বিলুপ্তিৰ পথত জহামাল
- নাৰায়ণ বৰুৱা
আজি কিছুদিনৰ আগলৈকে অসমৰ বনাঞ্চলসমূহত বিবিধ প্রাণী আৰু চৰাই–চিৰিকটি ব্যাপক হাৰত আছিল বুলি সকলোৱে জানে৷ কেৱল বনাঞ্চলেই নহয়, অসমৰ গ্রামাঞ্চলসমূহতো এসময়ত ব্যাপক হাৰত সৰু সৰু জীৱ–জন্তুবোৰ দেখিবলৈ পোৱা গৈছিল৷ এইবোৰৰ ভিতৰত শিয়াল, বনমেকুৰী, হেঁপা, পাওকৰা, ঘোং মেকুৰী, লতামাকৰী, মেচেকা আৰু জহামাল আদিয়েই প্রধান৷ সৰু জীৱৰ ভিতৰত জিলি, উঁইচিৰিঙা, পানী পৰুৱা, গুবৰুৱা, লিংকৰা, কুমতি আদি অগণন জীৱই বিভিন্ন মাত আৰু চাল–চলনেৰে পৰিৱেশ সুন্দৰ–সুৰীয়া কৰি ৰাখিছিল৷ সৰু সৰু এই জীৱ–জন্তুবোৰ বাস কৰিবলৈ সেই অনুপাতে সৰু সৰু হাবি, জোপোহানি, ঢ়াপ, বাঁহনি, দলনি–পিতনি আৰু জান–জুৰি তথা হোলা–পুখুৰীও আছিল সকলোতে৷ সিহঁতৰ মাতত সন্ধিয়াতে জয়াল হৈ পৰে গাঁও আৰু চুবুৰি৷ নিশা পৰে পৰে চিঞৰি সময়ৰ সংকেত দিছিল মানুহক৷ সকলোৱে বুজিব পাৰিছিল কোনটো কোন জীৱৰ মাত৷ গৌৰৱৰ কথা যে এই জীৱ–জন্তুবোৰৰ মাত আৰু আচৰণ অনুকৰণ অথবা অনুসৰণ কৰিয়েই সৃষ্টি হ’ল আমাৰ লোককথা, ফকৰা–যোজনা আৰু সাধু–কাহিনীৰ সাহিত্য ৷
সৰু সৰু এই জীৱ–জন্তুবোৰক যদিওবা আমি আমাৰ পৰম বন্ধু বুলি ভাবিছিলোঁ, পিছলৈ সিহঁতকে কিন্তু সকলোৱে পৰম শত্রু জ্ঞান কৰিলোঁ৷ সাধাৰণ কিছু কাৰণতে সিহঁতক আমি হানি–খুঁচি বধ কৰিলোঁ৷ সিহঁত বাস কৰা গাঁতত জুই দিলোঁ৷ গাঁত আৰু গছৰ খোৰোঙৰ পৰা পোৱালিবোৰ উলিয়াই আনি কুকুৰৰ আগত মেলি দিলোঁ৷ লগত কুকুৰ লৈ জাকে–ঝুমে অহা বাগানীয়া চিকাৰীক সিহঁতে বাস কৰা ঠাইবোৰ দেখুৱাই এই প্রাণীবোৰৰ কণ–কঠীয়া মৰাত সহায় কৰিলোঁ৷ আনকি এই সুন্দৰ, সৰু সৰু জীৱ–জন্তুবোৰ বাস কৰা পৰিৱেশবোৰো ক্রমে নিঃশেষ কৰি পেলালোঁ৷ পৰিণতিত সাধু কথা আৰু কাহিনীৰ নায়ক সেই প্রাণীবোৰ আমাৰ গ্রামাঞ্চলৰ পৰা এতিয়া সমূলি নোহোৱা হৈ পৰিল ৷
