- ড০ গীতালি শইকীয়া
১৯৮৪ চনৰ ডিচেম্বৰ মাহৰ ২ আৰু ৩ তাৰিখটো ভাৰতৰ ইতিহাসত লিপিবদ্ধ এটি ক’লা অধ্যায়৷ মাজনিশা হঠাতেই শুই থকা ভূপাল চহৰখন সাৰ পাই উঠিছিল৷ সাৰ পোৱা মানুহবোৰৰ চকু পুৰিছিল, উশাহ ল’বলৈ কষ্ট হৈছিল৷ কথাবোৰ ভালদৰে বুজাৰ আগতেই কাণত পৰিছিল কাৰোবাৰ আর্তনাদ– পলা, পলা৷ দর্জা–খিৰিকীৰে সোমাই আহিছিল বিষাক্ত গেছ মিথাইল আইচ’ছায়েনায়েড৷ ঘৰৰ ভিতৰৰ পৰা পৰিয়ালৰ সৈতে মানুহবোৰ আন্ধাৰ পথেৰে দৌৰিছিল কোনো সুৰক্ষিত স্থানৰ আশাত৷ মৃত্যুৰ সৈতে যুঁজি ভাগৰি পৰা বহু মানুহ পৰি আছিল পথত৷ পিতৃৰ কোলাত থকা সন্তানেও ৰেহাই পোৱা নাছিল মৃত্যুৰ পৰা৷ হাস্পতালবোৰ ভৰি পৰিছিল মৃত আৰু মৃত্যুৰ সৈতে যুঁজি থকা অসংখ্য মানুহেৰে ৪০ বর্গমিটাৰৰ এটা অঞ্চল গেছে সম্পূর্ণ ঢ়াকি পেলাইছিল৷ পুৰণি ভূপালৰ এটা উদ্যোগৰ পৰা গেছৰ লীকেই সমগ্র ভূপালবাসীলৈ নমাই আনিছিল অমানিশা৷ চৰকাৰী হিচাপ মতে চাৰি হাজাৰ লোকৰ মৃত্যু হৈছিল যদিও ব্যক্তিগতভাৱে চলোৱা সমীক্ষাত প্রকাশ পাইছিল যে প্রায় ১০ হাজাৰতকৈ অধিক লোকৰ এই ঘটনাত মৃত্যু হৈছিল৷ সেই ভয়াৱহ দুটা নিশাৰ এটা সময়ত স্বাভাৱিকতেই অন্ত পৰিছিল৷ কিন্তু মৃত্যু আৰু গেছৰ ভয়াৱহতাৰ কুফল ভুগি থকা মানুহ এতিয়াও হ্রাস পোৱা নাই৷ সেই গেছ নির্গতৰ ঘটনাই এতিয়াও ভূপালৰ জনসাধাৰণক মৃত্যুসম যন্ত্রণা দি আছে৷ ইউনিয়ন কার্বাইড কর্প’ৰেচন নামৰ আমেৰিকান মূলৰ এটা উদ্যোগৰ পৰাই গেছ নির্গত হৈছিল৷ সেই ভয়াৱহ ঘটনাটোৰ পিছত দ্বিতীয়টো দুর্যোগ গোপনে কঢ়িয়াই আনিছিল সেই একেটা উদ্যোগেই৷ উদ্যোগটোৰ পৰা নিঃসৰিত বিষাক্ত বর্জনীয় পদার্থ লাহে লাহে ভূপালৰ মাটি আৰু ভূগর্ভস্থ জলত মিহলি হয়৷ সেই বিষাক্ত পানীকেই ভূপালৰ হাজাৰ হাজাৰ পৰিয়ালে নিজৰ ৰন্ধা–বঢ়াকে ধৰি দৈনন্দিন জীৱনৰ সকলো কামত ব্যৱহাৰ কৰাৰ লগতে পান কৰে৷ এই ঘটনাই ৩৫ বছৰ অতিক্রম কৰাৰ পিছতো দ্বিতীয় আৰু তৃতীয় প্রজন্মৰ লোকসকলে পংগুত্বক আঁকোৱালি ল’ব লগা হৈছে৷ চেৰিব্রেল পাল্চী, কর্কট ৰোগ, বিভিন্ন মানসিক ৰোগ, অন্ধত্ব, শিকাৰ ক্ষেত্রত বাধা আদি গুৰুতৰ ৰোগত আক্রান্ত হৈছে নৱপ্রজন্মৰ বহুতো৷ আনকি বহু যুৱক–যুৱতীয়ে নিজৰ শৰীৰ লৰচৰ কৰিবলৈও অসমর্থ৷ এক গৱেষণাত প্রকাশ পাইছে যে গেছ আৰু বিষাক্ত পানীৰ সংস্পর্শলৈ অহা বহু অভিভাৱকৰ শিশুৰ মাজত জন্মগত শাৰীৰিক বিসংগতি দেখা যায়৷ শেহতীয়াকৈ বিষাক্ত গেছ আৰু পানীৰ দ্বাৰা আক্রান্ত অঞ্চলৰ সংখ্যা ১২ৰ পৰা ৪২লৈ বৃদ্ধি হৈছে৷ ছবছৰৰ পূর্বে বহু প্রতিবাদৰ অন্তত উচ্চতম ন্যায়ালয়ে নর্মদা নদীৰ পৰা ভূপালৰ আৱাসীসকলক পৰিষ্কাৰ পানী যোগানৰ বাবে পানীৰ পাইপ বহুৱাবলৈ নির্দেশ দিছিল৷ কিন্তু কিছুমান লোকৰ ঘৰলৈ অহা পানীৰ পাইপবোৰ নর্দমাৰ মাজেৰেই পাৰ হৈ আহে আৰু বৰষুণৰ দিনত পৰিষ্কাৰ পানীৰ সৈতে নর্দমাৰ আৱর্জনা মিহলি হৈ যায় ৷
ভাৰতত সংঘটিত এই গেছ ট্রেজেডীৰ পিছত কেইবাখনো চৰকাৰ আহিল যদিও কোনো এখন চৰকাৰেই পর্যাপ্ত গুৰুত্ব আৰোপ কৰা দেখা নগ’ল৷ বিশেষকৈ ঠাইখন বিষাক্ত গেছৰ পৰা মুক্ত কৰাৰ ক্ষেত্রত যি অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰিব লাগিছিল, সেয়া কৰা নহ’ল৷ নিউ জার্ছী, মিছৌৰী, অহি’ আদিৰ দৰে ঠাইত জমা হোৱা পর্বতসম ঔদ্যোগিক আৱর্জনা অতি তৎপৰতাৰে পৰিষ্কাৰ কৰা হ’ল৷ কিন্তু ভূপালৰ ৭০ বিঘাৰ সেই অঞ্চলটোৰ বিশেষ কোনো পৰিৱর্তন নহ’ল৷ মধ্যপ্রদেশ চৰকাৰ আৰু ইউনিয়ন কার্বাইড কর্প’ৰেচনৰ বর্তমানৰ স্বত্বাধিকাৰী ডওডুপণ্টেও ভূপালৰ মানুহৰ আশা–আকাংক্ষাক লৈ খেলা কৰাহে পৰিলক্ষিত হয় ৷
গেছ ট্রেজেডীৰ পিছত সেই অঞ্চলসমূহৰ আৱাসীসকলৰ অবর্ণনীয় অৱস্থাৰ বিষয়ে বিভিন্ন ব্যক্তিয়ে ব্যক্তিগতভাৱে চলোৱা গৱেষণাৰ বিষয়ে পঢ়িলে গা শিয়ৰি যায়৷ বহু পৰিয়ালৰ মূল উপার্জন কৰোঁতাগৰাকীৰ গেছ ট্রেজেডীত মৃত্যু হোৱাৰ পিছত বাকী থকা সকলো ৰুগীয়া হোৱাত তেওঁলোকৰ জীৱন নৰকত পৰিণত হৈছে৷ দুর্ভগীয়া, দৰিদ্র বহু লোকৰ শৰীৰৰ ভিন্ন অংগত হোৱা কর্কটে তেওঁলোকক অবর্ণনীয় যন্ত্রণা দিছে৷ নিজৰ ভাগ্যকে ধিয়াই বহু লোকে চিকিৎসা অবিহনে আজিও অপেক্ষা কৰি আছে তেওঁলোকৰ সুদিন আহিব বুলি৷ বিভিন্ন সমীক্ষাত প্রকাশ পাইছে যে ভূপালত গেছৰ অধিক প্রভাৱ পৰা অঞ্চলবোৰত বিষাক্ত পানীয়েই প্রতিদিনে নতুন নতুন ৰোগৰ সৃষ্টি কৰি আহিছে৷ অন্নু নগৰ নামৰ অঞ্চলটোত ২০ বছৰে ভূপৃষ্ঠৰ পানী প্রদূষিত হৈ আছে ৷ ভূপালত সেই উদ্যোগটো আৰম্ভ কৰা হৈছিল ভাৰতে গভীৰ খাদ্য সংকটৰ সন্মুখীন হোৱাৰ সময়তে৷ বর্ধিত জনসংখ্যাৰ বাবে আহাৰৰ প্রয়োজন পূৰণ কৰিবলৈ চৰকাৰে ১৯৬০ চনত সেউজ বিপ্লৱ আৰম্ভ কৰিছিল৷ ইউনিয়ন কার্বাইড কর্প’ৰেচন আছিল এই নতুন প্রকল্পৰ হিতাধিকাৰী৷ ‘বিজ্ঞানে নতুন ভাৰত গঢ়াত সহায় কৰিব’ শীর্ষক শ্লোগানেৰে ইউনিয়ন কার্বাইড কর্প’ৰেচনে সাৰৰ বজাৰ দখল কৰিছিল৷ প্রথম অৱস্থাত উদ্যোগটোৱে মিথাইল আইচ’ছায়েনায়েড গেছ আমদানি কৰিছিল৷ এই গেছ সাৰ প্রস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়৷ কিন্তু ১৯৮০ চনত উদ্যোগটোৱে নিজেই গেছ প্রস্তুত কৰিবলৈ ধৰে৷ বতাহতকৈ গধুৰ আৰু ৰংবিহীন এই গেছ অতি বিষাক্ত আৰু চকু, চুলি আদিৰ সংস্পর্শলৈ আহিলে অসহ্য যন্ত্রণাৰ সৃষ্টি কৰে৷ উদ্যোগটোৱে ঘোষণা কৰিছিল যে ভূপালত তেওঁলোকে সকলো ধৰণৰ আধুনিক প্রযুক্তিৰে গেছ প্রস্তুত কৰিছে৷ শ্রমিকসকলক অত্যাধুনিক প্রশিক্ষণ দিয়াৰ লগতে পশ্চিম ভার্জিনিয়াৰ তেওঁলোকৰ ভগ্ণী উদ্যোগৰ দৰেই কম্পিউটাৰৰ সহায়ত অধিকাংশ কাম চলাইছে বুলিও সাধাৰণ মানুহক পতিয়ন নিয়াইছিল৷ কিন্তু অতিশয় বিষাক্ত গেছ উৎপাদন কৰা এটা উদ্যোগে সুৰক্ষাৰ ক্ষেত্রত কোনো ধৰণৰ সুৰুঙা ৰাখিব নালাগিছিল যদিও বাস্তৱত সেয়াই হৈছিল৷ উদ্যোগটো বহু লোকচানত চলি আছিল ৷
