নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেক নিউজ

  • দীপাংকৰ মল্ল বৰুৱা

আমি আজি এনে এটা সময়ত বাস কৰিছোঁ, যিটো সময়ত আমাক অনবৰতে নতুন নতুন খবৰে আৱৰি থাকে৷ এসময়ত মানুহে দিনটোৰ খবৰ জানিবলৈ পিছদিনাৰ বাতৰিকাকতখন অহালৈ অপেক্ষা কৰিবলগীয়া হৈছিল৷ ৰেডি’ আৰু টেলিভিছনৰ আগমনৰ পাছত মানুহে বাতৰি সংগ্রহ কৰা সময়ৰ ব্যৱধান কমিবলৈ ল’লে৷ কেৱল টেলিভিছনৰ প্রচলনৰ পাছত মানুহে ২৪ ঘণ্টাই বাতৰি সংগ্রহ কৰিব পৰা হ’ল৷ এটাৰ পাছত এটাকৈ টেলিভিছনত কেইবাটাও নিউজ চেনেলৰ পৰা বাতৰি পাব পৰা হ’ল৷

লাহে লাহে মনোৰঞ্জনধর্মী চেনেলবোৰতকৈও নিউজ চেনেলবোৰে অধিক জনপ্রিয়তা লাভ কৰিলে৷ মানুহৰ নতুন নতুন খবৰ জানিবলৈ থকা হাবিয়াসৰ বাণিজ্যিকীকৰণ প্রক্রিয়া আৰম্ভ হ’ল৷ টেলিভিছনৰ জৰিয়তেই প্রথমতে এই বাণিজ্যিকীকৰণ আৰম্ভ হ’ল৷ ইণ্টাৰনেটৰ আৱির্ভাৱে এইক্ষেত্রত বৈপ্লৱিক পৰিৱর্তন আনিলে৷ মানুহে নিজৰ পছন্দৰ খবৰ নিজে বিচাৰি পাব পৰা হ’ল৷ এতিয়া আনকি এনে হৈছে যে কোনোবা এজন মানুহে গুগলত সন্ধান কৰা তথ্যৰ পৰা সংলগ্ণ ছফটৱেৰে গম পাই যায় সেই মানুহজনে কেনেধৰণৰ বাতৰিৰ কাৰণে অধিক আগ্রহী৷ উদাহৰণস্বৰূপে কোনোবা এজনে যদি খেলৰ বাতৰিৰ প্রতি আগ্রহী, তেওঁ ইণ্টাৰনেটত খেল সম্পর্কীয় বাতৰিহে বেছিকৈ বিচাৰি পাব৷

এইদৰেই এতিয়া মানুহৰ ব্যক্তিগত পছন্দ অনুসৰি বাতৰি পৰিৱেশনৰ প্রক্রিয়া চলিছে৷ বিভিন্ন সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে সৰহভাগ মানুহে উত্তেজক আৰু ব্যতিক্রমী খবৰৰ কাৰণেহে বেছিকৈ আকর্ষিত হয়৷ তেনে খবৰ পৰিৱেশন কৰা সংস্থাসমূহৰ ৱেবছাইটলৈ অধিক মানুহৰ আগমন হয় আৰু সেই সংস্থাবোৰ বাণিজ্যিকভাৱে অধিক লাভান্বিবত হয়৷ সেয়েহে ভুৱা বাতৰি প্রচাৰ কৰি হ’লেও মানুহক বিভিন্ন ৱেবছাইটলৈ আকর্ষিত কৰাৰ এক অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছে৷ বাতৰিৰ সত্যতাতকৈ বাতৰিটোত থকা উত্তেজক মছলা অধিক গুৰুত্বপূর্ণ হৈ পৰিছে৷ টেলিভিছন চেনেলসমূহেও টি আৰ পিৰ কাৰণে তিলটোকে তাল কৰি বাতৰি পৰিৱেশন কৰাৰ প্রতিযোগিতাত নামি পৰিছে৷ এইক্ষেত্রত পৰম্পৰাগত ছপা মাধ্যমো পিছ পৰি থকা নাই৷ মুখ্য পৃষ্ঠাত ছপা হোৱা উত্তেজক খবৰৰ ওপৰতে বাতৰিকাকতৰ বিক্রী নির্ভৰশীল হৈ পৰিছে৷
আজিৰ সময়ত ‘ফেক নিউজ’ বা ভুৱা বাতৰি সমগ্র পৃথিৱীতে চর্চাৰ বিষয় হৈ পৰিছে৷ ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ‘ফেক নিউজ’ৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল৷ ড’নাল্ড ট্রাম্প ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পথত তেওঁৰ সমর্থকসকলে বিয়পাই দিয়া ফেক নিউজ বা ভুৱা বাতৰিৰ ব্যাপক অৱদান আছিল বুলি কোৱা হয়৷ ভুৱা বাতৰিৰ প্রচলন কেৱল এতিয়াৰ পৰিঘটনা নহয়৷ ইতিহাস খুঁচৰিলে বুজিব পাৰি যে ভুৱা বাতৰিৰে সাধাৰণ মানুহক প্রভাৱিত কৰাৰ প্রক্রিয়া বহুত আগৰে পৰা চলি আছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নাজী বাহিনীৰ প্রচাৰৰ দায়িত্বত থকা বিষয়া যোছেফ গোৱেবলছে ইহুদীসকলৰ বিষয়ে ভুৱা খবৰ বিয়পাই দি ইহুদী নিধনৰ প্রতি মানুহৰ সমর্থন আদায় কৰিছিল৷ গোৱেবলছে কৈছিল, এটা মিছা কথাকে বাৰে বাৰে কৈ থাকিলে সেইটোকে মানুহে এসময়ত সঁচা বুলি ভাবিবলৈ লয়৷ পুৰণি সাধুকথাতো পোৱা যায় কেনেকৈ তিনিটা ধূর্তই নিৰীহ খেতিয়ক এজনে পিঠিত বান্ধি অনা ছাগলীটোক বেলেগ বেলেগ জন্তুৰ ৰূপ লোৱা বুলি কৈ প্রতাৰিত কৰিছিল৷ সেই একে পন্থাৰে আজিৰ সময়তো ভুৱা বাতৰি এটাকে বাৰে বাৰে প্রচাৰ কৰি সঁচাৰ ৰূপ দি সাধাৰণ মানুহক প্রতাৰিত কৰা হয়৷

এতিয়া ছ’চিয়েল মিডিয়াৰ ব্যাপক প্রচলনৰ পাছত ভুৱা বাতৰি প্রচাৰ কৰাটো একেবাৰে সহজ হৈ পৰিছে৷ টুইটাৰ, হোৱাটছএপ, ফেচবুকৰ জৰিয়তে যিকোনো মানুহে একোটা পোষ্ট দি ভুৱা বাতৰি প্রচাৰ কৰি সমগ্র পৃথিৱীতে বিয়পাই দিব পৰা হৈছে৷ পৰম্পৰাগত মাধ্যমতকৈ এতিয়া ইণ্টাৰনেটৰ মাধ্যমেৰে ভুৱা বাতৰি প্রচাৰ কৰাটো অতি সহজ আৰু বাতৰিটো নিমিষতে বিশ্বজুৰি বিয়পাই দিব পৰা যায়৷ ইণ্টাৰনেটৰ কোনো সম্পাদকৰ বিধি–পথালি নথকাৰ কাৰণে মানুহে যি মন যায় তাকেই লিখিব পাৰে আৰু সহজতে বিয়পাই দিব পাৰে৷ পৰম্পৰাগত সংবাদ মাধ্যমতকৈ ইণ্টাৰনেটৰ জৰিয়তে যিকোনো বাতৰি দ্রুতগতিত বিস্তাৰ লাভ কৰে৷

সাধাৰণতে ভুৱা বাতৰি প্রচাৰ কৰাৰ মূল উদ্দেশ্য হ’ল কোনো ব্যক্তি বা প্রতিষ্ঠানৰ বিৰুদ্ধে অপপ্রচাৰ কৰি তাৰ পৰা নিজৰ স্বার্থসিদ্ধি কৰা৷ সাধাৰণতে ৰাজনৈতিক কাৰণতে ভুৱা বাতৰিৰ অধিক প্রচলন হোৱা দেখা যায়৷ নির্বাচনৰ সময়ত ভুৱা বাতৰি প্রচাৰ সর্বাধিক হয়৷ আমাৰ দেশত এতিয়া ছলে–বলে–কৌশলে নির্বাচন জিকাৰ পৰম্পৰা গঢ়ি উঠিছে৷ ভুৱা বাতৰি প্রচাৰ কৰাটোও এটা নির্বাচনী কৌশল হিচাপে পৰিগণিত হৈছে৷ প্রতিপক্ষৰ নেতাক শ’লঠেকত পেলাবলৈ ভুৱা বাতৰিৰ সহায় লোৱাটো সাধাৰণ কথা হৈ পৰিছে৷ আজিৰ সময়ত প্রতিটো ৰাজনৈতিক দলৰ একোটা আই টি চেল থাকে আৰু সেইবোৰত ছফটৱেৰত পাৰদর্শী কিছুমান মানুহক নিয়োগ কৰা হয়৷ আই টি চেলৰ কাম হ’ল ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ দলৰ প্রচাৰ চলোৱা৷ কিন্তু এই চেলবোৰত বিপক্ষৰ নেতাৰ বিষয়ে ভুৱা বাতৰি প্রচাৰ, মনেসজা কাহিনী নির্মাণ, ফটো বিকৃতি, নকল ভিডি’ তৈয়াৰ আদি কামো কৰা হয়৷ ভুৱা বাতৰি ছ’চিয়েল মিডিয়াযোগে ততালিকে বিয়পি পৰে আৰু বহুত মানুহে এইবোৰ খবৰ সঁচা বুলি গণ্য কৰে৷

