নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহল অন্তৰৰ সাধাৰণ মানুহবোৰ…

   -  মণিকংকনা দাস

                                                         (১)
এঠাইলৈ গৈ আছিলোঁ৷ এমাহমান আগৰ কথা৷ গৈ থাকোঁতে বাটৰ দাঁতিত বহা গুমটিৰ দোকান এখনৰ পৰা বিতোপন (স্বামী)–এ তামোল, চকলেট ইত্যাদি কিনিলে৷ পকেটৰ পৰা ১০টকীয়া নোট এখন উলিয়াই দোকানখনৰ মহিলা বিক্রেতাগৰাকীলৈ আগুৱাই দি তেওঁ বাইক ষ্টার্ট দিলে৷ আমিও সেইফালে মন কৰা নাছিলোঁ৷ বাইকখন আগুৱাবলৈ লওঁতেই দোকানৰ মহিলাগৰাকীয়ে মাত দিয়াত আমি ৰ’লো৷ মহিলাগৰাকীয়ে ১০টকীয়া নোট এখন ওভতাই দি ক’লে– এখন নোট বেছিকৈ আহিছে৷ তেওঁৰ পৰা নোটখন লৈ আমি আগবাঢ়িলোঁ৷ বাটত দুয়ো আলোচনা কৰিলোঁ– মহিলাগৰাকীয়ে ১০টকীয়াখন গোপনে ৰাখিও থৈ দিব পাৰিলেহেঁতেন৷ গমেই বা ক’ত পালোহেঁতেন আমি কিন্তু সকলোৱে তেনে কাম নকৰে৷ সকলো মানুহ একে নহয়৷ সাধাৰণ গুমটিৰ দোকান এখনত বহিলেও সেই সততাখিনি আছে তেওঁৰ৷ এইবোৰেই একোটা সৰু সৰু পাঠ নহয়নে জীৱনৰ?
(২)
চিটীবাছৰ পৰা নামি বাছ ষ্টপৰ কাষত বহা বেপাৰীজনৰ পৰা প্রায়ে পাচলি কিনো৷ সিদিনাও তেওঁৰ পৰাই পাচলি কিনিলোঁ৷ কিন্তু সিদিনা বেপাৰীজনে ভুলতে আমাৰ বেগটোত পাচলিৰ সৈতে আদা আৰু নহৰু অলপ ভৰাই দিছিল৷ দিয়াৰ পৰত আমিও লক্ষ্য কৰা নাছিলোঁ৷ ঘৰলৈ আহি পাচলিবোৰ উলিওৱাতহে দেখিলোঁ৷ অৱশ্যে কথাটো তেনেকৈয়ে পাহৰি থাকিলোঁ৷ দুদিনমান পিছত পুনৰ তেওঁৰ দোকানখনলৈ যোৱাত কথাটো মনত পৰিল৷ অৱশ্যে তেওঁ নিজেও বিষয়টো উলিয়াইছিল৷ আচলতে ভুলতেহে আমাৰ বেগত তেওঁ সেইখিনি ভৰাই দিছিল৷ দুবিধমান পাচলি কিনি তেওঁলৈ ১০০ টকীয়া নোটখন আগুৱাই দিলোঁ আৰু আগৰ আদা, নহৰুৰ দামটোও কাটি ৰাখিবলৈ ক’লোঁ৷ মানুহজনে হিচাপ–নিকাচ কৰি আমালৈ ২০ টকা ঘূৰাই দিলে৷ পুনৰ সুধিলোঁ– আগৰ দামটো সাঙুৰি হিচাপ কৰিছেনে? তেওঁ সেইখিনিৰ দাম ধৰিয়ে হিচাপ কৰা বুলি জনালে৷ অৱশ্যে আমি মনে মনে হিচাপ কৰি পাইছিলোঁ যে তেওঁ আগৰ আদা, নহৰুৰ দামটো নধৰিলে৷ ধৰাহেঁতেন ২০ টকা ওভোতাই নাপালোহেঁতেন৷ ভুলতে নিজে সুমুৱাই দিয়া আদা, নহৰুৰ কথা আমি নুলিয়ালে বা অস্বীকাৰ কৰিলে, তেওঁ কি ভাবিলেহেঁতেন সেয়া নাজানো৷ কিন্তু সিদিনা সেই মুহূর্তত আঁৰ চকুৰে তেওঁৰ মুখখনলৈ চাই প্রশান্তিৰ ভাব এটা দেখিছিলোঁ৷ হয়তো আগৰ দামটো ৰাখিবলৈ তেওঁ বেয়া পালে৷ মনতে ভাব হ’ল, মানুহৰ মনবোৰ ইমান সৰল ।
(৩)
