেধৰণৰ এপত সংযুক্ত ৰিমাইণ্ডাৰৰ দ্বাৰা সময়মতে ঔষধ খোৱাৰ লগতে ঔষধৰ নাম মনত ৰখা আৰু চিকিৎসকৰ ওচৰলৈ যোৱা নির্দিষ্ট সময় মনত ৰাখিব পাৰে৷ আনকি বিভিন্ন অনুষ্ঠানৰ নিমন্ত্রণ, প্রিয় চিনেমাৰ প্রচাৰৰ সময় আদি মনত ৰাখিবলৈকো সমর্থ এপে ব্যৱহাৰকাৰীক সহায় কৰে৷ এজন ব্যক্তিৰ জীৱনশৈলী, পৰিয়ালৰ লগত সম্পর্ক, জ্যেষ্ঠসকলৰ ভ্রমণৰ আঁচনি, ঘৰৰ পৰিকল্পনা, ই–মেগাজিন, বিশেষজ্ঞৰ উপদেশ, স্বাস্থ্য, বীমা আদি সকলোবোৰ সমর্থ এপত উপলব্ধ৷ সমর্থ এপে আনকি দৃষ্টিশক্তিৰ সমস্যা থকা লোকসকলকো সহায় কৰে৷ ব্যতিক্রমী মেগনিফায়াৰৰ সহায়ত সমর্থ এপে ঔষধৰ লেবেল আৰু অন্যান্য প্রয়োজনীয় কাগজ–পত্র পঢ়াত সহায় কৰে৷ সমর্থ এপটো অৱশ্যে দিল্লীত অধিক কার্যক্ষম হয় যদিও ভাৰতৰ অন্যান্য প্রান্তৰ জ্যেষ্ঠ লোকসকলৰ বাবেও বহু সুবিধা উপলব্ধ৷ এপল ফোনৰ ব্যৱহাৰকাৰীসকলে সমর্থ এপ ষ্টোৰৰ পৰা সমর্থ এপটো ডাউনলোড কৰিব পাৰে৷ আনহাতে অন্যান্য ফোন ব্যৱহাৰকাৰীসকলে গুগল প্লে ষ্টোৰৰ পৰা এই এপটো ডাউনলোড কৰিব পাৰে৷ এই এপটো অনুসন্ধানৰ বাবে samarth life টাইপ কৰি এপটো পাব পাৰি ৷

You might also like