নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

…বহু প্রকৃত পাঠকৰ আৱেগ আজি নিস্তেজ

প্রণৱ কুমাৰ বর্মনৰ এটি সাক্ষাৎকাৰ...

  প্রণৱ কুমাৰ বর্মন তেওঁৰ কবিতাবোৰেই তেওঁৰ পৰিচয় ৷ ‘সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ’, ‘যি হ’ব মোৰ প্রেয়সী’, ‘ছুইচাইড নোটছ’… আদি এটাতকৈ আনটো জনপ্রিয় কবিতাৰে কাব্যপ্রেমীৰ হূদয়ত দীর্ঘ সময়ৰে পৰা আছুতীয়া ঠাই অধিকাৰ কৰি আছে তেওঁ৷ প্রায় দুই দশক ধৰি কবিতাৰ জগতখনৰ সৈতে জড়িত হৈ থকাৰ সমান্তৰালকৈ প্রবন্ধ, উপন্যাসেৰেও ইতিমধ্যে তেওঁ খ্যাতি অর্জন কৰিছে৷ যোৱা কিছু বছৰৰ পৰা নাট্যজগতখনত বিচৰণ আৰম্ভ কৰা এইগৰাকী জনপ্রিয় কবিৰ এটি সাক্ষাৎকাৰ সম্পাদিত ৰূপত ‘নিয়মীয়াবার্তা’ৰ পঢ়ুৱৈৰ বাবে আগবঢ়োৱা হ’ল ৷ – মণিকংকনা দাস

  • অসমীয়া সাহিত্য, বিশেষকৈ কবিতাৰ জগতখনৰ সৈতে আপুনি দুই দশতকৈও অধিক সময় ধৰি জডিত হৈ আছে৷ এই সময়খিনিত অসমীয়া কবিতাৰ জগতখনত সংঘটিত হোৱা কোনবোৰ ঘটনাই আপোনাক আলোডিত কৰি তুলিছিল আৰু সেইবোৰে অসমীয়া কবিতাৰ ধাৰাটোক কিদৰে গতি প্রদান কৰিছে?

              ক’বলৈ গ’লে কবিতাৰ স’তে জড়িত সেই দ্বিতীয়মানৰ পৰাই ৷ আচৰিতভাৱে তেতিয়াই লেখক হোৱাৰ বাসনা উপজিছিল৷ মাৰ ওচৰত বহি আনৰ সাধুকথাৰ পুথি নকল কৰি নিজৰ নামত লিখিছিলোঁ আৰু মায়ে কিতাপ আকাৰে প্রকাশ কৰি দিম বুলি মিছা আশ্বাস দিছিল৷ সেই দুৰন্ত সৰল বাসনা দিনে দিনে তীব্র হৈ উঠিছিল৷ ভিতৰত কিবা এটাই উকমুকাই উঠিছিল৷ আনৰ পদ্যবোৰকে নিজৰ নামত লিখিবলৈ আৰম্ভ কৰিছিলোঁ৷ চতুর্থ–পঞ্চম শ্রেণীলৈকে হাতেলিখা চাৰিখনমান গ্রন্থ প্রকাশ হৈছিল আমাৰ সমবয়সীয়া ছোৱালী অংগনা চাগৈ নামটো– তেওঁৰ চতুর্থমানতে কাব্য সংকলন প্রকাশ পাইছিল৷ ‘মৌচাক’ত পোৱা সেই খবৰে প্রেৰণা যোগাইছিল আৰু হতাশাও আনিছিল এইবুলি যে কণমানি কবিগৰাকীৰ দৰে সৌভাগ্যশালী কিজানি কাহানিও হ’ব নোৱাৰিম৷ এয়া নিজে আলোড়িত হোৱা প্রথমটো ঘটনা৷ অন্যমনস্ক আছিলোঁ আৰু সকলো সময়তে কবিতাৰ ভাবতে বিভোৰ আছিলোঁ৷ পঢ়া–শুনাত মন নাছিল– কল্পনাৰ দুনীয়াত দিন–ৰাতি পাৰ হৈছিল৷ বিয়াত উপহাৰ উঠা কিতাপবোৰেই তেতিয়া মানসিক খাদ্য আছিল৷ প্রধান শিক্ষক বৈকুণ্ঠ তালুকদাৰ নিজে এজন মাজখাপৰ লেখক আছিল আৰু বিদ্যালয় সপ্তাহত প্রতিযোগিতাৰ পুৰস্কাৰ হিচাপে বৰ দামী আৰু বৃহৎ কলেবৰৰ কিতাপ দিছিল– চপলা প্রকাশ আৰু ৰাদুগাঁ প্রকাশৰ সেই কিতাপবোৰে চেতনাক আলোড়িত কৰিছিল৷ দেউতা প্রয়াত গিৰিধৰ বর্মনে ‘অলিভাৰ টুইষ্ট’কে ধৰি কিতাপবোৰ ভাঙনি কৰি পঢ়ি শুনাইছিল৷ তেওঁ তেতিয়া ভূটানৰ নামনি গোলাগাঁও নামৰ ঠাই এটুকুৰাত চাকৰি কৰিছিল– মাহৰ শেষত গাঁৱৰ ঘৰলৈ আহিছিল৷ এবাৰ আহোঁতে নাৰায়ণ দাস নামৰ ব্যক্তি এজনৰ পৰা ‘স্বর্গ আৰু নৰক’ নামৰ নীলা বকলাৰ গ্রন্থ এখন লৈ আহিছিল৷ কৈছিল– এই লেখকজন ছয়গাঁৱত হাকিম হৈ থাকোঁতে মই তেওঁৰ ল’ৰা দুজনক ভেকচিন দিবলৈ গৈছিলোঁ৷ হোমেন বৰগোহাঞিৰ কিতাপখন পঢ়ি একো বুজা নাছিলোঁ যদিও ‘কেহুকাই’ৰ কাহিনীটো পঢ়ি বৰ ৰস পাইছিলোঁ৷ এনেদৰে আলোড়িত হৈ গৈ আছিলোঁ৷ আঠ পৃষ্ঠামানৰ ‘জয়মতী’ নামৰ নাটক এখন, ‘নিৰুদ্দেশ’ নামৰ দহ পৃষ্ঠামানৰ উপন্যাস এখন আৰু ‘পষেক’ আলোচনীত পৱিত্র কুমাৰ ডেকাৰ চিনেমাৰ চিত্রনাট্য এখন পঢ়ি এখন চিত্রনাট্য লিখিছিলোঁ ৷