এতিয়া আহোঁ মূল কথালৈ৷ ওপৰত উল্লেখ কৰিছোঁৱেই যে আমাৰ অদূৰদর্শিতাৰ বাবেই হওক কিম্বা সচেতনতাৰ অভাৱৰ বাবেই হওক আমি কিন্তু বহু থলুৱা সম্পদ হেৰুৱালোঁ৷ এই সম্পদবোৰৰ মাজৰে এবিধ অতি বিৰল প্রজাতিৰ প্রাণীৰ বিষয়ে এই লেখাত আলোচনা কৰিব বিচৰা হৈছে৷ যিবিধ প্রাণী এতিয়া ক্রমে বিলুপ্তিপ্রায় হৈ আহিছে, এই প্রাণীবিধ হৈছে ‘জহামাল’৷ জহামাল এবিধ সর্বভোজী সৰু প্রাণী৷ তলুৱাবিশিষ্ট হাতোৰা থকা এই প্রাণীবিধ এবিধ অতি বিৰল আৰু দুষ্প্রাপ্য প্রাণী৷ এসময়ত গ্রামাঞ্চলৰ কাঠনি–বাঁহনিত সততে দেখিবলৈ পোৱা জহামাল এতিয়া ক’তো নেদেখা হ’লোঁ অথবা ক’ৰবাত আছে বুলিও নুশুনা হ’লোঁ৷ ইহঁত থকা ঠাই বিচাৰি উলিয়াবলৈও অতি সহজ৷ যিহেতু ইহঁত সুগন্ধিযুক্ত প্রাণী, ইংৰাজীতa fragnant fine animal বুলি কোৱা হয়৷ কিন্তু জহামালৰ ইংৰাজী নামAsian Palm civet৷ অর্থাৎ হাতোৰা বিশিষ্ট সর্বভোজী এছীয় প্রাণী৷ এছিয়া মহাদেশত পোৱা এই প্রাণীবিধ অতি নির্জুপ্রাণীৰ তালিকাত পৰে৷ জহামালে সাধাৰণতে অকলশৰীয়াকৈ নীৰৱে থাকি ভাল পায়৷ ইহঁতৰ সুগন্ধিযুক্ত গাটোৱেই বৈৰী৷ ইহঁতে আত্মগোপন কৰিও থাকিব নোৱাৰে৷ কাৰণ জহামাল থকা ঠাইৰ চৌপাশে প্রায় এশ বর্গ মিটাৰ এলেকা ইহঁতৰ গাৰ গোন্ধ মলমলাই থাকে৷ জহামালে আজীৱন যোৰা পাতি জীৱন–যাপন কৰে৷ কিন্তু একেটা এলেকাতে দুয়ো অকলশৰীয়াকৈ থাকে৷ কেৱল যোৰ পতাৰ সময়তহে দুদিনমান একেলগে থাকে৷ জহামাল যদি সর্বভোজী প্রাণী, ইহঁতে কিন্তু ফল–মূল খাইহে বেছি ভাল পায়৷ বিশেষকৈ ডিমৰু ফলৰ প্রতি ইহঁত বৰকৈ আকর্ষিত হয় ৷
দক্ষিণ–পূব এছিয়াৰ ইণ্ডোনেচিয়া, ম্যানমাৰ, জাভা, সুমাত্রা, ভাৰত, ভিয়েটনাম, চীন, লাওচ আৰু কম্বোদিয়া এই জহামালৰ মূল আবাসস্থল৷ ভাৰতৰ আনবোৰ প্রদেশতকৈ উত্তৰ–পূর্বাঞ্চলত জহামাল ব্যাপক হাৰত পোৱা যায়৷ বিশেষকৈ অসমত এই প্রাণীবিধৰ বসতি অধিক৷ দক্ষিণ–পূব এছিয়াত এই জহামালৰ বিভিন্ন ৰং আৰু আকাৰ আছে৷ ইহঁতৰ আকাৰ ৬৪ ছেণ্টিমিটাৰ দৈর্ঘ্যৰ৷ দীঘল গা আৰু নেজ ৪৮ ছেণ্টিমিটাৰ দীঘল৷ ওজন প্রায় ৭ৰ পৰা ১০ কেজিমান হ’ব৷ ঠেং দুখন চুটি৷ ঠেঙৰ পতা দুখন তলুৱা সদৃশ৷ গাৰ ৰং মুগা–ক’লা৷ চকুৰ ওপৰফালে এযোৰ বহল বগা চেলাউৰি থাকে৷ জহামালে একেৰাহে মাতি নাথাকে৷ মাজে মাজে মেকুৰীৰ দৰে গেঙনি দি থাকে৷ গছৰ ডাল বগাই দিনতো ঘূৰি ফুৰে আৰু ফেৰেঙনিত শুই জিৰণি লয় ৷