এই দুর্ঘটনাত চৰকাৰে মৃত্যু হোৱা লোকৰ যি তালিকা প্রস্তুত কৰিছিল, তাক লৈ সন্তুষ্ট নাছিল সচেতন লোকসকল৷ মাত্র ৫ হাজাৰ বিধৱাক পেন্সন দিয়া হৈছিল৷ ৰচনা ধিংৰা নামৰ সমাজকর্মীগৰাকীয়ে প্রশ্ণ উঠাইছিল যে কেৱল পুৰুষৰহে এই দুর্ঘটনাত মৃত্যু হৈছিল নেকি? চৰকাৰী পক্ষই ঘোষণা কৰা ৫,২৯৫গৰাকী মৃত ব্যক্তিৰ মাত্র ২৯৫গৰাকীহে নাৰী আছিল নেকি? ইউনিয়ন কার্বাইড কর্প’ৰেচনেও গেছৰ দ্বাৰা আক্রান্ত প্রতিজন লোকক ২৫ হাজাৰকৈ টকা দিছিল৷ কিন্তু টকাৰে জানো জুখিব পাৰি সেইসকল মানুহে হেৰুওৱা সম্পদ, যি সম্পদৰ তালিকাত আছে তেওঁলোকৰ পিতৃ–মাতৃ অথবা সন্তান৷ ৩৩ বছৰতকৈ ঊর্ধ্বৰ ভূপালৰ প্রত্যেকজন আৱাসীৰে এই ঘটনাৰ লগত জড়িত একোটা কাহিনী আছে৷ আত্মীয়ৰ চিকিৎসাত বহু লোকে সর্বস্বান্ত হ’বলগা হ’ল৷ শাৰীৰিক যন্ত্রণাৰ লগতে আর্থিক সমস্যাই দুর্বল কৰিলে তেওঁলোকক৷ গেছ ট্রেজেডীত জড়িত যিসকল লোকে নিজৰ অধিকাৰৰ বাবে পৰৱর্তী সময়ত যুঁজ চলাইছিল, তেওঁলোকৰ বহুতেই চৰকাৰৰ পৰা পোৱা সাহায্য আৰু অন্যান্য সুবিধা হেৰুৱাবলগীয়া হৈছিল৷ ভূপাল গেছ দুর্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে ভূপালত পর্যাপ্ত চিকিৎসালয় নাই বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে৷ আনকি গেছ সাহায্য চিকিৎসালয় বিএমএইচআইচিত পর্যাপ্ত অভিজ্ঞ চিকিৎসকৰ অভাৱ৷ গেছ ট্রেজেডীৰ ভুক্তভোগীসকলে নিজৰ অধিকাৰৰ বাবে চলোৱা দীঘলীয়া সংগ্রামৰ অন্ত আজিও পৰা নাই ৷
বিজ্ঞানৰ আৱিষ্কাৰে মানুহক নানা সুবিধাৰে আৱৰি ধৰিছে যদিও বিজ্ঞানৰ ব্যৱহাৰ সঠিক ৰূপত নকৰিলে প্রজন্ম প্রজন্ম ধৰি সমস্যাই মানুহক যেন কোঙা কৰি ৰাখিব পাৰে, তাৰ এটা জ্বলন্ত উদাহৰণ ভূপালৰ গেছ ট্রেজেডী৷ আজিও ভূপালৰ বহু দম্পতীয়ে সন্তান জন্ম দিয়াৰ আগতে ১০০ বাৰ চিন্তা কৰে যে তেওঁলোকৰ মাটি, পানীত মিহলি হৈ থকা বিষাক্ত পদার্থই তেওঁলোকৰ আহিবলগীয়া সন্তানক শাৰীৰিক, মানসিকভাৱে পংগু কৰি তেওঁলোকক অন্য এক দুখৰ বোজা কিজানিবা দিয়েই ৷