            এইবোৰ আলোড়িত হ’বলগীয়া কথাই আছিল৷ ৰেডি’ৰ সংবাদ শুনি ফুলস্কেপ কাগজত ‘দৈনিক বাতৰিকাকত’ উলিওৱা, চিনেমাৰ মেগাজিন উলিওৱা আদিবোৰ আছিল আলোড়িত হূদয়ৰ অপৈণত কর্ম–কাণ্ড৷ তেনে সময়তে হাইস্কুল গচকি ঘৰতে কলেজৰ অসমীয়া গল্প–কবিতাৰ পুথিসমূহ পঢ়াৰ সুযোগ পালোঁ আৰু কবিতাই ‘তিৰকপে’ লগ দিলে৷ নৱমমানত বিদ্যালয় সপ্তাহত দুখন বিশেষ গ্রন্থ পুৰস্কাৰ পালোঁ– ‘নৱকান্ত বৰুৱা অনূদিত ‘হুইটমেনৰ এশ কবিতা’ আৰু হীৰেন গোহাঁইৰ ‘নতুন সমালোচনা’৷ হুইটমেনৰ কবিতাই এনেদৰে আলোড়িত কৰিলে যে হুইটমেন জীৱনৰ আদর্শ হৈ উঠিল৷ শবাৰ পঢ়িলোঁ গ্রন্থখন৷ আলোড়িত কৰিলে দেৱব্রত দাসৰ নাতিদীর্ঘ উপন্যাস ‘মৃগয়া, নিঠুৰ মৃগয়া’ ‘দূৰলৈ নাযাবা কাবেৰী’ আদিয়ে৷ ৰুছ সাহিত্য ‘মা’, ‘ধীৰে বয় ডন’, ‘জামিলা’ আদিয়ে আলোড়নৰ পিছত আলোড়ন তুলিছিল৷ ‘সঞ্চয়ন’ নামৰ কাব্যগ্রন্থখনে আৰু মহেন্দ্র বৰাৰ ‘সাহিত্য উপক্রমণিকা’ আছিল নতুনক আলোড়িত কৰিব পৰা দুখন গ্রন্থ৷ আমাৰ কৈশোৰ, প্রাক্–যৌৱনৰ সময়বোৰ আছিল সন্ত্রাসজর্জৰ আতংকৰ সময় আৰু পৰিৱর্তনৰ আখৰাৰো চেৰাশালি৷ সনন্ত তাঁতি–সমীৰ তাঁতী, বিৰিঞ্চি ভট্টাচার্যৰ কবিতাই আমাক উতলা কৰি ৰাখিছিল৷ কলেজ গচকি হাতত পৰিছিল মগজু আৰু হূদয়ক আলোড়িত কৰিব পৰা দুখন গ্রন্থ সৌৰভ চলিহাৰ ‘দুপৰীয়া’ আৰু নীলিম কুমাৰৰ ‘বাৰী কোঁৱৰ’৷