গুৱাহাটীৰ বেলতলা বজাৰখনৰ নাম নুশুনা মানুহ খুব কমেই ওলাব হয়তো৷ প্রতি বৃহস্পতিবাৰ আৰু দেওবাৰে তাত ডাঙৰ বজাৰ বহে৷ কি নাপায় সেইখন বজাৰত? ঔষধিগুণৰ আৰু ঘৰুৱা শাক–পাচলিৰ সম্ভাৰ পোৱা যায় তাত৷ সেয়ে বজাৰ বহা দিন দুটাত বিৰ দি বাট নোপোৱা অৱস্থা৷ বজাৰখনৰ বিশেষত্বই হ’ল যে তাত পুৰুষৰ লগতে বিশেষকৈ জনজাতীয় মহিলাসকলে ঘৰত উৎপাদিত বিভিন্ন শাক–পাচলি ইত্যাদি লৈ আহে৷ ঘৰুৱা বস্তু পাওঁ বুলিয়ে প্রায় দেওবাৰৰ দিনটোত বজাৰখনলৈ যোৱাটো আমাৰ অভ্যাস৷ অলপতে এদিন বজাৰলৈ বতৰৰ টেঙা ফল জলফাই কিনিলোঁ৷ লগতে সেই একেগৰাকী মহিলা বিক্রেতাৰ পৰা আন পাচলিও কিনিলোঁ৷ তেওঁৰ তাত মেচেকা টেঙাও আছিল৷ আমি বস্তুবিধ ভালকৈ ধৰিব নোৱাৰি সেয়া কি বস্তু বুলি সুধিলোঁ৷ কেনেকৈ খায় সেয়াও জানিব বিচাৰিলোঁ৷ অৱশ্যে কেতিয়াও খাই নোপোৱা বাবে মেচেকা টেঙা কিনিবলৈ ইচ্ছা নকৰিলোঁ৷ অহাৰ পৰত মহিলাগৰাকীয়ে পাছফালৰ পৰা মাত দিলে আৰু বেগখনত ভৰাই দিলে কেইটামান মেচেকা টেঙা৷ তেওঁ ক’লে– এনেই খাবলৈ দিছোঁ, যিদৰে কৈছোঁ তেনেদৰেই ৰান্ধি খাবি৷ মহিলা বিক্রেতাগৰাকীৰ সেই ৰূপটো দেখি এনেকুৱা লাগিছে যেন তেওঁ ঘৰৰ কাষৰে তেনেই চিনাকি কোনোবা খুৰী অথবা জেঠী৷ এই আদৰবোৰে মনটো ভৰাই তোলে৷ একেখন বজাৰত অলপ দিন আগতে পাচলি কিনি উঠি পাঁচ টকাৰ খুচুৰা নথকাত বিক্রেতাগৰাকীক জলকীয়া কেইটামানকে দিবলৈ কৈছিলোঁ৷ তেওঁ বেগখনত সেই পাঁচ টকাতে যিমানবোৰ জলকীয়া ভৰাই দিলে দেখি নিজৰে আচৰিত লাগি গ’ল৷ সাধাৰণতে ১০ টকাতো সেই পৰিমাণৰ জলকীয়া নাপায় বজাৰত৷ তেৱোঁ আছিল মহিলা বিক্রেতা৷ তেওঁলৈ ১০ টকা এটা আগুৱাই নিদি নোৱাৰিলোঁ৷ বজাৰখনত এনেকুৱা অনেক মহিলা বিক্রেতা লগ পাওঁ, যিসকলে দাম–দৰত বিশেষ গুৰুত্ব নিদিয়ে৷ মমতাৰে ভৰা অন্তৰবোৰ৷ ব্যৱসায় কৰিবলৈ আহিলেও মগজুৰে নহয়, হূদয়খন আগত ৰাখিহে বস্তু বিক্রী কৰে তেওঁলোকে৷ এই মৰমবোৰে মন কোমলাই তোলে৷
আধুনিকতাৰ নামত আৰু বিশ্বায়নৰ ধামখুমীয়াত বহুতো ডাঙৰ ডাঙৰ ব্যৱসায়িক প্রতিষ্ঠান, শ্বপিং মল দেখিবলৈ পাইছোঁ৷ সেইবোৰ বজাৰত নাথাকে কি? গ্রাহকক আকর্ষণৰ বাবে কিমান যে প্রতিযোগিতা চলে কেৱল এনেকুৱা মৰমবোৰহে তাত পাবলৈ অভাৱ৷ গ্রাহকৰ প্রতি বিক্রেতাৰ এই ধৰণৰ আন্তৰিকতা সেইবোৰত থাকে নে নাই সেয়া সন্দেহতে ৰৈ যায়৷ এটকা–দুটকাৰো হিচাপ হয়, গ্রাহকক প্রায়ে খুচুৰা ওভতোৱা নহয়৷ সেই খুচুৰা এটকা–দুটকাৰ নামতো চলে অন্য এক ব্যৱসায়৷ তেওঁলোকৰ ব্যৱসায়ত কোনো এৰাধৰা নাই৷

                                                                                                

                                                                                              

You might also like