দুখৰ বিষয় যে ২০০৮ চনৰ পৰা সমগ্র দক্ষিণ–পূব এছিয়াতে ব্যাপক হাৰত জহামালৰ বিলুপ্তি ঘটিছে৷ এতিয়া কেৱল সংৰক্ষিত বনাঞ্চলকেইখনতহে জহামালৰ বংশ–পৰিচয় বাচি আছেগৈ৷ আমাৰ বাৰীয়ে–ঘৰে থকা এই প্রাণীবিধ সামান্য অজুহাততে আমি বধ কৰিলোঁ৷ মানুহে ভবাৰ দৰে সিহঁতে হাঁহ–পাৰ ধৰি নাখায়৷ নিগনি–ভেকুলী আদি সৰু সৰু প্রাণীবোৰহে প্রয়োজন অনুসৰি ধৰি খায়৷ গ্রামাঞ্চলত থকা কাঠনি–বাঁহনিবোৰত এতিয়াও বর্তি থকা অৱশিষ্ট জহামলকেইটাও চোৰাং চিকাৰীয়ে মাৰি শেষ কৰিব বিচাৰিছে৷ এই কাণ্ড আমাৰ সকলোৱে দেখে৷ কিন্তু কোনেও বাধা নিদিয়ে৷ ইণ্ডোনেছিয়া আৰু ফিলিপাইনছতkopi luwak নামৰ এবিধ কফি গুটি খোৱা জহামাল ধৰি আনি গঁৰালত থৈ সেই গুটি খাবলৈ দিয়ে আৰু সিহঁতৰ বিষ্ঠাৰ পৰা যি গুটি পোৱা যায় তাৰ পৰা তৈয়াৰ কৰা কফি বিশ্বৰ মূল্যৱান কফি বুলি স্বীকৃতি পাই আহিছে৷ লাওচত আকৌ এই প্রাণীবিধৰ মাংস সুগন্ধিযুক্ত হোৱা বাবে সিহঁতক চিকাৰ কৰি খায়৷ আমাৰ অসমতো এই সুগন্ধিযুক্ত মাংস খাই বহুতে তৃপ্তি পায় আৰু সিহঁতক চিকাৰৰ লক্ষ্য কৰি লয়৷ যি কাৰণতে নহওক কিয়, এসময়ত অসমৰ সর্বত্র দেখিবলৈ পোৱা জহামাল এতিয়া বিৰল আৰু দুর্লভ প্রাণী হৈ পৰিল৷ প্রকৃতিৰ বুকুত সুন্দৰ আৰু সুগন্ধিযুক্ত প্রাণী হিচাপে সুনাম থকা এই প্রাণীবিধৰ সুৰক্ষা আৰু সংৰক্ষণ অতি জৰুৰী হৈ পৰিছে৷ যিহেতু অসমৰ গ্রামাঞ্চল আৰু চাহ বাগিচাসমূহত জহামাল এতিয়াও ব্যাপক হাৰত বধ কৰি থকা হৈছে৷ এই সৰু জীৱটোৱে কাৰো একো অপকাৰ নকৰা সত্ত্বেও মানুহ ইহঁতৰ প্রতি অকণো দয়াশীল নহয়৷ অকণমান মঙহৰ লোভত পৰি যিসকলে জহামাল নামৰ এই মৰম লগা প্রাণীবিধ হত্যা কৰি আহিছে, সেই সকলো পক্ষকে ইহতঁৰ প্রতি দয়াশীল হ’বলৈ অনুৰোধ জনালোঁ৷ যিহেতু অসমৰ প্রকৃতিত জহামাল এবিধ দুর্লভ প্রাণী ৷