     পদ্ম বৰকটকীৰ উপন্যাসেও ভাকুটকুটাই গৈছিল৷ সময়বোৰ তেতিয়াও পুৰণি হৈয়েই আছিল৷ ভোগবাদৰ জোৱাৰ–ভাটা তেতিয়াও উকমুকতে আছিল৷ অনেক কবিৰ সান্নিধ্যলৈ আহিছিলোঁ আৰু কবি হোৱাৰ বাসনা তীব্রৰ পৰা তীব্রতৰ হৈ উঠিছিল৷ ‘সাদিন’, ‘বুধবাৰ’, ‘পষেক’, ‘প্রান্তিক’, ‘সূত্রধাৰ’ত এক প্রাণোচ্ছল অসমীয়া সাহিত্যই গা কৰি উঠিছিল৷ এজাক মেধাৱী প্রতিভাৱান লেখকে অসমীয়া সাহিত্যলৈ বোৱাই আনিছিল পলসসহিতে ন–পানী৷ পাঠক হৈ এনে লাগিছিল অসমীয়া সাহিত্যৰ অন্য এক নৱযুগ আৰম্ভ হৈছে৷ মুঠতে যোৱা শতিকাৰ শেষ দশকটো এটা ‘মাৰাত্মক দশক’ হৈও আমাৰ চেতনাক আলোড়িত কৰা দশক আছিল৷ সেই সময়তে চন্দ্রপ্রসাদ শইকীয়াৰ সম্পাদনাত প্রকাশিত ‘গৰীয়সী’ আৰু হোমেন বৰগোহাঞিৰ সম্পাদিত ‘অসমবাণী’ (য’ত মোৰ কবিতা প্রকাশ পাইছিল) আৰু ‘আমাৰ অসম’–এ অসমীয়া মধ্যবিত্তৰ মাজত অন্য এক জাগৰণ আনিছিল৷

  • আমাৰ ছেগা–চোৰোকাকৈ হ’লেও মনত আছে, প্রায় দুই দশক পূর্বে আপোনাৰ ‘যি হ’ব মোৰ প্রেয়সী’ কবিতাৰ প্রত্যুত্তৰ হিচাপে পাঠকে লিখা কবিতাবোৰ প্রকাশ কৰিবলৈ ‘আমাৰ অসম’ কাকতৰ তেতিয়াৰ সম্পাদক হোমেন বৰগোহাঞিয়ে কাকতখনৰ এটা পৃষ্ঠা অর্পণ কৰিছিল৷ একেই সঁহাৰি দেখিছিলোঁ ইছমাইল হোছেইনৰ ‘বিজ্ঞাপন’, মনহৰি বায়নৰ ‘লীনা দুৱৰাক লগ পোৱা যাবনে’, সৌৰভ শইকীয়াৰ ‘সৌৰভৰ সোণাৰু ভ্রমণ’ বা কমল কুমাৰ মেধিৰ ‘নম্রতাৰ বাবে’ শীর্ষক কবিতাবোৰত৷ অসমীয়া কাব্যজগতৰ পাঠকৰ আৱেগ আজিও একে আছে বুলি ভাবেনে? ভাবেনে পাঠকে আজিও কবি আৰু কবিতাক লৈ একেই আৱেগপ্রৱণ?