মন কৰিবলগীয়া যে বর্তমান সময়ত আমাৰ দেশৰ সংবাদ জগত নিৰপেক্ষ হৈ থকা নাই৷ কর্প’ৰেটৰ অধীনত থকা সংবাদ প্রতিষ্ঠানসমূহৰ একাংশই যদি চৰকাৰৰ হকে বাতৰি প্রচাৰ কৰিছে, আন একাংশই চৰকাৰবিৰোধী বাতৰি প্রচাৰত অধিক গুৰুত্ব দিছে৷ একাংশ সংবাদ প্রতিষ্ঠানে যদি শাসকীয় দলৰ প্রতি আনুগত্য প্রদর্শন কৰিছে, আন একাংশই বিৰোধী দলৰ প্রতি আনুগত্য দেখুৱাইছে৷ এনে হোৱাৰ ফলত একেটা খবৰকে দুয়োটা শিবিৰে বেলেগ বেলেগ ধৰণে উপস্থাপন কৰিছে৷ বাতৰিতকৈ প্রতিক্রিয়া প্রকাশতহে আজিৰ সংবাদ মাধ্যম অধিক আগ্রহী হৈ পৰিছে৷ ফলত সাধাৰণ মানুহ বিভ্রান্ত হৈ পৰিছে৷ প্রচাৰিত বাতৰিৰ সত্যতাৰ ওপৰত প্রশ্ণ উত্থাপিত হৈছে৷

ভুৱা বাতৰিৰ ফলত সৃষ্টি হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে কম বেছি পৰিমাণে অৱগত৷ কার্বি আংলঙত অভি–নীলৰ গণ হত্যাকাণ্ড ছ’চিয়েল মিডিয়াযোগে ভুৱা বাতৰি প্রচাৰৰে পৰিণাম আছিল৷ মানুহক সহজেত উত্তেজিত কৰিব পাৰি কাৰণে অনেক স্বার্থজনিত মহলে ভুৱা বাতৰি প্রচাৰ এক ৰাজনৈতিক হাথিয়াৰৰ ৰূপত ব্যৱহাৰ কৰে৷ ঐতিহাসিক অসম আন্দোলনৰ সময়তো ভুৱা বাতৰিৰ প্রভাৱত বহু ঠাইত হিংসাত্মক ঘটনা হৈছিল৷ দিল্লীৰ শ্বাহীন বাগত হৈ থকা গণ অৱৰোধ বহু পৰিমাণে সংবাদ মাধ্যমৰ ভুৱা প্রচাৰৰ পৰিণাম বুলি সমালোচিত হৈছে৷ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্রতিবাদতো ভুৱা বাতৰিয়ে প্রভাৱ বিস্তাৰ কৰিছে৷ এহাতে নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’লে বাংলাদেশৰ পৰা এক কোটি নব্বৈ লাখ মানুহ অসমলৈ আহিব বুলি অতিৰঞ্জিত প্রচাৰ চলিছে, আনহাতে একেখন আইন গৃহীত হ’লে নামনি অসমৰ সোতৰটা সমষ্টি খিলঞ্জীয়াৰ হাতলৈ যাব বুলি অপপ্রচাৰ চলিছে৷