            কটন কলেজত স্নাতক বর্ষত পঢ়ি থাকোঁতে অখিল গগৈ সম্পাদিত ‘ছাত্রবার্তা’ নামৰ ক্ষুদ্র আলোচনীখনত মোৰ ‘সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ’ নামৰ কবিতাটো প্রকাশ পাইছিল৷ সেয়াই পাঠকৰ লগত মোৰ প্রথম পৰিচিতি৷ সেই বর্ষতে ‘গৰীয়সী’ৰ ত্রিশজন যুৱ অসমীয়া কবিৰ কবিতা সংখ্যাত চন্দ্রপ্রসাদ শইকীয়াদেৱে মোৰ ‘গুৱাহাটী’ কবিতাটো এক নং কবিতা হিচাপে প্রকাশ কৰিছিল৷ হোমেন বৰগোহাঞিদেৱ তেতিয়া ‘আমাৰ অসম’ৰ সম্পাদক৷ তেখেতে সাহিত্য চর্চা কৰা ‘আমি এজাক’ৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আছিল৷ তেখেতৰ প্রিয়ভাজন প্রাণজিত বৰাৰ জৰিয়তে তেখেতে আমাক মাতি পঠিয়াইছিল৷ আমি কেইবাজনো তেখেতৰ ওচৰলৈ গৈছিলোঁ৷ পিছলৈ এনে হৈছিল– হকে–বিহকেও তেখেতৰ ওচৰলৈ গৈ আমনি কৰিছিলোঁ৷ তেখেতৰ জীৱনৰ কাঢ়া নীতি–নিয়ম কিমানবাৰ যে ভংগ কৰিছিলোঁ তথাপি বৰগোহাঞিদেৱৰ আশিসৰ হাতখন মূৰৰ ওপৰতে আছিল৷ সংবাদ পত্রক তেখেতে নতুন ৰূপ দি সাহিত্যগন্ধী কৰি তুলিছিল৷ কাকত এখন যে চৌবিশ ঘণ্টা পিছতেই পেলনীয়া হৈ নাযায় আজীৱন সাঁচি ৰাখিবলগীয়া হয়, দৈনিক কাকতক তেনে এক চৰিত্র প্রদান কৰিছিল৷ মোক বিশেষ মৰম কৰিছিল আৰু ‘যি হ’ব মোৰ প্রেয়সী’ প্রকাশ হোৱাৰ পিছত তেখেতে মোক কৈছিল– কবিতাটোৰ প্রায় চাৰিশৰ ওপৰত উত্তৰ আহিছে৷ তাৰে নির্বাচিতখিনি তেখেতে এটা পৃষ্ঠাত প্রকাশ কৰিছিল৷ আৰু সেয়াই আছিল বিশালসংখ্যক পাঠকৰ স’তে মোৰ প্রথম চিনাকি পর্ব৷ গুণগত মানৰ কথা বাদ দিও এটা কথা ঠিক যে সকলো লেখকেই পাঠকৰ মাজত নিজস্ব পৰিচিতি বিচাৰে– তেনে পৰিচিতি প্রাপ্তিৰ প্রতি ৰৈ ৰৈ বহু মানুহ ধ্বংস হৈ যায়– অথচ মই বৰগোহাঞিদেৱৰ যহত তেনে পৰিচিতি কুৰি বছৰ বয়সৰ ভিতৰতে লাভ কৰিছিলোঁ দুর্বোধ্য–বোধ্য কবিতাৰ পৃষ্ঠপোষকতাৰ সলনি বৰগোহাঞিদেৱে পাঠকে সহজে বুজা কবিতাৰ পৃষ্ঠপোষকতা কৰাত পাঠকসকলে নতুন ৰসেৰে আপ্লুত হৈ কবিতাত উবুৰি খাই পৰিল৷ কবি আৰু পাঠকৰ দূৰত্ব কমি আহিল৷ পাঠকে কবিতাক নতুনকৈ মৰম আৰু সন্মান জনাবলৈ আৰম্ভ কৰিলে৷ কবিতাক লৈ এক আৱেগিক পৰিৱেশৰ সূচনা হ’ল৷ পাঠকৰ সংখ্যা হোৰাহোৰে বাঢ়িল৷ দৈনিক–কাকতত চাঞ্চল্যকৰ সংবাদৰ পৰিৱর্তে চাঞ্চল্যকৰ কবিতাৰ বাবে পাঠকে ৰৈ থকা আৰম্ভ কৰিলে ৷
কবিতাক লৈ সেয়া আছিল এক নতুন পৰিৱেশ৷ আজিও কবিতাৰ পাঠক অসমত বৃদ্ধি হৈয়েই আছে৷ কিন্তু কবিতাৰ ভাষা নুবুজা–নজনা এচামেও কবিতাৰ নামত অসমীয়া কবিতাক নির্যাতন চলাবলৈ আৰম্ভ কৰা দেখি বহু প্রকৃত পাঠকৰ আৱেগ আজি নিস্তেজ৷ অপ্রয়োজনীয়ভাৱে অনেক নিম্নমানৰ কাব্যগ্রন্থ প্রকাশৰ বা–মাৰলীত দীক্ষিত পাঠকৰ আৱেগ আজি ভগ্ন–পতিত।

  • একে সময়তে আপোনালোকৰ জ্যেষ্ঠ কবি নীলিম কুমাৰৰ ‘অপ্রজনন’ শীর্ষক কবিতাই আৰু তেখেতৰ ‘কবিতাৰ স্কুল’–এ সৃষ্টি কৰিছিল যথেষ্ট বিতর্কৰ৷ অতীজৰে পৰা সাহিত্যৰ সৈতে বিতর্কৰ যেন এৰাব নোৱৰা এক সম্পর্ক৷ এই বিতর্কবোৰে আপোনালোকক কিদৰে প্রভাৱিত কৰিছিল? আৰু এই বিতর্কবোৰে সমসাময়িক কবিতাৰ ধাৰাটোক কিদৰে পৰিচালিত কৰিছিল? বিতর্কিত কবিতা সম্পর্কে আপোনাৰ মনোভাব কি?

            সাহিত্য আৰু বিতর্ক এটা মুদ্রাৰ ইপিঠি–সিপিঠি ৷ লেখকৰ স্বাধীনতা আৰু পাঠকৰ স্বাধীনতাৰ প্রসংগ ইয়াত জড়িত৷ লেখকৰ প্রতিভা, কল্পনা, উদ্দেশ্য, ভৱিষ্যমুখী দৃষ্টিক ঢুকি পাবলৈ পাঠকৰো প্রতিভা, কল্পনা, ভৱিষ্যমুখী দৃষ্টি প্রায় একে পর্যায়ৰ নহ’লে সংঘাতৰ সৃষ্টি হয়৷ একদৰে পাঠকৰ মেধা, অধ্যয়নৰ গভীৰতা আৰু বিশালতা, পর্যালোচনা আদি গুণৰ ওচৰ চাপিবলৈ লেখকৰো পাঠকক চেৰাই যাব পৰা অধিক গুণৰ প্রয়োজন৷ লেডী চেটার্লিজ লাভাৰ, মেডাম ব’ভাৰী, ৰুছোৰ আত্মকথা, হিপ্পী সৃষ্টি, হাংগ্রি জেনেৰেচনৰ তথাকথিত প্রচলিত চেতনাক আঘাত কৰা কথা বা বক্তব্যই বিতর্কৰ সূচনা কৰে৷ ক’বলৈ গ’লে– মত নিমিলিলেই বিতর্কৰ সূচনা হয় বা প্রচলিত ধ্যান–ধাৰণাক কোনো বক্তব্যৰে হঠাৎ ওফৰাবলৈ গ’লেই বিতর্ক অৱধাৰিত সুস্থ বিতর্ক সৃষ্টিৰ উত্তৰণৰ বাবে অতীব প্রয়োজনীয়৷ সময়ে বিতর্কিত বিষয়বোৰক ন্যায্যতা দিয়ে, অন্যথা দলিয়াই পেলায়৷ পৃথিৱীত এনেধৰণৰ অধিকসংখ্যক বিতর্কৰ বিষয় যৌনতা আৰু নাৰীকেন্দ্রিক৷ খুশৱন্ত সিং বা তছলিমা নাছৰিন– দুয়োগৰাকী বিতর্কিত লেখকৰে বিতর্কৰ বিষয় যৌনতা যেন লাগে যদিও তছলিমা নাছৰিনৰ যৌনতাৰ লগত সমাজতত্ত্বৰ বিষয় জড়িত আছে৷ আধুনিক যুগৰ পৃথিৱীত, য’ত পুৰুষতন্ত্র চালাকিৰে নির্মাণ কৰা হৈছে– তাত নাৰীবাদ এক বিস্ফোৰণ ‘ডলহাউছ’ৰ নাৰীগৰাকীয়ে তছলিমাৰ কলমত যৌন প্রতিশোধো বিচাৰিছে৷ ‘কুশীলৱ আৰু তিমিৰ তীর্থ’ত বৰগোহাঞিয়ে তেনে এক জ্বলন্ত বিষয় দুঃসাহসেৰে উপস্থাপন কৰিছিল৷ বিতর্কিত মানে ‘বাজে’ নহয় আৰু বিতর্কিত মানে শ্রেষ্ঠও নহয়৷ আজিৰ ‘পর্ণ’ পৃথিৱীত ‘অপ্রজনন’ক লৈ কোনেও আৰু মূৰ নঘমায়৷ সেই সময়ত আমি নীলিম কুমাৰৰ ঘোৰ বিৰোধিতা কৰিছিলোঁ৷ ‘অসমবাণী’ত চিঠি লিখিছিলোঁ৷ নীলিম কুমাৰ সাম্প্রতিক সময়ৰ অন্যতম শ্রেষ্ঠ কবি৷ বিতর্কবোৰৰ মাজতো তেওঁ শেঁতা পৰি যোৱা নাই৷ আনহাতে, বিৰল প্রতিভাধৰ আৰু মূর্খবোৰৰ বাদে সকলোৰে বাবে নিজৰ নিজৰ বিষয়ত পঢ়াশালিৰ প্রয়োজন আছে৷ সংগীত, চিত্রকলা, চিনেমা– তেনেদৰে সৃষ্টিশীল লেখাক লৈ বিশ্ববিদ্যালয়সমূহ নতুন বিষয় আৰম্ভ হৈছে৷ অসমত অধিক ‘কবিতাৰ স্কুল’ৰ প্রয়োজন হৈছে ৷