সাধাৰণ মানুহৰ কাৰণে সমস্যা হ’ল, অহর্নিশে প্রচাৰ হৈ থকা বাতৰিৰ কোনটো সঁচা আৰু কোনটো মিছা ধৰিব পৰাটো অতি কঠিন৷ ইণ্টাৰনেটৰ জৰিয়তে কোনো এটা বাতৰিৰ সত্যাসত্য বিচাৰ কৰাটো সম্ভৱ হৈছে যদিও সাধাৰণ মানুহৰ কাৰণে সেইখিনি বিশ্লেষণ কৰাটো সম্ভৱ নহয়৷ সেয়েহে সাধাৰণ মানুহৰ মাজতো উত্তেজক বাতৰি এটা প্রথমতে কোনে পৰিৱেশন কৰিব পাৰে তাৰ অঘোষিত প্রতিযোগিতা চলে৷ টেলিভিছনৰ নিউজ চেনেলবোৰৰ মাজত প্রতিযোগিতা চলে কোনে কিমান উত্তেজক আৰু ব্যতিক্রমী ব্রেকিং নিউজ দিব পাৰে৷ সাধাৰণ মানুহেও ফেচবুক আৰু হোৱাটছএপত পোৱা উত্তেজক বা ব্যতিক্রমী খবৰ এটা বিয়পাই দিবলৈ ভাল পায়৷
সাধাৰণ মানুহে ভুৱা বাতৰিৰ প্রকোপৰ পৰা ৰক্ষা পৰিবলৈ কিছুমান উপায় আছে৷ বাতৰিটো সত্য বুলি গ্রহণ কৰাৰ আগতে বাতৰি পৰিৱেশন কৰা সংস্থাটোৰ বিষয়ে জানি লোৱাটো ভাল৷ সাধাৰণতে প্রতিষ্ঠিত আৰু নাম থকা সংবাদ সংস্থাসমূহে ভুৱা বাতৰি প্রচাৰ নকৰে৷ সেইদৰে বাতৰি এটাৰ ভাষা অতিশয় অমার্জিত আৰু উত্তেজক হ’লে বুজিব লাগে যে সেয়া ভুৱা বাতৰি প্রচাৰ কৰাৰ কৌশল৷ ফেচবুক বা হোৱাটছএপত পোৱা বাতৰিবোৰ সত্য হয়নে নহয় গুগলত চাই লৈ নিশ্চিত হ’লেহে আনলৈ আগবঢ়াই দিয়া উচিত৷ ছ’চিয়েল মিডিয়াত কোনোবাই ভুৱা বাতৰি প্রচাৰ কৰিলে সংশ্লিষ্ট মিডিয়াৰ কর্তৃপক্ষক অভিযোগ দিয়াৰ ব্যৱস্থাও আছে৷ সেইদৰে ছ’চিয়েল মিডিয়াত উত্তেজক আৰু ক্ষতিকাৰী পোষ্ট দিলে আৰক্ষী চকীত অভিযোগ কৰিলেও আৰক্ষীয়ে পোষ্ট দিওঁতাৰ ওপৰত বিহিত ব্যৱস্থা ল’ব পাৰে৷

ভুৱা বাতৰিৰ পৰা মানুহক ৰক্ষা কৰিবলৈ কিছুমান দেশত কঠোৰ আইন আছে৷ ছিংগাপুৰত ভুৱা বাতৰি প্রচাৰ কৰা প্রতিষ্ঠানসমূহৰ ওপৰত ব্যৱস্থা ল’বলৈ আইন প্রণয়ন কৰা হৈছে৷ ৰাছিয়াতো ভুৱা বাতৰি প্রচাৰ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি সকলোকে সকীয়াই দিয়া হৈছে৷ আমাৰ দেশত ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা মানুহৰ সংখ্যা অতি দ্রুতগতিত বাঢ়িবলৈ লৈছে৷ কিন্তু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ক্ষেত্রত সৰহভাগ মানুহৰে পৰিপক্বতাৰ অভাৱ দেখিবলৈ পোৱা যায়৷ সেয়েহে আমাৰ দেশতো ভুৱা বাতৰি প্রচাৰৰ বিৰুদ্ধে কঠোৰ আইন প্রণয়ন কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ চৰকাৰী আৰু বিৰোধী উভয় পক্ষই ভুৱা বাতৰি প্রচাৰৰ ক্ষেত্রত অধিক সংযম প্রদর্শন কৰাটো জৰুৰী হৈ পৰিছে৷ কোনোৱে হয়তো ক’ব পাৰে যে কঠোৰ আইন সংবিধানপ্রদত্ত বাক স্বাধীনতাৰ পৰিপন্থী৷ কিন্তু আমি মনত ৰাখিব লাগে যে সংবিধানে কাকো ভুৱা বাতৰি প্রচাৰ কৰাৰ স্বাধীনতা দিয়া নাই৷ ভুৱা বাতৰি প্রচাৰৰ বিৰুদ্ধে সজাগতা আৰু আইনী ব্যৱস্থাই হয়তো এইক্ষেত্রত ইতিবাচক পৰিৱর্তন আনিব৷

You might also like