  • কাব্যজগতখনৰ লগে লগে আপুনি নাট্যকাৰ আৰু ঔপন্যাসিক হিচাপেও ইতিমধ্যে জনপ্রিয় হৈছে৷ আপোনাৰদ্বাৰা ৰচিত, পৰিচালিত কেইবাখনো নাটক উপভোগ কৰাৰ সৌভাগ্য আমাৰ ঘটিছে৷ কিহে আপোনাক নাটকৰ জগতখনলৈ টানি আনিলে? ‘কাব্যেষু নাটকং ৰম্যম’ বাবে নে আপোনাৰ পত্নীও এগৰাকী উচ্চমানৰ নাট্যকর্মী বাবে?

             কবিতাৰ লগতে শৈশৱৰ পৰা মোক আকর্ষিত কৰা অন্য এক বিষয় আছিল চিনেমা৷ নিম্নবিত্ত পৰিয়াল হ’লেও নিয়মিত চিনেমা দর্শন আমাৰ পৰিয়ালৰ এক নিয়মীয়া কার্যসূচী আছিল৷ কোলাত বহি বহি চিনেমা হলত চিনেমা চোৱা আৰম্ভ কৰিছিলোঁ৷ তেনেদৰে ই এক বদ অভ্যাসতো পৰিণত হৈছিল৷ নার্চিচাছ হৈ উঠিছিলোঁ৷ নায়ক হোৱাৰ বাসনাৰে উদ্ভ্রান্ত হৈ উঠিছিলোঁ৷ তীব্র লজ্জাবোধে তাত হেঙাৰৰ সৃষ্টি কৰিছিল৷ কল্পনাত কিন্তু দীর্ঘকাল তেনেকুৱা তাৰকাৰাজ্যতে বাস কৰি আছোঁ৷ কলেজত নাটকত অভিনয় কৰিছোঁ– সীতানাথ লহকৰৰ পৰিচালনাত৷ তাৰ পিছত জয়ন্ত শইকীয়াৰ ‘গণেশ্বৰ ঘাটত চোৰ’ আদি নাটকত৷ কেমেৰাতো কাম কৰিছোঁ৷ কিন্তু সেইবোৰ ব্যর্থ–মন্দ প্রচেষ্টা বা বাসনা৷ বহু বছৰৰ পিছত ‘চর্চা’ গোষ্ঠীৰ অসীম কুমাৰ নাথৰ দাবীত নাট্যজগতত নাট্যকাৰ হিচাপে ভৰি থওঁ ‘বর্ষাস্বপ্ণ’ নাটকেৰে– ৰবীন্দ্রভৱনত যিখন নাটক মঞ্চস্থ হৈছিল৷ তাৰ পিছত কটন কলেজৰ ছাত্র–ছাত্রীসকলৰ দাবীত কেইবাখনো নাটক লিখো–যেনে– দেৱমুছাহাৰীৰ আত্মকথা (ৰবীন্দ্র ভৱন), বাঘবাহাদুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ বাবে ‘ছুইচাইড নোট’, ‘কা কা কাউৰী’৷ পত্নী নাটকৰ লগত জড়িত৷ এন এছ ডি চিকিম আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্রী৷ তেওঁৰ বাবেও দহখনমান নাটক লিখিলোঁ, যিহেতু ‘চিফুং, দ্য আর্টিষ্ট’ নামৰ তেওঁৰ এটা নাট্যদল আছে– তাত ‘মোৰ ঘৰ ক’ত’, ‘মাই নেম ইজ খান্দু’ ‘থেং ফাখ্রী’ ‘ডেউকা’, ‘ডেউকা–২’ আদি লিখিছোঁ আৰু ভাৰতবর্ষৰ বিভিন্ন মঞ্চত মঞ্চস্থ হৈছে৷

  • এয়া মহামাৰীৰ সময়৷ নিজকে কিদৰে ব্যস্ত ৰাখিছে? আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি?

           ক’ৰোনাই মানৱ সভ্যতাক নতুন পাঠ দিছে যে পৃথিৱীখন কেৱল দুঠেঙীয়া মানুহৰে নহয়৷ এই পাঠো লগতে দিছে যে প্রযুক্তিবিদ্যাই মানুহৰ ভোগবাদকহে উজ্জীৱিত কৰিব পাৰে– কিন্তু পৃথিৱীৰ প্রলয়ৰ ক্ষেত্রত ই বৰ অসহায় মানুহৰ স্বার্থপৰতা আৰু অহংকাৰক ক’ৰোনাই নাশ কৰিছে আৰু মানুহক তাৰ ‘মূল’লৈ ওভতাই আনিছে প্রায়৷ মানুহৰ নিদাৰুণ নির্যাতনৰ পৰা প্রকৃতি আজি মুক্ত৷ অহমিকাৰ পৰা ওপজা আওহেলা–মানসিকতাৰ বাবেই ক্যেমুৰ ‘প্লেগ’ত সভ্যতা প্রায় ধ্বংস হৈছিল– ক’ৰোনাতো তাৰেই প্রকাশ ঘটিছে৷ জীয়াই থাকিবলৈ মানুহ অন্যধৰণে স্বার্থপৰ হৈ উঠিছে– সমাজ বাদ দি মানুহ ‘একক’ আৰু ‘নিঃসংগ’ হ’বলৈ হাবুডুবু খাইছে৷ মোৰ দৰে উৰণীয়া মানুহ এই ক’ৰোনাক্রান্ত পৃথিৱীৰ মানুহৰ মানসিকতা দেখি দুখী নহয়৷ প্রকৃতিৰ মুক্তিতো মই পৰম সুখী৷ বন্দিত্ব মানিও সেয়ে ৰৈ থকা নাই৷ আর্তজনৰ সহায়ৰ বাবে এই বন্দিত্বৰ কালছোৱাত লাগি আছোঁ৷ গৃহবন্দী হৈI am BAICHUNG নামৰ ১৬ মিনিটৰ চুটি চিনেমা এখনৰ কাম কৰিছোঁ৷ হূদয় উজাৰি কবিতা লিখিছোঁ৷ ‘শ্রী সোণাৰ চাঁদ’ নামেৰে ভাষাৰ ওজাৰ ওপৰত জীৱনী ভিত্তিক উপন্যাসখন শেষ কৰিছোঁ৷ ড০ ৰঞ্জনা ভট্টাচার্যৰ অনুবাদেৰেWeep not my love নামৰ মোৰ ইংৰাজী কাব্য সংকলনখন প্রকাশৰ বাবে সাজু কৰিছোঁ৷ ড০ বিজিত তালুকদাৰে অনুবাদ কৰিছে মোৰ উপন্যাসTime has told her আৰু অনূদিত হৈছে ইংৰাজীলৈ ‘চৰিত্রহীনা’৷ মই প্রুফ চোৱাত সময় নিয়োজিত কৰিছোঁ৷ লগতে সৰুকৈ আকৌ এখন ফল–ফুলৰ বাগিচা গঢ় দিছোঁ।

 

You might also like